টিহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টিহু
—  নগৰ  —
টিহু is located in Assam
টিহু
অসমত টিহুৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°28′30″N 91°16′08″E / 26.4749°N 91.2689°E / 26.4749; 91.2689স্থানাংক: 26°28′30″N 91°16′08″E / 26.4749°N 91.2689°E / 26.4749; 91.2689
দেশ  ভাৰত
ৰাজ্য অসম
জিলা নলবাৰী
জনসংখ্যা (২০০১)
 - মুঠ ৪,৩০১ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)

টিহু (Pron:ˈtɪhuː) (ইংৰাজী: Tihu) অসমনলবাৰী জিলা ত অৱস্থিত এখন ঠাই।

ইতিহাস[সম্পাদনা কৰক]

টিহুৰ পুৰণি নাম 'দিহু' ('Dihu') আছিল বুলি জনা যায়। 'দিহু' প্ৰকৃততে এটা বড়ো ভাষাৰ শব্দ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মত অনুসৰি , 'DI'ৰ অৰ্থ পানী আৰু 'HU' মানে 'সোঁত'। এই নামটো টিহুৰ কাষেৰে বৈ যোৱা 'দিহু' নামৰ নৈখনৰ পৰা অহা বুলি জনা যায়। কালক্ৰমত এই নৈখনৰ নাম 'টিহু' হৈ পৰে।

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

টিহু নগৰ নলবাৰী জিলাৰ অন্তৰ্গত দ্বিতীয় পুৰনি নগৰ। 

আন্তঃগাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি,[1] টিহুৰ মুঠ জনসংখ্যা ৪৩০১ জন। [2] ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা। টিহুৰ গড় সাক্ষৰতাৰ হাৰ ৭৯%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৮২% আৰু ৭৫%। টিহুৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ।

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

টিহু ৰে'লৱে ষ্টেচন

টিহু অঞ্চলটো ৰে'ল আৰু পথেৰে অন্য অংশৰ সৈতে সংযোজিত হৈ আছে। এই টাউনখন গুৱাহাটীৰ পৰা ১০০ কি মি দুৰত্বত অৱস্থিত। জিলাৰ সদৰ ঠাই নলবাৰীৰ পৰা টিহুৰ দুৰত্ব প্ৰায় ২৫ কিমি।

টিহুৰ ৰে'লৱে ষ্টেচনটো টাউনৰ দক্ষিণ দিশত অৱস্থিত।

শিক্ষা[সম্পাদনা কৰক]

টিহু নগৰক নামনি অসমৰ এখন উল্লেখযোগ্য শৈক্ষিক নগৰ বুলিও কোৱা হয়। ইয়াত ভালেসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয়-

  • টিহু উচ্চ মাধ্যমিক বিদ্যালয়
  • টিহু বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
  • বিবেকানন্দ বিদ্যা নিকেতন
  • জাতীয় বিদ্যালয়
  • শংকৰদেৱ শিশু নিকেতন
  • এঞ্জেল একাদ্যেমী
  • মহৰ্ষি বিদ্যা মন্দিৰ


মহাবিদ্যালয়-

  • টিহু মহাবিদ্যালয়
  • সৰ্বেস্বৰ দাস মহাবিদ্যালয়
  • আৰ্য্যভট্ট একাডেমী

ৰাজনীতি[সম্পাদনা কৰক]

টিহু নগৰ ৪২নং পাটাছাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত।

উল্লেখযোগ্য ঠাই[সম্পাদনা কৰক]

  • মনসা মন্দিৰ
  • টিহু ৰাস মন্দিৰ
  • মাখিবাহা গাওঁ
  • হাৰিভাংগা গাওঁ

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

টিহু অঞ্চলৰ কেইজনমান উল্লেখযোগ্য ব্যক্তি নাম তলত উল্লেখ কৰা হ'ল

  • কালীচৰণ ডেকা
  • উদয় কলিতা

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

tihu railway stason. Jpg

তথ্যসূত্ৰ[সম্পাদনা কৰক]