লটিঘটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লটিঘটি

লটিঘটিৰ পোষ্টাৰ
পৰিচালক ভূপেন হাজৰিকা
চিত্ৰনাট্য ভূপেন হাজৰিকা
কাহিনী ভূপেন হাজৰিকা
প্ৰযোজক ভূপেন হাজৰিকা
অভিনয়ত বিজয় শংকৰ, বিদ্যা ৰাও
চিত্ৰগ্ৰহণকাৰী শক্তি দত্ত
সম্পাদনা ৰাসবিহাৰী সিনহা
সংগীত পৰিচালক ভূপেন হাজৰিকা
মুক্তি
২৫ নৱেম্বৰ ১৯৬৬[1]
দেশ ভাৰত
ভাষা অসমীয়া

লটিঘটি (ইংৰাজী: Lotighoti) হৈছে ড॰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত এখন সঙ্গীতপ্ৰধান হাস্য-ব্যংগ কথাছবি। কামৰূপ চিত্ৰৰ বেনাৰত নিৰ্মিত ছবিখনে ১৯৬৬ চনত মুক্তিলাভ কৰিছিল। চতুৰ্দশ (১৯৬৬) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা ছবিখনৰ সংগীত অত্যন্ত জনপ্ৰিয় হৈছিল।[2] ছবিখনৰ কেপছন আছিল হাঁহি হাঁহি ভাবিব পৰা ছবি[1]

কাহিনী[সম্পাদনা কৰক]

লটিঘটিৰ কাহিনীটো ছবি-নিৰ্মাণত আগ্ৰহী এজন ব্যক্তিৰ জীৱনত ঘটা নানানটা হাস্যকৰ ঘটনাক লৈ কেন্দ্ৰীভূত। তেওঁ এনে এজন ব্যক্তি যাৰ ছবি-নিৰ্মাণ সম্পৰ্কে কোনো সুগভীৰ জ্ঞান নাই। অথচ তেওঁ ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহে।[2]

কলা-কুশলী[সম্পাদনা কৰক]

ছবিখনত বিজয় শংকৰ আৰু বিদ্যা ৰাওৰ বাহিৰেও কুলদা ভট্টাচাৰ্য, ৰত্ন ওজা, হৰিনাৰায়ণ দাস, জ্যোতিষ ভট্টাচাৰ্য, জহৰ ৰয়, নিৰুপতি চেটাৰ্জী আৰু বেবি গুপ্তা আদিয়ে অভিনয় কৰিছিল। ছবিখনৰ 'জীৱনটো যদি অভিনয় হয়' গীতটো জয়ন্ত হাজৰিকা আৰু মণিষা সেনগুপ্তাৰ ওপৰত চিত্ৰায়ণ কৰা হৈছিল।[2]

মুক্তি[সম্পাদনা কৰক]

গুৱাহাটীৰ পল্টনবজাৰস্থিত মেঘদূত ছবিগৃহত ১৯৬৬ চনৰ ২৫ নৱেম্বৰত ছবিখনে মুক্তিলাভ কৰে।[2]

সংগীত[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা ভূপেন হাজৰিকাৰ। গীত লিখিছিল ভূপেন হাজৰিকা, নিৰ্মলপ্ৰভা বৰদলৈ আৰু গজানন বৰ্মাই। ছবিখনৰ বিভিন্ন গীতসমূহত কণ্ঠ নিগৰাইছিল ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ইলা বোস, মহম্মদ ৰফি, গীতা দাস, অনিল দত্ত আৰু মনীষা সেনগুপ্তাই।[2]

ক্ৰমিক
নং
গীতৰ শীৰ্ষ কণ্ঠ গীতিকাৰ দৈৰ্ঘ[3]
জীৱনটো যদি অভিনয় হয় জয়ন্ত হাজৰিকা, ইলা বোস ভূপেন হাজৰিকা
টিৰাপ সীমান্ত ৰূপৰ নাই অন্ত ভূপেন হাজৰিকা ভূপেন হাজৰিকা
কোনে কয় মই অকলশৰীয়া, মই আৰু মোৰ ছাঁ দুয়ো দুয়োৰো লগৰীয়া ভূপেন হাজৰিকা ভূপেন হাজৰিকা
সহসৃজনে মোক প্ৰশ্ন কৰে ভূপেন হাজৰিকা ভূপেন হাজৰিকা
প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা ভূপেন হাজৰিকা ভূপেন হাজৰিকা
কোন ক'ত লটিঘটি কিনো ভৈল কাল গীতা দাস, অনিল দত্ত, ভুপেন হাজৰিকা, জয়ন্ত হাজৰিকা নিৰ্মলপ্ৰভা বৰদলৈ
ফাগুন আয়োৰে হাঠিলা মাৰী বাজে বাসুঁৰী গীতা দাস, মণিষা সেনগুপ্ত গজানন বৰ্মা
ৰমজানৰে ৰোজা গ'ল ওলাল ঈদৰ জোন মহম্মদ ৰফি, ভূপেন হাজৰিকা, মীৰা চিৰা, যশোধাৰা, সুলোচনা ভূপেন হাজৰিকা

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 "লটিঘটি". http://www.boxofficeassam.com/movie/loti-ghoti/। আহৰণ কৰা হৈছে: 25 January 2020. 
  2. 2.0 2.1 2.2 2.3 2.4 "Lotighoti লটিঘটি (1966)". http://www.enajori.com/?p=634। আহৰণ কৰা হৈছে: 25 January 2020. 
  3. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 105.