সমললৈ যাওক

কুশল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুশল
(Price of Freedom)
চলচ্চিত্ৰৰ প'ষ্টাৰ
কুশল
পৰিচালক জাহ্নু বৰুৱা
চিত্ৰনাট্য জাহ্নু বৰুৱা
প্ৰযোজক অসম সাংস্কৃতিক সঞ্চালকালয়
জাহ্নু বৰুৱা
অভিনয়ত সঞ্জীৱ সভাপণ্ডিত
চিত্ৰগ্ৰহণকাৰী পি. ৰাজন
সম্পাদনা হিউৱেন বৰুৱা
মুক্তি
১৯৯৮[1]
১৪ ডিচেম্বৰ, ২০০১[2]
দেশ ভাৰত ভাৰত
ভাষাসমূহ অসমীয়া, হিন্দী

কুশল হৈছে ২০০১ চনৰ ১৪ ডিচেম্বৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ[2]। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ সৰুপথাৰৰ ৰে'ল দুৰ্ঘটনা আৰু কুশল কোঁৱৰৰ ফাঁচীৰ ঐতিহাসিক ঘটনাৰ আলমত ছবিখন নিৰ্মিত[2]। ১৯৯৮ চনত ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে[2]

১৯৪২ চনত ব্ৰিটিছৰ শাসনকালত অসমগোলাঘাট জিলাৰ এখন সৰু ঠাই সৰুপথাৰকংগ্ৰেছ গোটে মহাত্মা গান্ধীকৰেংগে য়া মৰেংগে আহ্বানৰ ভুল অৰ্থ বুজি মহাত্মাৰ অহিংস নীতিৰ উলংঘা কৰি ব্ৰিটিছ সৈন্য আৰু সা-সামগ্ৰী কঢ়িয়াই নিয়া এখন ৰে'লগাড়ী পথচ্যুত কৰি দুৰ্ঘটনাত পতিত কৰিবলৈ সিদ্ধান্ত লয়। কংগ্ৰেছৰ সৰুপথাৰ গোটৰ সভাপতি কুশল কোঁৱৰে (সঞ্জীৱ সভাপণ্ডিত) এই সিদ্ধান্তৰ বিৰোধিতা কৰে যদিও তেওঁ বিফল হয়, আৰু ৰে'ল দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাৰ পাছত স্বদেশৰ খাতিৰতে তেওঁ দুৰ্ঘটনাৰ সম্পূৰ্ণ নৈতিক দায়িত্ব স্বীকাৰ কৰে। জিলাৰ মুখ্য ব্ৰিটিছ বিষয়া চি. এ. হাম্ফ্ৰীয়ে (গেৰী ৰিচাৰ্ডচন) এই দুৰ্ঘটনাৰ দোষী হিচাপে এজন গুৰুত্বপূৰ্ণ ব্যক্তি বিচাৰিছিল। কুশল ইয়াৰ সুযোগ্য প্ৰাৰ্থী আছিল, কিয়নো কুশলৰ এজন সৎ লোক হিচাপে খ্যাতি থকাৰ উপৰিও তেওঁ এক ক্ষমতাসম্পন্ন ৰাজবংশৰ উত্তৰাধিকাৰীও আছিল[2]। ১৯৪৩ চনত কুশলক ফাঁচী দিয়া হয়[3]

অভিনয়-শিল্পী

[সম্পাদনা কৰক]

নিৰ্মাণ

[সম্পাদনা কৰক]

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে বোলছবিখন প্ৰযোজনা কৰে। ১৯৮৪ চনত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই এই কাম হাতত লৈ জাহ্নু বৰুৱাক পৰিচালনাৰ দায়িত্ব দিয়ে[3]। বৰুৱাই তেতিয়ালৈ মাত্ৰ তেওঁৰ প্ৰথমখন বোলছবি অপৰূপাহে পৰিচালনা কৰিছিল। কিন্তু তেতিয়াই কংগ্ৰেছ চৰকাৰে শাসন হেৰুৱায় আৰু এই প্ৰকল্প থমকি ৰয়। পুনৰ নব্বৈৰ দশকৰ প্ৰথমভাগত ৬০ লাখ টকাৰ বাজেটৰ এই প্ৰকল্প আৰম্ভ হয়। বৰুৱাই নিজে কোৱামতে তেওঁ বোলছবিখন নিৰ্মাণত মুঠ ছয় বছৰ কাম কৰে, ইয়াৰে পাঁচ বছৰ গৱেষণাত আৰু এক বছৰ শ্বুটিঙত। কম বাজেটৰ হোৱা বাবে ৰেল লাইন বিচ্ছিন্ন কৰাৰ দৃশ্য বোলছবিখনত নাই[3]

পুৰস্কাৰ/সন্মান

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Kuhkhal - THE PRICE OF FREEDOM". Online Sivasagar. Archived from the original on 2013-06-11. https://web.archive.org/web/20130611084552/http://onlinesivasagar.com/movies/kuhkhal-movie.html আহৰণ কৰা হৈছে: ২৫ ফেব্ৰুৱাৰী, ২০১৩.
  2. 1 2 3 4 5 6 7 "Kuhkhal (Price of Freedom)". jahnubarua.com. Archived from the original on 2017-04-02. https://web.archive.org/web/20170402185727/http://www.jahnubarua.com/films.php আহৰণ কৰা হৈছে: ২১ ফেব্ৰুৱাৰী, ২০১৩.
  3. 1 2 3 4 5 Saibal Chatterjee (১৬ নৱেম্বৰ, ১৯৯৮). "Recalling A Moment - Jahnu Barua's 'Kuhkhal' pays a moving tribute to a forgotten hero". Outlook. http://www.outlookindia.com/article.aspx?206529 আহৰণ কৰা হৈছে: ২৫ ফেব্ৰুৱাৰী, ২০১৩.
  4. "Kuhkhal". MTV. Archived from the original on 2005-04-14. https://web.archive.org/web/20050414173554/http://www.mtv.com/movies/movie/135124/moviemain.jhtml আহৰণ কৰা হৈছে: ২৫ ফেব্ৰুৱাৰী, ২০১৩.
  5. "Retrospectives of Barua, Adoor Gopalakrishnan". Box Office India. ২৫ জুন, ২০১১. Archived from the original on 2013-10-26. https://web.archive.org/web/20131026140957/http://www.boxofficeindia.co.in/retrospectives-of-barua-adoor-gopalakrishnan/ আহৰণ কৰা হৈছে: ২৫ ফেব্ৰুৱাৰী, ২০১৩.