তৰা (অসমীয়া চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তৰা

চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট
পৰিচালক জাহ্নু বৰুৱা
ৰচনা জাহ্নু বৰুৱা
প্ৰযোজক চিলড্ৰেনছ ফিল্ম ছ'ছায়টি, ইণ্ডিয়া
অভিনয়ত মৃগাক্ষী
অনুপ হাজৰিকা
অতুল পাচনি
চিত্ৰগ্ৰহণকাৰী পি. ৰঞ্জন
সম্পাদনা শিৱাজী চৌধুৰী
সংগীত পৰিচালক ৰীতা দাস
ৱাই. এছ. মূল্কী
পৰিবেশক চিলড্ৰেনছ ফিল্ম ছ'ছায়টি অফ ইণ্ডিয়া
মুক্তি
২০০৪ (2004)
দৈৰ্ঘ্য
৬৩ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া ভাষা

তৰা (ইংৰাজী: Tora) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজনা চিলড্ৰেনছ ফিল্ম ছ'ছায়টি, ইণ্ডিয়াৰ। ২০০৪ত এই ছবিখন মুক্তি দিয়া হয়।[1] ২০০৩ চনত অনুষ্ঠিত হোৱা ৫১তম ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ডছত এই চলচ্চিত্ৰখনে শিশুৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা (Best Children’s Film award) লাভ কৰে।[2][3]

কাহিনী[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ কাহিনী অসমৰ এখন গাঁৱৰ দুটা প্ৰতিৱেশী পৰিয়ালৰ ওপৰত কেন্দ্ৰিত। দুয়োটা পৰিয়ালৰ মাজত ভাল সম্বন্ধ আছিল। চলচ্চিত্ৰখনৰ মূল চৰিত্ৰ হৈছে "তৰা", এজনী সাত বছৰীয়া ছোৱালী। তাই দেউতাক (পূৰ্ণ) আৰু মাক (জোনাকী)ৰ লগত থাকে। আনটো পৰিয়াল হৈছে নৱ আৰু দেৱ নামৰ দুজন ভাতৃ। দুয়ো শয্যাগত মাকৰ সৈতে বাস কৰে। এদিন এটুকুৰা মাটিক কেন্দ্ৰ কৰি দুয়োটা পৰিয়ালৰ মাজত কাজিয়া লাগিল। এই কাজিয়াখন মীমাংসা কৰাত তৰাৰ ভূমিকাই হৈছে চলচ্চিত্ৰখনৰ মূল কাহিনী।[1]

ধেমাজিৰ পীড়িত লোকৰ নামত উৎসৰ্গা[সম্পাদনা কৰক]

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত হোৱা বোমা বিস্ফোৰণত মৃত্যু হোৱা শিশুসকলৰ নামত পৰিচালক জাহ্নু বৰুৱা-ই এই চলচ্চিত্ৰখন উৎসৰ্গা কৰে।[4]

অভিনয়ত[সম্পাদনা কৰক]

ক্ৰম অভিনেতা / অভিনেত্ৰীৰ নাম চৰিত্ৰ
মৃগাক্ষী তৰা
অনুপ হাজৰিকা তৰাৰ পিতৃ
ইন্দ্ৰানী চেতিয়া তৰাৰ মাতৃ
প্ৰতিভা চৌধুৰী আইতাক
অতুল পাচনি শিক্ষক
দীন বৈশ্য আৰক্ষী
আবতোশ ভূঞা খুড়াক
সুকন্যা খাৰঘৰীয়া ......
অৰুণ হাজৰিকা তৰাৰ দেউতাকৰ সহপাঠী

বঁটা[সম্পাদনা কৰক]

  • ৰাষ্ট্ৰীয় বঁটা শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰ (২০০৩)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Tora". BFI. Archived from the original on 17 October 2012. https://web.archive.org/web/20121017211722/http://ftvdb.bfi.org.uk/sift/title/825649। আহৰণ কৰা হৈছে: 17 January 2010. 
  2. IANS (Sunday, August 15, 2004). "List of National Film Awards". Indiaglitz. Archived from the original on 15 November 2004. https://web.archive.org/web/20041115171835/http://www.indiaglitz.com/channels/hindi/article/10236.html। আহৰণ কৰা হৈছে: 17 January 2010. 
  3. "National & International Awards (Assamese Films)". Rupaliparda. http://www.rupaliparda.com/english/History.htm। আহৰণ কৰা হৈছে: 17 January 2010. 
  4. PTI (August 19, 2004). "Jahnu Barua dedicates award winning film to Dhemaji victims". Encyclopedia. http://www.encyclopedia.com/doc/1G1-120935475.html। আহৰণ কৰা হৈছে: 17 January 2010. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]