সমললৈ যাওক

পাপৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাপৰি

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক জাহ্নু বৰুৱা
চিত্ৰনাট্য জাহ্নু বৰুৱা
প্ৰযোজক শৈলধৰ বৰুৱা,
জাহ্নু বৰুৱা
অভিনয়ত গোপী দেশাই
সুশীল গোস্বামী
বিজু ফুকন
চিত্ৰগ্ৰহণকাৰী বিনোদ প্ৰধান
সংগীত পৰিচালক সত্য বৰুৱা
পি. পি. বিদ্যানাথন
প্ৰযোজনা
কোম্পানী
পাটকাই ফিল্মছ
মুক্তি
১৯৮৬
দৈৰ্ঘ্য
১৪৪ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া

পাপৰি হৈছে ১৯৮৬ চনত মু্ক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মছৰ বেনাৰত শৈলধৰ বৰুৱা আৰু জাহ্নু বৰুৱাই প্ৰযোজনা কৰা বোলছবিখনত মুখ্য ভূমিকাত অভিনয় কৰে গোপী দেশাই, সুশীল গোস্বামী আৰু বিজু ফুকনে[1]

১৯৮৩ চনৰ নিৰ্বাচন আৰু অসম আন্দোলনৰ ৰাজনৈতিক পৰিস্থিতিৰ পটভূমিত কাহিনীটো নিৰ্মিত। পাপৰি (গোপী দেশাই) এগৰাকী গাঁৱলীয়া বিবাহিতা মহিলা। শিক্ষক স্বামী বিনোদ (সুশীল গোস্বামী) আৰু ৯ বছৰীয়া জীয়েক দীপাৰ সৈতে তেওঁ থাকে। ঘৰৰ চাৰিবেৰৰ মাজত সোমাই থকা পাপৰিয়ে তাইৰ ঘৰৰ নিচেই বাহিৰতে লাহে লাহে অস্থিৰ হৈ অহা ৰাজনৈতিক পৰিৱশৰ কথা একো নাজানে। ঘটনাক্ৰমে জীয়েক দীপাৰ পেৰেলাইছিছ হৈ চিকিৎসালয়ত মৃত্যু হয় আৰু স্বামী বিনোদ এজন ৰাজনৈতিক নেতাৰ হত্যাৰ গোচৰত মিছাকৈ অভিযুক্ত হয়। [2]এজন আৰক্ষী বিষয়াই (বিজু ফুকন) প্ৰকৃত হত্যাকাৰীক ধৰা পেলায় যদিও গ্ৰেপ্তাৰ কৰিব নোৱাৰে, কিয়নো হত্যাকাৰীজনে ৰাজনৈতিক সুৰক্ষা লাভ কৰি থাকে। এনেতে পাপৰিকো ধৰ্ষণ কৰি হত্যা কৰা হয় আৰু এই গোচৰতো বিনোদেই পুনৰ অভিযুক্ত হয়। বোলছবিখনৰ শেষত কোৱা হয় যে, অৱশেষত বিনোদ সকলো অভিযোগৰপৰা মুক্ত হয় আৰু আৰক্ষী বিষয়াজনে পদোন্নতি লাভ কৰে।[1][3]

অভিনয়ত

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Papori – 1986 – Assamese film". Chaosmag. Archived from the original on 2016-03-03. https://web.archive.org/web/20160303165050/http://www.chaosmag.in/barua.html আহৰণ কৰা হৈছে: ২ ফেব্ৰুৱাৰী, ২০১৩.
  2. 1 2 "Papori". jahnubarua.com. Archived from the original on 2017-04-02. https://web.archive.org/web/20170402185727/http://www.jahnubarua.com/films.php আহৰণ কৰা হৈছে: ৪ ফেব্ৰুৱাৰী, ২০১৩.
  3. 1 2 "Papori". Cinema of India. https://cinemaofindia.org/wiki/Papori আহৰণ কৰা হৈছে: ২ ফেব্ৰুৱাৰী, ২০১৩.[সংযোগবিহীন উৎস]
  4. "Papori (1986)". IMDB. http://www.imdb.com/title/tt0091717/ আহৰণ কৰা হৈছে: ২ ফেব্ৰুৱাৰী, ২০১৩.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]