সমললৈ যাওক

অজেয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অজেয়

বোলছবিখনৰ প'ষ্টাৰ
পৰিচালক জাহ্নু বৰুৱা
ৰচনা অৰুণ শৰ্মা
প্ৰযোজক শিৱেন আৰ্টছ, শংকৰ লাল গোৱেংকা
অভিনয়ত বিষ্ণু খাৰঘৰীয়া
ৰূপম চেতিয়া
কপিল বৰা
জুপিতৰা ভূঞা
ৰিম্পী দাস
মুনমী কলিতা
সৌৰভ হাজৰিকা
সম্পাদনা হিউৱেন বৰুৱা
সংগীত পৰিচালক ধ্ৰুৱজ্যোতি ফুকন
মুক্তি
৩ জানুৱাৰী, ২০১৪
দৈৰ্ঘ্য
১১৬ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া ভাষা

অজেয় (ইংৰাজী: Invincible) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০১৪ চনৰ ৩ জানুৱাৰীত এই ছবিখনে মুক্তি পায়।[1] শিৱেন আৰ্টছৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক শংকৰ লাল গোৱেংকা। এই কথাছবিখনৰ কাহিনী অৰুণ শৰ্মাৰ ১৯৯৭ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী আশীৰ্বাদৰ ৰং নামৰ উপন্যাসখনৰ পৰা লোৱা হৈছে।[2]

অৰুণ শৰ্মাৰ ১৯৯৭ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী উপন্যাস আশীৰ্বাদৰ ৰং-ৰ ভিত্তিত এই চলচ্চিত্ৰৰ কাহিনীভাগ ৰচনা কৰা হৈছে।[2][3] অজেয়ৰ কাহিনী বৰ্তমানৰ ভাৰত-বাংলাদেশ সীমান্তৰ এখন ভিতৰুৱা গাঁৱৰ প্ৰাক-স্বাধীনতাৰ পৰিস্থিতিৰ ওপৰত কেন্দ্ৰীভূত। সেই গাঁৱৰ হিন্দু আৰু মুছলমান ধৰ্মৰ লোকসকলে নিজৰ মাজতে ভিন্ন জীৱন নিৰ্বাহ কৰে। ছবিখনৰ মূল চৰিত্ৰ গজেন কেওট (ৰূপম চেতিয়া) এজন খঙাল যুৱক। পঢ়া-শুনা আধাতে সাং কৰিছিল যদিও তেওঁ মুছলমান সম্প্ৰদায়ৰ এগৰাকী ছোৱালী হাচিনা (জুপিতৰা ভূঞা)-ক পঢ়াইছিল।[4] তেওঁ মহাত্মা গান্ধীক সমৰ্থন দিয়াৰ লগতে সমাজৰ বৰ্ণবৈষম্য আৰু বাল্য বিবাহৰ বিৰুদ্ধে আছিল। তেওঁ বিশ্বাস কৰিছিল যে ভাৰত এসময়ত স্বাধীন হোৱাৰ পাছত এই সামাজিক ব্যাধিসমূহ দূৰ হ’ব।[2]

চিত্ৰগ্ৰহণ

[সম্পাদনা কৰক]

অজেয় চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ উজনি অসমৰ ঢলা আৰু তিনিচুকীয়া জিলাত হৈছিল।[1]

প্ৰডাকশ্যন

[সম্পাদনা কৰক]

অজেয় কথাছবিখন প্ৰযোজনা কৰিছে শংকৰ লাল গোৱেংকাই। তেখেতৰ নতুনকৈ গঠিত ফিল্ম প্ৰডাকশ্যন হাউচ শিৱেন আৰ্টছৰ বেনাৰত এই কথাছবিখন নিৰ্মাণ কৰা হৈছে। মাইনা গোৱেংকা, পূজা গোৱেংকা আৰু সিদ্ধাৰ্থ গোৱেংকা হৈছে কথাছবিখনৰ সহ-প্ৰযোজক। ২০১২ চনৰ ৩০ নৱেম্বৰৰ দিনা প্ৰযোজকৰ নিজা কেলভিন চিনেমা কম্পাউণ্ড (Kelvin Cinema Compound)ত ছবিখনৰ মহুৰত অনুষ্ঠিত হৈছিল।[1]

অভিনয়ত

[সম্পাদনা কৰক]
ক্ৰমঅভিনেতা / অভিনেত্ৰীৰ নামচৰিত্ৰ
বিষ্ণু খাৰঘৰীয়াবয়সিয়াল গজেন
ৰূপম চেতিয়াগজেন কেওঁট
কপিল বৰামদন
জুপিতৰা ভূঞাহাচিনা
ৰিম্পী দাস
মুনমী কলিতাজবা

ইয়াৰ উপৰিও অজেয়ত সৌৰভ হাজৰিকা, ৰুবী মহন্ত, ৰূপম চেতিয়া, লক্ষ্মী বৰঠাকুৰ, সঞ্জীৱ খাৰঘৰীয়া, প্ৰতিভা চৌধুৰী, মহেশ বৰা, প্ৰধান দেউৰী আদি ন-পুৰণি অসমীয়া অভিনেতাই অভিনয় কৰিছে। কপিল বৰাই মুক্তিযুদ্ধা মদন শৰ্মাৰ চৰিত্ৰত অভিনয় কৰিছে।[1]

কলা-কুশলী

[সম্পাদনা কৰক]

অজেয় কথাছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে সুমন দুৱৰাই। সংগীত সংযোজন কৰিছে ধ্ৰুৱজ্যোতি ফুকনে। ছবিখন সম্পাদনা কৰিছে হিউ এন বৰুৱাই।[1]

  • চাউণ্ড ডিজাইন: যতীন শৰ্মা
  • প্ৰডাকশ্যন ডিজাইনাৰ: ফতিক বৰুৱা
  • মেক-আপ: অচিতাভ বৰুৱা
  • সাজ-সজ্জা (costume): গীতাৰাণী গোস্বামী।

প্ৰদৰ্শন

[সম্পাদনা কৰক]

২০১৩ চনৰ ১৭-২৪ অক্টোবৰলৈ অনুষ্ঠিত পঞ্চদশ মুম্বাই চলচ্চিত্ৰ মহোৎসৱত অজেয় প্ৰদৰ্শিত হয়।[5][6] ২০১৩ চনৰ ২৬ ডিচেম্বৰৰ পৰা ২০১৪ চনৰ ২ জানুৱাৰীলৈ অনুষ্ঠিত বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো ছবিখন প্ৰদৰ্শিত হৈছিল।[7]

বঁটা-সন্মান

[সম্পাদনা কৰক]

৬১-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অজেয়-লৈ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজতকমল বঁটা আগবঢ়োৱা হয়।[8][9][10][11][12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 "ছেণ্টিনেলত অজেয়". Archived from the original on 2014-11-02. https://web.archive.org/web/20141102092512/http://www.sentinelassam.com/saturday/saturday1.php?sec=16&subsec=0&ppr=3&dtP=2013-12-30 আহৰণ কৰা হৈছে: জানুৱাৰী 9, 2014.
  2. 1 2 3 PRANJAL BORAH (MONDAY, 23 DECEMBER 2013). "Ajeyo (Invincible), A New Fim by Jahnu Barua". Assam Online Portal. Archived from the original on 26 December 2013. https://web.archive.org/web/20131226000921/http://www.assamportal.com/2013/12/ajeyo-invincible-assamese-film-cast-directed-by-jahnu-barua.html আহৰণ কৰা হৈছে: 22 জানুৱাৰী 2014.
  3. "মিড-ডে'.কমত অজেয়". http://www.mid-day.com/lifestyle/2013/oct/151013-reel-meets-reality-in-the-northeast.htm আহৰণ কৰা হৈছে: জানুৱাৰী 9, 2014.[সংযোগবিহীন উৎস]
  4. "অজেয়ৰ সমালোচনা- হলিউড ৰিপটাৰ্ছত". http://www.hollywoodreporter.com/review/invincible-ajeyo-mumbai-review-650405 আহৰণ কৰা হৈছে: জানুৱাৰী 9, 2014.
  5. "মুম্বাই চলচ্চিত্ৰ মহোৎসৱৰ ৱেবছাইটত মহোৎসৱৰ কাৰ্যসূচী". Archived from the original on 2013-12-05. https://web.archive.org/web/20131205054339/http://www.mumbaifilmfest.org/app/downloads/screening_schedule.pdf আহৰণ কৰা হৈছে: জানুৱাৰী 9, 2014.
  6. "মুম্বাই চলচ্চিত্ৰ মহোৎসৱৰ অফিচিয়েল ব্লগ". Archived from the original on 2014-03-15. https://web.archive.org/web/20140315132509/http://blog.mumbaifilmfest.org/2013/mmf-2013-screening-ajeyo-invincible/ আহৰণ কৰা হৈছে: জানুৱাৰী 9, 2014.
  7. "বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ কাৰ্যসূচী". Archived from the original on 2014-01-03. https://web.archive.org/web/20140103005527/http://www.biffes.in/pdf/schedule_v1.pdf আহৰণ কৰা হৈছে: জানুৱাৰী 9, 2014.
  8. "অজেয়লৈ ৰজত কমল, আমাৰ অসম-১". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304124749/http://www.amarasom.glpublications.in/Details.aspx?id=17420&boxid=12271246 আহৰণ কৰা হৈছে: এপ্ৰিল 17, 2014.
  9. "অজেয়লৈ ৰজত কমল, আমাৰ অসম-২". http://www.amarasom.glpublications.in/Details.aspx?id=17429&boxid=124443625 আহৰণ কৰা হৈছে: এপ্ৰিল 17, 2014.[সংযোগবিহীন উৎস]
  10. "অজেয়লৈ ৰজত কমল, দ্য আসাম ট্ৰিবিউন". http://www.assamtribune.com/epaper/apr1714/at02.html আহৰণ কৰা হৈছে: এপ্ৰিল 17, 2014.[সংযোগবিহীন উৎস]
  11. "অজেয়লৈ ৰজত কমল, দৈনিক অসম-১". http://www.assamtribune.com/scripts/displaypage.asp?id=apr1714,1,69,357,1356,1806 আহৰণ কৰা হৈছে: এপ্ৰিল 17, 2014.[সংযোগবিহীন উৎস]
  12. "অজেয়লৈ ৰজত কমল, দৈনিক অসম-২". http://www.assamtribune.com/scripts/displaypage.asp?id=apr1714,6,81,114,1344,2043 আহৰণ কৰা হৈছে: এপ্ৰিল 17, 2014.[সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]