সমললৈ যাওক

ধ্ৰুৱজ্যোতি ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধ্ৰুৱজ্যোতি ফুকন

২০১১ চনত ভাৰতৰ উপৰাষ্ট্ৰপতি হামিদ আনছাৰিৰ পৰা শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰি থকা অৱস্থাত ধ্ৰুৱজ্যোতি ফুকন
জন্ম ১৭ জুন, ১৯৬৪ (৬২ বছৰ)
ডিব্ৰুগড়, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম ডিজে ফুকন
শিক্ষা যান্ত্ৰিক অভিযন্তা
শিক্ষানুষ্ঠান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়
পেচা সংগীত পৰিচালক, সংগীত প্ৰযোজক, সংগীত ব্যৱস্থাপক, সংগীত পৰিদৰ্শক, আৱহ সংগীত পৰিচালক আৰু সংগীত প্ৰগ্ৰেমাৰ
সক্ৰিয় হৈ থকা সময় ১৯৮৯–বৰ্তমানলৈকে
দাম্পত্যসঙ্গী শাশ্বতী ফুকন
পিতৃ-মাতৃ অতুলানন্দ ফুকন
অমিয়া ফুকন
সন্তান শ্ৰেয়া ফুকন
আয়ুসজ্যোতি ফুকন

ধ্ৰুৱজ্যোতি ফুকন এগৰাকী ভাৰতীয় সংগীত পৰিচালক, সংগীত প্ৰযোজক, সংগীত ব্যৱস্থাপক, সংগীত পৰিদৰ্শক, আৱহ সংগীত পৰিচালক আৰু সংগীত প্ৰগ্ৰেমাৰ। তেওঁ ঘাইকৈ হিন্দী আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ লগত জড়িত।[1] তেওঁক ডিজে ফুকন হিচাপে জনাজাত ধ্ৰুৱজ্যোতি ফুকনে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। হিন্দী চুটিছবি পনচক্কীৰ সংগীত পৰিচালনাৰ বাবে তেওঁ ২০১১ চনৰ অদৰ্শিত ছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৬৪ চনৰ ১৭ জুন তাৰিখে অসমৰ ডিব্ৰুগড়ত ধ্ৰুৱজ্যোতি ফুকনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ অতুলানন্দ ফুকন আৰু মাতৃ অমিয়া ফুকন। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকীৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।

সংগীত পৰিচালক হিচাপে

[সম্পাদনা কৰক]

২০০৩ চনত তেওঁ ৰবীনা টেণ্ডন প্ৰডাক্টচনৰ ছবি ষ্টাম্পডৰ জৰিয়তে প্ৰথমবাৰৰ বাবে সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল।[3][4] হিন্দী চুটিছবি পনচক্কীৰ সংগীত পৰিচালনাৰ বাবে তেওঁ ২০১১ চনৰ অদৰ্শিত ছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ২০১২ চনত ভাৰতৰ উপৰাষ্ট্ৰপতিৰ পৰা তেওঁ এই বঁটা গ্ৰহণ কৰিছিল।[5][6][7] তেওঁ জাহ্নু বৰুৱাবান্ধোন আৰু অজেয় চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল।[8][9][10] দুয়োখন ছবিয়ে শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৯১ চনত ধ্ৰুৱজ্যোতি ফুকনে গায়িকা শাশ্বতী ফুকনৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ কন্যা শ্ৰেয়া ফুকন আৰু পুত্ৰ আয়ুসজ্যোতি ফুকন।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

ধ্ৰুৱজ্যোতি ফুকনে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। উল্লেখযোগ্য সমূহ হ'ল:

চনসন্মান
২০১০নাট্যপ্ৰবৰ সাৰদাকান্ত বৰদলৈ আৰু শিল্পপ্ৰাণ চন্দ্ৰ ফুকন বঁটা সমিতিৰ শিল্পপ্ৰাণ চন্দ্ৰ ফুকন বঁটা
২০১০অসম তথা ভাৰতৰ সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে তেওঁক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সন্মানিত কৰে
চনবঁটাশ্ৰেণীকামফলাফলউৎস
২০১০মিৰ্ছি সংগীত বঁটাশ্ৰেষ্ঠ প্ৰগ্ৰেমাৰ আৰু বৰ্ষশ্ৰেষ্ঠ সংগীত ব্যৱস্থাপকক্ৰুক ছবিৰ "মেৰে বিনা"মনোনীত[11]
২০১১ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাঅনা-কাহিনী ছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালকপনচক্কীবিজয়ী[12]
২০১২মিৰ্ছি সংগীত বঁটাশ্ৰেষ্ঠ প্ৰগ্ৰেমাৰ আৰু বৰ্ষশ্ৰেষ্ঠ সংগীত ব্যৱস্থাপকএজেণ্ট বিনোদ ছবিৰ "দিল মেৰা মুফ্ট কা"বিজয়ী[13]
২০১৩য়ে জাৱানী হে দিৱানী ছবিৰ "বদটমিজ দিল"বিজয়ী[14]
২০১৫গ্লোৱেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটাশ্ৰেষ্ঠ প্ৰগ্ৰেমাৰ আৰু সংগীত ব্যৱস্থাপকএক ভিলেইন ছবিৰ "আৱাৰি"মনোনীত[15]
২০১৪গ্লোৱেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটাশ্ৰেষ্ঠ প্ৰগ্ৰেমাৰ আৰু সংগীত ব্যৱস্থাপকয়ে জাৱানী হে দিৱানী ছবিৰ "বদটমিজ দিল"বিজয়ী[16][17]
২০১৪ৰেডিঅ' মিৰ্ছি সংগীত বঁটাশ্ৰেষ্ঠ প্ৰগ্ৰেমাৰ আৰু সংগীত ব্যৱস্থাপকধুম-৩ ছবিৰ "কামলি"মনোনীত
২০১৫মিৰ্ছি সংগীত বঁটা rowspan=5 | শ্ৰেষ্ঠ সংগীত প্ৰযোজক (প্ৰগ্ৰামিং আৰু এৰেঞ্জিং)বজৰংগী ভাইজন ছবিৰ "চেল্ফি লে লে ৰে"মনোনীত[18]
২০১৬ডংগল ছবিৰ "ঢাকৰ"[19]
২০১৭জব হেৰী মেট চেজল ছবিৰ "ঘৰ"[20]
জাগ্গা জাচুছ ছবিৰ "উল্লু কা পাত্থা"
টিউবলাইট ছবিৰ "ৰেডিঅ'"

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Directorate of Film Festivals.". Directorate of Film Festivals.. http://dff.nic.in/Pagesfrom59thNFAPressRelease-non-featured.pdf আহৰণ কৰা হৈছে: 9 May 2016.
  2. "Assam to Bollywood – Music Producer Dhrubajyoti Phukan's Journey". SudeepAudioYoutube. https://www.youtube.com/watch?v=-HdqzH1C90w আহৰণ কৰা হৈছে: 16 May 2016.
  3. "Don't be 'Stumped' with this flick". Manish GajjarBBC. https://www.bbc.co.uk/coventry/films/reviews/2003/bollywood/stumped.shtml আহৰণ কৰা হৈছে: 9 May 2016.
  4. "Stumped by a forgettable experiment". Priya GanapatiRediff. http://www.rediff.com/movies/2003/may/16stumped.htm আহৰণ কৰা হৈছে: 9 May 2016.
  5. "59th National Film Awards for the Year 2011 Announced". PIB. Press Information Bureau Government of India. 7 March 2012. http://pib.nic.in/newsite/PrintRelease.aspx?relid=80734.
  6. "Panchakki Promo". Sanjeev RattanYoutube. https://www.youtube.com/watch?v=u-OAILxLED8.
  7. "Ansari presents Phalke Award to Soumitra Chatterjee, 59th National Film Awards". Net India. 3 May 2012. Archived from the original on 27 January 2022. https://web.archive.org/web/20220127174316/https://www.netindian.in/news/2012/05/03/00019960/ansari-presents-phalke-award-soumitra-chatterjee-59th-national-film-awards.
  8. "Official Trailer-Baandhon". PVRYoutube. https://www.youtube.com/watch?v=wxCbiAzthS8.
  9. "Trailer of Jahnu Barua's AJEYO". Jahnu BaruaYoutube. https://www.youtube.com/watch?v=U6Oti4VZjeI.
  10. "Invincible (Ajeyo): Mumbai Review". The Hollywood Reporter. 23 October 2013. http://www.hollywoodreporter.com/review/invincible-ajeyo-mumbai-review-650405.
  11. "Nominees – Mirchi Music Award Hindi 2010". 2011-01-30. Archived from the original on 2011-01-30. https://web.archive.org/web/20110130070949/http://www.radiomirchi.com/mma2010/hindi/nominees.php আহৰণ কৰা হৈছে: 2018-09-30.
  12. "59th National Film Awards for the Year 2011 Announced". pib.nic.in. http://pib.nic.in/newsite/PrintRelease.aspx?relid=80734 আহৰণ কৰা হৈছে: 2018-05-07.
  13. "Winners – Mirchi Music Award Hindi 2012". www.radiomirchi.com. http://www.radiomirchi.com/mma2012/hindi/winners_list.html আহৰণ কৰা হৈছে: 2018-04-27.
  14. Parande, Shweta (2014-02-28). "Mirchi Music Awards 2014 winners: Shahrukh Khan, Farhan Akhtar honoured; Aashiqui 2 wins 7 trophies" (en ভাষাত). India.com. http://www.india.com/showbiz/mirchi-music-awards-2014-winners-shahrukh-khan-farhan-akhtar-honoured-aashiqui-2-wins-7-trophies-17842/.
  15. "Global Indian Music Awards (GIMA)". GIMAGlobal Indian Music Academy Awards. http://www.gima.co.in/oty-film-music-nominees.php?y=2015.
  16. "GiMA Awards 2014 : Who Won What?". Koimoi. 21 January 2014. Archived from the original on 5 February 2015. https://web.archive.org/web/20150205224744/http://www.koimoi.com/bollywood-popular/gima-awards-2014-who-won-what/ আহৰণ কৰা হৈছে: 5 February 2015.
  17. "Film Music Nominations: 4th Gionne Star Global Indian Music Academy (GiMA) Awards 2014 Powered By Reliance 3G". GiMA. Archived from the original on 3 February 2015. https://web.archive.org/web/20150203092409/http://www.gima.co.in/oty-film-music-nominees.php আহৰণ কৰা হৈছে: 2 February 2015.
  18. "MMA Mirchi Music Awards". MMAMirchiMusicAwards. http://www.mirchimusicawards.com/hindi-2015/Nomination/ আহৰণ কৰা হৈছে: 2018-03-25.
  19. "MMA Mirchi Music Awards". MMAMirchiMusicAwards. http://www.mirchimusicawards.com/hindi-2016/nominations/ আহৰণ কৰা হৈছে: 2018-03-24.
  20. "MMA Mirchi Music Awards". MMAMirchiMusicAwards. http://www.mirchimusicawards.com/hindi-2017/nominations/ আহৰণ কৰা হৈছে: 2018-04-23.