সমললৈ যাওক

তৰুণ গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তৰুণ গগৈ
অসমৰ মুখ্যমন্ত্ৰী
কাৰ্যকাল
১৮ মে', ২০০১[1]  ২০ মে' ২০১৬[2]
পূৰ্বসূৰী প্ৰফুল্ল কুমাৰ মহন্ত[1]
উত্তৰসূৰী সৰ্বানন্দ সোণোৱাল
বিধায়ক
তিতাবৰ[3][4][5]
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০ ছেপ্তেম্বৰ, ২০০১[6]
পূৰ্বসূৰী হেমন্ত কলিতা[3]
সাংসদ
কলিয়াবৰ
কাৰ্যকাল
১৯৯৮  ২০০২
পূৰ্বসূৰী কেশৱ মহন্ত
উত্তৰসূৰী দীপ গগৈ
বিধায়ক
মাৰ্ঘেৰিটা[3]
কাৰ্যকাল
১৯৯৬  ১৯৯৮[3]
পূৰ্বসূৰী কুল বাহাদুৰ চেত্ৰী[7]
উত্তৰসূৰী প্ৰদ্যুৎ বৰদলৈ[6]
সাংসদ
কলিয়াবৰ
কাৰ্যকাল
১৯৯১  ১৯৯৬
পূৰ্বসূৰী ভদ্ৰেশ্বৰ তাঁতী
উত্তৰসূৰী কেশৱ মহন্ত
সাংসদ
যোৰহাট
কাৰ্যকাল
১৯৭১  ১৯৮৫
পূৰ্বসূৰী ৰাজেন্দ্ৰনাথ বৰুৱা
উত্তৰসূৰী পৰাগ চলিহা
ব্যক্তিগত তথ্য
জন্ম ১১ অক্টোবৰ, ১৯৩৪
ৰঙাজান চাহ বাগিচা,
যোৰহাট, অসম
মৃত্যু ২৩ নৱেম্বৰ, ২০২০ (৮৬ বছৰ)[8]
গুৱাহাটী, অসম, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী ডলি গগৈ[9]
সন্তান গৌৰৱ গগৈ (পুত্ৰ)
চন্দ্ৰিমা গগৈ (কন্যা)
শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়
ডিব্ৰুগড় বিশ্ববিদ্যালয়
পুৰস্কাৰ পদ্মভূষণ
পিতৃ স্বৰ্গীয় ডা° কমলেশ্বৰ গগৈ[9]
মাতৃ স্বৰ্গীয় ঊষা গগৈ[9]

তৰুণ গগৈ (ইংৰাজী: Tarun Gogoi; ১১ অক্টোবৰ, ১৯৩৪ — ২৩ নৱেম্বৰ, ২০২০) হৈছে অসমৰ সবাতোকৈ দীৰ্ঘকালীন সময়ৰ বাবে শাসনাধিস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন আগশাৰীৰ নেতা আছিল। তেওঁৰ দলে অভিলেখসহ একেৰাহে তিনিবাৰকৈ অসমৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰে।[10] ২০০১ চনৰ পৰা ২০১৬ চনলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব লয়।

২০২০ চনৰ ২৩ নৱেম্বৰ তাৰিখে ক'ভিডৰ উত্তৰকালীন সমস্যা আৰু শৰীৰৰ একাধিক অংগ অচল হৈ পৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গগৈৰ দেহাৱসান ঘটে।[11] তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০২১ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[12][13]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৩৪ চনৰ ১১ অক্টোবৰত যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত এটা আহোম পৰিয়ালত তৰুণ গগৈৰ জন্ম হয়।[14] গগৈয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল.এল.বি. ডিগ্ৰী লাভ কৰে।[14][15] ইয়াৰ পিছত তেওঁ আসাম বাৰ কাউন্সিল (Assam Bar Council)ত এজন অধিবক্তাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলে।[15] তেওঁ Assam Small-Scale Industries Development Corporationৰ চেয়াৰমেন পদটো অধিষ্ঠিত আছিল।[15]

১৯৭২ চনত তেওঁ ডলী গগৈৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান আছে।[15]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

১৯৬৮ চনত তৰুণ গগৈ যোৰহাট পৌৰসভালৈ সদস্য হিচাবে নিৰ্বাচিত হয়।[14]

১৯৭৬ চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অধীনত তেওঁ সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটি (All India Congress Committee (AICC))ৰ যুটীয়া সম্পাদক হিচাবে নিৰ্বাচিত হয়।[15][16] ইয়াৰ পিছত ১৯৮৫-১৯৯০ বৰ্ষৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধীনত সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটি ৰ সাধাৰণ সম্পাদক হিচাবে নিৰ্বাচিত হয়।[15] ১৯৯১-১৯৯৬ বৰ্ষৰ তেওঁ সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীৰ পদ লাভ কৰে।

১৯৮৬-১৯৯০ বৰ্ষত তৰুণ গগৈ অসম প্ৰদেশ কংগ্ৰেছ (ই) কমিটি (Assam Pradesh Congress Committee (APCC)ৰ সভাপতি পদত আছিল।[14] ১৯৯৬ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে ইয়াৰ সভাপতি হিচাবে নিৰ্বাচিত হয়।

সাংসদ হিচাবে

[সম্পাদনা কৰক]

তৰুণ গগৈ ছবাৰকৈ ভাৰতৰ লোকসভালৈ সাংসদ হিচাবে নিৰ্বাচিত হৈছে। প্ৰথমতে তেওঁ ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈকে যোৰহাটৰ পৰা সাংসদ হিচাবে একেৰাহে পঞ্চম, ষষ্ঠ আৰু সপ্তম লোক সভালৈ নিৰ্বাচিত হয়। পাছত তেওঁ কলিয়াবৰৰ পৰা দশম লোক সভা (১৯৯১-১৯৯৬)লৈ হিচাবে নিৰ্বাচিত হয়।[15] ইয়াৰ পিছত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা ১৯৯৮ চনত দ্বাদশ আৰু ১৯৯৯ চনত ত্ৰয়োদশ লোকসভা (১৯৯৮-২০০২)লৈ সাংসদ হিচাবে নিৰ্বাচিত হয়।[15] তেওঁৰ পিছত কলিয়াবৰ সমষ্টিৰ সাংসদ তেওঁৰ কনিষ্ঠ ভাতৃ দীপ গগৈ। বৰ্তমান তেওঁৰ পুত্ৰ গৌৰৱ গগৈ যোৰহাট লোকসভাৰ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰি আছে।

বিধায়ক হিচাবে

[সম্পাদনা কৰক]

তৰুণ গগৈ বৰ্তমানলৈকে পাঁচবাৰ অসম বিধানসভালৈ বিধায়ক হিচাবে নিৰ্বাচিত হৈছে। ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈকে তেওঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক আছিল। ২০০১, ২০০৬, ২০১১ আৰু ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত বিজয়ী হৈ তেওঁএকেৰাহে চাৰিবাৰকৈ তিতাবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ আহিছে।[14]

মুখ্যমন্ত্ৰী হিচাবে

[সম্পাদনা কৰক]

২০০১ চনৰ ১৭ মে' তাৰিখে তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছত ২০০৬ আৰু ২০১১ চনত তিতাবৰ সমষ্টিৰ পৰা তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়।[9]

সমষ্টিকাৰ্য্যকাল
তিতাবৰ২০ ছেপ্তেম্বৰ, ২০০১ - মে', ২০১১
তিতাবৰমে' ২০০৬ - মে', ২০১১
তিতাবৰমে', ২০১১ - মে' ২০১৬
তিতাবৰমে', ২০১৬ - বৰ্তমান

সংক্ষেপতে তৰুণ গগৈৰ ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]
বৰ্ষঘটনা
১৯৬৭সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটিৰ যুটীয়া সম্পাদক
১৯৬৮যোৰহাট পৌৰসভালৈ সদস্য নিৰ্বাচিত
১৯৭১৫ম লোকসভালৈ নিৰ্বাচিত
১৯৭৭৬ষ্ঠ লোকসভালৈ নিৰ্বাচিত
১৯৮৩সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটিৰ যুটীয়া সম্পাদক
১৯৮৩৭ম লোকসভালৈ নিৰ্বাচিত
১৯৮৫সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটিৰ সাধাৰণ সম্পাদক
১৯৮৬-৯০অসম প্ৰদেশ কংগ্ৰেছ (ই) কমিটিৰ সভাপতি
১৯৯১১০ম লোকসভালৈ নিৰ্বাচিত
১৯৯১-১৯৯৩কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী
১৯৯৩-১৯৯৫কেন্দ্ৰীয় চৰকাৰৰ Food Processing Industry দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী
১৯৯৭অসম বিধান সভালৈ বিধায়ক ৰূপে নিৰ্বাচিত
১৯৯৮১২শ লোকসভালৈ কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচিত আৰু বিধায়ক পদ ত্যাগ
১৯৯৯১৩শ লোকসভালৈ কলিয়াবৰ সমষ্টিৰ পৰা নিৰ্বাচিত
১৯৯৮-৯৯কমিটি অৱ গৱৰ্ণমেণ্ট এচুৰেঞ্চৰ সদস্য
১৮ মে' ২০০১অসমৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ
ছেপ্তেম্বৰ ২০০১অসম বিধান সভাৰ সদস্য ৰূপে নিৰ্বাচিত সাংসদ পদ ত্যাগ
মে' ২০০৬তিতাবৰ বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত আৰু দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ
মে' ২০১১তিতাবৰ বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত আৰু তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ
মে' ২০১৬তিতাবৰ বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত আৰু মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি

অসুস্থতা আৰু মৃত্যু

[সম্পাদনা কৰক]

২০২০ চনৰ ২৬ আগষ্ট তাৰিখে তৰুণ গগৈক ক'ভিড-১৯ ৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাৰ লগতে ৰক্ত প্লাজমা সংস্থাপন প্ৰদান কৰা হয়।[17] ২০২০ চনৰ ২৩ নৱেম্বৰ তাৰিখে ক'ভিডৰ উত্তৰকালীন সমস্যা আৰু শৰীৰৰ একাধিক অংগ অচল হৈ পৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গগৈৰ দেহাৱসান ঘটে।[18][19]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা". Assam Legislative Assembly, Dispur. 2012. http://assamassembly.gov.in/cm-list.html আহৰণ কৰা হৈছে: October 04, 2012.
  2. "Tarun Gogoi Resigns As Assam Chief Minister". May 20, 2016. http://www.ndtv.com/india-news/tarun-gogoi-resigns-as-assam-chief-minister-1408347 আহৰণ কৰা হৈছে: June 26, 2016.
  3. 1 2 3 4 "mla-1996-01". Assam Legislative Assembly, Dispur. 2012. http://assamassembly.gov.in/mla-1996-01.html আহৰণ কৰা হৈছে: October 04, 2012.
  4. "mla-2006-11". Assam Legislative Assembly, Dispur. 2012. http://assamassembly.gov.in/mla-2006-11.html আহৰণ কৰা হৈছে: October 04, 2012.
  5. "mla-all-list". Assam Legislative Assembly, Dispur. 2012. http://assamassembly.gov.in/mla-all-list.html আহৰণ কৰা হৈছে: October 04, 2012.
  6. 1 2 "mla-2001-06". Assam Legislative Assembly, Dispur. 2012. http://assamassembly.gov.in/mla-2001-06.html আহৰণ কৰা হৈছে: October 04, 2012.
  7. "mla-1991-96". Assam Legislative Assembly, Dispur. 2012. http://assamassembly.gov.in/mla-1991-96.html আহৰণ কৰা হৈছে: October 04, 2012.
  8. "Former Assam Chief Minister Tarun Gogoi Dies At 86". NDTV. November 23, 2020. https://www.ndtv.com/india-news/former-assam-chief-minister-tarun-gogoi-dies-at-86-2329157 আহৰণ কৰা হৈছে: November 23, 2020.
  9. 1 2 3 4 "তৰুণ গগৈৰ তথ্য". National Informatics Centre, Assam State Centre, Guwahati. Assam Legislative Assembly, Dispur, Guwahati. http://assamassembly.gov.in/biodata-cm.html আহৰণ কৰা হৈছে: October 02, 2012.
  10. "Congress juggernaut decimates AGP, BJP in Assam". Hindustan Times. 13 May 2011. Archived from the original on 21 October 2012. https://web.archive.org/web/20121021215230/http://www.hindustantimes.com/specials/Coverage/Assembly-Elections-2011/Congress-wins-absolute-majority-in-Assam/resultdaystateelection2011-assamtopstories/SP-Article10-697093.aspx#disqus_thread আহৰণ কৰা হৈছে: 30 August 2012.
  11. Nov 23, TIMESOFINDIA COM / Updated:; 2020; Ist, 19:57. "Tarun Gogoi death: Former Assam CM Tarun Gogoi passes away at 84 | India News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/india/former-assam-cm-tarun-gogoi-passes-away-at-84/articleshow/79370338.cms আহৰণ কৰা হৈছে: 2022-07-26.
  12. "Padma Awards 2021 announced". Ministry of Home Affairs. https://pib.gov.in/PressReleasePage.aspx?PRID=1692337 আহৰণ কৰা হৈছে: 26 January 2021.
  13. "Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list". [The Times of India. 25 January 2021. https://timesofindia.indiatimes.com/india/shinzo-abe-tarun-gogoi-ram-vilas-paswan-among-padma-award-winners-complete-list/articleshow/80453596.cms আহৰণ কৰা হৈছে: 25 January 2021.
  14. 1 2 3 4 5 "About Chief Minister of Assam". Government of Assam. http://assamassembly.nic.in/biodata-cm.html আহৰণ কৰা হৈছে: 30 August 2012.
  15. 1 2 3 4 5 6 7 8 R.C. Rajamani; Portraits of India's Parliamentarians for the New Millennium: Lok Sabha. Gyan Books. 2000. ISBN 978-8121207027. pg 111.
  16. "Assam CM Tarun Gogoi's official biography released". Times of India. 27 December 2010. Archived from the original on 4 January 2013. https://archive.today/20130104001446/http://articles.timesofindia.indiatimes.com/2010-12-27/guwahati/28244460_1_assam-cm-tarun-gogoi-student-leaders-assam-accord আহৰণ কৰা হৈছে: 30 August 2012.
  17. "Tarun Gogoi, coronavirus positive, given plasma after sudden drop in oxygen level: Himanta Biswa Sarma". India Today. https://www.indiatoday.in/india/story/tarun-gogoi-coronavirus-positive-given-plasma-after-sudden-drop-in-oxygen-level-himanta-biswa-sarma-1717243-2020-09-01 আহৰণ কৰা হৈছে: 1 September 2020.
  18. "Former Assam Chief Minister Tarun Gogoi dies at 86". NDTV. 23 November 2020. https://www.ndtv.com/india-news/former-assam-chief-minister-tarun-gogoi-dies-at-86-2329157 আহৰণ কৰা হৈছে: November 23, 2020.
  19. "Former Assam chief minister Tarun Gogoi passes away at 84". Hindustan Times. 23 November 2020. https://www.hindustantimes.com/india-news/former-assam-chief-minister-tarun-gogoi-passes-away-at-84/story-nTAP0tWJDNHxuIwdk9WEDI.html আহৰণ কৰা হৈছে: November 23, 2020.