সমললৈ যাওক

মংগলসিং হাজোৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মংগলসিং হাজোৱাৰী
জন্ম ২ মাৰ্চ, ১৯৫৪ (৭২ বছৰ)
শিলবাৰী, চিৰাং জিলা, অসম
পেচা কবি
ভাষা বড়ো ভাষা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বিষয় কবিতা
উল্লেখযোগ্য বঁটা বড়ো ভাষাৰ সাহিত্য অকাডেমি বঁটা, ২০০৫[1]
পদ্মশ্ৰী, ২০২১[2]

মংগলসিং হাজোৱাৰী এগৰাকী ভাৰতীয় বড়ো ভাষাৰ কবি। তেখেতে জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ নামৰ কবিতা পুথিখনৰ বাবে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[3][4] তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[5][2]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

হাজোৱাৰীৰ জন্ম হয় ১৯৫৪ চনত বৰ্তমানৰ চিৰাং জিলাবিজনীৰ শিলবাৰী গাঁৱত।[6] তেওঁৰ পিতৃ কৃষিকৰ্মৰ লগত জড়িত আছিল।[7]

তেখেতে নিজৰ বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি কটন মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও আৰ্থিক অসুবিধাৰ বাবে পঢ়া আধাতে সামৰি আহি বিজনী মহাবিদ্যালয়ত কলা শাখাত নামভৰ্তি কৰে আৰু পিছলৈ বি এ আৰু বি টি ডিগ্ৰী লাভ কৰে।[7]

কৰ্মজীৱন

[সম্পাদনা কৰক]

বিজনী মহাবিদ্যালয়ত পঢ়ি থকা সময়ত এখন স্থানীয় বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্ত হয় আৰু ১৯৭৮ চনলৈ তাত চাকৰি কৰে।[7]

সাহিত্য জীৱন

[সম্পাদনা কৰক]

হাজোৱাৰীদেৱে সৰুৰে পৰাই সাহিত্যকৰ্মৰ সৈতে জড়িত হৈ আছিল। সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে কবিতা আৰু চুটি প্ৰবন্ধ লিখিছিল। তেওঁৰ প্ৰথম কবিতা পুথিখন আছিল জিউনি খন্থাই মেথেই (জীৱন সংগীত)। তেওঁৰ নাটকসমূহ বিভিন্ন ঐতিহাসিক চৰিত্ৰ যেনে সম্বিন্ধন কছাৰী, জলিয়া দেৱান, জ্বেহলাওঁ দ্বিমালিউ আদিৰ সৈতে জড়িত।[7] তেখেতে এতিয়ালৈ ৩৮খন কবিতা আৰু নাটকৰ পুথি আৰু ৮০খন বড়ো ভাষাৰ আলোচনী সম্পাদনা কৰিছে।[6]

অন্যান্য কৰ্ম

[সম্পাদনা কৰক]

হাজোৱাৰীদেৱে স্কুলীয়া দিনৰ পৰাই সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ আবছু (ABSU)-ৰ সৈতে জড়িত আছিল। তেখেত বড়ো সাহিত্য সভাৰো এজন সন্মানিত সদস্য। অসমৰ সমতল জনজাতীয় পৰিষদ (PTCA)-ৰ ভোট বৰ্জন কাৰ্যসূচীত ভাগ লৈ কেইদিনমান জেইলো খাটিছিল। ১৯৯৩ চনত গঠন হোৱা সদৌ বড়ো বাথৌ ধৰ্মীয় মহাসভাৰ তেওঁ আছিল এজন প্ৰতিষ্ঠাপক সদস্য।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]