এলি আহমেদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
এলি আহমেদ
Eli Ahmed
জন্ম ১৪ মাৰ্চ, ১৯৩৪
নাজিৰা, শিৱসাগৰ জিলা, ব্ৰিটিছ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাহিত্যিক, গীতিকাৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী (২০১৭)

এলি আহমেদ এগৰাকী বিখ্যাত ভাৰতীয় লেখিকা, চিত্ৰনাট্যকাৰ, নিৰ্দেশক, গীতিকাৰ, কষ্টিউম ডিজাইনাৰ, অভিনেত্ৰী আৰু সমাজ কৰ্মী। তদুপৰি তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলাৰ বাবে প্ৰকাশিত আলোচনী 'ওৰণি'ৰ প্ৰকাশক,সম্পাদিকা আৰু স্বত্বাধিকাৰিণী। ১৯৭০ চনৰ পৰা এই আলোচনী প্ৰকাশিত হৈ আহিছে। ১৯৬৭ চনত তেওঁ অসমৰ প্ৰথম মহিলা নাট্য দল গঠন কৰিছিল। সাহিত্য আৰু শিক্ষা ক্ষেত্ৰ খনলৈ তেওঁ আগবঢ়োৱা স্বীকীৰ্তি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০১৭ চনত পদ্মশ্ৰী প্ৰদান কৰে। [1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

নাজিৰাৰ এক সম্ভ্ৰান্ত পৰিয়ালত ১৯৩৪ চনৰ ১৪ মাৰ্চ তাৰিখে এলি আহমেদৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আব্দুৰ ৰাছিদ পেশাত এজন শৈল চিকিৎসক আছিল। নিচেই কম বয়সত এলি মাতৃহাৰা হয়। তেওঁৰ পূৰ্বপুৰুষ মেদিনী মোহন চৌধুৰীৰ গ্ৰন্থ 'লুইত, বৰাক আৰু ইছলাম'ত উল্লেখিত ৫ পাৰ্চী পৰিয়ালৰ লগত সম্পৰ্কিত।

বিভিন্ন পুৰোধা ব্যক্তি সকলে এলিক ভিন ভিন নামেৰে মাতিছিল। যেনে, নলিনীবালা দেৱীয়ে "পখিলা", ডঃ নিৰ্মল প্ৰভা বৰদলৈয়ে "বেলি", বোলছবি নিৰ্মাতা ব্ৰজেন বৰুৱায়ে "গীত", আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকায়ে "ৰং" বুলি মাতিছিল। তেওঁৰ বন্ধু সকলেও তেওঁক "জুই" বুলি সম্বোধন কৰিছিল। [2]

কৰ্মজীৱন[সম্পাদনা কৰক]

সৰুতে তেওঁ স্বৰচিত কবিতা আৰু শিশু পদ্য আবৃত্তি কৰিছিল। ১৯৬৭ চনত তেওঁ "ৰং চ'ৰা" নামৰ এটি শিশুৰ সাংস্কৃতিক দল গঠন কৰি অসমৰ বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিছিল। তেওঁৰ প্ৰথম সংগীতানুষ্ঠান "ভাগ্যৰ চকৰি ঘূৰে" ১৯৬২ চনৰ অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনত পৰিবেশিত হৈছিল।

১৯৬৫ চনত তেওঁ সমাজ কল্যান বিভাগৰ "বালক সেৱিকা প্ৰশিক্ষণ কেন্দ্ৰ"ৰ এটি সাক্ষাৎকাৰত যোগ দিবলৈ গুৱাহাটীলৈ আহে।

ব্ৰজেন বৰুৱাৰ "ডঃ বেজবৰুৱা" বোলছবি খনৰ দ্বীপেন বৰুৱাৰ কণ্ঠৰ "গা গা আজি গাই যা" গীতৰ যোগেৰে এলি আহমেদে গীতিকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ কেইবাখনো জনপ্ৰিয় ছবিত গীত লিখিছিল। তাৰে কেইখনমান হ'ল,

  • বৰুৱাৰ সংসাৰ,
  • সাদৰি,
  • সোণমইনা,
  • প্ৰতিদিন,
  • দেৱতা।

তেওঁ দূৰদৰ্শন ধাৰাবাহিক 'গধূলি', 'চাহোৱাল' আৰু 'অপবাদ'ৰ গীত লিখিছিল।

তেওঁ কেইবাখনো বোলছবিৰ চিত্ৰনাট্য লিখিছিল। তাৰে কেইখনমান হ'ল,

  • ধ্ৰুৱতৰা,
  • বৰদৈচিলা,
  • বনফুল,
  • জনমভূমি

লগতে তেওঁ কেইখনমান তথ্যচিত্ৰৰো চিত্ৰনাট্য লিখিছিল। সেইকেইখন হল,

  • অল্ড মনোমেণ্ট অফ আহোম এইজ,
  • চাইল্ড চাইক'লজি,
  • মহাশ্বেতা,
  • চৈয়দ আব্দুল মালিক,
  • দা মিল্ক

তেওঁ গল্পকাৰ হিচাপে গল্প লিখা কেইখন মান ছবি হ'ল,

  • বৰুৱাৰ সংসাৰ,
  • যখিনী,
  • বনফুল,
  • মুখাগ্নি,
  • জনমভূমি

তেওঁ এই বোলছবি সমূহৰ কেইবাখনত চিত্ৰনাট্যকাৰ, কলা নিৰ্দেশক আৰু কষ্টিউম ডিজাইনাৰ আছিল।

তেওঁ কেইবাখনো জনপ্ৰিয় নাটক লিখিছিল। যেনে,

  • কথাটো নো কি,
  • চাকিনা জেঠাইৰ মণি,
  • ককা দেউতাৰ সাধু,
  • নাটোচলা,
  • আমি অভিনয় কৰা নাই

তেওঁ ৰচনা কৰা কেইখনমান কিতাপ হল,

  • অংকুৰ, চুটি গল্পৰ সংকলন
  • মণিৰাম দেৱান, অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত
  • ৰংমনৰ মন
  • মই কেতিয়া আইতা হ'ম, অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত
  • অসমৰ বীৰাংগনা, তথ্য আৰু সম্প্ৰসাৰণ বিভাগৰ দ্বাৰা প্ৰকাশিত, ভাৰত চৰকাৰ।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

এলি অসম সাহিত্য সভাৰ জীৱনজোৰা সদস্য। ১৯৭৬ চনত তেওঁ বনফুল গ্ৰন্থৰ বাবে প্ৰাপ্ত বয়স্কৰ শিক্ষা বিষয়ত ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰে। তেওঁ ২০১১ চনত ডঃ নিৰ্মলপ্ৰভা বৰদলৈ বঁটা[3] আৰু ২০১৩ চনত অমলপ্ৰভা দাস বঁটা[4] লাভ কৰে। সাহিত্য আৰু শিক্ষা ক্ষেত্ৰ খনলৈ তেওঁ আগবঢ়োৱা স্বীকীৰ্তি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০১৭ চনত পদ্মশ্ৰী প্ৰদান কৰে।

তথ্য উৎস[সম্পাদনা কৰক]