নৱকান্ত বৰুৱা (ইংৰাজী: Nabakanta Barua) অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। এখুদ ককাইদেউ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। একালত তেওঁ সীমা দত্ত ছদ্মনামেৰেও বহু কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে। নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা-পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ। তেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন, তথা খলিল জিব্ৰানৰ কবিতাৰ কিছু কিছু প্ৰভাৱ দেখা পোৱা যায় যদিও এক নিজস্ব স্বকীয়তা তেওঁৰ সমূহ কাব্যসম্ভাৰত বিদ্যমান।[উদ্ধৃতিৰ প্ৰয়োজন] তেখেতৰ বহু সমাদৃত কবিতাসমূহৰ ভিতৰত অন্যতম হল 'মনত পৰেনে অৰুন্ধতি', 'ইয়াত নদী আছিল', 'পলস', 'ৰাৱন', 'মহাকাব্যৰ পাণ্ডুলিপি', 'ক্ৰমশঃ' আদি। তেওঁৰ কবিতা প্ৰসঙ্গত মহেন্দ্ৰ বৰাই উল্লেখ কৰিছে, "এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰোঁ নৱকান্ত বৰুৱাৰ কাব্য-পৰিক্ৰমাৰ কুমেৰু-সুমেৰু। মাজত আৰু বহুতো বিখ্যাত, অখ্যাত আৰু কুখ্যাত কবিৰ হেঁচা-ঠেলা।" (অৱতৰণিকা, "নতুন কবিতা")
নৱকান্ত বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীত ১৯২৬ চনৰ ২৯ ডিচেম্বৰত। তেওঁৰ পিতৃ নীলকান্ত বৰুৱা শিক্ষা বিভাগৰ এগৰাকী বিদ্যালয় পৰিদৰ্শক হোৱাৰ উপৰিও এজন আদৰ্শ শিক্ষকো আছিল। তেওঁৰ মাতৃৰ নাম স্বৰ্ণলতা বৰুৱাণী। নৱকান্ত বৰুৱাৰ ভাতৃ তিনিগৰাকী : দেৱকান্ত, জীৱকান্ত আৰু শিৱকান্ত। তেওঁৰ ভাতৃ প্ৰয়াত দেৱকান্ত বৰুৱাও অসমৰ অন্যতম শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এজন।[1]
ডিবৰুতেই নিজৰ শিক্ষা জীৱনৰ আৰম্ভণি ঘটোৱা নৱকান্ত বৰুৱাই ১৯৩৩ চনত নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ ১৯৪১ চনত সুখ্যাতিৰে মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৩ চনত নৱকান্ত বৰুৱাই উচ্চ শিক্ষাৰ বাবে কলকতাৰ শান্তিনিকেতনলৈ ঢাপলি মেলে। ১৯৪৭ চনত তেওঁ কলকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নৱকান্ত বৰুৱাই ১৯৫৩ চনত উত্তৰ প্ৰদেশৰ আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2]
উত্তৰ প্ৰদেশৰ শিকোহাবাদ অৱস্থিত এ. কে. মহাবিদ্যালয়ত শিক্ষকতা বৃত্তিৰে নৱকান্ত বৰুৱাই নিজৰ বৰ্ণময় কৰ্মজীৱন আৰম্ভ কৰিছিল। কিছুদিন তাত শিক্ষকতা কৰাৰ পাছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৫৪ চনত তেওঁ গুৱাহাটীৰ কটন মহাবিদ্যালয়লৈ বদলি হৈ আহে আৰু তাৰেপৰাই তেওঁ ১৯৮৪ চনত উপাধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰে। নৱকান্ত বৰুৱাই মাজতে ১৯৬৪ চনৰপৰা ১৯৬৭ চনলৈ তিনিবছৰ কাল অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০২ চনৰ ১৪ জুলাই তাৰিখে বৰুৱাৰ মৃত্যু হয়।
- হে অৰণ্য হে মহানগৰ (১৯৫১)
- যতি আৰু কেইটামান স্কেচ্ছ (১৯৬০)
- এটি দুটি এঘাৰটি তৰা (১৯৫৭)
- ৰত্নাকৰ (১৯৮৬)
- ৰাৱণ(১৯৬৩)
- সূৰ্যমুখীৰ অঙ্গীকাৰ (১৯৯০)
- মোৰ আৰু পৃথিৱী (১৯৭৩)
- এখন স্বচ্ছ মুখাৰে (১৯৬০)
- দলঙত তামীঘৰা (১৯৯১)
- সম্ৰাট (১৯৬২)
- নিৰ্বাচিত কবিতা (ইংৰাজীত)
- এশ কবিতা
- আহত মৰাল
- নজৰুল ইছলামৰ কবিতা
- মুক্তধাৰা
- কবিৰাই কয়
- কপিলীপৰীয়া সাধু (১৯৫২)
- ককাদেউতাৰ হাড় (১৯৭৩)
- গড়মা কুৱঁৰী (১৯৮০)
- মানুহ আটাইবোৰ দ্বীপ (১৯৮০)
- পটাচাৰা
- অপদাৰ্থ
- অহিংসাৰ জুই(অসমাপ্ত)
- অসমীয়া ছন্দশিল্পৰ ভূমিকা (১৯৬২)
- শিয়ালী পালেগৈ ৰতনপুৰ (১৯৫৪)
- আখৰৰ জখলা (১৯৫৬)
- মনৰ খবৰ (১৯৬০)
- ভত ঊকাৰে ভূ (১৯৬৮)
- জনা নজনাৰ খেল (১৯৭০)
- সঞ্চয়ন (ড॰ মহেশ্বৰ নেওগ, পৃষ্ঠা ৪৫০)
- অসমীয়া সাহিত্যঃ আধুনিক যুগ (পৃষ্ঠা ৯৩)
- গৰীয়সী (মে’ ২০০৬, পৃষ্ঠা নং ৮)
- নতুন কবিতা (সম্পাদক মহেন্দ্ৰ বৰা, অৱতৰণিকা)
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান | |
---|
|
|
---|
| ১৯৯০-২০০০ | | |
---|
| ২০০১-২০১০ | |
---|
| ২০১১-বৰ্তমানলৈ | |
---|
|