কে আয়াপ্পা পানিকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কে আয়াপ্পা পানিকাৰ
കെ. അയ്യപ്പ പണിക്കർ
আয়াপ্পা পানিকেড়
জন্ম ১২ ছেপ্টেম্বৰ, ১৯৩০
কাৱালম, কেৰালা, ভাৰত
মৃত্যু ২৩ আগষ্ট, ২০০৬ (৭৫ বছৰ)
থিৰুৱন্তপুৰম
অন্য নাম আয়াপ্পা পানিকেড়
കേശവപണിക്കർ അയ്യപ്പ പണിക്കർ
শিক্ষানুষ্ঠান কেৰালা বিশ্ববিদ্যালয়
পেচা
  • কবি
  • সাহিত্য সমালোচক
  • শিক্ষাবিদ
  • পণ্ডিত
  • ৰিডাৰ
জনা যায় মালয়ালম কবিতা
উল্লেখযোগ্য কৰ্ম
  • কুৰুক্ষেত্ৰমKurukshethram
  • আয়াপ্পাপানিকুড়ে কৃতিকাল
  • চিন্তা

ড° কে. আয়াপ্পা পানিকাৰ, বা আয়াপ্পা পানিকাৰ (ইংৰাজী: Ayyappa Paniker ; জন্ম: ১২ ছেপ্টেম্বৰ ১৯৩০ - ২৩ আগষ্ট ২০০৬) এগৰাকী মালায়ালম কবি আৰু সাহিত্য সমালোচক। তেওঁ আধুনিক আৰু উত্তৰ-আধুনিক সাহিত্য তত্ত্বৰ লগতে প্ৰাচীন ভাৰতীয় নান্দনিকতা আৰু সাহিত্য পৰম্পৰাৰ এগৰাকী শিক্ষাবিদ আৰু পণ্ডিতো আছিল। তেওঁ মালায়ালম কবিতাত আধুনিকতাবাদৰ অন্যতম পথপ্ৰদৰ্শক আছিল, য’ত কুৰুক্ষেত্ৰম (১৯৬০)ৰ দৰে তেওঁৰ প্ৰাথমিক ৰচনাসমূহক মালায়ালম কবিতাৰ এক টাৰ্ণিং পইণ্ট বুলি গণ্য কৰা হয়।[1] আয়াপ্পা পানীকেড়ৰ বহুতো কবিতা আৰু বহুকেইটা প্ৰবন্ধই পৰৱৰ্তী প্ৰজন্মৰ মালায়ালম লেখকসকলৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। [2][3]

সাহিত্যিক চৰ্চাৰ সমান্তৰালকৈ তেওঁৰ এক শৈক্ষিক কৰ্মজীৱনো আছিল। চাৰি দশক জোৰা এই দীঘলীয়া শৈক্ষিক কৰ্মজীৱনত আয়াপ্পাই বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু শেষত কেৰালা বিশ্ববিদ্যালয়ৰ ইংৰাজী প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে অৱসৰ লৈছিল। তেওঁৰ ২৫ খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ হৈছে, তেওঁ গুৰু গ্ৰন্থ চাহিব আৰু ফৰাচী ভাষাৰ এখন কিতাপকে ধৰি মালায়ালম ভাষালৈ কেইবাটাও গুৰুত্বপূৰ্ণ অনুবাদৰ কাম কৰিছিল; এজন গুণী সম্পাদক হিচাপে তেওঁ ভাৰতীয় সাহিত্যৰ ওপৰত অসংখ্য এন্থ’লজি প্ৰস্তুত কৰিছিল, তেওঁ সাহিত্য অকাডেমিৰ ভাৰতীয় সাহিত্য বিশ্বকোষৰ মুখ্য সম্পাদক আছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]