সুগতা কুমাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুগতাকুমাৰী
জন্ম সুগতাকুমাৰী
২২ জানুৱাৰী, ১৯৩৪
আৰামুলা, ট্ৰাভাংকৰ
মৃত্যু ২৩ ডিচেম্বৰ, ২০২০ (৮৬ বছৰ)
তিৰুৱন্তপুৰম, কেৰালা, ভাৰত
পেচা
  • কবি
  • পৰিৱেশবিদ
  • সমাজকৰ্মী
ভাষা মালায়ালম
মাতৃশিক্ষায়তন ইউনিউভাৰচিটি কলেজ, তিৰুৱন্তপুৰম; চৰকাৰী মহিলা মহাবিদ্যালয়, তিৰুৱন্তপুৰম
সময় ১৯৫৭-২০২০
উল্লেখনীয় কৰ্মৰাজি ৰাত্ৰিমাঝা, আম্বালামণি, মানালেঝুথ
উল্লেখযোগ্য বঁটা
দাম্পত্যসংগী ড° কে ৱেলয়ুধন নেয়ৰ (বি. ২০২৪; মৃ. ২০০৩)
সন্তান
পিতৃ-মাতৃ বোধেশ্বৰণ (দেউতাক)

সুগতা কুমাৰী (২২ জানুৱাৰী ১৯৩৪ – ২৩ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় কবি আৰু সমাজকৰ্মী আছিল। তেওঁ দক্ষিণ ভাৰতৰ কেৰালাৰ পৰিৱেশ বিষয়ক আৰু নাৰীবাদী আন্দোলনৰ এগৰাকী শীৰ্ষস্থানীয় নেত্ৰী আছিল। সুগতা কুমাৰীৰ পিতৃ কবি আৰু স্বাধীনতা সংগ্ৰামী বোধেশ্বৰণ আৰু মাতৃ সংস্কৃত পণ্ডিত ভি কে কাৰ্তিয়ায়িনী আম্মা। তেওঁ প্ৰকৃতি সংৰক্ষণ সমিতি আৰু মানসিক ৰোগী তথা অসহায় মহিলাক আশ্ৰয় প্ৰদান কৰা প্ৰতিষ্ঠান অভয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। কেৰালা ৰাজ্যিক মহিলা আয়োগৰো তেওঁ অধ্যক্ষ আছিল।[1] তেওঁ নীৰৱ উপত্যকাক ৰক্ষা কৰা (চেভ চাইলেণ্ট ভেলী) আন্দোলনত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল।

সুগতা কুমাৰীৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে; মুথুচিপিকাল, পথিৰাপুক্কাল, কৃষ্ণা কবিতাকাল, ৰাত্ৰিমাঝা, আৰু মানালেঝুথ। তেওঁ কেৰালা সাহিত্য অকাডেমি বঁটা (১৯৬৮), কেন্দ্ৰ সাহিত্য অকাডেমি বঁটা (১৯৭৮), ওডাক্কুঝাল বঁটা (১৯৮২), ভায়ালাৰ বঁটা (১৯৮৪), ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষ মিত্ৰ বঁটা (১৯৮৬), আসান পুৰস্কাৰ (১৯৯১), বল্লথল বঁটা (২০০৩), কেৰালা সাহিত্য অকাডেমি ফেলোশ্বিপ (২০০৪), এজুথাচন পুৰস্কাৰ (২০০৯), সৰস্বতী সন্মান (২০১২), মাতৃভূমি সাহিত্য বঁটা (২০১৪) আৰু অ’ এন ভি লিটাৰেৰী এৱাৰ্ড (২০১৭)কে ধৰি অসংখ্য বঁটা আৰু স্বীকৃতি লাভ কৰিছিল। ২০০৬ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

১৯৫৭ চনত, এখন সাপ্তাহিক আলোচনীত ছদ্মনামেৰে প্ৰকাশ পোৱা সুগতা কুমাৰীৰ প্ৰথম কবিতাটোৱে পঢ়ুৱৈৰ ব্যাপক মনোযোগ আকৰ্ষণ কৰিছিল।[2] ১৯৬৮ চনত সুগতা কুমাৰীয়ে তেওঁৰ কাম পথিৰাপুক্কাল (মাজনিশাৰ ফুল) বাবে, কবিতাৰ বাবে প্ৰদান কৰা কেৰালা সাহিত্য অকাডেমি বঁটা লাভ কৰে।[3] ৰাত্ৰিমাঝা (নিশাৰ বৰষুণ)ৰ বাবে ১৯৭৮ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। [4] তেওঁৰ অন্যান্য সংকলনসমূহ হ’ল; পাৱম মানৱহৃদয়ম, মুথুচিপ্পি, মানালেঝুথ, ইৰুলচিৰাকুকাল আৰু স্বপ্নভূমি[5][6] সুগতা কুমাৰীৰ আগৰ কবিতাসমূহত বেছিভাগ প্ৰেমৰ কৰুণ অন্বেষণৰ বিষয়ে আলোচনা কৰা হৈছিল আৰু এই কবিতাসমূহ তেওঁৰ পিছৰ কবিতাসমূহতকৈ অধিক গীতিমূলক বুলি গণ্য কৰা হয়, তেওঁৰ পিছৰ কবিতাসমূহত গীতিমূলক সংবেদনশীলতাৰ সলনি সামাজিক অসমতা আৰু অন্যায়ৰ প্ৰতি নাৰীবাদী প্ৰতিবাদ লক্ষ্য কৰা যায়।[7][8] পাৰিপাৰ্শ্বিক সমস্যা আৰু অন্যান্য সমসাময়িক সমস্যাবোৰো তেওঁৰ কবিতাত তীক্ষ্ণভাৱে চিত্ৰিত হৈছে।[9][10]

সুগতা কুমাৰীয়ে শিশু সাহিত্যও লিখিছিল, ২০০৮ চনত তেওঁ ষ্টেট ইনষ্টিটিউট অফ চিল্ড্ৰেনচ্‌ লিটাৰেচাৰৰপৰা শিশু সাহিত্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে স্বীকৃতি লাভ কৰিছিল। [11] তেওঁ বহুতো কাম মালায়ালমলৈ অনুবাদ কৰিছিল।[12][5]

তেওঁ তেওঁৰ সাহিত্য কৰ্মৰ বাবে আন বহুতো সাহিত্য বঁটাৰ লগতে কেৰালা চৰকাৰৰ সৰ্বোচ্চ সাহিত্য সন্মান ভায়ালাৰ বঁটা আৰু এজুথাচন পুৰস্কাৰ লাভ কৰিছিল।[13] ২০০৪ চনত তেওঁক কেৰালা সাহিত্য অকাডেমি ফেলোশ্বিপ প্ৰদান কৰা হয়।[14][15] তেওঁ ২০১২ চনত সৰস্বতী সন্মান লাভ কৰিছিল; এই বঁটা লাভ কৰা তেওঁ আছিল তৃতীয়গৰাকী মালায়ালম লেখক। তেওঁ পণ্ডিত কৰুপ্পন বঁটাও লাভ কৰিছিল।[16] সুগতা কুমাৰী কেৰালাৰ তিৰুৱন্তপুৰমৰ জৱাহৰ বালভৱনৰ অধ্যক্ষ আছিল। লগতে কেৰালা ষ্টেট ইনষ্টিটিউট অৱ চিল্ড্ৰেনচ্‌ লিটাৰেচাৰৰ দ্বাৰা প্ৰকাশিত শিশু আলোচনী থালিৰুৰ তেওঁ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল।[16]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Status of women declining: Sugathakumari". The Hindu. 3 November 2000. Archived from the original on 29 January 2002. https://web.archive.org/web/20020129215035/http://www.hindu.com/2000/11/03/stories/0403404f.htm. 
  2. Mohan Lal, ed. Encyclopaedia of Indian Literature: sasay to zorgot, Volume 5. Sahitya Akademi. পৃষ্ঠা. 4211, 4212. 
  3. "Sugathakumari (1934- 2020): A nature loving poet, liberal feminist and activist". OnManorama. https://www.onmanorama.com/kerala/top-news/2020/12/23/sugathakumari-obit-profile.html। আহৰণ কৰা হৈছে: 24 December 2020. 
  4. "Malayalam poet-activist Sugathakumari dies of COVID-19" (en ভাষাত). Sify. https://www.sify.com/news/malayalam-poet-activist-sugathakumari-dies-of-covid-19-news-national-umxiahhccfaei.html। আহৰণ কৰা হৈছে: 24 December 2020. [সংযোগবিহীন উৎস]
  5. 5.0 5.1 Raju, Anupama (1 February 2018). "An evergreen voice in verse" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/books/books-authors/sugathakumari-a-force-to-reckon-with/article22608028.ece. 
  6. "Renowned Malayalam poet-activist Sugathakumari dies of covid-19 complications". Indian Express. 23 December 2020. https://indianexpress.com/article/india/sugathakumari-dead-7116387/lite/. 
  7. "Sugathakumari, Eminent Malayalam Poet And Activist Dies". NDTV.com. https://www.ndtv.com/india-news/sugathakumari-eminent-malayalam-poet-and-activist-dies-2342445। আহৰণ কৰা হৈছে: 24 December 2020. 
  8. Tharu, Susie J.; Lalita, Ke (1991) (en ভাষাত). Women Writing in India: The twentieth century. Feminist Press at CUNY. ISBN 978-1-55861-029-3. https://books.google.com/books?id=OjZYf9Xf9bcC&q=sugathakumari+feminist+responses+to+social+disorder+and+injustice&pg=PA399. 
  9. "Eminent poet-activist Sugathakumari no more". Outlook India. https://www.outlookindia.com/newsscroll/eminent-poetactivist-sugathakumari-no-more/1997982। আহৰণ কৰা হৈছে: 24 December 2020. 
  10. "Eminent poet-activist Sugathakumari passes away" (en ভাষাত). National Herald. 23 December 2020. https://www.nationalheraldindia.com/national/eminent-poet-activist-sugathakumari-passes-away। আহৰণ কৰা হৈছে: 24 December 2020. 
  11. "Award for Sugathakumari". The Hindu (Thiruvananthapuram, India). 23 April 2008. Archived from the original on 1 December 2008. https://web.archive.org/web/20081201100729/http://www.hindu.com/2008/04/23/stories/2008042355141000.htm. 
  12. "Sugathakumari, the 'greenest' poet of Kerala who fought for nature and women" (en ভাষাত). The Week. https://www.theweek.in/leisure/society/2020/12/23/sugathakumari-the-greenest-poet-of-kerala-who-fought-for-nature-and-women.html। আহৰণ কৰা হৈছে: 24 December 2020. 
  13. "Ezhuthachan Puraskaram for Sugathakumari". The Hindu. 14 November 2009. Archived from the original on 24 November 2009. https://web.archive.org/web/20091124231733/http://www.hindu.com/2009/11/14/stories/2009111455520700.htm. 
  14. "Award for Sugathakumari". The Hindu (Trichur, India). 13 March 2004. Archived from the original on 4 May 2004. https://web.archive.org/web/20040504053234/http://www.hindu.com/2004/03/13/stories/2004031302410500.htm. 
  15. "Antony to present Akademi Fellowship". The Hindu (Trichur, India). 10 August 2004. Archived from the original on 24 September 2004. https://web.archive.org/web/20040924202212/http://www.hindu.com/2004/08/10/stories/2004081003460300.htm. 
  16. 16.0 16.1 "Saraswati Samman for Sugathakumari". Kerala Kaumudi (Kaumudiglobal.com). 18 March 2013. http://kaumudiglobal.com/innerpage1.php?newsid=33585.