গোৱিন্দ চন্দ্ৰ পাণ্ডে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০০৪ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীত কে কে বিৰলা ফাউণ্ডেচনে আয়োজন কৰা ১৩তম সৰস্বতী সন্মান প্ৰদান অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি শ্ৰী ভৈৰণ সিং শেখাৱতৰপৰা বঁটা গ্ৰহণৰ মূহুৰ্তত গোৱিন্দ প্ৰসাদ পাণ্ডে

গোৱিন্দ প্ৰসাদ পাণ্ডে (ইংৰাজী: Govind Chandra Pande; জন্ম: ৩০ জুলাই, ১৯২৩[1] – ২১ মে’, ২০১১[2]) এগৰাকী প্ৰতিষ্ঠিত ভাৰতীয় পণ্ডিত, দাৰ্শনিক আৰু বুৰঞ্জীবিদ। তেওঁৰ সৃষ্টিশীল সাহিত্য সম্ভাৰে বৈদিক আৰু বৌদ্ধ যুগক প্ৰতিনিধিত্ব কৰে।[3] তেওঁ প্ৰাচীন ইতিহাসৰ অধ্যাপক আৰু উপাচাৰ্য হিচাপে জয়পুৰ আৰু এলাহাবাদ বিশ্ববিদ্যালয়ত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কেইবা বছৰ ধৰি ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি, চিমলাৰ অধ্যক্ষ; এলাহাবাদ মিউজিয়াম চ’ছাইটিৰ অধ্যক্ষ আৰু সাৰনাথ বাৰাণসীৰ কেন্দ্ৰীয় তিব্বতীয় সমাজৰ অধ্যক্ষ আছিল।

ইয়াৰ উপৰিও বৰ্ড অৱ গভৰ্ণৰচ, চেণ্ট্ৰেল ইনষ্টিটিউট অৱ হায়াৰ টিব্ৰিটেন ষ্টাডিজ, সাৰনাথ (১৯৯৬ চনলৈকে); কাৰ্যবাহী পৰিষদ, বাৰাণসী হিন্দু বিশ্ববিদ্যালয় (১৯৮২-৮৫); আইচিএইচআৰ (১৯৮৭-৯৩); আইচিপিআৰ (১৯৮৮-৯১); চ’ছাইটি এছিয়াটিক ডি পেৰিছ, ভাৰতীয় ঐতিহাসিক ৰেকৰ্ড আয়োগ, ভাৰতীয় পুৰাতত্ত্ব পৰিষদ, ইউ.পি. গাজটাৰ্ছৰ সম্পাদকীয় পৰিষদ, শাস্ত্ৰী পৰিষদ, ভাৰত-কানাডিয়ান প্ৰতিষ্ঠান আৰু আমেৰিকান ইনষ্টিটিউট অৱ ইণ্ডিয়ান ষ্টাডিজৰ সদস্য পদত অধিষ্ঠিত আছিল।

তেওঁ ১৯৪৭ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে পেছাদাৰী কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৫৭ চনলৈকে তেওঁ প্ৰাচীন ইতিহাস, সংস্কৃতি আৰু পুৰাতত্ত্ব বিভাগৰ ৰিডাৰ আছিল আৰু কলা অনুষদৰ ডীন হিচাপে পদোন্নতি লাভ কৰিছিল। ১৯৬২ চনত তেওঁ ইতিহাস আৰু ভাৰতীয় সংস্কৃতিৰ টেগৰ অধ্যাপক হিচাপে ৰাজস্থান বিশ্ববিদ্যালয়ৰ ইতিহাস আৰু সংস্কৃতি বিভাগত যোগদান কৰিছিল। তেওঁৰ বিদ্বান আৰু আকৰ্ষণীয় নেতৃত্বত, বিভাগটোৱে ক্ৰমান্বয়ে ইতিহাসত ধাৰণা আৰু আন্দোলনৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দি এক স্বকীয় চৰিত্ৰ অৰ্জন কৰিছিল। তেওঁ ১৯৭৪-১৯৭৭ চনলৈ ৰাজস্থান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পাণ্ডেয়ে ২০ বছৰৰ ব্যৱধানৰ পিছত ১৯৭৮ চনত এলাহাবাদ বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে পুনৰ যোগদান কৰে আৰু ১৯৮৪ চনত অৱসৰ গ্ৰহণৰ সময়লৈকে সেই পদত অধিষ্ঠিত হৈ থাকে।

তেওঁ ভাৰতীয় বিজ্ঞান, দৰ্শন আৰু সংস্কৃতিৰ ইতিহাস বিষয়ক প্ৰকল্পত প্ৰাচীন ইতিহাসৰ কেইবাটাও খণ্ড সম্পাদনা কৰিছিল।

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  1. লাইফ এণ্ড থট অৱ শংকৰাচাৰ্য্য (১৯৯৮)
  2. বৌদ্ধ ধৰ্ম কে বিকাশ কা ইতিহাস
  3. অপোহাসিদ্ধি
  4. ন্যায়বিন্দু
  5. মূল্য মীমাংসা (২০০৫)
  6. বৈদিক সংস্কৃতি
  7. ষ্টাডিজ ইন দ্য অৰিজিনচ্‌ অৱ বৌদ্ধিজিম
  8. দ্য মিনিং এণ্ড প্ৰচেছ অৱ কালচাৰ
  9. ঋগবেদ (২০০৮)
  10. ভাগীৰথী (পুৰস্কাৰ: কবীৰ সন্মান আৰু সৰস্বতী সন্মান)
  11. মহিলায়েঁ (হিন্দী)
  12. সৌন্দৰ্য দৰ্শন বিমৰ্ষ
  13. অগ্নি বীজ (কবিতা)
  14. হংসিকা (কবিতা)
  15. জয়া (কবিতা)
  16. য়ক্ষ প্ৰশ্ন (কবিতা)
  17. Ekam Sad Vipra Bahuda Vadanti
  18. Kshan Lakshan (কবিতা)
  19. কনচিয়াচনেছ ভেল্যু কালচাৰ

স্বীকৃতি[সম্পাদনা কৰক]

তেওঁক বিভিন্ন সন্মানীয় ডিগ্ৰী আৰু বঁটা প্ৰদান কৰা হৈছিল যেনে;

ডি.লিট. ( বি.এইচ.ইউয়ে প্ৰদান কৰা সন্মান ২০০১);
বিদ্যা বৰিধি, (নৱেস নালন্দা মহাবিহাৰ, ১৯৮১) ডি লিটৰ সমতুল্য;
সাহিত্য ভাষাপতি (হিন্দী সাহিত্য সন্মিলন, এলাহাবাদ);
মহা মহোপাধ্যায় (লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিদ্যাপীঠ, নতুন দিল্লী ১৯৯৯);
বাকপতি, কেন্দ্ৰীয় উচ্চতৰ তিব্বতীয় অধ্যয়ন প্ৰতিষ্ঠান, সাৰনাথ, ১৯৯৮;
সংস্থান সন্মান (হিন্দী সংস্থান, লক্ষ্ণৌ);
মনীষা সন্মান, (ভাৰতীয় ভাষা পৰিষদ, কলকাতা);
মঙ্গলা প্ৰসাদ বঁটা, (হিন্দী সাহিত্য সন্মিলন, এলাহাবাদ);
দৰ্শন বিজ্ঞান বঁটা;
নৰেশ মেহতা বঁটা,
পদ্মশ্ৰী বঁটা (২০১০)।[4]

২০০৩ চনত এলাহাবাদৰ ৰাকা প্ৰকাশনে প্ৰকাশ কৰা ভাগীৰথীৰ বাবে তেওঁক সৰস্বতী সন্মান প্ৰদান কৰা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]