সমললৈ যাওক

মনুভাই পাঞ্চলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনুভাই পাঞ্চলি
জন্ম ১৫ অক্টোবৰ, ১৯১৪
পঞ্চশিয়া, মোৰবি জিলা, গুজৰাট, ভাৰত
মৃত্যু ২৯ আগষ্ট, ২০০১ (৮৬ বছৰ)
সনোসৰ, ভাবনাগৰ, গুজৰাট
ছদ্মনাম দৰ্শক
পেচা ঔপন্যাসিক, লেখক, শিক্ষাবিদ আৰু ৰাজনীতিক
ভাষা গুজৰাটী
উল্লেখযোগ্য বঁটা
দাম্পত্যসংগী বিজয়াবেন পেটেল (বি. ২০২৪; মৃ. ১৯৯৫)

মনুভাই পাঞ্চলি (ইংৰাজী: Manubhai Pancholi) এগৰাকী ভাৰতীয় গুজৰাটী ৰাজনীতিবিদ। তেওঁ দৰ্শক উপনামেৰে লেখা-মেলা কৰে আৰু ঘাইকৈ এই নামেৰেই পঢ়ুৱৈৰ মাজত পৰিচিত। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু স্বাধীনতাৰ পিছত শিক্ষাবিদ আৰু ৰাজনীতিক ৰূপে সেৱা আগবঢ়াইছিল।

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

মনুভাই পাঞ্চলিৰ জন্ম, ১৯১৪ চনৰ ১৫ অক্টোবৰত, ভাৰতৰ গুজৰাটৰ মোৰবি জিলাৰ পঞ্চশিয়া গাঁৱত হৈছিল। তেওঁ তিথৱা লুনচাৰৰ পৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিছিল আৰু ১৯৩০ চনত ৱাংকানেৰত পঢ়ি থকা সময়ত লোণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰিবলৈ বুলি তেওঁ পঢ়া এৰিছিল। এগৰাকী সত্যাগ্ৰহী ৰূপে তেওঁ সাবৰমতী, নাচিক আৰু ভিছাপুৰ কাৰাগাৰত কাৰাবাস খাটিছিল।[1][2] ১৯৩২ চনত মনুভাইয়ে ভাবনগৰত দক্ষিণামূৰ্তি নামৰ শিক্ষা প্ৰতিষ্ঠানত ৰেক্টৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু পিছত ১৯৩৮ চনত আম্বালাৰ গ্ৰামদক্ষিণমূৰ্তত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়তো তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ ১৯৪৮ চনত ভাবনগৰ ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫৩ চনত তেওঁ নানাভাই ভট্টৰ সৈতে সনোসৰত লোকভাৰতী গ্ৰাম্যবিদ্যাপীঠ প্ৰতিষ্ঠা কৰিছিল।[1][2] তেওঁ বাৰদলিৰ বৰদ গাঁৱৰ পাতিদাৰ পৰিয়ালৰ কন্যা বিজয়াবেন পেটেলক বিয়া কৰাইছিল,[3]আৰু ১৯৯৫ চনৰ ২৫ এপ্ৰিলত বিজয়াবেনৰ মৃত্যু ঘটিছিল।[4]

মনুভাই ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈ গুজৰাট বিধান সভাৰ সদস্য আছিল আৰু ১৯৭০ চনত শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ ১৯৮১ চনৰ পৰা ১৯৮৩ চনলৈ গুজৰাটী সাহিত্য পৰিষদৰ সভাপতি হিচাপে[1][2] আৰু ১৯৯১ চনৰ পৰা ১৯৯৮ চনলৈ গুজৰাট সাহিত্য অকাডেমীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বৃক্ক ৰোগত আক্ৰান্ত হৈ ২০০১ চনৰ ২৯ আগষ্টত গুজৰাটৰ ভাবনগৰৰ সনোসৰত তেওঁৰ মৃত্যু হয়।[1][2][5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

পাঞ্চলিক গুজৰাটী সাহিত্যৰ অন্যতম মহান ঔপন্যাসিক হিচাপে গণ্য কৰা হয়। তেওঁ মহাত্মা গান্ধীৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু গান্ধীবাদী জীৱনধাৰা অনুসৰণ কৰিছিল। তেওঁৰ লেখনিতো গান্ধীবাদী চিন্তা ধাৰাৰ প্ৰভাৱ পৰা দেখা গৈছিল।[6]

পাঞ্চলিৰ উল্লেখযোগ্য উপন্যাসমূহ হৈছে; ‘ঝেৰ তু পিধা চে জানি জানি’ (১৯৫২), ‘চক্ৰেটিছ’ (১৯৭৪), ‘বন্ধন আনে মুক্তি’ (১৯৩৮), ‘বন্দীঘৰ’ (১৯৩৯), ‘দীপনিৰ্বাণ’ (১৯৪৪) আৰু প্ৰেম আনে পূজা (১৯৩৯)। যাৰ ভিতৰত ‘ঝেৰ তু পিধা চে জানি জানি’ আৰু ‘চক্ৰেটিছ’ক ধ্ৰুপদী সাহিত্য বুলি গণ্য কৰা হয়। ‘দীপনিৰ্বাণ’ এখন বুৰঞ্জীমূলক উপন্যাস; প্ৰাচীন ভাৰতৰ মগধৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ ভেটিত এই উপন্যাসখন ৰচনা কৰা হৈছিল।[7]

তেওঁৰ নাটকসমূহ সংগ্ৰহ কৰি পৰিত্ৰাণ (১৯৬৭), আধৰ্শ সত্তাৱন (১৯৩৫), জালিয়াৱালা (১৯৩৪) আৰু অন্তিম অধ্যায়ত প্ৰকাশ কৰা হৈছিল। মাৰি বচনকথা (১৯৬৯) আৰু বাগীশ্বৰী না কৰ্ণফুলো (১৯৬৩) তেওঁৰ সমালোচনামূলক প্ৰবন্ধ-সংগ্ৰহ। তেওঁৰ অপনো বৰ্চো আনে বৈভৱ (১৯৫৩), ত্ৰিবেণী তীৰ্থ (১৯৫৫), ধৰ্মচক্ৰ পৰিৱৰ্তন (১৯৫৬), ৰামায়ণ নো মৰ্ম (১৯৬৩), লোকশাহী (১৯৭৩), মহাভাৰত নো মৰ্ম (১৯৭৮) আৰু সৰ্বোদয় আনে শিক্ষণ (১৯৭৪ চন) আদি গ্ৰন্থত ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হৈছে।[6]

উপেন্দ্ৰ ত্ৰিবেদীৰ দ্বাৰা পৰিচালিত ঝেৰ তু পিধা চি জানি জানি (১৯৭২) নামৰ গুজৰাটী চলচ্চিত্ৰখন তেওঁৰ একেনামৰ কালজয়ী উপন্যাসৰ অভিযোজন।[8] ১৯৮৭ চনত সুশীলা যোশীয়ে তেওঁৰ উপন্যাস ছক্ৰেটিছচুক্ৰট শীৰ্ষকেৰে হিন্দীলৈ অনুবাদ কৰিছিল।[9]

স্বীকৃতি

[সম্পাদনা কৰক]

১৯৬৪ চনত মনুভাই পাঞ্চলিয়ে ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক আৰু ১৯৭৫ চনত ‘ছক্ৰেটিছ’ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ১৯৮৭ চনত তেওঁক ঝেৰ তু পিধা চি জানি জানি গ্ৰন্থৰ বাবে ভাৰতীয় জ্ঞানপীঠে মূৰ্তিদেৱী বঁটা প্ৰদান কৰে।[1][2][5] ৰাজহুৱা অৱদানৰ বাবে তেওঁক ১৯৯১ চনত ভাৰত চৰকাৰে পদ্মভূষণ বঁটা প্ৰদানেৰে সন্মান যাঁচে।[10] তেওঁ ১৯৯৭ চনত কুৰুক্ষেত্ৰ গ্ৰন্থৰ বাবে সৰস্বতী সন্মান আৰু ১৯৯৬ চনত জমুনালাল বাজাজ বঁটা লাভ কৰিছিল।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 "Manubhai Pancholi". Lokbharti. Archived from the original on 22 February 2014. https://web.archive.org/web/20140222114633/http://www.lokbharti.org/founder1.asp। আহৰণ কৰা হৈছে: 1 May 2014. 
  2. 2.0 2.1 2.2 2.3 2.4 "Manubhai Pancholi "Darshak"" (gu ভাষাত). Gujarati Sahitya Parishad. http://www.gujaratisahityaparishad.com/prakashan/photo-gallery/sahitya-sarjako/Manubhai-Pancholi.html। আহৰণ কৰা হৈছে: 1 May 2014. 
  3. "ગૂર્જર ગૌરવ – ટીના દોશી" (gu ভাষাত). ReadGujarati.com. 4 June 2010. Archived from the original on 22 September 2017. https://web.archive.org/web/20170922194017/http://archive.readgujarati.in/sahitya2/2010/06/04/gurjar-gaurav/। আহৰণ কৰা হৈছে: 26 March 2017. 
  4. "શ્રીમતી વિજયાબહેન પંચોળીનું દુઃખદ અવસાન". Shabdasrishti: 18. May 1995. ISSN 2319-3220. 
  5. 5.0 5.1 "Gujarati novelist Manubhai dead". The Tribune. PTI. 31 August 2001. http://www.tribuneindia.com/2001/20010831/nation.htm. 
  6. 6.0 6.1 Pancholi, Manubhai; Singh, Avadhesh Kumar (November–December 2001). "Manubhai Pancholi 'Darshak' in Conversation with Avadhesh Kumar Singh". Indian Literature খণ্ড 45 (6): 143.  closed access publication – behind paywall
  7. Sisir Kumar Das (1991). History of Indian Literature: 1911-1956, struggle for freedom : triumph and tragedy. প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 756. ISBN 978-81-7201-798-9. https://books.google.com/books?id=sqBjpV9OzcsC&pg=PA756. 
  8. "Gujarati film actor Upendra Trivedi dies". The Times of India. 2015-01-05. http://timesofindia.indiatimes.com/city/ahmedabad/Gujarati-film-actor-Upendra-Trivedi-dies/articleshow/45754295.cms। আহৰণ কৰা হৈছে: 2017-03-26. 
  9. Manubhai Pancholi; Sushila Joshi (1987). Sukarat. প্ৰকাশক Gandhinagar: Gujarat Sahitya Akademi. https://books.google.com/books?id=lKkGAQAAIAAJ. 
  10. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 19 October 2017. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  11. "Saraswati Samman for Prof Paniker". The Tribune (Chandigarh, India). 19 February 2006. http://www.tribuneindia.com/2006/20060220/cth1.htm#21.