বালামণি আম্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বালামণি আম্মা
জন্ম ১৯ জুলাই, ১৯০৯
পুন্নায়ুৰকুলম, পন্নানি তালুক, মালাবাৰ জিলা, মাদ্ৰাছ প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
(বৰ্তমান ত্ৰিচুৰত)
মৃত্যু ২৯ ছেপ্টেম্বৰ, ২০০৪ (৯৫ বছৰ)
কোচি, কেৰালা, ভাৰত
উল্লেখযোগ্য বঁটা পদ্মভূষণ, সাহিত্য অকাডেমি বঁটা, সৰস্বতী সন্মান, Asan Prize, Ezhuthachan Award
দাম্পত্যসংগী ভি এম নায়াৰ
সন্তান কমলা দাস, সুলোচনা, মোহনদাস, শ্যাম সুন্দৰ

নালাপাত বালামণি আম্মা (ইংৰাজী: Nalapat Balamani Amma; জন্ম: ১৯ জুলাই ১৯০৯ – মৃত্যু: ২৯ ছেপ্টেম্বৰ ২০০৪) মালয়ালম ভাষাৰ এগৰাকী ভাৰতীয় কবি। তেওঁ মহাদেৱী বৰ্মাৰ সমসাময়িক আৰু বিংশ শতিকাৰ বিখ্যাত আৰু বিশিষ্ট মালায়ালম কবিসকলৰ মাজৰ এগৰাকী আছিল। আম্মা (মাডাৰ), মুতাছী (গ্ৰেণ্ডমাডাৰ), মাড়ুৱিন্তে কথা (দ্য ষ্ট’ৰি অৱ দ্য এক্স) আদি তেওঁৰ কিছু উল্লেখযোগ্য সৃষ্টিকৰ্ম।[1]বালামণি আম্মাই প্ৰায় পাঁচশতকৈও অধিক কবিতা লেখিছে। মালয়ালম ভাষাৰ এগৰাকী অন্যতম শক্তিশালী কবি হোৱা বাবে তেওঁক মালয়ালম সাহিত্যৰ মাতৃ আখ্যা দিয়া হয়।

আম্মা মালায়ালম লেখক এন নাৰায়ণ মেননৰ ভতিজাক আছিল।তেওঁৰপৰা প্ৰাপ্ত শিক্ষা আৰু তেওঁৰ দ্বাৰা লিখিত কিতাপবোৰে আম্মাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। মামাকৰ পৰা পোৱা অনুপ্ৰেৰণাই তেওঁক এজন দক্ষ কবি ৰূপে পৰিচিতি লভাত সহায় কৰিছিল। নালাপাত হাউচৰ আলমাৰীৰ পৰা কিতাপ নিৰ্বাচনৰ সময়ত তেওঁ বিশিষ্ট মালায়ালম কবি ভি নাৰায়ণ মেননৰ কিতাপসমূহৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাইছিল। মেননৰ শৈলী আৰু সৃজনশীলতাৰ দ্বাৰা আম্মা ইমানেই প্ৰভাৱিত হৈছিল যে তেওঁ আম্মাৰ প্ৰিয় কবি হৈ পৰিছিল।

তেওঁ তেওঁৰ সাহিত্যকৰ্মৰ বাবে পদ্মভূষণ (১৯৮৭)[2], সাহিত্য অকাডেমি বঁটা, সৰস্বতী সন্মান আদিকে ধৰি অলেখ বিখ্যাত সন্মানেৰে সন্মানিত হৈছে।[3] তেওঁ সাহিত্যকাৰ কমলা সুৰইয়া ওৰফে কমলা দাসৰ মাতৃ।[4]

২০০৯ চনটো বালামণি আম্মাৰ জন্ম শতবৰ্ষ ৰূপে পালন কৰা হৈছিল।

সংক্ষিপ্ত জীৱনী[সম্পাদনা কৰক]

১৯০৯ চনৰ ১৯ জুলাইত[5] ব্ৰিটিছ ভাৰতৰ মালাবাৰ জিলাৰ পন্নানি তালুকত অৱস্থিত পুন্নায়ুৰকুলমত বালামণি আম্মাৰ জন্ম হৈছিল। তেওঁৰ দেউতাক নালাপাত চিত্তানজুৰ কুনহুনি ৰাজা আৰু মাতৃ আছিল নালাপাত কচুকুট্টি আম্মা। বালামণিৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল, মামাকৰ উদগনি আৰু তেওঁ সংগ্ৰহ কৰা কিতাপসমূহৰ পঠনে বালামণিক কবি ৰূপে পৰিচিতি লভাত সহায় কৰিছিল।[6] তেওঁ নালাপত নাৰায়ণ মেনন আৰু কবি বল্লথল নাৰায়ণ মেননৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[7]

১৯ বছৰ বয়সত আম্মাই ভি এম নায়াৰক বিয়া কৰায়, যি প্ৰথমে বহুলভাৱে প্ৰচাৰিত মালায়ালম বাতৰি কাকত ‘মাতৃভূমি’ৰ পৰিচালন সঞ্চালক আৰু পৰিচালন সম্পাদক[5][8] আৰু পিছলৈ এটা অট’মোবাইল কোম্পানীৰ বিষয়া ৰূপে কাম কৰিছিল।.[9]স্বামীৰ সৈতে থাকিবলৈ বিয়াৰ পিছত বালামণি কলকাতালৈ যায়।[10] ১৯৭৭ চনত ভি এম নায়াৰৰ মৃত্যু হয়।[10]

তেওঁ ইংৰাজী আৰু মালায়ালম ভাষাৰ বিখ্যাত ভাৰতীয় লেখক কমলা দাসৰ মাতৃ আছিল, যি তেওঁৰ আত্মজীৱনী 'মাই ষ্টৰী'ৰ জৰিয়তে খ্যাতি লাভ কৰিছিল আৰু সাহিত্যৰ ন’বেল বঁটাৰ বাবে মনোনীত হৈছিল।[8] কমলাৰ লেখনিত আম্মাৰ যথেষ্ট প্ৰভাৱ পৰিছিল। বালামণি ক্ৰমে নালাপত সুলোচনা, মোহনদাস আৰু শ্যাম সুন্দৰৰো মাতৃও আছিল।[5]

মাকৰপৰা দূৰত থাকিও জীয়ৰী কমলা দাস তেওঁৰ সৈতে আৱেগিকভাৱে জড়িত আছিল। ১৯৯৯ চনত, মাকক স্মৰণ কৰি তেওঁ ইংৰাজীত ‘মাই মাডাৰ এট ছিক্সটি ছিক্স’ নামেৰে এটা কবিতা লিখিছিল। কবিতাটো জনপ্ৰিয় হৈছিল আৰু ইয়াক কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।[11]

পাঁচ বছৰ আলঝেইমাৰ ৰোগত ভোগাৰ পিছত , ২০০৪ চনৰ ২৯ ছেপ্টেম্বৰত বালামণি আম্মাৰ মৃত্যু হয়।[5] মৃত্যুৰ পিছত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়।[12]

কবিতা[সম্পাদনা কৰক]

বালামণি আম্মাৰ বিশখনতকৈও অধিক কাব্য সংকলন, বহুখিনি গদ্য আৰু অনুবাদ প্ৰকাশ হৈছে । তেওঁৰ প্ৰথম কবিতা "কপ্পুকাই" ১৯৩০ চনত প্ৰকাশ হৈছিল।[7]সাহিত্য নিপুনা পুৰস্কাৰম’ লাভ কৰাৰ পিছতে তেওঁ কবি ৰূপে স্বীকৃতি লাভ কৰিছিল। কোচিন ৰাজ্যৰ প্ৰাক্তন শাসক পৰিক্ষীত থামপুৰণৰ পৰা তেওঁ এই বঁটা গ্ৰহণ কৰিছিল। ১৯৫৯ চনৰ পৰা ১৯৮৬ চনৰ কবিতাসমূহ সামৰি ‘নিবেদ্যম’ বালামণি আম্মাৰ কবিতা সংকলন। লোকন্তৰঙ্গলিল হৈছে কবি নালাপাত নাৰায়ণ মেননৰ মৃত্যু বিষয়ক এলিজি বা শোকগাঁথা।[13]

কাব্য সংকলন[সম্পাদনা কৰক]

  • কুদুম্বিনী (১৯৩৬)
  • Dharmamargathil (১৯৩৮)
  • Sthree Hridayam (১৯৩৯)
  • Prabhankuram (১৯৪২)
  • Bhavanayil (১৯৪২)
  • Oonjalinmel (১৯৪৬)
  • কলিক্কত্তা (১৯৪৯)
  • Velichathil (১৯৫১)
  • Avar Paadunnu (১৯৫২)
  • প্ৰণামম (১৯৫৪)
  • লোকন্তৰঙ্গলিল (১৯৫৫)
  • স্বপ্নম (১৯৫৮)
  • Muthassi (১৯৬২)
  • Mazhuvinte Katha (১৯৬৬)
  • Ambalathilekku (১৯৬৭)
  • Nagarathil (১৯৬৮)
  • Veyilaarumbol (১৯৭১)
  • Amruthamgamaya (১৯৭৮)
  • ’’Sahapadikal’’(১৯৭৯)
  • সন্ধ্যা (১৯৮২)
  • নিবেদ্যম (১৯৮৭)
  • Mathruhridayam (১৯৮৮)
  • To My Daughter (মালয়ালম)
  • Kulakkadavil
  • মহাবীৰা

বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

স্মৰণ[সম্পাদনা কৰক]

আম্মাৰ স্মৃতিত কোচি আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মহোৎসৱ সমিতিয়ে প্ৰতিবছৰে মালয়ালম ভাষাৰ কোনো এজন সাহিত্যিকক 'বালামণি আম্মা পুৰস্কাৰ' প্ৰদান কৰে। এই সন্মানৰ অংশ ৰূপে নগদ ২৫ হাজাৰ টকা, এটি স্মাৰক আৰু এখন সন্মানীয় বস্ত্ৰ প্ৰদান কৰা হয়। বৰ্তমানলৈকে সুগত কুমাৰী, এম লীলাৱতী, অক্কিতম অচ্যুতম নম্বুথিৰী, কোবিলন, কক্কানাদন, বিষ্ণু নাৰায়ণন নম্বুতিৰী, চি ৰাধাকৃষ্ণণ, এম পি বীৰেন্দ্ৰকুমাৰ, য়ুচুক আলি কেশৰী আৰু পি বলচলাই এই সন্মান লাভ কৰিছে।[15][16]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. George, K. M. (1998). Western influence on Malayalam language and literature. Sahitya Akademi. পৃষ্ঠা. 132. ISBN 978-81-260-0413-3. https://books.google.com/books?id=MZqqyxVkufQC. 
  2. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  3. "Literary Awards". Government of Kerala. Archived from the original on 24 May 2007. https://web.archive.org/web/20070524212356/http://www.prd.kerala.gov.in/awards.htm। আহৰণ কৰা হৈছে: 13 November 2011. 
  4. Weisbord, Merrily (2010). The Love Queen of Malabar: Memoir of a Friendship with Kamala Das. McGill-Queen's University Press. পৃষ্ঠা. 116. ISBN 978-0-7735-3791-0. https://archive.org/details/lovequeenofmalab0000weis. "balamani amma." 
  5. 5.0 5.1 5.2 5.3 "Balamani Amma no more". Indian Express. 30 September 2004. https://www.indianexpress.com/oldStory/56082/. 
  6. Jadia, Varun (May 29, 2016). "This List of India's Most Gifted Women Poets Is Sure to Bring Some Enchantment in Your Life". The Better India. https://www.thebetterindia.com/55708/women-poets-india-list-poetry/. 
  7. 7.0 7.1 Azheekode, Sukumar. "Balamaniamma". Archived from the original on 2 May 2014. https://web.archive.org/web/20140502005127/http://www.enmalayalam.com/home/en/topic/column/2208। আহৰণ কৰা হৈছে: 13 November 2011. 
  8. 8.0 8.1 TNN (June 1, 2009). "Kamala Das passes away". Times of India. https://timesofindia.indiatimes.com/India/Kamala-Das-passes-away/articleshow/4599921.cms. 
  9. Fox, Margalit (June 13, 2009). "Kamala Das, Indian Poet and Memoirist, Dies at 75". The New York Times. https://www.nytimes.com/2009/06/14/books/14das.html. 
  10. 10.0 10.1 "Balamani Amma". veethi.com. https://www.veethi.com/india-people/balamani_amma-profile-2225-25.htm। আহৰণ কৰা হৈছে: 2022-07-19. 
  11. "MY MOTHER AT SIXTY SIX CBSE – CLASS – XII – ENGLISH TEXT BOOK ANSWERS AND ANALYSIS" (en ভাষাত). CBSENCERTANSWERS. http://www.cbsencertanswers.com/2014/04/my-mother-at-sixty-six-cbse-class-xii.html। আহৰণ কৰা হৈছে: ১৯ জুলাই ২০১৪. 
  12. "Kerala bids farewell to Balamani Amma". Times of India. PTI. September 30, 2004. https://timesofindia.indiatimes.com/city/thiruvananthapuram/Kerala-bids-farewell-to-Balamani-Amma/articleshow/869107.cms. 
  13. 13.0 13.1 13.2 13.3 "A prolific writer". The Hindu. 30 September 2004. Archived from the original on 19 November 2004. https://web.archive.org/web/20041119111230/http://www.hindu.com/2004/09/30/stories/2004093011150400.htm. 
  14. Netzone, India. "1987 Padma Bhushan Awardees" (en ভাষাত). http://www.indianetzone.com/40/1987_padma_bhushan_awardees.htm। আহৰণ কৰা হৈছে: 10 मई 2014. 
  15. এক্সপ্ৰেছ, इंडियन. "Kecheri wins Balamani Amma award" (en ভাষাত). Archived from the original on 2014-07-14. https://web.archive.org/web/20140714234621/http://www.newindianexpress.com/states/kerala/article1312905.ece। আহৰণ কৰা হৈছে: ৩ জুলাই ২০১৪. 
  16. হিন্দু, দ্য. "Balamani Amma Award for Valsala" (en ভাষাত). http://www.thehindu.com/todays-paper/tp-national/tp-kerala/balamani-amma-award-for-valsala/article5435509.ece। আহৰণ কৰা হৈছে: ৩ জুলাই ২০১৪. 
  17. "Status of women declining: Sugathakumari" (en ভাষাত). দ্য হিন্দু (তিৰুৱন্তপুৰম, ভাৰত). ৩ নৱেম্বৰ, ২০০০. Archived from the original on 2002-01-29. https://web.archive.org/web/20020129215035/http://www.hindu.com/2000/11/03/stories/0403404f.htm। আহৰণ কৰা হৈছে: ৩ জুন, ২০১৪. 
  18. "Nayar award for M. Leelavathy" (en ভাষাত). দ্য হিন্দু. ২ অক্টোবৰ ২০০৯. http://www.hindu.com/2009/10/02/stories/2009100254620600.htm। আহৰণ কৰা হৈছে: ৩ জুন 2014. 
  19. "Telling her story" (en ভাষাত). দ্য হিন্দু. ৯ মে', ২০০৮. Archived from the original on 2008-05-23. https://web.archive.org/web/20080523063103/http://www.hindu.com/fr/2008/05/09/stories/2008050950130300.htm। আহৰণ কৰা হৈছে: ৪ জুলাই, ২০১৪. 
  20. কোবিলনৰ হোমপেইজ Archived 2010-06-08 at the Wayback Machine
  21. "Mahakavi Akkitham Achuthan Namboothiri" (en ভাষাত). keralatourism.org. http://www.keralatourism.org/leadinglights/akkitham-achuthan-namboothiri-88.php। আহৰণ কৰা হৈছে: ৪ জুলাই, ২০১৪. 
  22. "Veerendra Kumar, Nanjil Nadan among Sahitya Akademi winners" (en ভাষাত). দ্য হিন্দু. ৯ মে’, ২০০৮. Archived from the original on 2010-12-25. https://web.archive.org/web/20101225095445/http://www.hindu.com/2010/12/21/stories/2010122165822400.htm। আহৰণ কৰা হৈছে: ৪ জুলাই ২০১৪.