সমললৈ যাওক

সীতাংশু য়শচন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সীতাংশু য়শচন্দ্ৰ

২০১৬ চনৰ ডিচেম্বৰ মাহত লক্‌টক হ্ৰদৰ পাৰত
জন্ম সীতাংশু য়শচন্দ্ৰ মেহতা
১৯ আগষ্ট, ১৯৪১ (৮২ বছৰ)
ভুজ (বৰ্তমান কুচ, গুজৰাট, ভাৰত)
পেচা কবি, সাহিত্য সমালোচক, নাট্যকাৰ, সম্পাদক
ভাষা গুজৰাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন
  • চেইণ্ট জেভিয়াৰ্চ কলেজ, মুম্বাই(বি.এ.)
  • বম্বে বিশ্ববিদ্যালয় (এম.এ.; ১৯৬৫)
  • ইণ্ডিয়ানা ইউনিভাৰচিটি
সময় আধুনিক গুজৰাটী সাহিত্য
উল্লেখনীয় কৰ্মৰাজি জটায়ু (১৯৮৬)
উল্লেখযোগ্য বঁটা
দাম্পত্যসংগী অঞ্জানিবেন (বি. ১৯৬৬)

স্বাক্ষৰ

সীতাংশু য়শচন্দ্ৰ মেহতা (জন্ম ১৯ আগষ্ট ১৯৪১), যাক সীতাংশু য়শচন্দ্ৰ বুলি জনা যায়, এগৰাকী গুজৰাটী ভাষাৰ কবি, নাট্যকাৰ, অনুবাদক আৰু ভাৰতীয় শিক্ষাবিদ।[1]

তেওঁ গুজৰাটী সাহিত্য পৰিষদৰ সভাপতি আছিল। ১৯৮৭ চনত সাহিত্য অকাডেমি, ইণ্ডিয়ান একাডেমি অৱ লেটাৰচে তেওঁৰ কবিতা সংকলন জটায়ুৰ বাবে তেওঁক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত, তেওঁক ২০০৬ চনত ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[2] বাখৰ কাব্য সংকলনৰ বাবে তেওঁ সৰস্বতী সন্মান লাভ কৰিছিল।

চমু জীৱনী

[সম্পাদনা কৰক]

১৯৪১ চনৰ ১৯ আগষ্টত, কুচ ৰাজ্যৰ ভুজত (বৰ্তমান ভাৰতৰ গুজৰাটৰ কচ্ছত) তেওঁৰ জন্ম হৈছিল।[3][4][5] তেওঁৰ পৰিয়ালটো গুজৰাটৰ পেটলাদৰ আছিল। তেওঁৰ দেউতাক এজন চৰকাৰী বিষয়া আছিল। তেওঁ মুম্বাইৰ ছেইণ্ট জেভিয়াৰ্চ কলেজৰ পৰা গুজৰাটী আৰু সংস্কৃতত বি এ আৰু পিছত ১৯৬৫ চনত বোম্বাই বিশ্ববিদ্যালয়ৰ পৰা এম এ সম্পূৰ্ণ কৰে। তেওঁ ১৯৬৫ চনৰ পৰা ১৯৬৮ চনলৈ গুজৰাটী পঢ়ুৱাইছিল। ১৯৭০ চনত, তেওঁ ফুলব্ৰাইট স্ক’লাৰশ্বিপৰ অধীনত আমেৰিকালৈ যায় আৰু ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ পৰা নান্দনিকতা আৰু তুলনামূলক সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লয়। পিছত, ১৯৭৫ চনত তেওঁ পি এইচ ডি সম্পূৰ্ণ কৰিছিল। তেওঁ ফৰ্ড ৱেষ্ট ইউৰোপিয়ান ফেলোশ্বিপৰ অধীনত এবছৰৰ বাবে ফ্ৰান্সলৈ গৈছিল, য’ত তেওঁ পঢ়া-শুনাৰ লগতে গুজৰাটীত অনুবাদ কৰিছিল আৰু Eugène Ionesco'ৰ মেকবেথ আৰু শ্বেকছপীয়েৰৰ মেকবেথৰ মাজত তুলনামূলক অধ্যয়ন কৰিছিল। তেওঁ ১৯৭৭ চনত ৰামপ্ৰসাদ বক্সীৰ অধীনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি সম্পূৰ্ণ কৰিছিল।[3][6][7]

য়শচন্দ্ৰই ১৯৬৬ চনৰ ৮ মে’ তাৰিখে অঞ্জানিবেনক বিয়া কৰাইছিল। তেওঁলোকৰ জীয়ৰী বিপাশাৰ ১৯৭১ চনত আৰু পুত্ৰ আৰণিয়াৰ ১৯৭৮ চনত জন্ম হৈছিল।[8]

কৰ্মজীৱন

[সম্পাদনা কৰক]
এম এচ বিশ্ববিদ্যালয়ৰ গুজৰাটী ভাষাৰ বিভাগীয় ঘৰ

তেওঁ ১৯৭২ চনৰ পৰা ১৯৭৫ চনলৈ মিথিবাই মহাবিদ্যালয়ত আৰু পিছত ১৯৮৩ চনৰপৰা বৰোদাৰ মহাৰাজা ছায়াজিৰাও বিশ্ববিদ্যালয়ত গুজৰাটী ভাষা পঢ়ুৱাইছিল। সীতাংশু য়শচন্দ্ৰই তিনি বছৰ ৰাজকোটৰ সৌৰাষ্ট্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[9] তেওঁ চৰবোন বিশ্ববিদ্যালয়, লয়োলা মেৰিমাউণ্ট বিশ্ববিদ্যালয় আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ এজন এমিৰিটাছ অধ্যাপক আৰু ৰাষ্ট্ৰীয় প্ৰবক্তা আছিল। ১৯৭৭ চনত দিল্লীৰ সাহিত্য অকাডেমিয়ে প্ৰকাশ কৰা ভাৰতীয় সাহিত্যৰ বিশ্বকোষৰ মুখ্য সম্পাদক হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল ।[3][7][6][10]

সাহিত্য কৃতি

[সম্পাদনা কৰক]

য়শচন্দ্ৰই প্ৰধানকৈ গুজৰাটী ভাষাত লিখিছিল। তেওঁৰ ৰচনাসমূহ হিন্দী আৰু অন্যান্য ভাষালৈ অনূদিত হৈছে। তেওঁ কবিতা, নাটক আৰু সমালোচনাত্মক কিছু ৰচনা ইংৰাজীৰপৰা গুজৰাটীলৈ অনুবাদ কৰিছে।[3] অধিবাস্তৱতাবাদক তেওঁৰ বিশেষ শৈলী হিচাপে গণ্য কৰা হয়।[7][11][12]

তেওঁৰ কবিতা সংকলনসমূহ হৈছে; Odysseus nu Halesu (১৯৭৪), জটায়ু (১৯৮৬) আৰু বাখৰ (২০০৮)। মহেন-জো-দাদো হৈছে তেওঁৰ ১৯৭০ চনৰ আগষ্টত ‘সংস্কৃতি’ আলোচনীত প্ৰকাশিত এটি কবিতা সংকলন। পিছত, ১৯৭৮ চনত, এইটো অডিঅ’ কেছেট হিচাপে মুকলি হৈছিল। [7]

তেওঁ কেইবাখনো নাটক লিখিছিল আৰু এইবোৰ অভিযোজিত কৰিছিল। তেওঁ Eugène Ionesco'ৰ দ্য লেচন ইন গুজৰাটী অভিযোজন কৰিছিল। তেওঁ থমাছ হাৰ্ডিৰ গল্প ডে আফটাৰ দ্য ফেয়াৰ গুজৰাটীত বৈশাখী কয়ল নাম দি অভিযোজন কৰিছিল আৰু পিটাৰ শ্বাফাৰৰ ইকুছক গুজৰাটীত টোখৰ নাম দি অভিযোজন কৰিছিল।[7] এইসমূহ প্ৰবীণ যোশী, ছফি ইনামদাৰ আৰু মহেন্দ্ৰ যোশীয়ে প্ৰযোজনা কৰিছিল।[9] তিনিওটা সাহিত্যিক অভিযোজন বাণিজ্যিকভাৱে সফল হৈছিল।[7] তেওঁৰ আ মানস মাদ্ৰাজী লেগে ছে (দিচ মেন লুকচ্‌ মাদ্ৰাজী, ১৯৭৮) সত্যদেৱ ডুবেই পৰিচালনা কৰিছিল।[9] কেম মাকাঞ্জি, কেয়া চল্যা? (হেল্লো মাকাঞ্জি, হোৱেৰ আৰ ইউ গোয়িং?, ১৯৮৫) এখন ৰেডিঅ’ নাটক, যিখন কোৰাছৰ নিমেশ দেশাই পৰিচালনা কৰিছিল।[9] পি এছ চাৰিৰ দ্বাৰা পৰিচালিত গ্ৰহন (ইক্লিপ্স, ১৯৮৯) ওডিপাছৰ দ্বাৰা অনুপ্ৰাণিত।[9][7]

স্বীকৃতি

[সম্পাদনা কৰক]
ৰাষ্ট্ৰপতি ২০০৬ চনৰ ২৯ মাৰ্চ তাৰিখে নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত এ পি জে আব্দুল কালামৰপৰা পদ্মশ্ৰী বঁটা গ্ৰহণৰ সময়ত য়শচন্দ্ৰ।

১৯৮৭ চনত তেওঁ তেওঁৰ কবিতা সংকলন জটায়ুৰ বাবে গুজৰাটী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[1] ১৯৮৭ চনত লাভ কৰিছিল গুজৰাটী সাহিত্যৰ সৰ্বোচ্চ বঁটা ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক। তেওঁক ২০০৬ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল।[13][14][15] তেওঁ মধ্য প্ৰদেশ চৰকাৰৰ দ্বাৰা ৰাষ্ট্ৰীয় কবীৰ সন্মান (১৯৯৮), ভাৰতীয় ৰাষ্ট্ৰীয় থিয়েটাৰ – গুজৰাট সমাছাৰ এৱাৰ্ড, নানালাল বঁটা আৰু গুজৰাট ৰাজ্য চৰকাৰৰ কবিতা বঁটা (পয়েট্ৰি এৱাৰ্ড) লাভ কৰিছিল।[1][10] তেওঁ ২০০৮ চনত আদ্য়কবি নৰসিংহ মেহতা বঁটাৰ বাবে নিৰ্বাচিত হৈছিল; কিন্তু এই বঁটা তেওঁ অস্বীকাৰ কৰিছিল।[7] ২০১৩ চনত তেওঁ সাহিত্য গৌৰৱ পুৰস্কাৰ জয় কৰে। তেওঁ তেওঁৰ কবিতা সংকলন বাখৰৰ বাবে ২০১৭ চনত সৰস্বতী সন্মান লাভ কৰিছিল।[16]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 K. Satchidanandan (1996). Gestures: An Anthology of South Asian Poetry. Sahitya Akademi. পৃষ্ঠা. 303. ISBN 9788126000197. https://books.google.com/books?id=mSrEUjm674AC&pg=PA303. 
  2. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on October 19, 2017. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: July 21, 2015. 
  3. 3.0 3.1 3.2 3.3 "Sitanshu Yashaschandra". Poetry International Rotterdam. 1 July 2008. http://www.poetryinternationalweb.net/pi/site/poet/item/11819/27/Sitanshu-Yashaschandra। আহৰণ কৰা হৈছে: 9 July 2014. 
  4. George, K. M. (1992). Modern Indian literature, an anthology. 3. Sāhitya Akādemī. পৃষ্ঠা. 579. ISBN 9788172013240. https://books.google.com/books?id=BfpjAAAAMAAJ&q=sitanshu+Yashaschandra. 
  5. "Labhshankar Thakar". Muse India ejournal. Archived from the original on 7 November 2014. https://web.archive.org/web/20141107012044/http://www.museindia.com/authprofile.asp?id=379। আহৰণ কৰা হৈছে: 6 October 2014. 
  6. 6.0 6.1 "Trustees and Governing body". Adapt Org. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304113245/http://www.adaptssi.org/trusteeandgovernngbody.html। আহৰণ কৰা হৈছে: 2023-12-24. 
  7. 7.0 7.1 7.2 7.3 7.4 7.5 7.6 7.7 Brahmabhatt, Prasad (2010) (gu ভাষাত). અર્વાચીન ગુજરાતી સાહિત્યનો ઈતિહાસ - આધુનિક અને અનુઆધુનિક યુગ (History of Modern Gujarati Literature – Modern and Postmodern Era). প্ৰকাশক Ahmedabad: Parshwa Publication. পৃষ্ঠা. 63–69. ISBN 978-93-5108-247-7. 
  8. Upadhyay, Darshana (31 December 2007). "Chapter 6" (gu ভাষাত). સર્જક સિતાંશુ યશશ્ચન્દ્ર: કાવ્ય અને નાટ્ય-સાહિત્ય સંદર્ભે: એક અભ્યાસ (Ph.D). প্ৰকাশক Vallabh Vidyanagar: Department of Gujarati, Sardar Patel University. pp. 772–775. http://shodhganga.inflibnet.ac.in/handle/10603/98131. 
  9. 9.0 9.1 9.2 9.3 9.4 Baradi, Hasmukh (2004). "Yashashchandra, Sitanshu (1941– ): Gujarati poet and dramatist.". In Lal, Ananda (en ভাষাত). Oxford Companion to Indian Theatre. Oxford University Press. doi:10.1093/acref/9780195644463.001.0001. ISBN 9780195644463. http://www.oxfordreference.com/view/10.1093/acref/9780195644463.001.0001/acref-9780195644463-e-0737?rskey=tVZclk&result=2.  (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)
  10. 10.0 10.1 "World Poetry Fest Participants". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/aboutus/worldpoetryfest_3.jsp। আহৰণ কৰা হৈছে: 11 July 2014. 
  11. Topiwala, Chandrakant (2001). Indian Poetry: Modernism and After : a Seminar. Sahitya Akademi. পৃষ্ঠা. 93. ISBN 9788126010929. https://books.google.com/books?id=AXiNXRM_KzMC&pg=PA93. 
  12. Emmanuel Sampath Nelson, Nalini Natarajan (1996). Handbook of Twentieth-century Literatures of India. Greenwood Publishing Group. পৃষ্ঠা. 121–122. ISBN 9780313287787. https://books.google.com/books?id=1lTnv6o-d_oC&pg=PA120. 
  13. "Padma Awards Directory (1954–2013)". Ministry of Home Affairs. Archived from the original on 2017-10-19. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 2023-12-24. 
  14. "Corea~ Khare given Padma awards". প্ৰকাশক New Delhi: Mid Day. 29 March 2006. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304022555/http://archive.mid-day.com/news/2006/mar/134105.htm. 
  15. "President presents second set of civil investiture Awards for 2006". Press Information Bureau, Government of India. 29 March 2006. http://pib.nic.in/release/rel_print_page1.asp?relid=16900। আহৰণ কৰা হৈছে: 12 July 2014. 
  16. PTI (2018-04-27). "Gujarati poet Sitanshu Yashaschandras "Vakhar" chosen for Saraswati Samman". India Today. https://www.indiatoday.in/pti-feed/story/gujarati-poet-sitanshu-yashaschandras-vakhar-chosen-for-saraswati-samman-1221702-2018-04-27। আহৰণ কৰা হৈছে: 2018-04-27.