গোৱিন্দ মিশ্ৰ
গোৱিন্দ মিশ্ৰ | |
---|---|
জন্ম | ১ আগষ্ট, ১৯৩৯ (৮৫ বছৰ) আটাৰৰা, বান্দা, ইউনাইটেড প্ৰভিন্সেচ্, ভাৰত |
শিক্ষানুষ্ঠান | এলাহাবাদ বিশ্ববিদ্যালয় |
পেচা | লেখক |
উল্লেখযোগ্য কৰ্ম | লাল পীলি জমীন (১৯৭৬) ধুল পধৌ পৰ (২০০৮) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ব্যাস সন্মান (১৯৯৮) সাহিত্য অকাডেমি বঁটা (২০০৮) সৰস্বতী সন্মান (২০১৩) |
গোৱিন্দ মিশ্ৰ (জন্ম ১ আগষ্ট ১৯৩৯) এগৰাকী ভাৰতীয় ঔপন্যাসিক। তেওঁ ৫৩ খনতকৈও অধিক কিতাপ লিখিছে। তেওঁ ভাৰতীয় ৰাজহ সেৱা (আইআৰএছ)ৰ এজন অসামৰিক কৰ্মচাৰী আছিল আৰু ১৯৯৭ চনত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। বিগত বছৰবোৰত, তেওঁ ১১খন উপন্যাস, ১৪খন চুটি গল্প সংকলন, পাঁচখন ভ্ৰমণকাহিনী, পাঁচখন সাহিত্য আলোচনা গ্ৰন্থ, এটা কবিতা সংকলন আৰু শিশুসকলৰ বাবে দুখন গল্প কিতাপ লিখিছে।[1]
তেওঁক আটাইতকৈ সন্মানীয় হিন্দী বঁটা ব্যাস সন্মান (১৯৯৮) আৰু সাহিত্য অকাডেমি বঁটা (২০০৮) প্ৰদান কৰা হৈছে। ২০০৮ চনত প্ৰকাশিত ধুল পধৌ পৰ নামৰ কিতাপখনৰ বাবে তেওঁ ২০১৩ বৰ্ষৰ সৰস্বতী সন্মান লাভ কৰিছিল। ১৯৯১ চনত হৰিবংশ ৰায় বচ্ছনৰ পিছত এই সন্মান লাভ কৰা তেওঁ দ্বিতীয়জন হিন্দী লেখক।[1]
জীৱনী
[সম্পাদনা কৰক]১৯৩৯ চনৰ ১ আগষ্টত ইউনাইটেড প্ৰভিনেন্সচৰ (বৰ্তমান উত্তৰ প্ৰদেশ) বান্দাৰ আটাৰাত গোৱিন্দ মিশ্ৰৰ জন্ম হয়। তেওঁৰ মাক দেউতাক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল। তেওঁৰ প্ৰাৰম্ভিক শিক্ষা উত্তৰ প্ৰদেশৰ বান্দাত সম্পূৰ্ণ হৈছিল, তাৰ পিছত তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা বিএ আৰু এমএ (ইংৰাজী) কৰিছিল। সেইসময়ত এলাহাবাদ বিশ্ববিদ্যালয়ক পূৱৰ অক্সফৰ্ড বুলি জনা গৈছিল। তেওঁ দুবছৰ স্নাতক শ্ৰেণীত অধ্যাপনা কৰিছিল আৰু ১৯৬২ চনত ভাৰতীয় ৰাজহ সেৱাত যোগদান কৰিছিল । ইয়াৰপৰাই তেওঁ ১৯৯৭ চনত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ ভূপাললৈ স্থানান্তৰিত হৈছিল।[1]
মিশ্ৰক তেওঁৰ গ্ৰন্থ পাঁচ আংগনৌৱালা ঘৰ[2]ৰ বাবে ১৯৯৮ চনত ব্যাস সন্মানেৰে সন্মানিত কৰা হৈছিল। কিতাপখন পিছলৈ বিভিন্ন ভাৰতীয় ভাষালৈ অনুবাদ হোৱাৰ লগতে হাউচ উইথ ফাইভ কৰ্টয়াৰ্ডচ নামেৰে ইংৰাজীলৈ অনূদিত হৈছিল আৰু পেংগুইন বুকচে ইয়াক প্ৰকাশ কৰিছিল।
২০০৮ চনত কোহৰে ম্যে কেইদ ৰং গ্ৰন্থৰ বাবে তেওঁক নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল।[3]কিতাপখন সাহিত্য অকাডেমিৰ দ্বাৰা বিভিন্ন আঞ্চলিক ভাষা আৰু ইংৰাজীলৈ অনূদিত হৈছে। তেওঁৰ মুখ্য প্ৰকাশক সকল হৈছে দিল্লীৰ ৰাজকমল প্ৰকাশন, বাণী প্ৰকাশন আৰু কিতাপ ঘৰ। ড° চন্দ্ৰকান্ত ৱন্দীৱাদেকাৰৰ দ্বাৰা সম্পাদিত আৰু তেওঁৰ ৰচনাসমূহৰ সমালোচনাৰে সংকলিত গোবিন্দ মিশ্ৰ: শ্ৰজন কে আয়াম শীৰ্ষক কিতাপখন বাণী প্ৰকাশনে প্ৰকাশ কৰিছে। গোবিন্দ মিশ্ৰ কা ৰচনা লোক শীৰ্ষক তেওঁৰ ৰচনাসমূহৰ ওপৰত সমালোচনাৰ আন এখন কিতাপ ড° কৃষ্ণদত্ত পালিৱালে সম্পাদনা কৰিছে আৰু কিতাপ ঘৰে প্ৰকাশ কৰিছে। প্ৰকাশৰ পথত থকা তেওঁৰ আন এখন কিতাপ হৈছে; ড° উৰ্মিলা সিৰিশে লিখা তেওঁৰ জীৱনী গ্ৰন্থ বিয়ানবা মে বাহাৰ। কিতাপখন প্ৰকাশ কৰিব দিল্লীৰ কিতাপ ঘৰে।
গোবিন্দ মিশ্ৰক ২০১১ বৰ্ষৰ বাবে ভাৰত ভাৰতী সন্মান প্ৰদান কৰা হৈছিল; এইটো হৈছে উত্তৰ প্ৰদেশ চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ সাহিত্য বঁটা।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Govind Mishra gets Saraswati Samman 2013 for novel 'Dhool Paudhon Par'". Daily News & Analysis. 22 September 2014. http://www.dnaindia.com/india/report-govind-mishra-gets-saraswati-samman-2013-for-novel-dhool-paudhon-par-2020773। আহৰণ কৰা হৈছে: 2014-09-23.
- ↑ "In Brief – Delhi", Indian Express, 8 December 1998. Retrieved 24 April 2010.
- ↑ "Sahitya Akademi awards presented in New Delhi" Archived 6 November 2012 at the Wayback Machine, The Hindu, 17 February 2009. Retrieved 24 April 2010.
- ↑ [1] http://www.dnaindia.com/india/1814478/report-uttar-pradesh-s-bharat-bharti-samman-presented-after-three-years