হৰিবংশ ৰায় বচ্চন
হৰিবংশ ৰায় শ্ৰীবাস্তব বচ্চন | |
---|---|
জন্ম | হৰিবংশ ৰায় শ্ৰীবাস্তব নৱেম্বৰ ২৭, ১৯০৭ এলাহাবাদ, আগ্ৰা, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ উত্তৰ প্ৰদেশ, ভাৰত) |
মৃত্যু | জানুৱাৰী ১৮, ২০০৩ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | কবি, লেখক |
মাতৃশিক্ষায়তন | এলাহাবাদ বিশ্ববিদ্যালয় কেমব্ৰিজ বিশ্ববিদ্যালয় |
উল্লেখযোগ্য বঁটা | ১৯৭৬ চনত পদ্মভূষণ |
দাম্পত্যসংগী | শ্যামা (১৯২৬–১৯৩৬) তেজী বচ্চন (১৯৪১–২০০৭) |
সন্তান | অমিতাভ বচ্চন, অজিতাভ |
আত্মীয়-স্বজন | বচ্চন পৰিয়াল |
স্বাক্ষৰ |
হৰিবংশ ৰায় শ্ৰীবাস্তব "বচ্চন" (২৭ নৱেম্বৰ, ১৯০৭ - ১৮ জানুৱাৰী, ২০০৩) আছিল হিন্দী ভাষাৰ এগৰাকী কবি আৰু লেখক। 'হালাবাদ'ৰ প্ৰৱৰ্তক বচ্চন হ'ল হিন্দী কবিতাৰ উত্তৰ ছায়াবাদ কালৰ মুখ্য কবিবোৰৰ ভিতৰত অন্যতম। মধুশালা হ'ল তেখেতৰ প্ৰসিদ্ধ কৃতি।[1] ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ প্ৰখ্যাত অভিনেতা অমিতাভ বচ্চন হ'ল তেখেতৰ পুত্ৰ। হৰিবংশ ৰায় বচ্চনে এলাহাবাদ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। পাছলৈ ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ত হিন্দী বিশেষজ্ঞ হিচাপে নিযুক্ত হয়।
হৰিবংশ ৰায় বচ্চনে নিজকে এইদৰে পৰিচয় দিছিল
মিট্টি কা তন, মস্তী কা মন, ক্ষণভৰ জীৱন, মেৰা পৰিচয়।
(मिट्टी का तन, मस्ती का मन, क्षण भर जीवन, मेरा परिचय)
(মাটিৰ মানুহ, আনন্দময় মন, খন্তেকৰ জীৱন, এয়াই মোৰ পৰিচয়। )[1]
জীৱন
[সম্পাদনা কৰক]১৯০৭ চনৰ ২৭ নৱেম্বৰত এলাহাবাদৰ সংলগ্ন প্ৰতাপগড় জিলাৰ বাবুপট্টী নামে এখন সৰু গাঁৱৰ এটি কায়স্থ পৰিয়ালত তেখেতৰ জন্ম হৈছিল। এখেতৰ পিতৃৰ নাম আছিল প্ৰতাপ নাৰায়ণ শ্ৰীবাস্তব আৰু মাতৃৰ নাম আছিল সৰস্বতী দেৱী। এখেতক বাল্যকালত "বচ্চন" বুলি কৈছিল যাৰ অৰ্থ শিশু বা সন্তান। পাছলৈ এই নামেৰেই তেওঁ বিখ্যাত হৈ পৰে। এখেতে প্ৰথমে কায়স্থ পাঠশালাত উৰ্দু শিক্ষা লয় যি সেইসময়ত আইনমতে নিজৰ কৰ্মজীৱনৰ প্ৰথম খোজ। তেখেতে প্ৰয়াগ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত এম.এ. ডিগ্ৰী আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে। ১৯২৬ চনত মাত্ৰ ১৯ বছৰ বয়সতে শ্যামা বচ্চনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। কিন্তু ১৯৩৬ চনত যক্ষ্মাৰোগত আক্ৰান্ত হৈ শ্যামা বচ্চনৰ মৃত্যু হয়। পাঁচবছৰ পিছত ১৯৪১ চনত তেখেতে তেজী সুৰীক বিয়া কৰায়। অমিতাভ আৰু অজিতাভ হ'ল তেজী বচ্চনৰ দুই পুত্ৰ। অমিতাভ বচ্চন বৰ্তমান এগৰাকী প্ৰসিদ্ধ অভিনেতা।
মুখ্য কৃতিত্বসমূহ
[সম্পাদনা কৰক]কবিতা সংগ্ৰহ
[সম্পাদনা কৰক]
|
আত্মকথা[সম্পাদনা কৰক]
|
বিবিধ[সম্পাদনা কৰক]
|
পুৰস্কাৰ/সন্মান
[সম্পাদনা কৰক]১৯৬৮ চনত তেখেতে দো চট্টানে নামৰ হিন্দী কবিতাটোৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৭৬ চনত সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত হৰিবংশ ৰায় বচ্চন ভাৰত চৰকাৰৰ দ্বাৰা পদ্মভূষণৰে সন্মানিত হয়। বিৰলা ফাউণ্ডেশ্যনে তেওঁৰ আত্মকথা বাবে তেখেতক সৰস্বতী সন্মান প্ৰদান কৰিছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Harivanshrai Bachchan, 1907–2003 Archived 2010-08-22 at the Wayback Machine Obituary, Frontline, (The Hindu), 1–14 February 2003.
- ↑ हिन्दी के गौरव:हरिवंश बच्चन Archived 2016-06-30 at the Wayback Machine, हिन्दी भवन की वेबसाइट पर ('टिप्पणी: यहाँ स्पष्ट रूप से नहीं लिखा कि यह तेरा हार नामक रचना 1929 में छपी थी किन्तु यह पहली रचना थी और रचना-यात्रा की शुरूआत 1929 में हुई लिखित है अतः यह माना जा सकता है कि इस रचना का प्रकाशन 1929 में हुआ)।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- हरिवंश राय बच्चन (ৱিকিউৎসত)
- A Collection Archived 2020-05-10 at the Wayback Machine