সীতাকান্ত মহাপাত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সীতাকান্ত মহাপাত্ৰ

২০১৫ চনত মহাপাত্ৰ
জন্ম ১৭ ছেপ্টেম্বৰ, ১৯৩৭ (৮৬ বছৰ)
কেন্দ্ৰপাৰা জিলা, উৰিষ্যা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কবি, সাহিত্য সমালোচক
উল্লেখযোগ্য কৰ্ম শব্দৰা আকাশ (দ্য স্কাই অৱ ৱৰ্ডচ্‌) (১৯৭১)
সমুদ্ৰ (১৯৭৭)
বঁটা, সন্মান, পুৰস্কাৰ আদি

সীতাকান্ত মহাপাত্ৰ (ইংৰাজী: Sitakant Mahapatra; জন্ম:১৭ ছেপ্টেম্বৰ, ১৯৩৭) এগৰাকী ভাৰতীয় কবি[1] আৰু ওড়িয়া আৰু ইংৰাজী ভাষাৰ সাহিত্য সমালোচক।[2][3] ১৯৯৫ চনত অৱসৰ লোৱাৰ আগলৈকে তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল আৰু ১৯৬১ চনৰপৰা আই এ এছ ৰূপে কামত মকৰল আছিল। তেওঁ নেচনেল বুক ট্ৰাষ্ট, নতুন দিল্লীৰ চেয়াৰমেন ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

বহুখিনি অনুবাদৰ উপৰিও তেওঁ ১৫ খনতকৈও অধিক কবিতা সংকলন, ৫ খন প্ৰবন্ধ সংকলন, এখন ভ্ৰমণকাহিনী আৰু ৩০ খনতকৈও অধিক মননশীল ৰচনা লিখিছে। তেওঁৰ কবিতাৰ সংকলন কেইবাটাও ভাৰতীয় ভাষালৈ অনূদিত হৈছে। মহাপাত্ৰৰ উল্লেখযোগ্য ৰচনাসমূহ হৈছে, শব্দৰা আকাশ (১৯৭১), সমুদ্ৰ (১৯৭৭) আৰু অনেক শৰৎ (১৯৮১)।[4][5][6]

১৯৭৪ চনত, তেওঁ তেওঁৰ কবিতা সংকলন শব্দৰা আকাশ (দ্য স্কাই অফ ৱৰ্ডছ)ৰ বাবে ওড়িয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[7] ১৯৯৩ চনত ভাৰতীয় সাহিত্যলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেওঁক ভাৰতীয় জ্ঞানপীঠে জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰিছিল। ইয়াৰ এটা বিবৃতিত ভাৰতীয় জ্ঞানপীঠে মহাপাত্ৰ সম্পৰ্কে উল্লেখ কৰি কৈছিল যে;

পশ্চিমীয়া সাহিত্যত গভীৰভাৱে নিমজ্জিত তেওঁৰ কলমত স্থানীয় মাটিৰ বিৰল আকৰ্ষণীয় সুবাস আছে।

সাহিত্যৰ বাবে ‘ছোভিয়েট দেশ নেহৰু বঁটা’, ‘কবীৰ সন্মান’ আৰু আন কেইবাটাও সন্মানীয় বঁটা লাভ[4] কৰাৰ উপৰিও মহাপাত্ৰ ভাৰত চৰকাৰৰ দ্বাৰা ২০০২ চনৰ পদ্মভূষণ আৰু ২০১১ চনৰ পদ্ম বিভূষণ বঁটাৰে সন্মানিত হৈছিল।[8]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৩৭ চনত, মহানদীৰ উপনদী চিত্ৰতপালাৰ পাৰৰ মহংগা গাঁৱত সীতাকান্ত মহাপাত্ৰৰ জন্ম হৈছিল। এটা পৰম্পৰাগত পৰিয়ালত ভাগৱত গীতা আবৃত্তি কৰি তেওঁ ডাঙৰ হৈছিল। কৰুৱা চৰকাৰী স্কুলৰপৰা হাইস্কুল পাছ কৰি তেওঁ কটকৰ ৰাৱেনচ’ মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল আৰু তাৰপৰাই ১৯৫৭ চনত ইতিহাস বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লৈছিল। তেওঁ ১৯৫৯ চনত, এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। সেই সময়ছোৱাত তেওঁ বিশ্ববিদ্যালয়ৰ আলোচনী সম্পাদক আছিল। ইয়াতেই তেওঁ ইংৰাজী আৰু ওড়িয়া দুয়োটা ভাষাতে লিখিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে পিছত তেওঁ কেৱল নিজৰ মাতৃভাষাতহে কবিতা লিখিবলৈ সিদ্ধান্ত লৈছিল যদিও তেওঁৰ স্কলাষ্টিক ৰচনাবোৰ ইংৰাজীতে আছে।[6][9]

১৯৬৯ চনত তেওঁ কলম্বো প্লেন ফেলোশ্বিপৰ অধীনত কেমব্ৰিজ বিশ্ববিদ্যালয়ত, অভাৰচীজ ডেভেলপমেণ্ট ষ্টাডিজত ডিপ্লমা কৰিছিল।[6][10]

পৰৱৰ্তী সময়ত, ১৯৮৮ চনত তেওঁ ফৰ্ড ফাউণ্ডেচন ফেলোশ্বিপ কাৰ্যসূচীৰ অংশগ্ৰহণকাৰী হিচাপে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত এবছৰ অতিবাহিত কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

মহাপাত্ৰই ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ) পৰীক্ষা দিয়াৰ আগতে উৎকল বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ বিভাগত দুবছৰৰ বাবে অধ্যাপনা কৰিছিল।

১৯৬১ চনত সৰ্বভাৰতীয় ভিত্তিত ‘ইউ পি এছ চি’ পৰীক্ষাত প্ৰথম স্থান লাভ কৰা প্ৰথমগৰাকী ওড়িয়া ব্যক্তি হিচাপে তেওঁ আই এ এছত যোগদান কৰিছিল আৰু উৰিষ্যা চৰকাৰৰ গৃহ সচিব, ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ সচিব আৰু ইউনেস্কোৰ সাংস্কৃতিক বিকাশৰ বিশ্ব দশক (১৯৯৪-১৯৯৬)ৰ সভাপতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিল। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ ফেলো, কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ইণ্টাৰনেচনেল একাডেমী অৱ পয়েটচৰ সন্মানীয় ফেলো আৰু নতুন দিল্লীৰ নেচনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ আদি অনেক পদবীত নিযুক্ত আছিল।[9] তেওঁ উৰিষ্যাৰ প্ৰথম বেংকিং লোকপালও আছিল। মহাপাত্ৰই ১৯৭১ আৰু ১৯৮৪ চনৰ উৰিষ্যা সাহিত্য অকাডেমি বঁটা, সাহিত্য অকাডেমি বঁটা (১৯৭৪); সৰলা বঁটা (১৯৮৫) আৰু ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা (১৯৯৩) লাভ কৰিছিল।

তেওঁৰ প্ৰথমটি ওড়িয়া ভাষাৰ কবিতা সংকলন দিপ্তী ও দ্যুটি ১৯৬৩ চনত প্ৰকাশ পাইছিল। দ্বিতীয়টি সংকলন অষ্টপৰী প্ৰকাশ পাইছিল ১৯৬৭ চনত আৰু ই উৰিষ্যা সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁৰ তৃতীয় আৰু বিখ্যাত সংকলন শব্দৰা আকাশে লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা[11] ওড়িয়া ভাষাত তেওঁ ৩৫০ তকৈও অধিক কবিতা আৰু সাহিত্য সমালোচনা লিখিছে। সংস্কৃতি বিষয়ক তেওঁৰ ৩০টি সংকলন ইংৰাজী ভাষাত প্ৰকাশ হৈছে। হোমি ভাভা ফেলোশ্বিপ লাভ কৰি তেওঁ পূৱ ভাৰতৰ জনজাতীয় লোকসকলৰ বিষয়ে দুবছৰ অধ্যয়ন কৰিছিল (১৯৭৫-১৯৭৭)[12] আৰু এই অধ্যয়নৰ অংশ ৰূপে সমাজ আৰু সংস্কৃতি বিষয়ক দুখন কিতাপ লিখিছিল, যি দুখন অক্সফৰ্ড ইউনিভাৰচিটি প্ৰেছে প্ৰকাশ কৰিছে। চাওতাল লোক আৰু চাওতলী ভাষাৰ সৈতে থকা নিকট সম্পৰ্কৰ ভিত্তিত তেওঁ তেওঁলোকৰ মৌখিক কবিতাৰ নটি সংকলন প্ৰকাশ কৰাই নহয়; আদিবাসী কবিতাৰ অনুবাদো কৰিছিল।[6]

তেওঁৰ এই সাহিত্য যাত্ৰা আছিল ৰাষ্ট্ৰ আৰু ৰাজ্যৰ হকে অৰিহণা আগবঢ়োৱাৰ এক একক প্ৰচেষ্টা। ২০১৪ চনৰ ২৪ ফেব্ৰুৱাৰীত, তেওঁ কলিঙ্গ সাহিত্য মহোৎসৱ উদ্বোধন কৰি, এই উৎসৱৰ মুখ্য অতিথি আৰু মুখ্য বক্তাৰ ভূমিকা পালন কৰিছিল।[13] কেৰালা সাহিত্য মহোৎসৱৰো তেওঁ মুখ্য বক্তা আছিল।[14]

স্বীকৃতি[সম্পাদনা কৰক]

  • ১৯৭১ আৰু ১৯৮৪:উৰিষ্যা সাহিত্য অকাডেমি বঁটা
  • ১৯৭৪:সাহিত্য অকাডেমি বঁটা
  • ১৯৮৫:সৰলা বঁটা
  • ১৯৯৩:জ্ঞানপীঠ বঁটা (সৰ্বোচ্চ ভাৰতীয় সাহিত্য বঁটা)
  • ২০০৩:পদ্মভূষণ (ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান)
  • ২০১০:পদ্মবিভূষণ (ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান)
  • ২০১৩:সাহিত্য অকাডেমি ফেল’
  • ২০১৫:চাৰ্ক লিটাৰেৰী এৱাৰ্ড (চাৰ্ক সাহিত্য বঁটা)
  • ২০১৭:টেগৰ পিচ এৱাৰ্ড (টেগৰ শান্তি বঁটা)[15]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Sahitya Akademi : Who's Who of Indian Writers". Sahitya AkademiSahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/SASearchSystem/sauser/writerinfo.jsp?wrids=4092। আহৰণ কৰা হৈছে: 27 October 2015. 
  2. "Deceptive simplicity". The Hindu. 1 December 2002. Archived from the original on 6 June 2011. https://web.archive.org/web/20110606125647/http://www.hinduonnet.com/thehindu/lr/2002/12/01/stories/2002120100210200.htm. 
  3. Keki N. Daruwalla (25 September 1996). "The Mahapatra Muse: Two deeply vivid volumes of poems from the oriya masters". The Outlook. http://www.outlookindia.com/article.aspx?202162. 
  4. 4.0 4.1 Jnanpith, p. 18
  5. "Ayyappa Paniker commemoration today". Ebuzz – Indian Express News Service. 20 September 2009. Archived from the original on 28 May 2012. https://web.archive.org/web/20120528223506/http://expressbuzz.com/news/ayyappa-paniker-commemoration-today/104873.html. 
  6. 6.0 6.1 6.2 6.3 "Unveiling of a poet". The Financial Express. 3 March 2002. http://www.financialexpress.com/news/unveiling-of-a-poet/39127/0. 
  7. Sahitya Akademi Award winners in Oriya Archived 23 February 2010 at the Wayback Machine সাহিত্য অকাডেমি
  8. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on October 19, 2017. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: July 21, 2015. 
  9. 9.0 9.1 "Universal appeal". The Hindu. 1 January 2006. Archived from the original on 10 June 2008. https://web.archive.org/web/20080610115057/http://www.hindu.com/lr/2006/01/01/stories/2006010100150300.htm. 
  10. Dr. Sitakant Mahapatra Archived 20 February 2010 at the Wayback Machine Mumbai MTNL
  11. Jnanpith, Bhartiya (1994). The text and the context: an encounter with Jnanpith laureates. Bhartiya Jnanpith. ISBN 9788170191827. https://books.google.com/books?id=XfzZvNc6hPkC&q=Sitakant+Mahapatra&pg=PA17. 
  12. Jnanpith, p. 20
  13. "Mystic Kalinga Festival to focus on Bhakti poetry- The New Indian Express". cms.newindianexpress.com. Archived from the original on 2020-11-28. https://web.archive.org/web/20201128175156/http://cms.newindianexpress.com/lifestyle/travel/2018/dec/29/mystic-kalinga-festival-to-focus-on-bhakti-poetry-1918058.html। আহৰণ কৰা হৈছে: 2020-11-07. 
  14. "Sitakant Mahapatra- Speaker in Kerala literature Festival KLF –2020| Keralaliteraturefestival.com". keralaliteraturefestival.com. Archived from the original on 2018-12-31. https://web.archive.org/web/20181231131317/http://keralaliteraturefestival.com/speakers_more.aspx?id=MzQ5#:~:text=KLF%20-SPEAKER-2020-%20Sitakant%20Mahapatra&text=Educated%20in%20Utkal,%20Allahabad%20and,and%20Padma%20Vibhushan%20in%202010.&text=He%20has%20been%20a%20Fellow,University,%20Tokyo%20has%20conferred%20Hon.। আহৰণ কৰা হৈছে: 2020-11-07. 
  15. "Odia poet Sitakant Maapatra wins Tagore Peace Award". Incredible Orissa. April 26, 2017. http://incredibleorissa.com/sitakant-mahapatra-tagore-peace-award/। আহৰণ কৰা হৈছে: April 30, 2017. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]