সমললৈ যাওক

ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজেন্দ্ৰ শ্বাহ
জন্ম ২৮ জানুৱাৰী, ১৯১৩
কাপৰৱাণি, বম্বে প্ৰেচিডেন্সী, ব্ৰিটিছ ইণ্ডিয়া
মৃত্যু ২ জানুৱাৰী, ২০১০ (৯৬ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা লিখক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন মহাৰাজা শিৱাজীৰাও বিশ্ববিদ্যালয়, বৰোডা
সময় ১৯৪৭-২০০৩
উল্লেখনীয় কৰ্মৰাজি
  • ধ্বনি (১৯৫১)
  • শান্ত কোলাহল (১৯৬২)
উল্লেখযোগ্য বঁটা

ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ ((ইংৰাজী: Rajendra Keshavlal Shah; জন্ম: ২৮ জানুৱাৰী, ১৯১৩ – ২ জানুৱাৰী, ২০১০) এগৰাকী গুজৰাটী ভাষাৰ ভাৰতীয় গীতিকবি। কাপৰৱাণিত জন্ম হোৱা এই কবিগৰাকীয়ে ২০খনতকৈও অধিক কবিতা আৰু গীতৰ পুথি ৰচনা কৰিছে। ঘাইকৈ প্ৰাকৃতিক সৌন্দৰ্য, দেশৰ মানুহ আৰু মাছুৱৈ সম্প্ৰদায়ৰ ব্যৱহাৰিক জীৱনেই হৈছে তেওঁৰ গীত আৰু কবিতাৰ মূল বিষয়। তেওঁ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ লিখন শৈলীৰে প্ৰভাৱিত হৈছিল। ৰাজেন্দ্ৰ শ্বাহক গুজৰাটী সাহিত্যৰ উত্তৰ গান্ধীয়ান যুগৰ পণ্ডিতসকলৰ এজন বুলি গণ্য কৰা হয়। [1]

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

১৯৩০ চনত, লোণ আইন অমান্য আন্দোলনত অংশ গ্ৰহণ কৰি ফাটেকলৈ যোৱাৰ বাবে ৰাজেন্দ্ৰ শ্বাহৰ পঢ়া-শুনা অনিয়মীয়া হয় আৰু ১৯৩১ চনত তেওঁ মঞ্জুলা আগৰৱালৰ পাণি গ্ৰহণ কৰে। [2]পিছত, ১৯৩৪ চনত, তেওঁ বৰোডাৰ মহাৰাজা শিৱাজীৰাও বিশ্ববিদ্যালয়ৰপৰা দৰ্শন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু আহমেদাবাদত শিক্ষকৰূপে স্কুলীয়া ছাত্ৰসকলক পাঠদান কৰিবলৈ আৰম্ভ কৰে। [3]

২০১০ চনৰ ২ জানুৱাৰী মুম্বাইত তেওঁৰ মৃত্যু হয়।[4]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

কাব্য সংকলন

[সম্পাদনা কৰক]
  • ধ্বনি (১৯৫১)
  • আন্দোলন (১৯৫২)
  • শ্ৰুতি (১৯৫৭)
  • ম'ৰপিঞ্চ (১৯৫৯)
  • শান্ত কোলাহল (১৯৬২)
  • চিত্ৰন (১৯৬৭)
  • ক্ষণ যে চিৰন্তন (১৯৬৮)
  • Vishadne Saad (১৯৬৮)
  • মধ্যমা (১৯৭৮)
  • ইক্ষণা (১৯৭৯)
  • Udgiti (১৯৭৯)
  • পত্ৰলেখা (১৯৮১)
  • প্ৰসংগ সপ্তক (১৯৮২)
  • দ্বশোপম (১৯৮৩)
  • পাঁচ পৰ্ব (১৯৮৩)
  • ৱিভবন (১৯৮৩)
  • চন্দন ৱিনি এণ্ড অনামিক (১৯৮৭)
  • আৰণ্যক (১৯৯২)[5]
  • স্মৃতিসংবেদনা (১৯৯৮)
  • বিৰহমাধুৰী (১৯৯৯)
  • Vrajvaikunthe (২০০২)
  • হা হু ....সাক্ষী ছু' (২০০৩)
  • Premno Paryay (২০০৪)
  • আ গগন (২০০৫)

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
আহমেদাবাদৰ হিম্মতলাল উদ্যানত অৱস্থিত কবি ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ পুথিভঁৰাল

তেওঁ ১৯৪৭ চনত ‘কুমাৰ চন্দ্ৰক’ আৰু ১৯৫৬ চনত ‘ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক’ লাভ কৰে। 'শান্ত কোলাহল' কাব্য গ্ৰন্থৰ বাবে তেওঁ ১৯৬৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[6] তেওঁ গুজৰাটী সাহিত্য পৰিষদে ১৯৮০ চনত প্ৰদান কৰা অৰুবিন্দু সুৱৰ্ণ চন্দ্ৰক (Aurobindo Suvarna Chandrak), ১৯৯২ চনৰ সাহিত্য গৌৰৱ পুৰস্কাৰ আৰু ১৯৯৯ চনৰ নৰসিংহ মেহতা বঁটা প্ৰাপক। শ্বাহে ২০০১ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ জ্ঞানপীঠ বঁটা লাভ কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Mehta, Deepak B. (August 2003). "In love with the world". Frontline খণ্ড 20 (16). http://www.frontlineonnet.com/fl2016/stories/20030815000807900.htm. 
  2. "Meet the Author: Rajendra Shah". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/library/meettheautho/rajendra_shah.pdf। আহৰণ কৰা হৈছে: 19 September 2017. 
  3. Suguna Ramanathan and Rita Kothari (1998). Modern Gujarati Poetry: A Selection. প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 85. ISBN 81-260-0294-8. 
  4. "Gujarati poet Rajendra Shah(97) passes away". DeshGujarat News from Gujarat. 2010-01-03. http://deshgujarat.com/2010/01/03/gujarati-poet-rajendra-shah97-passes-away/। আহৰণ কৰা হৈছে: 2017-02-09. 
  5. "Third Gujarati to win Jnanpith". The Hindu (New Delhi). 18 July 2003. https://www.thehindu.com/2003/07/18/stories/2003071803681200.htm. 
  6. Jani, Jyotish (1992). "Shant Kolahal". In Lal, Mohan. Encyclopaedia of Indian Literature. 5 (2001 ed.). Delhi: Sahitya Akademi. p. 3972.