ভালচন্দ্ৰ নেমাডে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভালচন্দ্ৰ নামদেৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ভালচন্দ্ৰ নেমাডে
জন্ম ২৭ মে', ১৯৩৮ (৮৩ বছৰ)
চাংভী, য়াৱল, মহাৰাষ্ট্ৰ, ব্ৰিটিছ ভাৰত
পেছা মাৰাঠী লেখক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন
  • ফাৰ্গুচন কলেজ
  • বম্বে বিশ্ববিদ্যালয়
  • স্কুল অৱ অ'ৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ, লণ্ডন
উল্লেখনীয় কৰ্মৰাজি কুশলা (১৯৬৩)
উল্লেখযোগ্য বঁটা

ভালচন্দ্ৰ ভানাজী নেমাডে (ইংৰাজী: Bhalchandra Vanaji Nemade; জন্ম: ১৯৩৮) এজন মাৰাঠী ভাষাৰ ভাৰতীয় লেখক, কবি, সমালোচক আৰু ভাষাবিদ। 'কুশলা'[1] উপন্যাসেৰে সাহিত্যিক জীৱনৰ পাতনি মেলা নেমাডেই মাৰাঠী সাহিত্যক এক নতুন মাত্ৰা দিছিল। ইয়াৰ পাছতে তেওঁ ক্ৰমান্বয়ে 'বিঢাৰ'[2], 'হুল', 'জৰীলা' আৰু 'ঝুল' নামৰ চাৰিখন উপন্যাস (টেট্ৰাল'জি) লিখে। ২০১৩ চনত নামদেই তেওঁৰ 'হিন্দু:জগণ্যাচী সমৃদ্ধ অডগল' শীৰ্ষক কিতাপখন প্ৰকাশ কৰে; যিখন নামদেৰ 'মাষ্টাৰপিচ' বুলি কোৱা হয়।

নেমাডেক তেওঁৰ সাহিত্যকৰ্মৰ বাবে ২০১৫ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটা[3] আৰু ১৯৯১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ২০১৩ চনত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটা লাভ কৰে। [4][5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Nemade, Bhalchandra (1963). Kosala (कोसला). প্ৰকাশক Mumbai: Popular Prakashan. পৃষ্ঠা. 265. 
  2. Nemade, Bhalchandra (2003). Bidhar(बिढार). প্ৰকাশক Mumbai: Popular Prakashan. পৃষ্ঠা. 305. ISBN 978-81-267-0298-5. 
  3. Nandgaonkar, Satish (6 February 2015). "Marathi novelist Bhalchandra Nemade chosen for Jnanpith award". http://www.thehindu.com/books/books-authors/marathi-novelist-bhalchandra-nemade-chosen-for-jnanpith-award/article6865738.ece. 
  4. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf. 
  5. "Padma Awards Directory (1954–2013)". Ministry of Home Affairs. http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf. "2011: 98: Prof.(Dr) Bhalchandra Vana Nemade"