সত্যব্ৰত শাস্ত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সত্যব্ৰত শাস্ত্ৰী
জন্ম ২৯ ছেপ্টেম্বৰ, ১৯৩০ (৯১ বছৰ)
পেচা পণ্ডিত, শিক্ষাবিদ, কবি, সাহিত্য সমালোচক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন পাঞ্জাব বিশ্ববিদ্যালয়, বেনাৰস হিন্দু বিশ্ববিদ্যালয়
ধৰণ সংস্কৃত
উল্লেখযোগ্য বঁটা ১৯৬৮: সাহিত্য অকাডেমি বঁটা
২০০৬: জ্ঞানপীঠ বঁটা
ৱেবছাইট satyavrat-shastri.net

সত্যব্ৰত শাস্ত্ৰী ( ইংৰাজী: Satya Vrat Shastri; জন্ম: ২৯ ছেপ্টেম্বৰ, ১৯৩০) হ'ল ভাৰতৰ এজন সংস্কৃত পণ্ডিত, লেখক, ব্যাকৰণবিদ আৰু কবি। তেওঁ সংস্কৃত ভাষাত তিনিখন মহাকাব্য, তিনিখন খণ্ডকাব্য, এখন প্ৰৱন্ধকাব্য, এখন পত্ৰকাব্য আৰু পাঁচখন আলোচনাত্মক কিতাপ লিখিছে। তেওঁৰ গুৰুত্বপূৰ্ণ কামসমূহৰ ভিতৰত ৰামকৃতিমহাকাব্যম, বৈদিক ব্যাকৰণ, ব্ৰহত্তৰম ভাৰতম, শ্ৰীবোধিসত্ত্বচৰিতম, সাতটা সংস্কৰণত উপলব্ধ ডিস্ক'ভাৰি অৱ সংস্কৃত ট্ৰেজাৰচ্‌ উল্লেখযোগ্য।[1]

তেওঁ বৰ্তমান নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সংস্কৃত অধ্যয়নৰ বিশেষ কেন্দ্ৰৰ সন্মানিত অধ্যাপক। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী আৰু 'ফেকাল্টি অৱ আৰ্টচ'ৰ ডীন আছিল।

তেওঁ তেওঁৰ জীৱনকালত সাহিত্য অকাডেমি বঁটা (সংস্কৃত ভাষাত) আৰু ১৯৬৮ চনত প্ৰদান কৰা 'ইণ্ডিয়াজ নেচনেল একাদেমী অৱ লেটাৰচ্‌'কে ধৰি অলেখ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। [2] ২০০৬ চনত তেওঁ সংস্কৃত ভাষাত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা জ্ঞানপীঠ বঁটা লাভ কৰে। [3][4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]