সমললৈ যাওক

আশাপূৰ্ণা দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আশাপূৰ্ণা দেৱী
জন্ম ৮ জানুৱাৰী, ১৯০৯
পটলডাঙ্গা, কলকাতা, ভাৰত
মৃত্যু ১৩ জুলাই, ১৯৯৫
পেচা ঔপন্যাসিক, কবি
ভাষা বঙালী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সময় ১৯৩৯-১৯৯৫
ধৰণ গল্প-উপন্যাস
উল্লেখনীয় কৰ্মৰাজি প্ৰথম প্ৰতিশ্ৰুতি
সুৱৰ্ণলতা
বকুল কথা
উল্লেখযোগ্য বঁটা জ্ঞানপীঠ বঁটা
পদ্মশ্ৰী
সাহিত্য অকাডেমি ফেল'শ্বিপ

আশাপূৰ্ণা দেৱী (৮ জানুৱাৰী ১৯০৯ - ১৩ জুলাই ১৯৯৫) এগৰাকী প্ৰসিদ্ধ বঙালী ঔপন্যাসিক আৰু কবি। নিজৰ জীৱনকালত অনেক বঁটা-বাহন আৰু সন্মানেৰে বিভূষিত হোৱা দেৱীয়ে ১৯৭৬ চনত জ্ঞানপীঠ বঁটা আৰু ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছিল। উল্লেখ্য যে আশাপূৰ্ণা দেৱী জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক। জবলপুৰ, ৰবীন্দ্ৰ ভাৰতী, বুৰদ্বান আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁক ডি. লিট. উপাধি প্ৰদান কৰা হৈছিল। ১৯৮৯ চনত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ে দেৱীক"দেশীকোত্তমা" সন্মান প্ৰদান কৰিছিল। উপন্যাস আৰু চুটি গল্পৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদানৰ বাবে ১৯৯৪ চনত সাহিত্য অকাডেমিয়ে দেৱীক ইয়াৰ সৰ্বোচ্চ সন্মান সাহিত্য অকাডেমি ফেল'শ্বিপ প্ৰদান কৰিছিল।[1]

আশাপূৰ্ণা দেৱীৰ ১৯০৯ চনৰ ৮ জানুৱাৰীত এটা বৈদ্য পৰিয়ালত জন্ম হৈছিল। উত্তৰ কলিকতাৰ পটলদাঙ্গাস্থিত মামাকৰ ঘৰত তেওঁ জন্ম পাইছিল। তেওঁৰ জন্মৰ সময়ত দিয়া নামটো আছিল আশা পূৰ্ণা দেৱী (গুপ্তা)। দেৱীয়ে শৈশৱৰ প্ৰথম কালছোৱা বৃন্দাবন বসু লেনত অৱস্থিত এটা অত্যন্ত ৰক্ষণশীল পৰিয়ালত পাৰ কৰিছিল। সেই ঘৰখন বহু সম্পৰ্কীয় লোকেৰেও ভৰি থাকিছিল। পুৰণি প্ৰথা আৰু সাতামপুৰুষীয়া আদৰ্শত বিশ্বাসী আইতাকৰ নিৰ্দেশমতেই গোটেই ঘৰখন চলিছিল। আইতাকৰ আধিপত্য থকা সেই ঘৰখনত কন্যা সন্তানক স্কুললৈ যাব দিয়া নহৈছিল আৰু ব্যক্তিগত শিক্ষকো কেৱল ল'ৰাৰ বাবেহে ৰাখিছিল। ভায়েকক শিকাবলৈ আহোতে আশাপূৰ্ণাই বিপৰীতফালে বহি থাকি কথাসমূহ শুনি থাকিছিল। এনেকৈয়ে আশাপূৰ্ণাই বৰ্ণমালাখন শিকি লৈছিল।[2]

আশাপূৰ্ণাৰ দেউতাক হৰেন্দ্ৰ নাথ দত্ত সেইসময়ৰ এগৰাকী প্ৰখ্যাত চিত্ৰকৰ আছিল। মাতৃ সৰলা সুন্দৰীও এটা শিক্ষিত পৰিয়ালৰ জীয়ৰী আছিল আৰু অত্যন্ত গ্ৰন্থপ্ৰেমী আছিল। মাকৰ গল্প-উপন্যাস পঢ়াৰ প্ৰতি থকা দুৰ্বাৰ ধাউতি শৈশৱতেই আশাপূৰ্ণা আৰু তেওঁৰ ভনীলৈকেও গৈছিল।[3]

শৈশৱৰ পৰাই কিতাপ পঢ়াৰ স্বভাৱ গঢ় লৈ উঠা আশাপূৰ্ণাই বিশেষ আনুষ্ঠানিক শিক্ষা লাভ নকৰিলেও স্বশিক্ষাৰেই নিজকে গঢ়ি তুলিছিল।[4] আশাপূৰ্ণাই কোৱা অনুসৰি, শৈশৱকালত তেওঁ নিজৰ ভনীৰ লগত কবিতা লিখা আৰু আবৃত্তি প্ৰতিযোগিতা কৰিছিল। এই অভ্যাসটোৰ ফলতেই ১৯২২ চনৰ এদিনাখন তেওঁ গোপনে এটা কবিতা"শিশু সাথী"লৈ পঠিয়াইছিল। সেই তেৰ বছৰ বয়সতে আশাপূৰ্ণাৰ"বাইৰেৰ ডাক" নামৰ কবিতাটো আলোচনীখনত প্ৰকাশ পালে।[5] সম্পাদক ৰাজকুমাৰ চক্ৰৱৰ্তীয়ে আগলৈও কবিতা-গল্প পঠিয়াই থাকিবলৈও আশাপূৰ্ণাক অনুৰোধ কৰিছিল। ইয়াৰ পৰাই আশাপূৰ্ণাৰ নিৰৱচ্ছিন্ন সাহিত্যচৰ্চাৰ ধাৰাটো আৰম্ভ হৈছিল, যাৰ বাবে বঙালী সাহিত্যত তেওঁৰ এখন সুকীয়া স্থান সুনিশ্চিত হ'ল।

১৯২৪ চনত মাত্ৰ পোন্ধৰ বছৰ বয়সতে আশাপূৰ্ণাক বিয়াৰ বাবে কলিকতাৰ পৰা বাগদত্তৰ কৃষ্ণনগৰস্থিত বাসগৃহলৈ পঠোৱা হ'ল। তেওঁ কালীদাস গুপ্তাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ১৯২৭ চনত তেওঁলোকে কলকাতাৰ ভৱানীপুৰৰ ৰমেশ মিত্ৰ ৰ'ডত থিতাপি লয়। ইয়াৰ পিছত ৭৭ বেলতলা ৰোডত থকা এটা ডাঙৰ ঘৰলৈ আহে, য'ত তেওঁলোকে ১৯৬০ চনলৈ বাস কৰিছিল।

নিজৰ সাহিত্যিক কেৰিয়াৰৰ প্ৰথমভাগত আশাপূৰ্ণাই প্ৰধানকৈ শিশুৰ বাবে লেখা-মেলা কৰিছিল। ১৯৮৩ চনৰ"ছোটো ঠাকুৰদাৰ কাশী যাত্ৰা" তেওঁৰ প্ৰথম প্ৰকাশিত পুথি আছিল।

১৯৩৬ চনত তেওঁ ডাঙৰৰ বাবে"পাটনি ও প্ৰেয়সী" নামৰ গল্প এটা লিখিছিল, যিটো আনন্দ বাজাৰ পত্ৰিকাৰ পূজাৰ সংস্কৰণত প্ৰকাশ পাইছিল। ১৯৪৪ চনত প্ৰকাশ পোৱা"প্ৰেম ও প্ৰয়োজন" প্ৰাপ্তবয়স্কসকলৰ বাবে লিখা প্ৰথম উপন্যাস।

এই সময়ছোৱাৰ পৰা আশাপূৰ্ণা দেৱীৰ সাহিত্য চৰ্চা নিৰৱচ্ছিন্নভাৱে চলি থাকিল। তেওঁৰ অধিকাংশ লেখাতে লিংগ বৈষম্য আৰু পৰম্পৰাগত হিন্দু সমাজত থকা সংকীৰ্ণতাৰ ভিত্তিত উদ্ভৱ হোৱা অসমতা আৰু অন্যায়ৰ বিৰুদ্ধে নাৰী-পুৰুষৰ সবল প্ৰতিবাদ প্ৰকাশ পাইছিল। তেওঁৰ মেগনাছ অপামসদৃশ তিনিখন গ্ৰন্থ"প্ৰথম প্ৰতিশ্ৰুতি (১৯৬৪), সুৱৰ্ণলতা (১৯৬৭) আৰু বকুল কথাত (১৯৭৪) সম অধিকাৰৰ হকে নাৰীৰ নিৰন্তৰ সংগ্ৰাম প্ৰকাশ পাইছে।[6] এককধৰণৰ সাহিত্য সৃষ্টিৰে আশাপূৰ্ণা দেৱী মৃত্যুৰ সময়ত খ্যাতিৰ শিখৰ পাইছিল। সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে তেওঁ জীৱনকালত অনেক বঁটা-বাহন আৰু সন্মানেৰে বিভূষিত হৈছিল।

বঁটা-বাহন

[সম্পাদনা কৰক]
  • কলিকতা বিশ্ববিদ্যালয়ে প্ৰদান কৰা"দ্য লীলা প্ৰাইজ" (১৯৫৪)
  • দ্য ভূটান মোহিনী দাসী গ'ল্ড মেডেল (1966)
  • পশ্চিমবংগ চৰকাৰৰ পৰা ৰেইনড্ৰপ মেম'ৰিয়েল প্ৰাইজ (১৯৬৬)
  • প্ৰথম প্ৰতিশ্ৰতি গ্ৰন্থখনৰ বাবে ১৯৭৬ চনৰ জ্ঞানপীঠ বঁটা[7]
  • "বংগীয় সাহিত্য পৰিষদ"ৰ পৰা"হৰনাথ ঘোষ মেডেল" (১৯৮৮)
  • কলিকতা বিশ্ববিদ্যালয়ৰ পৰা"জগত্তাৰিণী স্বৰ্ণপদক" (১৯৯৩)

দূৰদৰ্শনত সম্প্ৰচাৰণ

[সম্পাদনা কৰক]

আশাপূৰ্ণা দেৱী ৰচিত উপন্যাস "বালুছৰি"ৰ ভিত্তিত দিপ্ত টিভিত প্ৰচাৰিত "অপৰাজিতা" নামৰ ধাৰাবাহিকখন নিৰ্মাণ কৰা হৈছিল। "সুৱৰ্ণলতা" নামৰ আন এখন ধাৰাবাহিক জি বঙালীত প্ৰদৰ্শন হৈছিল। কালাৰ্ছ বঙালী চেনেলত "প্ৰথম প্ৰতিশ্ৰুতি"-খনো এখন ধাৰাবাহিকৰূপে প্ৰচাৰ হৈছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. [1] Archived 13 March 2008 at the Wayback Machine
  2. Ghosh 2004, পৃষ্ঠা 1–3.
  3. Ghosh 2004, পৃষ্ঠা 4–6.
  4. Ghosh 2004, পৃষ্ঠা 7–9.
  5. Ghosh 2004, পৃষ্ঠা 13–16.
  6. [2] Archived 28 May 2009 at the Wayback Machine
  7. "Jnanpith Laureates Official listings". Jnanpith Website. Archived from the original on 13 October 2007. https://web.archive.org/web/20071013122739/http://jnanpith.net/laureates/index.html. 
  8. Ghosh, Upasana (2004). Ashapurna Debi (A biography). প্ৰকাশক Kolkata: Paschimbanga Bangla Akademi. ISBN 978-81-7751-208-3