পৰাগধৰ চলিহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰাগধৰ চলিহা
জন্ম ১৩ ছেপ্টেম্বৰ, ১৯২৩
অসম
মৃত্যু ২১ জুন, ১৯৯৯ (৭৫ বছৰ)
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পিতৃ-মাতৃ পদ্মধৰ চলিহা

পৰাগধৰ চলিহা (ইংৰাজী: Paragdhar Chaliha; ১৯২৩-১৯৯৯) এগৰাকী শিক্ষাবিদ হোৱাৰ লগতে অভিনেতা আৰু সংগীতজ্ঞও আছিল। পিয়লি ফুকন, সোণ-ৰূপ নেওচি, শোণিত কুঁৱৰী আদি মঞ্চ নাটত অভিনয় কৰাৰ উপৰিও অপৰাজেয়, এন্টনি মোৰ নাম, ছিৰাজ আদি বোলছবিত অভিনয় কৰি সুনাম আৰ্জিছিল। তেখেত সেউজ কোঁৱৰ নামেৰে জনাজাত আছিল। ইয়াৰোপৰি তেওঁ তীব্ৰ জাতীয়তাবোধ সম্পন্ন মানুহ আছিল। জাতীয়তাবোধেই তেওঁক ৰাজনীতিত নামিবলৈ উদ্বুদ্ধ কৰিছিল।[1]

সংক্ষিপ্ত জীৱনী[সম্পাদনা কৰক]

১৯২৩ চনৰ ১৩ ছেপ্টেম্বৰত পৰাগধৰ চলিহাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম পদ্মধৰ চলিহা। শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা আৰু কটন কলেজৰ পৰা বি এ পাছ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ উপাধি গ্ৰহণ কৰে।[কেতিয়া ?] ১৯৪৭ চনত পিতৃৰ দ্বাৰা প্ৰতিষ্ঠিত শিৱসাগৰ কলেজত প্ৰবক্তাৰূপে যোগ দিয়ে। ১৯৮৫ চনত ইয়াৰ অধ্যক্ষৰূপে অৱসৰ লয়। পৰৱৰ্তী কালত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপেও কিছুকাল কাৰ্যনিৰ্বাহ কৰে। শিৱসাগৰ কলেজক অসমৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰূপে গঢ়ি তোলাত বিশেষ অৱদান আছে।[1]

কিছুদিনৰ বাবে তেওঁ অসম গণ পৰিষদ দলৰ ভাৰপ্ৰাপ্ত সভাপতিৰ পদত আছিল। ১৯৯৫-৯৯ কালচোৱাত ৰাজ্যসভাৰ সাংসদ ৰুপে তেওঁ অসমক প্ৰতিনিধিত্ব কৰিছিল।[2]

১৯৯৯ চনৰ ২১ জুন তাৰিখে তেওঁৰ মৃত্যু হয়।[1]

সাহিত্যৰাজি[সম্পাদনা কৰক]

  • অ মোৰ আপোনাৰ দেশ (আলেখ্য)
  • চাৰিহেজাৰ বছৰৰ অসম (আলেখ্য)
  • মহা মানৱৰ মহা প্ৰয়াণ (আলেখ্য)
  • চিত্ৰ বিচিত্ৰ (১৯৮৭)
  • অসমীয়া সংস্কৃতি আৰু সাহিত্য (১৯৭৩)
  • অসমীয়া সংস্কৃতিৰ সুভাণ্ড[1]

বিষয়বাব[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 বৰ্মণ, শিৱনাথ (২০০৯). অসমীয়া জীৱনী অভিধান, তৃতীয় সংস্কৰণ. পৃষ্ঠা. ১২৬, ১২৭. 
  2. India. Parliament. Lok Sabha (1986). Lok Sabha Debates. Lok Sabha Secretariat.. পৃষ্ঠা. 73–. https://books.google.com/books?id=mkxPAQAAMAAJ&pg=PA73.