ধনেশ্বৰ ইংতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধনেশ্বৰ ইংতি
জন্ম ১ নৱেম্বৰ, ১৯৫৫ (৬৮ বছৰ)
পালম ইংতি গাঁও, বৈঠালাংছু, পশ্চিম কাৰ্বি আংলং জিলা অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ
শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়
পেচা সাহিত্যিক, গীতিকাৰ, শিক্ষাবিদ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী, ২০২২[1]

ধনেশ্বৰ ইংতি (ইংৰাজী: Dhaneswar Engti, জন্ম: ১ নৱেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় সাহিত্যিক, গীতিকাৰ তথা শিক্ষাবিদ। ʼবালিমাহীʼ শীৰ্ষক কাব্য সংকলনেৰে কাব্যপ্ৰেমীৰ মাজত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা ধনেশ্বৰ ইংতি সকলোৰে মাজত ʼবালিমাহীৰ কবিʼ কবি হিচাপেও পৰিচিত। অসমীয়া, কাৰ্বি আৰু ইংৰাজী ভাষাত কবিতাৰ চৰ্চা কৰি অহা বিশিষ্ট কবিগৰাকীৰ কেইবাখনো কাব্যগ্ৰন্থই ইতিমধ্যে পঢ়ুৱৈৰ আদৰ লাভ কৰিছে। গীতিকাৰ হিচাপে ধনেশ্বৰ ইংতিয়ে এতিয়ালৈকে কাৰ্বি ভাষাত প্ৰায় ১০০টা গীত ৰচনা কৰিছে। সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৫৫ চনৰ ১ নৱেম্বৰ তাৰিখে বৰ্তমান পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছুৰ পালম ইংতি গাঁৱত ধনেশ্বৰ ইংতিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মহৰি ইংতি আৰু মাতৃ বাছাপী ক্ৰ’। পিতৃ-মাতৃৰ শিক্ষাগত অৰ্হতা নথকাৰ পিছতো তেওঁক পানজুৰি পলাম ইংতি গাঁৱত প্ৰাইমেৰী স্কুলত নাম ভৰ্তি কৰি দিয়াৰ পিছত প্ৰাইমেৰী স্কুলত শিক্ষা গ্ৰহণ কৰে। তাৰপিছত তেওঁ ডেনগাঁও চৰকাৰী হাইস্কুলৰ পৰা ১৯৭২ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৭৮ চনত তেওঁ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ১৯৮১ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

ধনেশ্বৰ ইংতিয়ে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা অসম অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰশাসনিক সেৱাত যোগদান কৰিছিল। তেওঁ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ যুটীয়া পদত অধিষ্ঠিত হৈছিল আৰু ২০১৭ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

ডিফু চৰকাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে তেওঁ কাৰ্বি, অসমীয়া আৰু ইংৰাজী তিনিটা ভাষাত কবিতা, প্ৰবন্ধ, চুটি গল্প, গল্প আৰু কাৰ্বি গীত ৰচনা কৰা আৰম্ভ কৰিছিল। প্ৰথমতে তেওঁ বিদ্যালয় আলোচনীত প্ৰকাশৰ বাবে কাৰ্বি ভাষাত আৰু ডেনগাঁও আৰু ডিফুৰ পৰা প্ৰকাশিত কাৰ্বি মাহেকীয়া আলোচনীত লেখা-মেলা কৰিছিল। পিছলৈ তেওঁ ডেনগাঁও চৰকাৰী উচ্চ বিদ্যালয়ত যোগদান কৰাৰ সময়ত তেওঁ অসমীয়া ভাষাত লিখিবলৈ আৰম্ভ কৰে। তেওঁ ৰাজহুৱা সভা আৰু সাংস্কৃতিক অনুষ্ঠানত উপস্থাপনৰ বাবে কাৰ্বি ভাষাত গীত লিখিবলৈ আৰম্ভ কৰিছিল।[3] বৰ্তমানলৈকে তেওঁ কাৰ্বি ভাষাত ১৯খন গ্ৰন্থ ৰচনা কৰিছে আৰু প্ৰায় ১০০টা গীত লিখিছে।

তেওঁ ইংৰাজী, অসমীয়া আৰু কাৰ্বি ভাষাত প্ৰায় কুৰিটা চুটি গল্প, কবিতা, প্ৰবন্ধ আৰু বহুতো গীত ৰচনা কৰিছে। ইয়াৰ ভিতৰত ' Candle of night, The carol tree, Myth behind the name of Kaziranga, কাৰ্বি ভাষাত Nelunjir, Sipeng, অসমীয়াত বালিমাহী, শিলভেটাৰ সিপাৰে কাঁচিজোনৰ বৰষুণ, জুনেলি, ইসিৰ কণা' ইত্যাদি উল্লেখনীয়।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

ধনেশ্বৰ ইংতিয়ে ২০১৭ চনত কলকাতাৰ সুৰনন্দন ভাৰতীৰ পৰা 'কৃষ্টি নন্দন বঁটা লাভ কৰিছিল।[4] ২০১৮ চনত তেওঁ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা ছেমছনছিং ইংতি বঁটা আৰু অসম চৰকাৰৰ পৰা 'সাহিত্যিক পেঞ্চন' লাভ কৰিবলৈ সক্ষম হৈছিল। সাহিত্যিক ধনেশ্বৰ ইংতি ‘বালিমাহী‘ কবি ৰূপেও বিখ্যাত। ২০২২ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে ধনেশ্বৰ ইংতিক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰে।[5] এই বঁটা তেওঁক "কাৰ্বি আংলঙৰ কাৰ্বি লেখক আৰু কবি হিচাপে তেওঁৰ সেৱাৰ স্বীকৃতিস্বৰূপে থলুৱা ভাষাৰ সংৰক্ষণ আৰু উন্নতিৰ দিশত কাম কৰাৰ বাবে" প্ৰদান কৰা হৈছে।[1]

তথ্য উৎস[সম্পাদনা কৰক]