অসম লোকসেৱা আয়োগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অসম লোকসেৱা আয়োগ
Seal of Assam.svg
আয়োগৰ ৰূপৰেখা
গঠন ১ এপ্ৰিল ১৯৩৭ (1937-04-01)
পূৰ্বৱৰ্তী সংস্থা ৰাজ্যিক লোকসেৱা আয়োগ
লোকসেৱা আয়োগ
ক্ষেত্ৰাধিকাৰ অসম
মুখ্য কাৰ্যালয় অসম লোকসেৱা আয়োগ ভৱন, জৱাহৰনগৰ, খানাপাৰা, অসম
আয়োগ executives দীপক কুমাৰ শৰ্মা, অধ্যক্ষ
প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, সচিব
মুক্তি গগৈ, প্ৰফুল্ল কুমাৰ হুজুৰী, সজলেন্দু দাস লস্কৰ, অজন্তা নাথ, সদস্য
পুবালী গোহাঁই, মুখ্য পৰীক্ষা নিয়ন্ত্ৰক
ৱেবছাইট apsc.nic.in

অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচি অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক লোকসেৱা আয়োগ। অসম চৰকাৰেৰ অধীনৰ বিভিন্ন পদ সমূহৰ বাছনি পৰীক্ষা অসম লোকসেৱা আয়োগে আয়োজন কৰে। অসম অসামৰিক সেৱাৰ বিষয়াৰ নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ গুৱাহাটী মহানগৰৰ খানাপাৰাৰ জৱাহৰ নগৰৰ অসম লোকসেৱা আয়োগ ভৱনত অৱস্থিত। বৰ্তমান ইয়াৰ অধ্যক্ষ অৱসৰ প্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দীপক কুমাৰ শৰ্মা।[1]

১৯৩৭ চনৰ ১ এপ্ৰিল তাৰিখে ভাৰত চৰকাৰ বিধেয়ক, ১৯৩৫ৰ অনুসৰি অসম লোকসেৱা আয়োগৰ স্থাপন কৰা হৈছিল।

ইতিহাস[সম্পাদনা কৰক]

১৯৩৭ চনৰ ১ এপ্ৰিল তাৰিখে ভাৰত চৰকাৰ বিধেয়ক, ১৯৩৫ৰ অনুসৰি অসম লোকসেৱা আয়োগৰ স্থাপন কৰা হৈছিল। তেতিয়া ইংলেণ্ডৰ এগৰাকী অৱসৰ প্ৰাপ্ত ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া জেমছ হেজলেটক ইয়াৰ প্ৰথম অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫১ চনত অসম লোকসেৱা আয়োগৰ নীতি-নিয়ম কিছু সাল-সলনি কৰা হয়। এই সময়ছোৱাত জেমছ হেজলেটৰ পিছত আৰু পাঁচ গৰাকী ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰ প্ৰাপ্ত বিষয়া ভিন ভিন কাৰ্যকালৰ বাবে অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদ অলংকৃত কৰিছিল। ১৯৫১ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ভাৰতৰ সংবিধানৰ ৩১৮ অনুচ্ছেদ মতে অসম লোকসেৱা আয়োগৰ গঠন অসমৰ ৰাজ্যপালে লাভ কৰা ক্ষমতাৰ অধীনত পৰে। একেবছৰে অসম লোকসেৱা আয়োগ (কাৰ্য সীমিতকৰণ) বিধেয়ক সংবিধানৰ অনুচ্ছেদ ৩২০ ৰ দ্বিতীয় দফা অনুসৰি গৃহীত কৰা হয়।

শিক্ষাবিদ কামেশ্বৰ দাসক অসম লোকসেৱা আয়োগৰ প্ৰথম অকাৰ্যকৰী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ ১৯৫২ চনৰ জুলাই মাহলৈ এই পদত অধিষ্ঠিত আছিল।

সাংবিধানিক নীতি[সম্পাদনা কৰক]

অসম লোকসেৱা আয়োগ ভাৰতৰ সংবিধান অনুসৰি গঠন কৰা এক সাংবিধানিক সংস্থা। সংবিধানৰ চতুৰ্দশ অনুসূচীৰ দ্বিতীয় অধ্যায় মতে ইয়াৰ গঠন কৰা হৈছে। ইয়াৰ লগতে ৰাজ্যিক লোকসেৱা আয়োগ যিকোনো প্ৰভাৱৰ পৰা মুক্ত আৰু নিজৰ দায়িত্ব নিৰপেক্ষ ভাবে পালন কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে।

আয়োগৰ অধ্যক্ষ আৰু সদস্য সকল ৰাজ্যৰ ৰাজ্যপালে নিযুক্ত কৰে। অধ্যক্ষ আৰু সদস্য সকলৰ কাৰ্যকাল ছয় বছৰ বা ৬২ বছৰলৈকে যি আগত হয়।

কাৰ্য[সম্পাদনা কৰক]

ভাৰতীয় সংবিধানৰ ৩২০ অনুচ্ছেদত উল্লেখ কৰা মতে অসম লোকসেৱা আয়োগে অসমৰ লোকসেৱাৰ বিষয়া সমূহৰ বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰে। ইয়াৰ মুখ্য কাৰ্য সমূহ হ'ল :

  • ৰাজ্যিক চৰকাৰৰ বিভিন্ন সেৱাত প্ৰত্যক্ষ নিযুক্তিৰ বাবে পৰামৰ্শ দিয়া
  • বিষয়া সমূহৰ পদোন্নতিৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ নাম চৰকাৰক জনোৱা
  • চৰকাৰী কৰ্মচাৰীৰ হিতাৰ্থে চৰকাৰক বিভিন্ন নীতিৰ প্ৰভাৱৰ কথা জনোৱা
  • চৰকাৰী বিভাগসমূহৰ বিভিন্ন পদত নিযুক্তিৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰা
  • অসামৰিক সেৱাৰ বিষয়াৰ নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিবলৈ চৰকাৰক পৰামৰ্শ দিয়া
  • চৰকাৰী কৰ্মচাৰীৰ বেতন সম্পৰ্কীয় বিষয়সমূহৰ বিষয়ে চৰকাৰক পৰামৰ্শ দিয়া
  • চৰকাৰী চাকৰিৰ বিভিন্ন পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা

আয়োগৰ সংগঠন[সম্পাদনা কৰক]

অসম লোকসেৱা আয়োগৰ সংগঠন সময়ে সময়ে সলনি হৈ আহিছে। ১৯৩৭ চনৰ পৰা ১৯৫১ চনলৈ ইয়াৰ এজন অধ্যক্ষ আৰু ২-৩ গৰাকী সদস্য আছিল। ১৯৫১ চনৰ পৰা ১৯৮৬ চনলৈ এগৰাকী অধ্যক্ষ আৰু ছয় গৰাকী সদস্য আছিল। আকৌ ১৯৯১ চনত সদস্যৰ সংখ্যা ১০ জনলৈ বৃদ্ধি কৰা হয়। ২০০৫ চনৰ এক সংশোধন মতে আয়োগৰ এজন অধ্যক্ষ আৰু সাত গৰাকী সদস্য কৰা হৈছে।[2]

তথ্য উৎস[সম্পাদনা কৰক]