পশ্চিম কাৰ্বি আংলং জিলা
পশ্চিম কাৰ্বি আংলং জিলা | |
---|---|
— অসমৰ জিলা — | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | মধ্য অসম |
সদৰ | হামৰেণ |
চৰকাৰ | |
- লোকসভা সমষ্টি | স্বায়ত্বশাসিত জিলা |
- বিধানসভা সমষ্টি | ৪ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 17°21′N 75°10′E / 17.35°N 75.16°E - 18°19′N 76°09′E / 18.32°N 76.15°E |
পশ্চিম কাৰ্বি আংলং জিলা অসমৰ ৩৩ খন জিলাৰ ভিতৰত নতুনকৈ গঠন হোৱা জিলা। কাৰ্বি আংলং জিলাৰ পশ্চিম অংশৰে ২০১৬ চনত এই জিলা আনুষ্ঠানিক ভাবে উদ্ধোধন কৰা হয়।[1] জিলাখন কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এটা অংশ। ইয়াৰ প্ৰশাসনিক কাম-কাজ সংবিধানৰ ষষ্ঠ অনুসুচী মতে চলোৱা হয়।
ভাষা[সম্পাদনা কৰক]
কাৰ্বি ভাষা এই অঞ্চলৰ মুখ্য ভাষা। ইয়াৰ লগতে ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষা এই অঞ্চলত প্ৰচলিত। এই জিলাত কাৰ্বি জনগোষ্ঠীৰ লগতে তিৱা, লালুং, গাৰো, বড়ো ইত্যাদি জনগোষ্ঠীয়ে বসবাস কৰে।
যাতায়ত[সম্পাদনা কৰক]
এই জিলাৰ সদৰ স্থলপথৰ সু ব্যৱস্থা আছে। কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বাছে জিলাৰ সদৰ আৰু আন গুৰুত্বপূৰ্ণ স্থান যেনে গুৱাহাটী, ডিফু, হোজাই ইত্যাদিৰ লগত সংযোগ কৰে। আটাইতকৈ ওচৰৰ ৰে'ল ষ্টেচন হোজাই হামৰেণৰ পৰা প্ৰায় ৪৭ কিঃমিঃ নিলগত অৱস্থিত। লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ পশ্চিম কাৰ্বি আংলং জিলাৰ নিকটবৰ্তী বিমান বন্দৰ।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "West Karbi Anglong district inaugurated", The Assam Tribune, February 11, 2016