ঈয়াৰুইঙ্গম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ঈয়াৰুইঙ্গম  
বেটুপাত
ঈয়াৰুইঙ্গমৰ বেটুপাত
লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
দেশ ভাৰত
ভাষা অসমীয়া, ইংৰাজী, গুজৰাটী, হিন্দী, উৰ্দু, তামিল, মাৰাঠী, তেলেগু
বিষয় নগা জনগোষ্ঠীৰ স্বাধীন আৰু স্বাধীনোত্তৰ সময়
প্ৰকাৰ উপন্যাস
প্ৰকাশক ভাস্কৰ দত্তবৰুৱা, লয়াৰ্ছ কুক ষ্টল; গুৱাহাটী
প্ৰকাশ অক্টোবৰ, ১৯৬০
ইংৰাজীত
প্ৰকাশ
২০০৫ চন
মিডিয়া প্ৰকাৰ মুদ্ৰিত
পৃষ্ঠা সংখ্যা ২৯৫
আই.এচ.বি.এন. 13: 978-81-7331-044-7
পূৰ্বৱৰ্তী নৱম প্ৰকাশ: ২০১০ চন
পৰৱৰ্তী দশম প্ৰকাশ: ২০১১

ঈয়াৰুইঙ্গম (ইংৰাজী: Yaruingam) অসমীয়া সাহিত্য জগতৰ লেখত লবলগীয়া উপন্যাসসমূহৰ মাজত অন্যতম এখন উপন্যাস। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই উপন্যাসৰ ৰচয়িতা। দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা লাভৰ কালছোৱাৰ আগে-পিছে টাংখুল নগা সমাজলৈ অহা বিভিন্ন ঘাট-প্ৰতিঘাটৰ কাহিনী এই উপন্যাসত বৰ্ণিত হৈছে। ঈয়াৰুইঙ্গমে উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠী ভিত্তিক উপন্যাস সমূহৰ মাজত এখন সুকীয়া আসন দখল কৰি আছে। এই উপন্যাসৰ বাবে ৰচক বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যদেৱে ১৯৬১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উপন্যাসখনি প্ৰথম প্ৰকাশিত হৈছিল ১৯৬০ চনত।

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

ড. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৮ অক্টোবৰ, ১৯২৪- ৬ আগষ্ট, ১৯৯৭) অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। তেওঁ ১৯৭৯ চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল। তেওঁ ১৯৬১ চনত ঈয়াৰুইঙ্গম গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল। ১৯৮৩-৮৫ বৰ্ষৰ বাবে তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

চৰিত্ৰ সমূহ[সম্পাদনা কৰক]

মূল চৰিত্ৰ চাৰেংলা। এটা নিগেটিভ চৰিত্ৰ। ৰিশ্বাং, খাটিং, ফানিটফাং, নাজেক, ঙাঠিঙখুই, খুটিংলা, ভিডেচেলী,ডা: ব্ৰুক, ইয়েংমাচ, আটিব, খাইখো, এন‌ভি, অমূল্য, অবিনাশ, পি টম্বী, শ্যামলী, চঞ্চল, জীৱন, কনচেং, ৱাৰামলা, জেমচ্‌, জনাথন, আৰু চাৰেংলাৰ একমাত্ৰ সাৰথি কুকুৰ আবেই।

উপন্যাসখনৰ কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

ইয়াৰুইঙ্গম মানে ৰাইজৰ শাসন। এটা নগা শব্দ। টাংখুল নগা সমাজৰ কিছু ঘাট-প্ৰতিঘাট, উন্নতি অৱনতিৰ সম্যক আঁচোৰ পৰিছে ইয়াত। স্বাধীনতা কালছোৱাৰ আগে-পাছে ইংৰাজ শাসনে সমাজত আনি বিৰূপ প্ৰতিক্ৰিয়া আৰু স্বাধীনতা লাভৰ আশাত উন্মুখ এচাম মানুহৰ নিজৰ মাজতেই টনা আজোঁৰাত দুৰ্বিসহ হৈ উঠিছে জীৱন। চাৰেংলাৰ আঁত ধৰিয়েই উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে। জাপানী সৈনিক ইশ্বেৱৰাৰ ৰক্ষিতা হৈ এবছৰকাল কটোৱাৰ পিছত ইংৰাজ সেনাৰ প্ৰত্যাৱৰ্তনৰ লগে লগেই চাৰংলাৰ জীৱনলৈ দুৰ্য্যোগ নামি আহে। নগা সমাজত পতিতাৰ বাবে কোনো ঠাই নাই। সকলোৰে পুতৌ আৰু ঘৃণাৰ পাত্ৰী হৈ অৱশেষত চাৰেংলাই অজানিতে ঘটনাচক্ৰত পৰি সঁচাসচিকৈ পতিতা হৈ পৰে। আনহাতে ৰিশ্বাঙে নিজৰ সমাজত শিক্ষাৰ পোহৰ বিলাবলৈ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গুচি যায়। দেউতাকৰ মৃত্যুৰ খবৰ লবলৈ উভতি অহা ৰিশ্বাঙে দ্বায়িত্ব আৰু কতৰ্ব্যৰ হাত হাৰিব নোৱাৰি পিতৃহন্তা ঙাঠিঙখুইক ক্ষমা কৰি দিয়াৰ কথাটোৱে নগা সমাজত ৰিশ্বাঙৰ স্থিতি সলনি কৰি দিয়ে। ৰিশ্বাঙেও মানুহৰ মাজত থকা অবাঞ্চিত অসূয়া আক্ৰোশবোৰ আঁতৰাই শিক্ষাৰ জেউতি বিলাবলৈ মানুহৰ মাজত সজাগতা অনাৰ চেষ্টা কৰে। আনহাতে ভিডেচেলীয়ে মুক্তি বিচাৰি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লয়। অপ্ৰকাশ্যভাৱেই ৰিশ্বাং আৰু ভিডেচেলীৰ মাজত এখন অলংঘ্য প্ৰাচীৰ গঢ় লৈ উঠে। স্বাধীনতাৰ পাছতো স্বাধীনতাৰ প্ৰকৃত অৰ্থ নুবুজা অশিক্ষিত হোজা মানুহচামৰ অৱস্থা গুৰিয়াল বিহীন নাৱৰ দৰে হৈছে। ভিডেচেলীৰ অনুচৰৰ হাততেই ভনীজোঁৱায়েক জীৱনৰ মৃত্যু হয়। ৰিশ্বাঙো গুৰুতৰভাৱে আহত হয়। অবৈধ হ’লেও নিজৰ মৃত সন্তানৰ দুখ পাহৰাবলৈ আৰু জীৱনৰ অৰ্থ বিচাৰি চাৰেংলাই সাৰথি কৰি লয় জীৱনৰ পুতেক কনচেঙক। প্ৰেমত প্ৰত্যাখিত ফানিটফাঙে জীৱনৰ শেষ সময়ত উপলব্ধি কৰে জীৱনৰ মাহাত্ম্য। প্ৰাপ্তিয়েই শেষ কথা নহয়। যি ঘটে তাক সহজভাৱে স্বীকাৰ কৰি লব পৰাটোৱেই জীৱনৰ একমাত্ৰ সাফল্য[1]

জীৱনটো ক্ষণিকৰ এটা বিস্ময়- স্ফুলিঙ্গৰ দৰে খন্তেকপৰ প্ৰজ্বলিত হৈ আকৌ সি গুচি যায় কোনো এক অজ্ঞাত অন্ধকাৰৰ ৰাজ্যলৈ। ইয়াৰুইঙ্গমৰ কাহিনীয়ে তাকেই কৈ যায়। জীৱন মৃত্যুৰ এই লুকা ভাকুত একমাত্ৰ সহজ পথ হ’ল শান্তি।

সংস্কৰণ[সম্পাদনা কৰক]

প্ৰথম প্ৰকাশ: অক্টোবৰ, ১৯৬০ চনত। তাৰপাছত ক্ৰমে দ্বিতীয় প্ৰকাশ: জুন, ১৯৬২ চনত; তৃতীয় প্ৰকাশ: ১৯৭২ চনত; চতুৰ্থ প্ৰকাশ: জুলাই, ১৯৯১ চনত; পঞ্চম প্ৰকাশ: ডিচেম্বৰ, ১৯৯৫ চনত; ষষ্ঠ প্ৰকাশ: মাৰ্চ, ১৯৯৮ চনত; সপ্তম প্ৰকাশ: ২০০৩ চনত; অষ্টম প্ৰকাশ: ২০০৮ চনত; নৱম প্ৰকাশ: ২০১০ চনত;

  • দশম প্ৰকাশ: ২০১১
  • প্ৰকাশক: ভাস্কৰ দত্তবৰুৱা, লয়াৰ্ছ কুক ষ্টল; হেম বৰুৱা ৰোড, পাণবজাৰ, গুৱাহাটী।
  • ছপা: এলবিএছ পাব্লিকেশ্বনছ।
  • ISBN: 13: 978-81-7331-044-7
  • ইয়াৰ সৰ্বমুঠ কলেবৰ ২৯৫ পৃ.

অনুবাদ[সম্পাদনা কৰক]

২০০৫ চনত Love in the Time of Insurgency নামেৰে এই গ্ৰন্থৰ লেখকে নিজে কৰা ইংৰাজী অনুবাদ প্ৰকাশ পায়।[2] জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়চম গোস্বামীয়ে এই গ্ৰন্থ উন্মোচন কৰিছিল।[3]

  • গুজৰাটী অনুবাদ: প্ৰজা নু ৰাজ (Īyāruīṅgama : Prajā nuṃ rāja) (অনুবাদক: ভুলাভাই পেটেল)[4]
  • হিন্দী অনুবাদ: প্ৰজা কা ৰাজ (অনুবাদক: মহেন্দ্ৰনাথ ডুবে)[5]
  • উৰ্দু অনুবাদ: লোক ৰাজ (অনুবাদক: বলৰাজ বাৰ্মা)[6]
  • তামিল অনুবাদ: মক্কাল কুৰল (Makkaḷ kural) (অনুবাদক: কেৰোজিনি পাকিয়ামুট্টু)[7]
  • মাৰাঠী অনুবাদ: লোকাঞ্ছে ৰাজ্য (Lokānce rājya) (অনুবাদক: শান্তা শেলাকে)[8]
  • তেলেগু: জনবাহিনী (অনুবাদক: অমৰেন্দ্ৰ)[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ইয়াৰুইঙ্গম: ৰচক বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, অক্টোবৰ, প্ৰকাশ: ১৯৬০ চন।
  2. Worldcat.org-ত উপলব্ধ তথ্য, আহৰণ কৰা তাৰিখ: ১১-০৭-২০১২
  3. Life beyond violence, vendetta. The Hindu. July 15, 2005 আহৰণ কৰা তাৰিখ: ১১-০৭-২০১২
  4. worldcat.org-ৱেবছাইটত উপলব্ধ তথ্য, আহৰণৰ তাৰিখ: ১১-০৭-২০১২
  5. worldcat.org-ৱেবছাইটত উপলব্ধ তথ্য, আহৰণৰ তাৰিখ: ১১-০৭-২০১২
  6. worldcat.org-ৱেবছাইটত উপলব্ধ তথ্য, আহৰণৰ তাৰিখ: ১১-০৭-২০১২
  7. worldcat.org-ৱেবছাইটত উপলব্ধ তথ্য, আহৰণৰ তাৰিখ: ১১-০৭-২০১২
  8. worldcat.org-ৱেবছাইটত উপলব্ধ তথ্য, আহৰণৰ তাৰিখ: ১১-০৭-২০১২
  9. worldcat.org-ত সন্নিবিষ্ট তথ্য. আহৰণ কৰা তাৰিখ: ১১-০৭-২০১২