জয়ন্ত মাধৱ বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
জয়ন্ত মাধৱ বৰা
জন্ম ১৮ আগষ্ট, ১৯৭০
দেৰগাঁও, গোলাঘাট জিলা
পেছা সাহিত্যিক, চৰকাৰী কৰ্মচাৰী
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
মাতৃশিক্ষায়তন যোৰহাট বিজ্ঞান মহাবিদ্যালয়
ডিব্ৰুগড় বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি মৰিয়াহোলা
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা, ২০১৭[1]

জয়ন্ত মাধৱ বৰা অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। আধুনিক অসমীয়া সাহিত্যৰ ধাৰাটোক অন্যতম ৰূপত গঢ়ি তোলা সাহিত্যিক ঔপন্যাসিক, গল্পকাৰ,অনুবাদক,শিশু সাহিত্যিক তথা চিত্ৰ নাট্যকাৰ হিচাপে জয়ন্ত মাধৱ বৰাদেৱ জনাজাত। তেওঁ জাকৈয়া ছোৱালী নামৰ গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা পাইছিল। মৰিয়াহোলা নামৰ উপন্যাসৰ বাবে তেওঁ ২০১৭ চনত সন্মানীয় অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৭০ চনৰ ১৮ আগষ্ট তাৰিখে গোলাঘাট জিলাদেৰগাঁৱত জয়ন্ত মাধৱ বৰাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম দুৰ্গাধৰ বৰা আৰু মাতৃ পুতু বৰা। তেওঁ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা প্ৰাক্ স্নাতক ডিগ্ৰী আৰু যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তদুপৰি তেওঁ তেজপুৰ শিক্ষা মহাবিদ্যালয়ৰ পৰা বি.এড্ ডিগ্ৰীও লাভ কৰে। বৰ্তমান তেওঁ অসম সচিবালয়ৰ শিক্ষা বিভাগৰ এজন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু গুৱাহাটীৰ পাঞ্জাবাৰীৰ বাসিন্দা।

সাহিত্যক কৰ্মৰাজি[সম্পাদনা কৰক]

তেওঁ বৰ্তমান সময়লৈকে ৮খন গল্প সংকলন, ১৩খন উপন্যাস, ৫খন অনুবাদ, ৪খন শিশু সাহিত্য, দূৰদৰ্শন আৰু অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা বহুতো নাটকৰ চিত্ৰনাট্য, চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখাৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো গৱেষণা পত্ৰ পাঠ কৰিছে। তাৰে ভিতৰত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল :

  • মৰিয়াহোলা[2]
  • জাকৈয়া ছোৱালী
  • মায়ং
  • জলপ্ৰপাত
  • শিৰীষ গাছেৰ ছায়া
  • নষ্ট সময়
  • মৃগয়া
  • সুমনাৰ কাৰণে অকণমান সময়
  • আজান-ফকীৰ
  • নামত মাজুলী কহয় সৱে
  • দেও লগা সময়
  • দেওধনি
  • লক্ষ্মীনাথ
  • কথা অৰণ্যক
  • এবাকছ জীৱনী
  • লহৰে লহৰে কঁপে মনৰ যমুনা, ইত্যাদি

মৰিয়াহোলা[সম্পাদনা কৰক]

মৰিয়াহোলাৰ মূল বিষয়বস্তু হ’ল জয়ধ্বজ সিংহৰ দিনত মোগলৰ সৈতে হোৱা যুদ্ধত বন্দী হিচাপে অসমত থাকি যোৱা মুছলমান যুদ্ধবন্দীসকলক ৰখা এখন ঠাই আৰু তাত তেওঁলোকৰ সংগ্ৰাম তথা তেওঁলোকৰ নামেৰে হোৱা ঠাইখনৰ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ কাহিনী। অসম বুৰঞ্জীৰ মতে ধনশিৰি উপত্যকাৰ নামদৈয়াঙত ৰখা ৯০০ মুছলমান যুদ্ধবন্দীক কাঁহ-পিতলৰ কাম কৰিবলৈ দিয়া হৈছিল। কাঁহ-পিতলৰ নিৰ্মাণ কাৰ্যত মৰিয়াই মৰিয়াই কাম কৰিব লগা হৈছিল। সেয়ে তেওঁলোকক মৰিয়া নামেৰে জনা গ’ল। এই মৰিয়াসকলক এদিন ধানখেতিৰ কামত লগা হ’ল। কিন্তু তেওঁলোকে ধানখেতি কেতিয়াও কৰি পোৱা নাছিল আনকি বোকা-পানীত একো কামেই কৰিব নাজানিছিল। কিন্তু ৰজাৰ হুকুম মানি তেওঁলোকে খেতি কৰিবলৈ লাগে। তেওঁলোকে আন খেতিয়কে পথাৰ বোকা কৰা দেখি, নিজৰ সেই কলা নোহোৱা হেতু আৰু হালৰ গৰু নোহোৱা হেতু ৯০০ মৰিয়াই ব্ৰহ্মপুত্ৰ বুকুৰ পৰা বোকা আনি পথাৰত সেইবোৰ পেলাই ধান খেতি কৰিছিল। পিছে তেনেকৈ কৰা খেতিৰ পৰা ৬০০টাহে ডাঙৰি পায়। তেতিয়াৰ পৰাই ‘নশ মৰিয়াৰ ছশ ডাঙৰি’ বুলি এটা অসমীয়া প্ৰৱচনো প্ৰচলিত হ’ল। তাৰ পিছৰ পৰা মৰিয়াসকল তাতে থাকিবলৈ ল’লে আৰু তেওঁলোকে মাটি খান্দি বোকা অনা ঠাইখনৰ নাম মৰিয়াহোলা হ’ল। আৰু বোকা জমা কৰা ঠাইখনৰ নাম বোকাখাত হ'ল। এই ঠাইখন আৰু তাৰ মানুহখিনিৰ কাহিনীকে মূল বিষয়বস্তু হিচাপে লৈ বৰাৰ উপন্যাস খনৰ কাহিনী আগ বাঢ়িছে।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]