ধনশিৰি নদী
| ধনশিৰি নদী | |
| দেশ | |
|---|---|
| প্ৰদেশ | অসম, নাগালেণ্ড |
| উৎস | লাইছাং শৃংগ (Laisang peak) |
| - অৱস্থান | নাগালেণ্ড, উত্তৰ-পূৰ্বাঞ্চল, ভাৰত |
| মোহনা | ব্ৰহ্মপুত্ৰ নদী |
| দৈৰ্ঘ্য | ৩৫২ কিমি (২১৮.৭২ মাইল) |
| অৱবাহিকা | ১,২২০ বৰ্গকিমি (৪৭১.০৪ বৰ্গমাইল) |
ধনশিৰি নদী (ইংৰাজী: Dhansiri River) হৈছে অসমৰ গোলাঘাট জিলা আৰু নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ মুখ্য নদী। এই নদীখন নাগালেণ্ডৰ লাইছাং শৃংগ (Laisang peak)ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৩৫২ কিঃমিঃ। ই দক্ষিণৰ পৰা উত্তৰলৈ বৈ গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ। এই নদীৰ অৱবাহিকাৰ মুঠ কালি হৈছে ১২২০ বৰ্গ কিঃমিঃ।[1]
নামৰ উৎপত্তি
[সম্পাদনা কৰক]ধনশিৰি নদীখন ডিমাচাসকলৰ মাজত ডিমা (Dima) নামেৰেও পৰিচিত। ইতিহাসবিদ এডৱাৰ্ড গেইটে উল্লেখ কৰিছে যে ডিমা শব্দৰ অৰ্থ ডাঙৰ নদী আৰু এই নামটো বিশেষকৈ ধনশিৰি নদীৰ ক্ষেত্ৰত ব্যৱহৃত হৈছিল। আনহাতে, আহোমসকলে নদীখনক নাম-টিমা (Nam-tima) বুলি উল্লেখ কৰিছিল।[2][3]
ডিমাচা ৰাজ্যৰ ৰাজধানী আছিল ডিমাপুৰ। এই স্থানৰ নাম ধনশিৰি নদীৰ নামৰ পৰাই উদ্ভৱ হোৱা বুলি ব্যাখ্যা কৰা হৈছে। ডিমাপুৰ নামটো ডিমাচা-কছাৰী ভাষাৰ তিনিটা শব্দৰ সমন্বয়ত গঠিত—দি (di) অৰ্থাৎ পানী, মা (ma) অৰ্থাৎ ডাঙৰ আৰু পুৰ (pur) অৰ্থাৎ বসতি।[4]
ঐতিহাসিক গতিপথ
[সম্পাদনা কৰক]ভূ-আকৃতিবৈজ্ঞানিক প্ৰমাণসমূহে দেখুৱায় যে ধনশিৰি নদীৰ নামনি অংশৰ গতিপথ অতীতত বৰ্তমানৰ তুলনাত যথেষ্ট পৃথক আছিল। যোগেন্দ্ৰ নাথ শৰ্মা আৰু সংগীতা শৰ্মাৰ গৱেষণা অনুসৰি, গেলাবিল (Gelabil) হৈছে দক্ষিণ ধনশিৰিৰ এখন প্ৰায় পূব–পশ্চিমমুৱা, সামান্য সৰ্পিলাকাৰ উপনৈ। পূৰ্বৰ নদীব্যৱস্থাত ধনশিৰিয়ে গেলাবিলৰ পানী গ্ৰহণ কৰাৰ ঠিক পিছতে পশ্চিমমুৱা হৈ বৰ্তমানৰ মৰা ধনশিৰি নদীৰ সুঁতিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছিল।[5] সেই সময়ত কুৰাবাহী (Kurabahi)ৰ পৰা ধনশিৰিমুখলৈ বৰ্তমানৰ উত্তৰ-পশ্চিমমুৱা নামনি ধনশিৰিৰ গতিপথটো নাছিল। বৰ্তমান এই গতিপথেৰেই ধনশিৰি নদী ব্ৰহ্মপুত্ৰ নদত মিলিত হৈছে।
শৰ্মা আৰু শৰ্মাই আগবঢ়োৱা ব্যাখ্যা অনুসৰি, বমডিলা চ্যুতি (Bomdila Fault)ৰ কাষত হোৱা ভূ-গাঠনিক চলনৰ ফলত চ্যুতিৰ পূবফালৰ ভূমি অৱনমিত হৈছিল। ইয়াৰ ফলত ধনশিৰি নদীৰ পূৰ্বৰ পশ্চিমমুৱা গতিপথ বাধাপ্ৰাপ্ত হয় আৰু নদীখনে নিজৰ সুঁতি সলনি কৰি বৰ্তমানৰ উত্তৰ-পশ্চিমমুৱা পথেৰে প্ৰবাহিত হ'বলৈ ধৰে। নদীৰ এইদৰে পুৰণি সুঁতি এৰি নতুন গতিপথ গ্ৰহণ কৰা প্ৰক্ৰিয়াক নদীৰ সুঁতি পৰিৱৰ্তন (avulsion) বোলা হয়। পৰিত্যক্ত পশ্চিমমুৱা সুঁতিটো বৰ্তমান মৰা ধনশিৰি হিচাপে বৰ্তি আছে।[5]
জীৱ জগত
[সম্পাদনা কৰক]ধনশিৰি নদীখন কাৰ্বি আংলং জিলা আৰু নাগালেণ্ড সীমান্তয়েদি বৈ আহোঁতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত বিভিন্ন জীৱ-জন্তু পোৱা যায়। ইয়াৰ একাষে ধনশিৰি সংৰক্ষিত বনাঞ্চল আৰু আনটো কাষত ইণ্টাঙ্কি ৰাষ্ট্ৰীয় উদ্যান (Intanki National Park).[6] ৰাষ্ট্ৰীয় উদ্যান আৰু ধনশিৰি নদীৰ পাৰত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ পোৱা যায়।[7]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Geography of Golaghat". Government of Assam. http://golaghat.gov.in/geograph.htm। আহৰণ কৰা হৈছে: 2007-12-21.
- ↑ Gait, Edward Albert (1906). A History of Assam. প্ৰকাশক Calcutta: Thacker, Spink & Co.. https://archive.org/details/historyofassam00gait.
- ↑ Borua, Gopal Chandra. Ahom-Assamese-English Dictionary. প্ৰকাশক Calcutta. পৃষ্ঠা. 40. https://digital.soas.ac.uk/content/AA/00/00/06/16/00001/pdf.pdf.
- ↑ Bathari, Uttam (2014). Memory History and Polity: A Study of Dimasa Identity in Colonial Past and Post Colonial Present (Ph.D.). Gauhati University. pp. 17–18.
- 1 2 Sarma, Jogendra Nath; Sharma, Sangeeta (2018). "Neotectonic activity of the Bomdila Fault in northeastern India from geomorphological evidences using remote sensing and GIS". Journal of Earth System Science খণ্ড 127 (8): 113. doi:10.1007/s12040-018-1008-2.
- ↑ Choudhury, A.U. (2009). A Naturalist in Karbi Anglong. Revised 2nd edn. (1st pub. 1993), Gibbon Books, Guwahati, India. 152pp.
- ↑ "Brief documentation of Dhansiripar Block". Government of Nagaland. Archived from the original on 2007-06-27. http://dimapur.nic.in/files/dhansiripar.html। আহৰণ কৰা হৈছে: 2007-12-21.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Source Geography of India( Majid Hussain, TMH)
- Wetlands along the Dhansiri River channel, Assam - A paper by MK Dutta and P Kotoky
- BBC Report:Marching on to Laffan's Plain - Chapter 12 by Alan Shaw
- Xobdo.Org Encyclopaedia entry on Dhansiri
- Nagaland Pollution Control Board's NWMP entry on water quality levels of the Dhansiri River Archived 2018-06-02 at the Wayback Machine
| ||||||||||||||||||||