সমললৈ যাওক

ডিব্ৰু নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিব্ৰু নদী
দেশ  ভাৰত
প্ৰদেশ অসম

ডিব্ৰু নদী (ইংৰাজী: Dibru River) হৈছে ব্ৰহ্মপুত্ৰৰ উপনদী। অসমৰ বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ খেৰেম নামৰ ঠাইত ডিব্ৰু নদীৰ উৎপত্তি হৈছে। এই নদীখন ডিব্ৰুগড় জিলাব্ৰহ্মপুত্ৰৰ লগ লাগিছে।

ডিব্ৰু নদীখন তিনিচুকীয়া জিলাৰ পূব সীমাৰ বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজৰ খেৰেম নামৰ ঠাইৰ পৰা ডিব্ৰুজান নামেৰে ওলাই তাৰ পৰা ডুমডুমা, বালিজান, চাবুৱা হৈ ডিব্ৰুগড় নগৰ পৰা ১৮ কি:মি: পূবত ব্ৰহ্মপুত্ৰত পৰিছে।

ডিব্ৰুৰ উপনৈ

[সম্পাদনা কৰক]

ডুমডুমা নৈ

[সম্পাদনা কৰক]

তিনিচুকীয়া জিলাৰ দুৱাৰমৰা সংৰক্ষিত বনৰ ভিতৰত ন দিহিং নৈৰ এটা সুতি ওলায় বৰদুমচা, ডুমডুমা হৈ বৰডুবি চাহবাগিছা পায়। তাৰ পাচত ডুমডুমা নৈ লগ লাগি বিছাকুপি চাহবাগিছাৰ দক্ষিণেদি ৪ কি:মি: আহি ডুমডুমা চহৰত ডিব্ৰু নৈত পৰিছে।

ডাঙৰি নৈ

[সম্পাদনা কৰক]

ডুমডুমাৰ টঙনা গাঁও চাহবাগিছাৰ পশ্চিমৰ লিটংবিলৰ পৰা ওলাই উত্তৰ পশ্চিমমুৱা হৈ ১২ কি:মি: আহি কাকপথাৰ হৈ ডাঙৰি গাঁৱৰ পৰা সদাশিৱ চাহবাগিছাৰ কাষেৰে ঢলা নৈৰ লগ হৈ ফুল বাৰী নামলৈ টৰং চাহবাগিছাৰ উত্তৰেদি ১০ কি:মি: ভটিয়াই ৰাইডাং বিলত সোমাই ডিব্ৰু নৈত পৰিছে।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]