সমললৈ যাওক

ভোগদৈ নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভোগদৈ নদী
দেশ  ভাৰত
জিলা যোৰহাট
উৎস নগা পাহাৰ
মোহনা ব্ৰহ্মপুত্ৰ নদ

ভোগদৈ নদী (ইংৰাজী: Bhogdoi River) ব্ৰহ্মপুত্ৰ নদৰ এখন দক্ষিণ বাহিনী উপনদী। নগা পাহাৰৰ পৰা উৎপত্তি হৈ ই যোৰহাট চহৰৰ মাজেদি প্ৰবাহিত হৈছে আৰু অন্য এখন নদীৰ সৈতে মিলিত হৈ নদীখনৰ নাম গেলাবিল হৈ যায় আৰু ব্ৰহ্মপুত্ৰত লগ লাগে। পূৰ্বতে ভোগদৈ নদী খনৰ নাম আছিল দিচৈ।[1][2] ইয়াৰ পুৰণা সুঁতিটো বৰ্তমান মৰিদিচৈ নামেৰে জনাজাত। মৰিদিচৈ সুঁতিটো বৰ্তমান যোৰহাট জিলাৰ উত্তৰ-পশ্চিম দিশ হৈ গোলাঘাট জিলাৰ দেৰগাঁৱৰ উত্তৰ দিশৰ বাঁহগুৰি, টায়ুং, দানিচাপৰি মিচিং, গঁড়মৰা, লেঙেৰা চাপৰি, চাৰহ মিচিং, খকন্দগুৰি, চুমনীয়া, ওপৰ টেমেৰা (দেশৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কমলা মিৰিৰ জন্মস্থান)হৈ বোকাখাট মহকুমাৰ ৰঙাগড়া নামে ঠাইত গেলাবিলৰ লগত মিলিত হৈছে। এই মৰিদিচৈ সুঁতিটোৱে অতীতৰ দিচৈ নদীৰ অস্তিত্ব আজিও বহন কৰি আছে। যোৱা কেইবছৰমানৰ পৰা ভোগদৈ নদীখন যথেষ্ট প্ৰদূষিত হৈ পৰিছে।[3][4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]