সমললৈ যাওক

দেও লাংখুই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেও লাংখুই  

গ্ৰন্থখনৰ বেটুপাত
লেখক ড॰ ৰীতা চৌধুৰী
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক জ্যোতি প্ৰকাশন
প্ৰকাশ ফেব্ৰুৱাৰী, ২০০৫
মিডিয়া প্ৰকাৰ মুদ্ৰণ

দেও লাংখুই হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস। দেও লাংখুই মানে দেও লগা তৰোৱাল। ইয়াত জোঙাল বলহুৰ হাতত থকা দেও লাংখুইৰ কথা কোৱা হৈছে। উপন্যাসখনত তিৱাসমাজৰ সমাজ-সংস্কৃতিৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰা হৈছে। ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে। এই উপন্যাস খনে ২০০৮ বৰ্ষত সাহিত্য অকাডেমি বঁটা লাভ কৰে।

লেখকৰ পৰিচয়

[সম্পাদনা কৰক]

ড॰ ৰীতা চৌধুৰী (জন্ম: ১৭ আগষ্ট,১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা।[1][2] তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী।

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

কাহিনীৰ মূল চৰিত্ৰ বুলিবলৈ হ’লে আবি কনচাৰীৰ নাম লব লাগিব। আবি কনচাৰীৰ পূৰ্বৰ নাম আছিল চন্দ্ৰপ্ৰভা। চন্দ্ৰপ্ৰভাক তেওঁৰ পতি প্ৰতাপসিংহই মিছা সন্দেহৰ বশৱৰ্তী হৈ গোভাৰজা সাধুকুমাৰৰ লগত নিৰ্বাসন দিয়ে। চন্দ্ৰপ্ৰভাই গোভা সমাজৰ লগত মিলি যায় আৰু সেই সমাজৰ নিয়মমতে আবি কনচাৰী নাম লয়। নিৰ্বাসনৰ আবি কনচাৰী অন্তঃসত্তা আছিল আৰু তেওঁ গোভাৰাজ্যত এটা পুত্ৰসন্তানৰ জন্ম দিয়ে। সন্তানটোৰ নাম ৰখা হয় আৰিমত্ত বা মৃগাংক। আৰিমত্তৰ খলা ৰাজ্যৰ ৰাণী গংগাৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। কিন্তু সামাজিক বাধা নিষেধৰ বাবে তেওঁলোকৰ মাজত বিবাহ সম্ভৱ হৈ নুঠিল। এই কথাত ক্ষোভিত হৈ আৰিমত্তই কমতাপুৰৰ সিংহাসন অধিকাৰ কৰি তাতেই থকাৰ সিদ্ধান্ত লয়। তেওঁ কমতাপুৰৰ মন্ত্ৰী নীলকান্তৰ জী ৰত্নাৱলীক বিয়া কৰায়। তেওঁলোকৰ ৰত্নসিংহ আৰু লখাইতৰা নামৰ দুটি সন্তান জন্ম হয়। কিন্তু ৰত্নাৱলীৰ পূৰ্বৰ প্ৰেমিক ফেংগুৱা কোৱঁৰৰ চক্ৰান্তত আৰিমত্তই প্ৰতাপসিংহৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰে। এই সুযোগতে ফেংগুৱা কোৱঁৰে ৰত্নাৱলীক হত্যা কৰি লখাইতৰাক লৈ পলাই যায়। ইপিনে আৰিমত্ত আৰু প্ৰতাপসিংহৰ মুখামুখি যুদ্ধত প্ৰতাপসিংহ আহত হয়। কিন্তু প্ৰতাপসিংহই আৰিমত্তক নিজৰ পুত্ৰ বুলি চিনি পায়। কিছুদিন পিছত প্ৰতাপ সিংহৰ মৃত্যু হয় আৰু তেওঁ মৃত্যুৰ আগে আগে গোটেই ৰাজ্য আৰিমত্তক গতাই যায়। কিন্তু কমতাপুৰৰ ঘটনাবোৰ শুনি আৰিমত্ত শোকস্তব্ধ হৈ পৰে আৰু এখন গাঁও পাতি সন্ন্যাসীৰ দৰে সাধাৰণ জীৱন যাপন কৰে। গংগাৱতীৰ আৰিমত্তৰ ফালৰ পৰা জোঙাল বলহু বা মৃগাংক নামৰ এটা পুত্ৰসন্তান জন্ম হৈছিল। জোঙালে ডাঙৰ হৈ ৰাজ্যবিস্তাৰ কৰিব গৈ দেউতাকৰ গাঁও আক্ৰমণ কৰে আৰু দেউতাক আৰিমত্তক হত্যা কৰে। ইয়াৰ পিছত এদিন কছাৰী ৰজাৰ চক্ৰান্তৰ বলি হৈ জোঙালে নিজৰ দেও লাংখুইখন হেৰুওৱাৰ লগতে প্ৰাণ বিসৰ্জন দিব লগা হয়। জোঙালে মৃত্যুৰ সময়ত পুত্ৰ বুবাউক সাধুকুমাৰ আৰু আবি কনচাৰীৰ হাতত এৰি যায়।[3]

এই উপন্যাসখনৰ জৰিয়তে ৰীতা চৌধুৰীয়ে ২০০৬ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে।[4] আৰু ২০০৮বৰ্ষত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[5][6][7][8]

লগতে চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Literary feats lauded". The Assam Tribune. (Monday, December 29, 2008). Archived from the original on 2012-02-19. https://web.archive.org/web/20120219170116/http://www.assamtribune.com/scripts/details.asp?id=dec2908%2FCity2 আহৰণ কৰা হৈছে: 2009-10-22.
  2. "Chowdhury, Narzary given Akademi award". The Assam Tribune. (Wednesday, February 18, 2009). Archived from the original on 2012-02-19. https://web.archive.org/web/20120219170112/http://www.assamtribune.com/scripts/details.asp?id=feb1809%2Fat05 আহৰণ কৰা হৈছে: 2009-10-22.
  3. দেও লাংখুই,নৱম প্ৰকাশ,জুলাই,২০১২
  4. "Chowdhury, Narzary given Akademi award". The Assam Tribune. February 18, 2009. Archived from the original on 2012-02-19. https://web.archive.org/web/20120219170112/http://www.assamtribune.com/scripts/details.asp?id=feb1809%2Fat05 আহৰণ কৰা হৈছে: 2009-10-22.
  5. "Sahitya Akademi Awards for Choudhury, Narzary". 2008-12-23. Archived from the original on 2012-10-26. https://web.archive.org/web/20121026061213/http://www.highbeam.com/doc/1P3-1617166911.html আহৰণ কৰা হৈছে: 2009-07-08.
  6. Editor, Assam Times (2008-12-23). "Sahitya Academy award to 2 Assamese litterateurs". Archived from the original on 2011-07-25. https://web.archive.org/web/20110725022542/http://www.assamtimes.org/knowledge-development/2474.html আহৰণ কৰা হৈছে: 2009-08-02.
  7. Bhattacharjee, Subhamoy (2009-01-26). "Royal allowance to community kings of Assam". http://www.merinews.com/catFull.jsp?articleID=156608 আহৰণ কৰা হৈছে: 2009-08-02.
  8. "Literary feats lauded". The Assam Tribune. December 29, 2008. Archived from the original on 2012-02-19. https://web.archive.org/web/20120219170116/http://www.assamtribune.com/scripts/details.asp?id=dec2908%2FCity2 আহৰণ কৰা হৈছে: 2009-10-22.