পপীয়া তৰাৰ সাধু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


পপীয়া তৰাৰ সাধু উপন্যাসিক ৰীতা চৌধুৰীৰ এক অনৱদ্য সৃষ্টি।[1] সাংবাদিকতাৰ সপোনেৰে গুৱাহাটীলৈ বুলি জাৰ্নালিজম পঢ়িবলৈ অহা জেউতী নামৰ এজনী সহজ-সৰল গাৱলীয়া ছোৱালী কেনেদৰে বাতৰি-কাকতৰ সম্পাদক এজনৰ কামনাৰ বলি হ'ব লগা হৈছিল তাৰ সুন্দৰ বৰ্ণনা আছে। উপন্যাসখনি বাস্তৱধৰ্মী আৰু বৰ্তমান সময়ৰ সৈতে খাপখোৱা। পুৰ্বৰংগ নামৰ এটি নাট্যগোষ্টীয়ে ইয়াৰ এটা নাট্যৰূপ প্ৰকাশ কৰি প্ৰদৰ্শন কৰিছিল।[2]

কাহিনী[সম্পাদনা কৰক]

জেউতি এজনী সপোন দেখি ভাল পোৱা যুৱতী৷ তাই এগৰাকী সাহিত্যিক তথা প্ৰখ্যাত সাংবাদিক হোৱাৰ সপোন দেখিছিল৷ সেয়ে নিজৰ সৰু ঠাইখনৰ পৰা ওলাই যাব বিচাৰিছিল৷ তাইৰ লিখাৰ আদৰ্শ আছিল অপৰ্ণা নামৰ এগৰাকী লেখিকা৷ সেই অপৰ্ণাক আগত ৰাখি জেউতিয়ে কবিতা, গল্প-প্ৰবন্ধ আদি লিখিছিল৷ তাইৰ আন এক আদৰ্শ আছিল প্ৰখ্যাত সাংবাদিক লেখক সুবিমল ফুকন। এদিন কলেজৰ অনুষ্ঠানত তাই সুবিমল ফুকনক লগ পাইছিল৷ ফুকনে তাইক মহানগৰীলৈ নিমন্ত্ৰণ কৰি গৈছিল। কলেজীয়া পঢ়া সামৰি, ঘৰৰ আৰু অপৰ্ণাৰ বাধা নেওচি তাই সাংবাদিকতাত স্নাতকোত্তৰ কৰিবৰ বাবে ঘৰৰ পৰা গুৱাহাটীলৈ গুচি আহিছিল৷[3]

গুৱাহাটীলৈ আহি তাই সুবিমল ফুকনক লগ পাইছিল৷ সুবিমল ফুকনৰ সম্পাদনাত প্ৰকাশ পোৱা এখন কাকতত তাই নিয়মীয়াকৈ লেখিবলৈ সুবিধা পাইছিল৷ একেদৰে আন কাকত আলোচনীতো লিখিবলৈ আৰম্ভ কৰিছিল৷ এনেদৰেই লাহে লাহে তাই বিখ্যাত হোৱাৰ পথত আগবাঢ়িছিল৷ তাইৰ সপোন বাস্তৱত পৰিণত হৈছিল যদিও তাই বহুতো হেৰুৱাব লগীয়াও হৈছিল৷ সুবিমল ফুকনে তাইক প্ৰতাৰণা কৰিছিল। শেষত তাই এটা ৰাজনৈতিক দলৰ লাভালাভৰ বাবে প্ৰাণ দিবলগীয়া হৈছিল৷[3]

লগতে চাওক[সম্পাদনা কৰক]

  1. দেও লাংখুই (২০০৫)
  2. মাকাম (২০১০)
  3. মায়াবৃত্ত

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]