সমললৈ যাওক

জোঙাল বলহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জোঙাল বলহু (ইংৰাজী: Jungal Balahu); ১৩৬৫-১৩৮৫ চনৰ আশে-পাশে মধ্যযুগীয় উত্তৰ-পূব ভাৰতৰ এজন তিৱা ৰজা আছিল।[1] ৰাজ্যখন অসম ৰাজ্যৰ বৰ্তমানৰ ৰহাত আছিল।[2] তেওঁ তিৱা জনগোষ্ঠীৰ লোক সকলক শাসন কৰিছিল। জোঙাল বলহু গড়ত তেওঁৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।[3][4][5][6][7]

জোঙাল বলহুৰ প্ৰতিমূৰ্তি।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৪১৫-১৪৪০ চনত জোঙাল বলহু মৃগংক নামেৰেও পৰিচিত আছিল। তেওঁ ১৩৬৫-১৩৮৫ চনৰ কামতা ৰাজ্যৰ গংগাৱতী আৰু অৰিমত্তৰ পুত্ৰ।[8] বড়ো-ভূঞাৰ শাসন কালত চন্দ্ৰপ্ৰভা/খোঞ্চৰী আৰু প্ৰতাপ সিংহ/মায়ামত্তৰ পুত্ৰ আছিল। এই কথা দেও লাংখুই গ্ৰন্থত বৰ্ণনা কৰা হৈছে। ১৩০৫-১৩২৫ চনত প্ৰতাপ সিংহ/প্ৰতাপ ধ্বজ আহোম বংশৰ পৰা কামতা ৰাজ্যৰ শাসক আছিল।[9][10][11][12] তেওঁ অসমৰ ৰহাৰ ওচৰৰ ছহৰীত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।

কমতা ৰাজ্যৰ শেষৰজন ৰজা

[সম্পাদনা কৰক]

তেওঁৰ ৰাজধানী নগাঁও জিলাৰ মৌজাত আছিল। নগাঁৱৰ ৰহাৰ ওচৰত জোঙাল বলহুৰ গড় নামে এটি পুৰণি গড় এতিয়াও দেখিবলৈ পোৱা যায়। জোঙাল বলহুৰ ৰাজ্যৰ ওচৰত তিৱা কছাৰী বিলাকৰ ৰাজ্য আছিল। সেয়ে কছাৰী সকলৰ লগত তেওঁৰ প্ৰায়ে কাজিয়া হৈছিল। এনে এখন কাজিয়াতে তেওঁৰ মৃত্যু হৈছিল।[2]

জোঙাল বলহুৰ নামৰ লগত নগাঁও জিলাৰ কেইবাখনো ঠাইৰ নাম জড়িত হৈ আছে। কছাৰীৰ লগত কোনো এখন যুঁজত হাৰি এওঁ পলাই গৈছিল। পলাই যাওঁতে কলঙৰ পাৰৰ ৰহাত জঙ্গল বলাহু পানী পিবলৈ ‘বহিছিল’ অৰ্থাৎ জিৰাইছিল, পানীৰে ভটিয়াই যাওঁতে হেনো জাগীৰ ওচৰত ‘জাগিছিল’, অৰ্থাৎ পানীৰ পৰা তীৰত উঠিছিল। অৱশেষত কাজলি মুখত হেনো কাজলি বাঁহৰ কাঁড়ৰ আঘাতত তেওঁ মৃত্যুবৰণ কৰে।[2] আন কিছুমানৰ মতে, আৰিমত্তৰ ৰাজ্য আক্ৰমণ কৰি আৰিমত্তক বধ কৰাৰ পিছত হেনো আৰিমত্তৰে আন এজন পুতেক ৰত্নসিংহৰ হাতত জোঙাল বলহুৰ মৃত্যু হয়।[2]নগাওঁ জিলাত জোঙাল বলহুক লৈ বুঢ়া মেথাসকলৰ মাজত এটি গীত শুনিবলৈ পোৱা যায়। গীতটি দীঘলীয়া। কালৰ বুকুত হেৰাই যাবলৈ ধৰা গীতটি লোকসংস্কৃতিৰ অনুসন্ধানকাৰী ৰুদ্ৰ ডেকাই সংগ্ৰহ কৰি ১৯৮০ চনৰ অসম সাহিত্য সভাৰ সপ্তচত্বাৰিংশ ৰহা অধিবেশনৰ স্মৃতি গ্ৰন্থ "ৰহাৰ ৰহদৈ"ত স্থান দিছিল। তেখেত ১৯৪৩ চনৰ পৰা ১৯৪৬ চনলৈ "নিখিল ভাৰত শিপিনী সঙ্ঘ"ৰ কৰ্মী হিচাপে ধৰমতুল,জাগি,মায়ং আদি অঞ্চলবোৰ ঘূৰি ফুৰুতে গঞাৰ মুখৰ পৰা জোঙাল বলহুৰ বিষয়ে অনেক ফকৰা যোজনা আৰু এই গীতটো সংগ্ৰহ কৰিছিল। গীতটো সাত খলপিয়া গড় বান্ধি ৰাজত্ব কৰা জোঙালৰ বিৰত্বৰ কথাৰে আৰম্ভ হৈ জোঙালৰ মৃত্যৰ কৰুণ কাহিনীৰে সমাপ্ত হৈছে।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Jongal Balahu statue" (en ভাষাত). Assam Times. 2014-08-01. https://assamtimes.org/node/11428 আহৰণ কৰা হৈছে: 2022-10-30.
  2. 1 2 3 4 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১৪, ১৫.
  3. Das, Mukut (March 3, 2022). "50cr facelift for Assam's Jongal Balahu" (en ভাষাত). The Times of India. http://timesofindia.indiatimes.com/articleshow/89957246.cms?frmapp=yes&from=mdr&utm_source=contentofinterest&utm_medium=text&utm_campaign=cppst আহৰণ কৰা হৈছে: 2022-10-30.
  4. "Assam: Jongal Balahu Rampart to be converted into tourist destination, says CM Himanta Biswa Sarma" (en-US ভাষাত). ThePrint. 2022-03-20. https://theprint.in/india/assam-jongal-balahu-rampart-to-be-converted-into-tourist-destination-says-cm-himanta-biswa-sarma/881154/ আহৰণ কৰা হৈছে: 2022-10-30.
  5. "Asia's Premier News Agency - India News, Business & Political, National & International, Bollywood, Sports" (en ভাষাত). www.aninews.in. Archived from the original on 2019-07-30. https://web.archive.org/web/20190730135357/https://www.aninews.in/ আহৰণ কৰা হৈছে: 2022-10-30.
  6. "Jongal Balahu" (en-US ভাষাত). NE India Broadcast. https://neindiabroadcast.com/tag/jongal-balahu/ আহৰণ কৰা হৈছে: 2022-10-30.
  7. "Jungal Balahu Garh". assamtourism.gov.in. https://assamtourism.gov.in/Destinations/Otherplaces/JungalBalahuGarh আহৰণ কৰা হৈছে: 2022-10-30.
  8. "The Great Tiwa King, Brave warrior "Jongal Balahu"". The Bodo Tribe 18. https://thebodotribe.blogspot.com/2016/01/the-great-tiwa-king-brave-warrior.html আহৰণ কৰা হৈছে: 2022-10-30.
  9. "Old Ruins Excavated at Jungal Balahu, Raha". ignca.gov.in. https://ignca.gov.in/online-digital-resources/archaeological-sites/assam/old-ruins-excavated-at-jungal-balahu-raha/ আহৰণ কৰা হৈছে: 2022-10-30.
  10. Experts, Arihant (2019-07-22) (en ভাষাত). Know Your State Assam. Arihant Publications India limited. ISBN 978-93-131-9708-9. https://books.google.com/books?id=hhrzDwAAQBAJ&dq=Jongal+Balahu&pg=PA35.
  11. (en ভাষাত) Assam Information. Directorate of Information & Public Relations.. 1981. https://books.google.com/books?id=W7e1AAAAIAAJ&dq=Jongal+Balahu&pg=RA3-PA33.
  12. "Meaning Jongal Balahu". www.xobdo.org. http://www.xobdo.org/dic/Jongal%20Balahu আহৰণ কৰা হৈছে: 2022-10-30.
  13. ৰহাৰ ৰহদৈ, স্মৃতি গ্ৰন্থ, অসম সাহিত্য সভাৰ সপ্তচত্বৰিংশ ৰহা অধিবেশন, ১৯৮০, সম্পাদক: ড॰ কলিতা নৰেন, প্ৰবন্ধ: জোঙাল বলহুৰ গীত, ডেকা ৰুদ্ৰ, পৃষ্ঠা:-১-৫
  • Narasimha and Emenyouin : African Literature Comes of Age, 1988,p 1-3
  • Richard M Dorson : Folklore and Folklife,1972,p-2
  • Padmanath Gohain Barua : Assam Buranji Buranji
  • Pratap Chandra Choudhury: History of Civilization of the people of Assam to the 12th century AD,p26
  • Dharma Singh Deka : Rahar Regoni, Jyotirekha Nagaon,1980
  • Maneswar Dewri : Tiwa Janajati aru Bhasar Itihas, Tribal Research Institute, Guwahati, Assam,1991