প্ৰফুল্ল দত্ত গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰফুল্ল দত্ত গোস্বামী
জন্ম ১৯১৯ চন
অসম
মৃত্যু ১৯৯৪
পেচা সাহিত্যিক, ঔপন্যাসিক, লোক-সংস্কৃতিবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি কেঁচা পাতৰ কঁপনি

প্ৰফুল্লদত্ত গোস্বামী (১৯১৯-১৯৯৪) একাধাৰে ঔপন্যাসিক, প্ৰবন্ধকাৰ, লোক-সংস্কৃতিৰ গৱেষক আৰু অধ্যাপক। অসমৰ লোক-সংস্কৃতিক বিষয় ৰূপে লৈ তেখেতে প্ৰস্তুত কৰা গৱেষণা নিবন্ধখনেই অসমৰ প্ৰথমখন থেছিছ।[1] এইখনৰ বাবে তেখেতে ১৯৫৫চনত ডি ফিল উপাধি লাভ কৰে। ১৯৬০চনত লোক-সংস্কৃতি বিষয়ত ইংৰাজী ভাষাত ৰচিত তেখেতৰ Ballads and Tales of Assam গ্ৰন্থই আন্তৰ্জাতিক স্বীকৃতি লাভ কৰে। তেখেতে জীৱনী, ভ্ৰমণ কাহিনী, পক্ষী-নীৰিক্ষণ বিষয়ক গ্ৰন্থৰ লগতে উপন্যাসো ৰচনা কৰিছে। প্ৰফুল্লদত্ত গোস্বামীৰ কেঁচা পাতৰ কঁপনি উপন্যাসখন অসমীয়া সাহিত্যৰ এখন বহুপঠিত গ্ৰন্থ।

জন্ম[সম্পাদনা কৰক]

প্ৰফুল্লদত্ত গোস্বামীৰ জন্ম ১৯১৯চনত দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত।

শিক্ষা আৰু কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৪০ চনত কটন কলেজৰপৰা ইংৰাজী সাহিত্যত অনাৰ্ছসহ বি.এ পৰীক্ষা পাছ কৰে। আৰ্থিক অনাটনৰ বাবে বি এ পাছ কৰিয়েই শ্বিলঙত শিক্ষকতা কৰে আৰু চৰকাৰী প্ৰচাৰ বিভাগ আৰু সচিবালয়ত কাম কৰে। এইখিনি সময়তে তেখেতে লিখা নিবন্ধ বোম্বাইৰ পি ই এন ( PEN ) আলোচনী আৰু মচুলিপট্টমৰ ত্ৰিবেণী আলোচনীত প্ৰকাশ হয়। পৰৱৰ্তী সময়ত তেওঁ কলিকতাত এম.এ পঢ়িবলৈ যায়। ১৯৪৪ চনত তেওঁ এম.এ. ডিগ্ৰী লাভ কৰি কেইমাহমান যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আৰু প্ৰায় তিনি বছৰ কটন মহাবিদ্যালয়ত অধ্যাপনা কৰে। ১৯৪৮চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত বাণিজ্য আৰু বি টি বিভাগৰ ইংৰাজীৰ প্ৰবক্তা হিচাপে যোগদান কৰে। পাছত তেখেত ইংৰাজী শিক্ষণ বিভাগত প্ৰাধ্যাপক আৰু প্ৰধান হিচাপে নিযুক্ত হয়। তেখেত এটা উচ্চতৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ ইংলণ্ডলৈ গৈছিল আৰু ১৯৬৬চনত তেখেতে আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ বিখ্যাত লোক-সংস্কৃতি প্ৰতিষ্ঠানৰ ভিজিটিং প্ৰফেচৰ ৰূপে তাত দুমাহ কাম কৰে। সাংস্কৃতিক বিনিময় কাৰ্যসূচীত নিৰ্বাচিত হৈ তেখেতে ৰাছিয়া আৰু নেপালো ভ্ৰমণ কৰিছিল। অসমৰ জনকৃষ্টি সমাজৰ( Folklore Society of Assam ) তেখেত প্ৰতিষ্ঠাতা সভাপতি আছিল। ৰঘুনাথ চৌধাৰীৰ নেতৃত্বত গঠিত প্ৰগতি সমাজৰ তেখেত সম্পাদক আছিল।[1]

মৃত্যু[সম্পাদনা কৰক]

১৯৯৪চনত তেখেতৰ মৃত্যু হয়।

সাহিত্যৰাজি[সম্পাদনা কৰক]

উপন্যাস[সম্পাদনা কৰক]

  1. শেষ ক'ত (১৯৪৯)
  2. কেঁচা পাতৰ কঁপনি (১৯৫২)

লোক-সংস্কৃতি বিষয়ক[সম্পাদনা কৰক]

  1. অসমীয়া জন সাহিত্য (১৯৪৮)
  2. বাৰ মাহৰ তেৰ গীত (১৯৭১)

ভ্ৰমণ বিষয়ক[সম্পাদনা কৰক]

  1. বিলাতত সাত মাহ (১৯৫৯)
  2. সোণ ৰূপৰ নহয় সি দেশ (১৯৬২)
  3. পৃথিৱীৰ চৌপাশে এপাক (১৯৬৭)
  4. মোৰ ৰাছিয়া ভ্ৰমণ (১৯৭৪)

জীৱনী সাহিত্য[সম্পাদনা কৰক]

  1. মাণিকচন্দ্ৰ বৰুৱা আৰু তেওঁৰ যুগ

প্ৰকৃতি বিষয়ক[সম্পাদনা কৰক]

  1. চৰাই বিনন্দিয়া

সম্পাদনা গ্ৰন্থ[সম্পাদনা কৰক]

  1. কামিনীকান্তৰ চৰিত্ৰ, (মূলঃ এ.কে. গাৰ্নী)
  2. Folktales Around the World
  3. Folktales of India (সহযোগী লেখক- ড॰ গোস্বামী, জৱাহৰলাল হাণ্ডু, ড॰ পিটাৰ ক্লচ,ড॰ ব্ৰেণ্ডা)

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 ড° বীৰেন্দ্ৰনাথ দত্ত (ডিচেম্বৰ, ২০০৬). "ড° প্ৰফুল্লদত্ত গোস্বামী". কথা বৰেণ্য. কথা প্ৰকাশন. ISBN ৮১-৮৯১৪৮-১৪-১.