কবীৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাপোৰ বৈ থকা অৱস্থাত কবীৰৰ এখন চিত্ৰ, (প্ৰায় ১৮২৫ চন)
জন্ম ১৩৯৮[1]:১৪–১৫
বাৰাণসী
মৃত্যু ১৫১৮
মঘৰ, লোধী ৰাজ্য
আগ্ৰহ

কবীৰ (১৩৯৮–১৫১৮)[1]:১৪–১৫ এগৰাকী কবি, সন্ত, উত্তৰ ভাৰতৰ এগৰাকী ধৰ্মগুৰু। কবীৰৰ লিখনিয়ে হিন্দু ধৰ্মৰ ভক্তি আন্দোলনত প্ৰভাৱিত কৰিছিল আৰু তেওঁৰ পদ বা দোহাসমূহ শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থত গুৰু গ্ৰন্থ চাহিব পোৱা যায়।[2][3][4]

পৰিচয়[সম্পাদনা কৰক]

ইতিহাসত কবীৰ চাহাবৰ জন্মৰ সঠিক বৰ্ষ জনা নাযায়। কিছুমান বিদ্বান লোকে ১৩৯৮ খ্ৰীষ্টাব্দ বুলি দাবী কৰে। কিন্তু বেলেগে ১৪৪০ বুলি মানে। কিন্তু আচল সত্যটো এয়ে যে কবীৰ চাহাবে জন্মগ্ৰহণ কৰা নাছিল, তেওঁক নিঃসন্তান দম্পতীয়ে লহৰতাৰা নামৰ পুখুৰীত পদুম ফুলৰ ওপৰত প্ৰকট হোৱা নৱ শিশু ৰূপত পাইছিল। কবীৰৰ জন্ম বৃত্তান্ত সম্বন্ধে অনেক আশ্চৰ্যজনক কাহিনীৰ প্ৰচলন আছে। কোনোৰ মতে কবীৰ আছিল মুছলমানৰ সন্তান। কোনোৱে কয় তেওঁ মুছলমানৰ দ্বাৰা পালিত। কোনোৰ মতে তেওঁ ব্ৰাহ্মণীৰ সন্তান। মুঠতে তেওঁৰ জন্ম ৰহস্যৰ মাজতে আছে। তথাপি কবীৰৰ পাৰিবাৰিক জীৱন সম্পৰ্কে যিসমূহ কথা পোৱা যায়, সেই অনুসৰি তেওঁৰ পিতাকৰ নীৰু আৰু মাতৃৰ নাম নীমা আছিল। তেওঁৰ কোনো পত্নী নাছিল। পৈতৃক ব্যৱসায় আছিল কাপোৰ বোৱা। আমাৰ পৱিত্ৰ ধৰ্মশাস্ত্ৰ বেদৰ মতে কবীৰ চাহাব পূৰ্ণ পৰমাত্মা হয়। ঋকবেদ মণ্ডল ৯ সুক্ত ৯৩ মন্ত্ৰ ২ আৰু মণ্ডল ৯ সুক্ত ৯৪ মন্ত্ৰ ৩ ত আছে যে কবিৰদেৱ( কবীৰ চাহাব) যেতিয়া শিশু ৰূপত আহিছিল তেতিয়া তেওঁৰ জন্ম মাতাৰ পৰা হোৱা নাছিল। তেওঁ অবিনাশী পৰমাত্মা হয়, সশৰীৰে আহে আৰু সশৰীৰে নিজৰ সেই লোকলৈ গুচি যায় য'ৰ পৰা তেওঁ আহিছিল। যজুৰ্বেদ অধ্যায় ৪০ মন্ত্ৰ ৮ ত লিখা আছে যে কবিৰদেৱ স্বয়ং প্ৰকট হয়, সেই পৰমাত্মাৰ কায়া অৰ্থাৎ শৰীৰ মনুষ্যৰ দৰে শুক্ৰ (নাড়ি তন্ত্ৰ) ৰে গঠিত নহয়। ইয়াৰোপৰি আন আন ধৰ্মৰ পৱিত্ৰ ধৰ্মশাস্ত্ৰ সমূহতো কবীৰ চাহাব সৰ্বশক্তিমান ভগৱান বুলি উল্লেখ আছে। প্ৰমাণ, যেনে- কবীৰ পৰমাত্মা সৰ্ব শক্তিমান,পৱিত্ৰ বাইবেলত ভগৱানৰ নাম -কবীৰ --অয়ুব ৩৬:৫ (Orthodox Jewish Bible-OJB) ইয়াত স্পষ্ট আছে যে কবীৰ হে শক্তিশালী পৰমাত্মা হয়, পৱিত্ৰ কোৰান শ্বৰীফ - সুৰহ অল ফুৰকান 25:58, কবীৰ ভগৱান পূজাৰ যোগ্য, পৱিত্ৰ কোৰান শ্বৰীফতো প্ৰমাণ আছে যে, কবীৰ ভগৱানৰ বাহিৰে অন্য কোনো আল্লাহ নাই। ১২০ বছৰৰ পাছত কবীৰ চাহাবে শৰীৰ এৰি যোৱাৰ পাছত তেওঁৰ দেহক লৈ হিন্দু আৰু মুছলমান শিষ্যবিলাকৰ ভিতৰত এক অপূৰ্ব হাই-কাজিয়াৰ সৃষ্টি হৈছিল। হিন্দু শিষ্যবিলাকে তেওঁৰ দেহ অগ্নিত দাহ দিবলৈ বিচাৰিছিল আৰু মুছলমান শিষ্যবিলাকে কবৰ দিবলৈ বিচাৰিছিল। ইয়াকে লৈ এক ভীষণ সমস্যা হৈছিল। ঠিক সেই সময়তে কবীৰ চাহাবে আকাশবাণী কৰি সেই সমস্যাৰ সমাধান কৰিবলৈ শিষ্যবিলাকক তাত থকা চাদৰখন উঠাই দিবলৈ কলে। এজন শিষ্যই যেতিয়া আকাশবাণীৰ মতে দেহ ঢাকি থোৱা চাদৰখন তুলিলে, তেতিয়া দেখি সকলোৱেই বিস্ময় মানিলে যে শ নাই, আছে কেৱল কিছুমান ফুল! এই ঘটনাৰ পাচত তাৰে আধাখিনি ফুল হিন্দু শিষ্যবিলাকে নি কবীৰ স্মাৰক (মন্দিৰ) সাজিলে, আৰু বাকী আধাখিনি ফুল মুছলমান শিষ্যবিলাকেও নি স্মাৰক (মছজিদ) সাজিলে।[উদ্ধৃতিৰ প্ৰয়োজন]

কবীৰৰ ধৰ্ম[সম্পাদনা কৰক]

মধ্যযুগত গঢ় লৈ উঠা সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ এগৰাকী মহাপুৰুষ বা সন্ত হিচাপে কবীৰক গণ্য কৰা হয়। কবীৰ প্ৰথমে বিখ্যাত বৈষ্ণৱ সাধু ৰামানন্দৰ এজন অতি প্ৰিয় শিষ্য আছিল, পাচত তেওঁ নিজেই এক বেলেগ মত প্ৰচাৰ কৰিলে। কবীৰৰ প্ৰচাৰিত ধৰ্ম্ম পাচত ‘কবীৰ ধৰ্ম” নামে অভিহিত হল। কবীৰৰ নামত প্ৰচলিত প্ৰায় আঠ শতাধিক পদ বা দোহা পোৱা যায়। সেইসমূহত বিভিন্ন সজ আৰু নৈতিকতামূলক বাণী প্ৰকাশিত হৈছে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 Machwe, Prabhakar (1968). Kabir. প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 14–15. http://archive.org/details/in.gov.ignca.46892/page/n15/mode/2up. 
  2. Kabir Encyclopædia Britannica (2015)Accessed: July 27, 2015
  3. Hugh Tinker (1990). South Asia: A Short History. University of Hawaii Press. পৃষ্ঠা. 75–77. ISBN 978-0-8248-1287-4. https://archive.org/details/southasiashorthi0000tink। আহৰণ কৰা হৈছে: 12 July 2012. 
  4. Ronald McGregor (1984), Hindi literature from its beginnings to the nineteenth century, Otto Harrassowitz Verlag, আই.এচ.বি.এন. 978-3447024136, page 47
  5. কবীৰ গ্ৰন্থাৱলী (হিন্দী) সম্পাদনা- কমলাপতি পাণ্ডে সুভদ্ৰা প্ৰকাশন, নতুন দিল্লী, ২০১৫, ISBN 978-81-88459-92-6