গুৰু নানক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুৰু নানক

ভাই বালা, ভাই মৰ্দনা তথা অন্যান্য শিখ গুৰু সকলৰ লগত গুৰু নানক
স্থানীয় নাম ਗੁਰੂ ਨਾਨਕ
জন্ম নানক
১৫ এপ্ৰিল, ১৪৬৯
ৰাই ভই কি তালভান্দি, (বৰ্তমান নানকানা চাহিব, পঞ্জাব, পাকিস্তান)
মৃত্যু ২২ ছেপ্টেম্বৰ, ১৫৩৯
কাৰতাৰপুৰ, মুগোল সাম্ৰাজ্য (বৰ্তমান পাকিস্তান)
সমাধিস্থল গুৰুদ্বাৰা দৰবাৰ চাহিব কাৰতাৰপুৰ, পাকিস্তান
জনা যায় শিখ ধৰ্মৰ জনক
উত্তৰসূৰী গুৰু অংগদ
ধৰ্ম শিখ ধৰ্ম (জন্মসূত্ৰে হিন্দু ধৰ্ম)
দাম্পত্যসঙ্গী মাতা সুলক্ষণী
পিতৃ-মাতৃ মেহতা কালু আৰু মাতা তৃপ্তা

গুৰু নানক (১৪৬৯ – ১৫৩৯) শিখ ধৰ্মৰ জনক তথা দহজন শিখ গুৰুৰ প্ৰথমজন। তেওঁৰ জন্মদিন গোটেই পৃথিৱীতে গুৰু নানক গুৰুপৰ্ব হিচাপে কাতি মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।[1]

গুৰু নানকক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মগুৰু হিচাপে স্বীকৃতি দিয়া হয়।[2] তেওঁ বহু ঠাই ভ্ৰমণ কৰি একেশ্বৰবাদৰ বাণী সমূহ জনসমাজত বিলাই দিছিল। এজন ঈশ্বৰ আৰু তেওঁ সকলো আদি আৰু অন্তৰ মূল, এই পৰম সত্যয়ে আছিল গুৰু নানকৰ শিকনী সমূহৰ মূল আধাৰ।[3] তেওঁ সমতা, ভাতৃত্বসুলভ প্ৰেম, সামূহিক কল্যাণ আৰু পুণ্যৰ ওপৰত ভিত্তি কৰি একপ্ৰকাৰ বিশেষ পৱিত্ৰ, সামাজিক আৰু ৰাজনৈতিক মঞ্চ স্থাপন কৰিছিল।[4][5][6]

গুৰু নানকৰ বাণী সমূহ ৯৭৪টা ঘোষাৰে সমৃদ্ধ গুৰু গ্ৰন্থ চাহিবত কেন্দ্ৰীভূত হৈ আছে। ই শিখ ধৰ্মৰ পৱিত্ৰতম গ্ৰন্থ। শিখ বিশ্বাস মতে গুৰু নানকৰ পৱিত্ৰতা, দৈৱিক শক্তি আৰু ধৰ্মীয় অধিকাৰ তেওঁৰ পিছত আন নজন শিখ গুৰুলৈ গুৰুৰ অধিকাৰ পোৱাৰ পিছত স্থানান্তৰ হয়।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Dawe, Donald G.. "Srī Gurū Nānak Dev". Encyclopaedia of Sikhism. Punjabi University Patiala. http://www.learnpunjabi.org/eos/index.aspx। আহৰণ কৰা হৈছে: 18 August 2015. 
  2. "Guru Nanak: A brief overview of the life of Guru Nanak, the founder of the Sikh religion.". http://www.bbc.co.uk/religion/religions/sikhism/people/nanak.shtml. 
  3. Hayer, Tara (1988). Economic History of Sikhs: Sikh Impact Volume 1. প্ৰকাশক Surrey, Canada: Indo-Canadian Publishers. পৃষ্ঠা. 14. 
  4. Sidhu, Dawinder (2009). Civil Rights in Wartime: The Post-9/11 Sikh Experience. Ashgate Publishing, Ltd.. পৃষ্ঠা. 26. ISBN 9781409496915. 
  5. Khorana, Meena (1991). The Indian Subcontinent in Literature for Children and Young Adults: An Annotated Bibliography of English-language Books. Greenwood Publishing Group. পৃষ্ঠা. 214. ISBN 9780313254895. 
  6. Prasoon, Shrikant (2007). Knowing Guru Nanak. Pustak Mahal. ISBN 9788122309805. 
  7. "Bhai Gurdas Vaaran". Search Gurbani. http://searchgurbani.com/bhai_gurdas_vaaran/vaar/1/pauri/45। আহৰণ কৰা হৈছে: 1 December 2012.