নাজিৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাজিৰা
—  নগৰ  —
নাজিৰা is located in Assam
নাজিৰা
অসম ত অৱস্থান
ভৌগোলিক স্থানাংক: 26°55′N 94°44′E / 26.92°N 94.73°E / 26.92; 94.73স্থানাংক: 26°55′N 94°44′E / 26.92°N 94.73°E / 26.92; 94.73
দেশ  ভাৰত
ৰাজ্য অসম
জিলা শিৱসাগৰ
উচ্চতা ১৩২ মিটাৰ (৪৩৩.০৭ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১২,৪৬৬ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)

নাজিৰা (IPA: nəˈzɪərə) (ইংৰাজী: Nazira) অসমশিৱসাগৰ জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই৷

ইতিহাস[সম্পাদনা কৰক]

নাজিৰা আহোমৰ ৰাজত্ব কালত ৰাজধানী গড়গাওঁৰ দাঁতিকাষৰীয়া অঞ্চলৰূপে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল৷ জনশ্ৰুতি অনুসৰি নাজিৰাৰ নামটো 'নাও-জিৰা' ৰ পৰা আহিছে, আহোম ৰাজত্ব কালত নাজিৰাত দিখৌ নৈত নাও জিৰণি দি থোৱা হৈছিল। সেই সেই নাও জিৰোৱাৰ পৰা নাজিৰা হ’ল বুলি বুৰঞ্জীবিদসকলে কয়। দুই-এজন লেখকৰ মত— নজৰ কৰাৰ কাৰণে নাজিৰা হ’ল।৷ ইতিহাসবিদ সৰ্বানন্দ ৰাজকুমাৰৰ মত অনুসৰি নাজিৰা নামৰ উৎস তাই ভাষাৰ শব্দৰ পৰাহে য'ত, না-ৰ অৰ্থ মাটি, জি-হেলনীয়া আৰু ৰা- যথেষ্ট৷ গতিকে নাজিৰাৰ অৰ্থ বৃহৎ হেলনীয়া মাটি বা অঞ্চল (a much inclined land)৷ [1]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

ভৌগোলিকভাৱে নাজিৰা 26°55′N 94°44′E / 26.92°N 94.73°E / 26.92; 94.73 ত অৱস্থিত৷ [2] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১৩২ মিটাৰ ( ৪৩৩ ফুট)৷

আন্ত:গাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি,[3] নাজিৰাৰ মুঠ জনসংখ্যা ১২,৪৬৬ জন৷[4] ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা৷ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷

নাজিৰাৰ গড় সাক্ষৰতাৰ হাৰ ৮১%৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ হ'ল ক্ৰমান্বয়ে-৮৪% আৰু ৭৮%৷

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

নাজিৰা শিৱসাগৰ জিলাৰ দিখৌ নৈৰ পাৰত অৱস্থিত৷ শিৱসাগৰ টাউনৰ পৰা ইয়াৰ দুৰত্ব ১৮ কিমি৷ নিকটবৰ্ত্তী বিমানবন্দৰ হৈছে যোৰহাট বিমানবন্দৰ৷

শিক্ষা[সম্পাদনা কৰক]

নাজিৰাত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয়[সম্পাদনা কৰক]

  • নাজিৰা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
  • নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়
  • নাজিৰাৰ বৰটোল উচ্চ মাধ্যমিক বিদ্যালয়
  • আদৰ্শ বিদ্যা ভৱন
  • কেন্দ্ৰীয় বিদ্যালয়
  • দিল্লী পাব্লিক স্কুল
  • ছেইণ্ট পিটাৰ্ছ
  • গুৰুকুল
  • অংকুৰণ জাতীয় বিদ্যালয়[সংযোগবিহীন উৎস]
  • জুভিয়েল ভেলী
  • শংকৰদেৱ বিদ্যা নিকেতন, নাজিৰা

মহাবিদ্যালয়[সম্পাদনা কৰক]

  • নাজিৰা মহাবিদ্যালয়
  • গড়গাঁও মহাবিদ্যালয়

ৰাজনীতি[সম্পাদনা কৰক]

নাজিৰা যোৰহাট (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ [5]

উল্লেখযোগ্য ঠাই[সম্পাদনা কৰক]

  • গড়গাঁও কাৰেং ঘৰ, গড়গাঁও গোলাঘৰ, ৰজাপুল নামৰ এটা ৰজাদিনীয়া পুখুৰী, কেইবাটাও ৰজাদিনীয়া পুখুৰী, কেইবাটাও ৰজাদিনীয়া মৈদাম থকাৰ লগতে, গৰখীয়া মন্দিৰ,মাদুৰি নাজিৰাৰ অৱস্থিত৷ [6]

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Late Rajkumar Sarbananda, Etihase Suaura Chashata Bacharor,Page 272,First Edition December 2000,ISBN-81-7339-308-7 Banalata,New Bazar Dibrugarh-1
  2. Falling Rain Genomics, Inc - Nazira
  3. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  4. "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30. 
  5. "List of Parliamentary & Assembly Constituencies". অসম. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06. 
  6. U. S. Army Special Operations in World War II, page 102-103;