সমললৈ যাওক

ৰবীন দে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবীন দে
জন্ম ১৮ মাৰ্চ, ১৯২২
নাজিৰা, শিৱসাগৰ, অসম
মৃত্যু ২২ জুলাই, ১৯৮০
ৰাষ্ট্ৰীয়তা ভাৰত
শিক্ষানুষ্ঠান স্কটিছ চাৰ্চ কলেজ
পেচা ঔপন্যাসিক

ৰবীন দে (ইংৰাজী: Robin Dey ; ১৮ মাৰ্চ ১৯২২ – ২২ জুলাই ১৯৮০) অসমৰ এগৰাকী প্ৰসিদ্ধ থ্ৰিলাৰ ঔপন্যাসিক আৰু অভিনেতা। তেওঁ অসমীয়া সাহিত্যৰ পঢ়ুৱৈৰ বাবে ৰংমন ছদ্মনামেৰেহে বেছিকৈ পৰিচিত।[1] ৰংমন ছদ্মনামত তেওঁ ৰচনা কৰা দস্যু ভাস্কৰ শৃংখলা অত্যন্ত জনপ্ৰিয় হৈছিল। তেওঁ পৱন চিৰিজো ৰংমন নামেৰে ৰচনা কৰিছিল।[2] দস্যু ভাস্কৰ ৬১ খন উপন্যাসৰ সমষ্টি আছিল আৰু ইয়াৰ প্ৰথমখন গ্ৰন্থৰ শিৰোনাম আছিল "দস্যু ভাস্কৰৰ আবিৰ্ভাৱ"। এই চিৰিজটোৱে ৭০ আৰু ৮০ৰ দশকৰ পঢ়ুৱৈৰ মাজত প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিছিল।[3] মূলতঃ ৰহস্য সাহিত্যৰ ৰচক ৰংমনৰ প্ৰথমখন ৰহস্য উপন্যাস আছিল কুঁৱলীৰ আঁৰে আঁৰে

কৰ্মজীৱন

[সম্পাদনা কৰক]

শিৱসাগৰ জিলাৰ নাজিৰা নগৰৰ এটা বাঙালী পৰিয়ালত ১৯২২ চনৰ ২২ মাৰ্চত ৰবীন দেৰ জন্ম হৈছিল।[2] তেওঁ ১৯৪৩ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চশিক্ষাৰ বাবে কলকাতালৈ যায় আৰু তাত কলকাতা বিশ্ববিদ্যায়ৰ অন্তৰ্গত স্কটিছ চাৰ্চ কলেজত অধ্যয়ন কৰে। পিছলৈ তেওঁ তাতেই "ছোভিয়েট দেশ" আলোচনীৰ অসমীয়া শাখাৰ প্ৰুফ ৰিডাৰৰ কামত অংশগ্ৰহণ কৰে। ১৯৮০ চনৰ ২২ জুলাইত দেৰ মৃত্যু হয়।

সাহিত্য-কৰ্ম

[সম্পাদনা কৰক]

ভাস্কৰ চিৰিজৰ উপৰিও ৰংমনে কেইখনমান শিশু উপন্যাস লিখিছিল। সেইবোৰ আছিল- "ডাকু", "পবন কোৱৰ" আৰু "পৰ্বতৰ ৰিঙনি"। তেওঁৰ সামাজিক উপন্যাস "নিপাতৰ পাত" অসমীয়া আলোচনী "আমাৰ প্ৰতিনিধি"ত ধাৰাবাহিক ৰূপে প্ৰকাশ পাইছিল যদিও ই আধৰুৱা হৈ থাকিল।

ভাস্কৰ চিৰিজ ৰংমনৰ সৰ্বশ্ৰেষ্ঠ অৱদান। ই আছিল অসমৰ সৰ্বাধিক জনপ্ৰিয় থ্ৰিলাৰ চিৰিজ। দস্যু ভাস্কৰ অসমৰ ৰবীন হুড। ভাস্কৰৰ আচল নাম আছিল কমল বৰা। তেওঁ আছিল শিৱসাগৰ জিলাৰ এজন দুখীয়া খেতিয়কৰ পুত্ৰ। দাৰিদ্ৰৰ কবলত পৰি পিতৃ-মাতৃৰ মৃত্যু হোৱাত কমল বৰা দস্যুলৈ ৰূপান্তৰ হয় আৰু শোষণৰ বিৰুদ্ধে থিয় দিয়ে। উপন্যাসৰ ভাষা আৰু প্লটৰ ক্ষেত্ৰত ৰংমনে বিশেষ গুৰুত্ব দিয়া নাছিল আৰু চৰিত্ৰ অংকন কৰোঁতে অন্যান্য জনপ্ৰিয় ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। উদাহৰণ স্বৰূপে লি ফকৰ ফেণ্টমৰ দৰে ভাস্কৰেও অ’ভাৰকোট আৰু হেট পৰিধান কৰিছিল। ফেণ্টমৰ বিখ্যাত লাওখোলাৰ চিহ্নৰ দৰে ভাস্কৰেও তেওঁৰ আক্ৰমণৰ লক্ষ্য হোৱা ব্যক্তিজনৰ গাত "কটা হাতৰ ৰঙা চাপ" ৰাখি গৈছিল।[3]

ৰংমন ৰচিত গ্ৰন্থাৱলী:-

  1. কুঁৱলীৰ আঁৰে আঁৰে (ৰহস্য উপন্যাস)
  2. পৰ্বতৰ ৰিঙনি (কিশোৰ উপন্যাস)
  3. পবনকোঁৱৰ (কিশোৰ উপন্যাস)
  4. নিপাতৰ পাত (সামাজিক উপন্যাস)
  5. অৰুন্ধতী উদ্ধাৰ (সামাজিক উপন্যাস)
  6. দস্যু ভাস্কৰ ছিৰিজ (মুঠ ৬১ খন থ্ৰিলাৰ উপন্যাস কেন্দ্ৰীয় চৰিত্ৰ দস্যু ভাস্কৰৰ ওপৰত আধাৰিত)[4]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Eminent Personalities of Assam 2 | Sulekha Creative". Creative.sulekha.com. http://creative.sulekha.com/eminent-personalities-of-assam-2_467976_blog আহৰণ কৰা হৈছে: 2013-05-17.
  2. 1 2 Forum boost to Assamese. Telegraphindia.com. 2011-07-25. http://www.telegraphindia.com/1110725/jsp/northeast/story_14283092.jsp আহৰণ কৰা হৈছে: 2013-05-17.
  3. 1 2 The Telegraph - Calcutta (Kolkata) | Guwahati | Fictional hero on comeback trail. Telegraphindia.com. 2007-12-22. http://www.telegraphindia.com/1071222/jsp/guwahati/story_8697342.jsp আহৰণ কৰা হৈছে: 2013-05-17.
    • নৃপেন ৰয়, অসমীয়া ৰহস্য সাহিত্য আৰু ৰংমন, পদক্ষেপ প্ৰকাশন, জনিয়া পথ, বৰপেটা (মে ২০১৪)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]