সমললৈ যাওক

দস্যু ভাস্কৰ ছিৰিজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(দস্যু ভাস্কৰৰ পৰা পুনঃনিৰ্দেশিত)

দস্যু ভাস্কৰ ছিৰিজ অসমীয়া সাহিত্যৰ এক কাল্পনিক চৰিত্ৰ দস্যু ভাস্কৰ আৰু তেখেতৰ কীৰ্তি-কলাপৰ বিৱৰণ থকা থ্ৰীলাৰ উপন্যাসৰ সমষ্টি। এই চৰিত্ৰৰ স্ৰষ্টা আছিল ৰংমন। দস্যু ভাস্কৰ ছিৰিজৰ অধীনত ৰচিত ৬১খন উপন্যাসত দস্যু ভাস্কৰৰ বিভিন্ন অভিযান বৰ্ণনা কৰা হৈছে। দস্যু ভাস্কৰৰ প্ৰকৃত নাম কমল বড়া। প্ৰথম অৱস্থাত কেইগৰাকীমান সংগীৰে কমল বড়াই দুষ্টৰপৰা ডকাইতিৰে ধন কাঢ়ি দুখীয়াৰ মাজত বিলাই দিয়াৰ উদ্দেশ্য লয়। বিলোৱাৰ কামত সহায় কৰিবলৈ 'মানৱ সংঘ'নামে কল্যাণকামী অনুষ্ঠান গঠন কৰে। কিন্তু, মানৱ সংঘৰ লগত চৰকাৰী প্ৰশাসন যন্ত্ৰৰ সংঘাত আহি পৰাত কমল বড়াই আত্মগোপন কৰি ছদ্মনামত নিজৰ কাম-কাজ চলাই যাবলগীয়া হয়। 'দস্যু ভাস্কৰ' নামেৰে তেওঁ আগতে কৰা ডকাইতিকেইটা স্বীকাৰ কৰে, আৰু দস্যু ভাস্কৰক ধৰিবলৈ পুলিচলৈ প্ৰত্যাহ্বান আগবঢ়ায়। দস্যু হিচাপে আইনৰ বাহিৰলৈ যোৱাৰ পাছত ভাস্কৰে জয়ন্তীয়া পাহাৰৰ গুহা এটাত নিজৰ গোপন আস্তানা গঢ়ি তোলে। দস্যু ভাস্কৰৰ সংগী আছিল সোমন, ধীৰেণ, ফেহু, বোন্দা, ফিঙা। ইয়াৰ বাহিৰে 'নতুন বাণী' কাকতৰ সম্পাদক পীতাম্বৰ তালুকদাৰ দস্যু ভাস্কৰৰ প্ৰতি সহানুভূতি থকা, কিন্তু একে সময়তে ডকাইতিৰ বিৰূদ্ধে কাকতত নিৰ্ভয়ে লিখা-মেলা কৰা দস্যু ভাস্কৰৰ প্ৰথম অংশৰ নিয়মীয়া চৰিত্ৰ আছিল। দস্যু ভাস্কৰৰ বিপৰীতে আছিল পুলিচ বিভাগৰ ডিটেকটিভ চীফ পিনাকী শৰ্মা। পাছলৈ একে পদলৈ অধিষ্ঠিত হয় প্ৰদীপ কাকতী। ইয়াৰ বাহিৰে অনিয়মীয়াকৈ মূল কাহিনীলৈ অহা কিন্তু মুখ্য ভূমিকা লোৱা মহিলা চৰিত্ৰ আছিল চম্পা।

দস্যু ভাস্কৰ

[সম্পাদনা কৰক]

প্ৰকৃত নাম কমল বড়া। ঘৰ শিৱসাগৰত। কমল বড়াৰ দহ বছৰ বয়সত পিতা হৰেণ বড়াই একমাত্ৰ খেতিৰ মাটিডৰা কেছাৰীৰ মামলাত হাৰিবলগীয়া হয়। আৰু তাৰপাছতেই পৰিয়ালটোলৈ দুখৰ দিন নামি আহে। প্ৰচুৰ মেধাৱী কমল বড়াই সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাত কটন কলেজ কৰ্তৃপক্ষৰপৰা আমন্ত্ৰণ পাই তাত স্নাতক পাঠ লয়। পৰীক্ষাৰ পাছৰ বন্ধত হোষ্টেলতে থকাৰ সময়ত কমল বড়া আৰু পুৰণি বন্ধু তথা সহপাঠী সোমন আও ১৯৫০-ৰ ভূমিকম্পৰ পাছত অসমলৈ অহা নেহৰুলৈ দানৰ বাবে আগবঢ়াবলৈ যোৱা মানুহৰ মাজত মমতাৰ অভাৱ দেখি দুয়োজন বিচলিত হৈ পৰে, আৰু তেনে ধনী মানুহৰপৰা কাঢ়ি দুখীয়াক দিবলৈ পৰিকল্পনা কৰে। প্ৰথমে অত্যন্ত চতুৰভাৱে ডকাইতি কৰি আহৰণ কৰা ধন, 'মানৱ সংঘ' নামে এক অনুষ্ঠান গঠন কৰি তাৰ জৰিয়তে দুখীয়াক দিয়াৰ পৰিকল্পনা হাতত লয়। এই অনুষ্ঠান ঠন ধৰিও উঠে। কিন্তু ঘটনাচক্ৰত মানৱ সংঘৰ সমৰ্থক আৰু ন্যায়নিষ্ঠ সাংবাদিক পীতাম্বৰ তালুকদাৰ আৰু পুলিচৰ মাজত সংঘাত আৰম্ভ হোৱাৰ কমল বড়াই দস্যু ভাস্কৰ নামেৰে ডকাইতিসমূহৰ দায়িত্ব মূৰ পাতি লয় আৰু গোপন জীৱন গ্ৰহণ কৰে।

সহযোগী সকল

[সম্পাদনা কৰক]

দস্যু ভাস্কৰৰ স্কুলীয়া দিনৰ সহপাঠী। নগালেণ্ডৰ অধিবাসী। একেলগে কটন কলেজত শিক্ষাগ্ৰহণ কৰে। একে মতত বিশ্বাসী বাবে দুয়ো লগলাগি ধনীৰপৰা কাঢ়ি দুখীয়াক দিয়াৰ উদ্দেশ্যত ব্ৰতী হয়। সোমন আও ভাস্কৰৰ প্ৰাণৰ বন্ধু আৰু মুখ্য পৰামৰ্শদাতা। চহৰত থকা সোমনৰ ৰেষ্টুৰা আছিল ভাস্কৰৰ দলৰ অন্য এক গোপন আড্ডা। পাছলৈ সোমনে ঘাইকৈ জয়ন্তীয়া পাহাৰৰ গোপন আস্থানৰ ভিতৰতে কাম-কাজৰ তদাৰকত ৰত হয়, লগতে কাৰিকৰী কাম-কাজৰ দায়িত্ব বহন কৰে। ছিৰিজৰ প্ৰথমখন গ্ৰন্থৰপৰাই ভাস্কৰৰ সহযোগী।

ঘৰ মাজুলীত। সৰুৰেপৰাই হাতলৰ স্বভাৱৰ। চোকা যদিও স্কুলীয়া শিক্ষাত একেবাৰে মনোযোগ নিদিলে। প্ৰথমে সৰু-সুৰা চুৰিৰে আৰম্ভ কৰিলেও পাছলৈ পাকৈত চোৰত পৰিণত হয়। কিন্তু এঘৰত চুৰি কৰিবলৈ যোৱাৰ সময়ত সহকৰ্মীয়ে সৰু ছোৱালী এজনীক মূৰত আঘাত কৰাত পলাই নগৈ ছোৱালীজনীৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবেহে পৰিয়ালক কয়। সেয়ে, প্ৰথমবাৰ জেললৈ যাবলগীয়া হয় যদিও, জেলত থকা সময়তে বিভিন্ন অপৰাধীৰ সংস্পৰ্শলৈ আহি পাকৈত চোৰত পৰিণত হয়। অৱশ্যে লাপি-লুপা চুৰিত ফেহুৰ ধ্যান নাছিল। কমেও এশ টকা নথকা 'দুখীয়া' মানুহৰপৰা ফেহুৱে চুৰ নকৰিছিল। এবাৰ ডকাইতি কৰাৰ উদ্দেশ্যে ভাস্কৰক গবা মাৰি ধৰে। ভাস্কৰে পাছে টিলিকতে তাক বগৰাই যাবলৈ দিয়ে। ভাস্কৰৰ শক্তি-সামৰ্থ্যত অভিভূত হৈ ফেহুৱে ভাস্কৰৰ সংগ লয়। আগলৈ ফেহুৱে ভাস্কৰক ভগবানৰ দৰে ভাবিবলৈ লয় আৰু পৰভু বুলি মাতিবলৈ ধৰে। ফেহু পেটুক স্বভাৱৰ ব্যক্তি। খাই খুউব ভাল পায় তথা আনকো খুৱাই আনন্দ পায়। ভাস্কৰৰ গোপন আস্থানত থকা সময়ত ৰন্ধা-বঢ়াৰ দায়িত্ব ঘাইকৈ ফেহুৱেই লয়। ছিৰিজৰ প্ৰথমখন গ্ৰন্থৰপৰাই ভাস্কৰৰ সহযোগী।

প্ৰথমে তীৰ্থংকৰৰ দলত আছিল। 'বিমান যুদ্ধত ভাস্কৰ' কাহিনীৰ সময়ত ভাস্কৰৰ লগত প্ৰথম কাম কৰে। পাৰ্থ এজন সুদক্ষ অভিযন্তা।

তীৰ্থংকৰ

[সম্পাদনা কৰক]

এওঁ আৰম্ভণিতে নিজাববীয়াকৈ দেশ মাতৃকাৰ উদ্ধাৰৰ হকে অভিযান চলাইছিল যদিও পিছলৈ ভাস্কৰৰ দলত চামিল হয়। আধুনিক বিজ্ঞানৰ সকলো নতুন পৰিঘটনা নখ-দৰ্পণত ৰখা এজন তীক্ষ্ণধী বিজ্ঞানী। প্ৰথম প্ৰৱেশ ঘটিছিল চিৰিজৰ দ্বিতীয় উপন্যাস 'গুহামানৱ ভাস্কৰ'ত। এই অভিযানৰ কাহিনীত তীৰ্থংকৰে ভাস্কৰৰ দলত চামিল হোৱা নাছিল যদিও ভাস্কৰক প্ৰয়োজনীয় খবৰ যোগাই গৈছিল। গুহামানৱ ভাস্কৰ কাহিনীৰ শেষত বোন্দাই তীৰ্থংকৰ অপহৰণ হোৱাৰ খবৰ আনে। তীৰ্থংকৰ উদ্ধাৰ কৰাৰ লগতে চোৰাং চক্ৰটো নিশ্চিহ্ন কৰাৰ কাহিনীৰে ভাস্কৰ চিৰিজৰ তৃতীয় উপন্যাস 'চক্ৰভেদী ভাস্কৰ' ৰচিত হৈছে।[1]

ডা° ধীৰেন

[সম্পাদনা কৰক]

ডা° ধীৰেন কাকতি ডিব্ৰুগড়ৰ ল'ৰা। মেডিকেল পাছ কৰি সেই বছৰেই মানৱ সংঘৰ লগত জড়িত হৈ পৰে আৰু বলাগড় কেন্দ্ৰৰ কেন্দ্ৰপতি। বলাগড় কেন্দ্ৰতে ভাস্কৰৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে। পাছলৈ ভাস্কৰৰ মূল দলৰ অংগ হৈ পৰে। ছিৰিজৰ প্ৰথমখন গ্ৰন্থত মানৱ সংঘৰ লগত জড়িত হিচাপেহে দেখুওৱা হয়।

বোন্দাৰ এটা গাড়ী ভাল কৰা কাৰখানা আছে। আনুষ্ঠানিক শিক্ষা নাই যদিও গাড়ীৰ বিষয়ে জ্ঞান একোজন অভিযন্তাতকৈয়ো বেছি। ফেহুৰ লগত খুট-খাট কাজিয়া লাগি থাকে যদিও দুয়ো ভিতৰি বৰ ভাল বন্ধু।

পুলিচ আৰু চোৰাংচোৱা বিভাগ

[সম্পাদনা কৰক]

পিনাকী শৰ্মা

[সম্পাদনা কৰক]

অসমৰ পুলিচ বিভাগৰ ডিটেকটিভ চীফ। সৎ, কৰ্মঠ এই বিষয়গৰাকীয়ে আইনৰ অধীনত ভাস্কৰক ধৰিবলৈ দৃঢ়প্ৰতিজ্ঞ যদিও ভাস্কৰৰ কাম-কাজৰ প্ৰতি তেখেতৰ সহানুভূতিও নথকা নহয়।

কিৰিটী শইকীয়া

[সম্পাদনা কৰক]

ভাস্কৰৰ প্ৰতি অতি অসহিষ্ণু এইগৰাকী চোৰাংচোৱা বিষয়াই পদে পদে ভাস্কৰৰ ওচৰত লঘু হ’বলগীয়া হয়। যদিও ভাস্কৰে বহুকেইটা অভিযানৰ অন্তত অপৰাধীক তেখেতৰ হাতত ধৰাই দিয়ে তথাপি তেখেতে ভাস্কৰক চকুপাৰি দেখিব নোৱাৰে। কিন্তু তেখেতৰ পত্নী সৰ্বেশ্বৰীয়ে আকৌ ভাস্কৰক নিজৰ পুত্ৰৰ দৰে স্নেহ কৰে। ভাস্কৰে ছদ্মবেশত তেখেতৰ ঘৰত বহুবাৰ প্ৰৱেশ কৰে আৰু সৰ্বেশ্বৰীৰ আশীৰ্বাদ গ্ৰহণ কৰে।

প্ৰদীপ কাকতি

[সম্পাদনা কৰক]

ইন্দ্ৰজিত দত্ত

[সম্পাদনা কৰক]

আইজিপি হায়দাৰ

[সম্পাদনা কৰক]

বিকাশ বৰুৱা

[সম্পাদনা কৰক]

অন্যান্য

[সম্পাদনা কৰক]

বলাগড় কেন্দ্ৰত মানৱ সংঘই বানপানীৰ সময়ত কৰা সাহায্যক কাম চাবলৈ যাওঁতে, কমল বৰাই বানপানীত উটি অহা এজনী মৃতপ্ৰায় ছোৱালীক উদ্ধাৰ কৰে। ছোৱালীজনীৰ সুন্দৰ মুখখনে কমলৰ মনত এক অনুভূতিৰ জন্ম দিয়ে। ছোৱালীজনীৰ নাম মিনু, সম্পূৰ্ণ নাম মিনতি বৰুৱা। পিতৃ ভৱানী বৰুৱা। ঘৰ উজানবজাৰত। প্ৰথম দেখাত উৎপন্ন হোৱা প্ৰেমৰ অনুভূতিক কমলে জলাঞ্জলি দিয়ে, কাৰণ সি জানিছিল তাৰ সন্মুখৰ পথত সমাজৰ স্বাভাৱিক পথ নহয়। সেই পথত প্ৰেমৰ স্থান নাই। আনহাতে প্ৰথম দৰ্শনতেই মিনতিয়েও অনুভৱ কৰিছিল কমলৰ প্ৰতি এক আকৰ্ষণ। কিন্তু কমলৰ নিৰপেক্ষ আচৰণ দেখি সেই অনুভূতি ব্যক্ত নকৰে। পাছলৈ মিনতিয়েও ছদ্মনাম 'চম্পা' হিচাপে ভাস্কৰৰ পথেৰেই বাট বুলিবলৈ আৰম্ভ কৰে, যদিও ভাস্কৰৰ মূল দলৰ অংগ নাছিল। কিন্তু, ভাস্কৰৰ বিভিন্ন কামত আঁৰে আঁৰে থাকি সহায় কৰাৰ লগত ভাস্কৰৰ জীৱনৰ প্ৰতি অহা ভাবুকি দূৰতে বিদূৰ কৰিছিল। ছিৰিজৰ প্ৰথম গ্ৰন্থত মিনতি হিচাপেই উল্লিখিত, আৰু চম্পাৰ ৰূপ লয় পাছতহে।

পীতাম্বৰ তালুকদাৰ

[সম্পাদনা কৰক]

'নতুন বাণী' বাতৰি কাকতৰ সম্পাদক। মুক্তিযোদ্ধা। দেশ বিভাজনৰ ঘোৰ বিৰোধী আছিল আৰু সেই লৈ নেহৰু-পেটেল আৰু আজাদৰ লগত মনোমালিন্য হৈছিল। স্বাধীনতাৰ পাছতো সেয়ে তেওঁ কোনো পদবী লোৱা নাছিল আৰু সাংবাদিক হিচাপেই কাম কৰিছিল। কমল বড়াৰ 'মানৱ সংঘ'ৰ গঠনৰ কামত সক্ৰিয় ভাৱে অংশ লৈছিল। দস্যু ভাস্কৰৰ উদ্দেশ্যৰ প্ৰতি সহানুভূতিশীল আছিল যদিও ভাস্কৰৰ কৰ্ম-পদ্ধতিৰ তেওঁ বিৰোধী আছিল। ভাস্কৰৰ শ্ৰদ্ধাৰ পাত্ৰ। তেওঁ কমল বড়াই যে পাছলৈ দস্যু ভাস্কৰ হৈছিল সেয়া নাজানিছিল। প্ৰয়োজনত দস্যু ভাস্কৰৰ কাষতো তেওঁ থিয় দিছিল।

ৰঘূনাথ পাণ্ডা

[সম্পাদনা কৰক]

ৰঘূনাথ পাণ্ডা কামাখ্যা মন্দিৰৰ পাণ্ডা। কামাখ্যা পাহৰত ভাস্কৰ ওৰফে কমলৰ ভাতঘৰ। ৰঘূনাথ পাণ্ডা আৰু পত্নীয়ে ভাস্কৰৰ জীৱনৰ বিষয়ে ভালদৰেই জানে আৰু সদায়ে ভাস্কৰৰ কুশল কামনা কৰে। কমল বৰা দস্যু ভাস্কৰ হোৱাৰ আগৰেপৰাই কমলৰ চিনাকি। ছিৰিজৰ প্ৰথম গ্ৰন্থতে উল্লেখ পোৱা যায়।

খণ্ডসমূহৰ সাৰাংশ

[সম্পাদনা কৰক]

দস্যু ভাস্কৰৰ আবিৰ্ভাৱ

[সম্পাদনা কৰক]
দস্যু ভাস্কৰৰ আৱিৰ্ভাৱ

শিৱসাগৰৰ বাসিন্দা হৰেন বৰাৰ একমাত্ৰ খেতিৰ আদালতৰ ৰায় অনুসৰি হাতচাৰা হয়। শিশু পুত্ৰ কমল আৰু মাকক লৈ পৰিয়ালটোৰ অৱস্থা হয় পানীত হাঁহ নচৰা বিধৰ। কিন্তু, দুখৰ মাজতো চোকা মগজুৰ কমল বৰাই শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ লাভ কৰি বৃত্তি লৈ কটন কলেজত পঢ়িবলৈ আহে। লগত প্ৰিয় বন্ধু নগালেণ্ডৰ সোমন আও। পঢ়াৰ লগতে সাঁতোৰ আৰু বিভিন্ন খেলতো কমলে পাৰদৰ্শিতা দেখুৱাই সহপাঠীসকলৰ মাজত জনপ্ৰিয় হৈ পৰে। পঢ়াশুনাতকৈও খেলৰ বাবেহে কমল প্ৰখ্যাত হৈ পৰে। স্নাতক পৰীক্ষাৰ পাছত ঘৰলৈ যাব নোৱাৰি কমল আৰু সোমনে ছাত্ৰাবাসতে সময় কটায়। তেনে সময়তে আহে ১৯৫০ চনৰ বৰ ভূইঁকপ। ভূইঁকপত ক্ষতিগ্ৰস্ত মানুহৰ দুখৰ বুজ ল'বলৈ গুৱাহাটীলৈ আহে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। নেহৰুৰ সভাত দুখীয়াৰ প্ৰতি দান দিবলৈ আগবাঢ়ি যায় চহৰৰ বহু ধনী ব্যক্তি। কিন্তু, আৰ্তজনৰ সেৱাৰ বাবে বৰঙনি দিবলৈ যোৱা মানুহৰ অংগী-ভংগী দেখি কমলে অনুভৱ কৰে তাৰ মাজত আন্তৰিকতা নাই। আছে, নাম কিনাৰ আগ্ৰহ মাত্ৰ। ধনীচামে দুখীয়াক পুতৌহে কৰিছে। সহায় আগবঢ়োৱা নাই। কমলে অনুভৱ কৰে, ভিক্ষাৰে কেতিয়াও দেশৰ মংগল নহয়। সি এক কঠিন পথৰ এক নক্সা আঁকি লয়। ধনীৰপৰা কাঢ়ি তাক দুখীয়াৰ মাজত বিলাই দিয়াৰ। পাকৈত চোৰ ফেহু ঘটনাচক্ৰে কমলহঁতৰ লগ লয়। সিহঁতে সোনকালেই এক সৰু সংগঠন কৰি ধনী ব্যৱসায়ীৰ ঘৰত এক লোমহৰ্ষক ডকাইতি কৰে। সেই ধন আৰ্তজনক বিলাই দিবলৈ গঠন কৰা হ'ল মানৱ সংঘ। মানৱ সংঘৰ জৰিয়তে প্ৰকৃত দৰিদ্ৰসকললৈ সহায়ৰ হাত আগবঢ়োৱা হ'ল, আনহাতে চহৰত ঘটি গ'ল কেইবাটাও লোমহৰ্ষক ডকাইতি। ডকাইত বিচাৰি পুলিচে সাধাৰণ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিলে। চহৰত খোদ প্ৰশাসনৰ পৰাই নিৰাপত্তাৰ অভাৱ দেখি 'নতুন বাণী' কাকতৰ সম্পাদক পীতাম্বৰ তালুকদাৰে চৰকাৰ আৰু পুলিচক দোষাৰোপ কৰিলে। দিল্লীৰপৰা আহিল আই.বি. চীফ মেনন। কিন্তু, নিজৰ অসমৰ্থতাৰ বাবে তেওঁৰ খং পৰিলগৈ পীতাম্বৰ তালুকদাৰৰ ওপৰতহে। মেননে পীতাম্বৰ তালুকদাৰক কৰা অপমান সাধাৰণ মানুহে জানিবলৈ পালে। চহৰত আন্দোলন গঢ়ি উঠিল। পুলিচে গুৱাহাটীৰ সকলো দাগী আচামীক গ্ৰেপ্তাৰ কৰিলে। কিন্তু, ফেহুক নিষ্ক্ৰিয় দেখি সন্দেহ হ'ল পিনাকী শৰ্মাৰ। ফেহুৰপৰাই কিবা শুং পোৱা যাব বুলি ভাবি তেওঁ ফেহুৰ পিছত চৰ লগালে। কমলে এই কথা জানিব পাৰি ফেহুৰপৰা পিনাকী শৰ্মাৰ সন্দেহ দূৰ কৰিবলৈ দস্যু ভাস্কৰ নামে এক ছদ্মনাম লৈ বাতৰি-কাকতত বিজ্ঞাপন দি সকলো ডকাইতিৰ দায়িত্ব নিজে মূৰ পাতি লয়, লগতে নিৰীহ জনতাক হাৰাশাস্তি নকৰিবলৈ অনুৰোধ কৰি তাক ধৰিবলৈ প্ৰত্যাহ্বান জনায়। মেননৰ অসফলতাৰ বাবে অপসাৰণ কৰি পিনাকী শৰ্মাক সৰ্বাধিনায়ক কৰা হয়। পিনাকী শৰ্মাই ফেহু, বোন্দাৰ পাছত জোৰ দি লগা দেখি কমলে দস্যু ভাস্কৰৰ ছদ্মবেশত পিনাকী শৰ্মাক লগ কৰি প্ৰত্যাহ্বান জনায় যাতে পিনাকী শৰ্মাৰ তদন্ত ভাস্কৰ কেন্দ্ৰিক হৈ থাকে। তেনে সময়তে আন এটা ডকাইতিৰ আঁচনি কৰা হয়। ডকাইতিৰ বাবে অসমৰ বাহিৰৰপৰা আহিবলগীয়া এজন ব্যক্তিক বিপথে পৰিচালিত কৰি তাৰ ঠাইত ছদ্মবেশত ভাস্কৰ সোমাই পৰে। ডকাইতি সফলতাৰে সম্পন্ন হ'লেও নিতান্ত প্ৰয়োজনত সংঘটিত কৰিবলগীয়া এক বিষ্ফোৰণৰ ফলত কিছু লোক হতাহত হয়। কমল আৰু সংগীসকল এই কথাত ব্যথিত হৈ পৰে, লগতে পিনাকী শৰ্মাই কমলক সন্দেহ কৰাৰ কথাও মনলৈ অহাত কমল আৰু সংগীসকলে নিজৰ সামাজিক পৰিচয় ত্যাগ কৰি জনসমাজৰপৰা আঁতৰি গোপন পৰিচয়েৰে জীৱন কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কমল বৰা কলিকতালৈ গ'ল। তাৰেপৰা খবৰ আহিল-'ডায়মণ্ডহাৰবাৰত গঙ্গাৰ বুকুত ভাৰতৰ প্ৰখ্যাত খেলুৱৈ অসমৰ মুকুটমণি কমল বৰুৱাৰ সলিল সমাধি। '[2]

গুহামানৱ ভাস্কৰ

[সম্পাদনা কৰক]
গুহামানৱ ভাস্কৰ

দ্বিতীয় মহাযুদ্ধত নাগালেণ্ডৰ সমীপত কৰ্মৰত আৰু প্ৰত্নতত্ত্বৰ প্ৰতি আগ্ৰহী এক ব্ৰিটিছ সেনা-বিষয়াই সেনাবাহিনীতে লেফটেনেণ্টৰ কাম কৰা কছাৰী ৰাজকোঁৱৰ ৰাজবংশীৰ যোগেদি এটা ৰূপৰ টেমা লাভ কৰে। টেমাটোত আছিল কছাৰী ৰাজকুমাৰী ইন্দুমতীয়ে আহোম ৰাজকোঁৱৰ ধৰ্মনাৰায়ণলৈ লিখা চাৰিশ বছৰ পুৰণি এখন চিঠি। টেমাটোৰে সৈতে চিঠিখন সেনা-বিষয়াজনে প্ৰখ্যাত প্ৰত্নতত্ত্ববিদ পাৰ্কিনচনক দান কৰি যায়। পাৰ্কিনচনে চিঠিখনৰ পাঠোদ্ধাৰ আৰম্ভ কৰে যদিও সম্পূৰ্ণ সফল হ'ব নোৱাৰিলে আৰু জাৰ্মান প্ৰাচ্যবিদ ভন গ্ৰোভাৰক বাকী থকা পাঠোদ্ধাৰৰ বাবে চিঠিখনৰ কপি এটা দি আহে। কিন্তু, অনাহুত ভাৱে গ্ৰোভাৰৰ মৃত্যু হয়, আৰু তেখেতে কৰি যোৱা কামখিনিৰ ভিতৰত চিঠিখন আৰু পাঠোদ্ধাৰৰ কামখিনি কোনোবা দুৰ্বৃত্তই চুৰ কৰি নিয়ে। ড॰ পাৰ্কিনচনে নিজে পাঠোদ্ধাৰৰ বাবে চেষ্টা কৰিবলৈ আহি অসমৰ পায়হি, আৰু ছিলঙৰ এখন হোটেলত বাহৰ পাতে। আনফালে কলিকতাত সলিল সমাধি ঘটা বুলি খবৰ ওলোৱা কমল বৰা আৰু ফিঙাৰ মৃতদেহ বিচাৰি পোৰ্ট পুলিচে চলাথ কৰিলেও দেহ বিচাৰি নেপালে যদিও কমলৰ কাপোৰ আৰু মানি-বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তাৰ কিছুদিন পাছত দুয়োকে দেখা যায় ৰঙিয়া ষ্টেচনত, লগত ফেহু আৰু বোন্দা। কেউজন আহে ভাস্কৰৰ নতুন ঠিকনা জয়ন্তীয়া পাহাৰৰ এটা গুহালৈ। অৱশ্যে গুহাৰ ভিতৰখন আধুনিক ধৰণে সজ্জিত। ফেহুৱে বতৰা দিয়ে যে নাগালেণ্ডত জোতা-বেপাৰী ছেন লীয়ে এখন চিঠিৰ আধাটুকুৰা বিচাৰি দিলে তাক লাখ টকা দিম বুলিছে। চিঠিৰ টুকুৰাটো আছে ছিলঙত থকা কোনোবা বিলাতী ড॰ পাৰ্কিনচনৰ হাতত। ছিলঙৰ হোটেলত ড॰ পাৰ্কিনচনে এটা বিদেশী কোম্পানীৰ ভাৰতীয় প্ৰতিনিধি মি. কাপুৰক লগ পায় আৰু ভাল বন্ধু হৈ পৰে। মি. কাপুৰে চিঠিখনৰ বিষয়ে জানিব পাৰি সেই বিষয়ে নিজে যি পাৰে কৰিব বুলি আশ্বাস দিয়ে। আনফালে, গুৱাহাটীৰ অভিজাত হোটেল 'ৰিভাৰ ভিউ'ত এক জাপানী দম্পতীয়ে বাহৰ পাতে। সেই হোটেলতে আহি উপস্থিত হয় ইটালিয়ান স্থপতিবিদ ইমানুৱেল। স্থানাভাৱত তেওঁ জাপানী দম্পতীৰ আলহী হ'বলগীয়া হয়। কিন্তু, সেই ৰাতিয়েই জাপানী দম্পতীৰ কোঠাৰপৰা এটা খাম চুৰি হয়। চোৰৰ হাতৰপৰা ইমানুৱেলে সেই খামটো নিজৰ হাতলৈ আনি হোটেলৰপৰা নোহোৱা হৈ যায়। পিনাকী শৰ্মাই জানিব পাৰে মি. কাপুৰ আৰু ইমানুৱেলৰ ছদ্মবেশত আছিল স্বয়ং ভাস্কৰ। ৰঘূনাথ পাণ্ডাৰ ঘৰত ভাস্কৰ আৰু সোমন লগ হয় আৰু ভাস্কৰে সেই খাম সোমনৰ হাতত অৰ্পণ কৰি তাৰ অৰ্থ উদ্ধাৰ কৰিবলৈ কয়। সোমনে দুদিনৰ সময় বিচাৰে। দুদিনৰ পাছত সোমনে পাঠোদ্ধাৰ কৰি জনায় যে তাত আছে এক অভূতপূৰ্ব প্ৰেমৰ কাহিনী আৰু গোপন ধন-ভাণ্ডাৰৰ ঠিকনা। সেই ধন-ভাণ্ডাৰৰ পিছতেই লাগিছে এক আন্তৰ্জাতিক চোৰাং চিকাৰীৰ এটা দল। জোতা-বেপাৰীৰ বেশত জাপানী মি. আৰু মিছেছ তাজাকি সেই দলৰে কৰ্মকৰ্তা। সোমনৰ মতামত অনুসৰি সেই ভাণ্ডাৰৰ স্থানত আহি ভাস্কৰ আৰু সংগীসকলে বাহৰ পাতে। কিন্তু, ধন-ভাণ্ডাৰৰ আছে পৰাক্ৰমী নগা গাঁও এখনৰ ভিতৰত, আৰু যিটো শিলে সেই ধন-ভাণ্ডাৰৰ দুৱাৰ আগচি ৰাখিছে সেইটৌ সেই গাঁৱৰ দেৱতা বুলি জনাজাত। গাঁৱখনৰ মানুহে অচিনাকি কোনো ব্যক্তি তেওঁলোকৰ মাজলৈ যোৱাটো পছন্দ নকৰে। কিন্তু, ফিঙাৰ বুদ্ধি অনুসৰি গাঁওবাসীৰ লগত বন্ধুত্ব পাতিবলৈ দুটা ডাঙৰ কুকুৰা আৰু চুৰট লৈ ভাস্কৰ আৰু ফেহু গাঁৱলৈ যায় আৰু বুদ্ধিৰে মানুহখিনিৰ লগত বন্ধুত্ব পতাৰ লগতে সাতদিনলৈ সেই শিলটোক পূজা কৰাৰ অনুমতিও আদায় কৰি লয়। ভাস্কৰৰ দলটো আৰু বাহিৰৰ মাজত যোগাযোগ ৰক্ষা কৰে আন এক আত্মগোপনকাৰী দস্যু তীৰ্থকংৰে। তীৰ্থকংৰ ভাস্কৰৰ দলৰ অংশ নাছিল, কিন্তু উদ্দেশ্যেৰ মিলৰ বাবে দুয়ো দুয়োকে সহায় কৰে। তীৰ্থকংৰেই বতৰা দিয়ে জাপানী দম্পতীয়েও দল-বল লৈ আহি সেই স্থানত উপস্থিত হৈছে। দস্যু ভাস্কৰে তীৰ্থকংৰৰ সংগীৰ সহায়ত দুই জাপানী দম্পতীক বন্দী কৰি নিজৰ কেম্পত ৰাখে। আনহাতে, শেষ পূজাৰ অচিলা লৈ গাঁৱৰ মানুহক সুৰাৰ ৰাগীত অসাৰ কৰি ৰাখি শিলটো উঠাই ভিতৰত থকা ধন-সম্পত্তি লৈ ওলাই আহে। অৱশ্যে অহাৰ সময়ত শিলটোক আকৌ স্ব-স্থানত ৰাখিবলৈ পাহৰা নাছিল। আনহাতে ফেহুৰ পম খেদি পিনাকী শৰ্মাও আহি ডিমাপুৰ পায়হি। ফেহুক তেওঁ দেখা পায় আৰু তাৰ পাছত চোৰাংচোৱা নিয়োগ কৰে। চোৰাংচোৱাৰ বাতৰি অনুসৰিয়েই তেওঁ নিশা দল-বল লৈ ভাস্কৰৰ কেম্পত উপস্থিত হয়। কিন্তু, কেম্পৰপৰা ভাস্কৰ আৰু দল-বল উধাও হয়, তেওঁলোকে উদ্ধাৰ কৰে মি. আৰু মিছেছ তাজাকিক। কিন্তু ওভতাৰ বাটত মি. আৰু মিছেছ তাজাকিৰ সংগীসকলে পিনাকী শৰ্মাৰ গতি ৰোধ কৰে আৰু তাজাকি দম্পতীক লৈ পলাই যাবলৈ সক্ষম হয়। গোপন ভাণ্ডাৰত উদ্ধাৰ হোৱা এক অপূৰ্ব কাঠৰ বাকচ আৰু কেইটামান সোণৰ মোহৰ ভাস্কৰৰ চিঠিৰে সৈতে ড॰ পাৰ্কিনচনে লাভ কৰে। অসমৰ ইতিহাসৰ এক অনন্য অধ্যায় উদ্ধাৰৰ পাছত ভাস্কৰে কিছুদিন বিশ্ৰামৰ কথা ভাবিছিল যদিও বোন্দাই খবৰ আনে যে তীৰ্থকংৰ অপহৃত হৈছে। তীৰ্থকংৰে এটা বিদেশী চক্ৰৰ ওপৰত চকু ৰাখি আছিল, আৰু সেই দলেই তাক অপহৰণ কৰিছে। ভাস্কৰে লগে লগে সেই চক্ৰ ভেদ কৰাৰ পণ লয়। [1]

চক্ৰভেদী ভাস্কৰ

[সম্পাদনা কৰক]
চক্ৰভেদী ভাস্কৰৰ বেটুপাত

চক্ৰভেদী ভাস্কৰৰ কাহিনীৰ আৰম্ভণিৰ আভাস ইয়াৰ পূৰ্বৱৰ্তী উপন্যাস 'গুহামানৱ ভাস্কৰ'তে দি ৰখা হৈছে। দস্যু ভাস্কৰৰ দৰে একে লক্ষ্যৰে জীৱন আৰম্ভ কৰা তীৰ্থকংৰে পাকিস্তানী (বৰ্তমানৰ বাংলাদেশk সাঙুৰি) এক চক্ৰই অসমৰপৰা সীমান্তৰ সামৰিক ছাউনিসমূহৰ গোপন মানচিত্ৰ হস্তগত কৰিবলৈ কাম আৰম্ভ কৰে। এই কামত নিয়োগ কৰা হয় এগৰাকী সুদক্ষ পাকিস্তানী গুপ্তচৰ নাৰ্দা ইব্ৰাহিমক। নাৰ্দা ইব্ৰাহিমক সহায় কৰিছিল নাচিৰ আল খাঁ নামৰ আন এজন দুৰ্ধষ গুপ্তচৰ-অপৰাধীয়ে। নাৰ্দা ইব্ৰাহিম আৰু সংগীসকলৰ গোপন আলোচনা শুনি থকাৰ সময়তে তীৰ্থংকৰ চক্ৰটোৰ হাতত বন্দী হয়। তীৰ্থংকৰক উদ্ধাৰ কৰা আৰু পাকিস্তানী চক্ৰটোক বিফল কৰিবৰ বাবে ভাস্কৰে মন স্থিৰ কৰাৰ বাৰ্তা লৈ 'গুহামানৱ ভাস্কৰ'ৰ কাহিনীৰ সমাপ্তি ঘটিছিল।

'চক্ৰভেদী ভাস্কৰ'-ৰ মূল পটভূমি তেতিয়াৰ অসমৰ ৰাজধানী ছিলং চহৰ। ছিলঙৰ এখন আভিজাত হোটেলত আহি নাৰ্দা ইব্ৰাহিমে বাহৰ পাতে, আৰু তাতেই অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়া কন্দৰ্পনাৰায়ণ আৰু জাফৰ আলিৰ লগত মানচিত্ৰখনৰ লেনদেনৰ বন্দৱস্ত হয়। কন্দৰ্প নাৰায়ণে এক বিশাল অংকৰ বিনিময়ত মানচিত্ৰখন যোগান ধৰিবলৈ মান্তি হয়। কিন্তু হোটেলতে দস্যু ভাস্কৰে নাৰ্দা ইব্ৰাহিম সাৱধান বাণী শুনাই যায়। নাৰ্দা ইব্ৰাহিমে দস্যু ভাস্কৰে তেখেতৰ শ্লীলতা হানিৰ চেষ্টা কৰা বুলি ডিটেকটিভ চীফ পিনাকী শৰ্মাক জনায়। পিনাকী শৰ্মাই ভাস্কৰৰ বিৰূদ্ধে অহা এই অভিযোগ পট্‌কৈ মানি ল'ব নোৱাৰে যদিও বৈদেশিক ৰাষ্ট্ৰৰ লগত সম্পৰ্কৰ কথা আহি পৰাৰ বাবে ভাস্কৰক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ কাৰ্য্যকৰী ব্যৱস্থা হাতত লয়। কিন্তু, ভাস্কৰে আহি পিনাকী শৰ্মাক লগ ধৰে, আৰু নাৰ্দা ইব্ৰাহিমৰ প্ৰকৃত স্বৰূপ শৰ্মাৰ আগত উদঙাই দিয়াৰ লগতে, তেওঁলোকৰ প্ৰকৃত উদ্দেশ্যৰ কথা ব্যক্ত কৰে।

চক্ৰান্ত অনুসৰিয়েই কন্দৰ্পনাৰায়ণ আৰু নাৰ্দা ইব্ৰাহিমৰ মাজত পাঁচ লাখ টকাৰ লেন-দেন হয়, আৰু সামৰিক মানচিত্ৰখন নাৰ্দা ইব্ৰাহিমৰ দলে লাভ কৰে। কিন্তু, তালে তালে থকা দস্যু ভাস্কৰে লগে লগে সেই খবৰ পিনাকী শৰ্মাক দিয়ে। পিনাকী শৰ্মাই বিমানেৰে ভাৰতৰপৰা যাবলৈ ওলোৱা নাৰ্দা ইব্ৰাহিমৰ দলটোক ধৰিবলৈ বৰঝাৰ বিমান-কোঠলৈ ঢাপলি মেলে। কন্দৰ্পনাৰায়ণে লাভ কৰা পাঁচ লাখ টকা ভাস্কৰে লুট কৰে, আৰু কন্দৰ্পনাৰায়ণ আৰু জাফৰ আলিক প্ৰমাণ সহাকৰে পিনাকী শৰ্মাৰ মানুহৰ হাতত গতাই দিয়ে।

পিনাকী শৰ্মা বৰঝাৰ বিমান কোঠত উপস্থিত হয় মানে নাৰ্দা ইব্ৰাহিমৰ বিমান গৈ ৰান-ৱে-ত উপস্থিত হয়, আৰু উৰিবলৈ সেউজ সংকেতো লাভ কৰে। তেনেতে এখন হেলিকপ্তাৰে বিজুতি হোৱাৰ খবৰ দি ততাতৈয়াকৈ বিমানকোঠত নামিবৰ অনুমতি বিচাৰে। হেলিকপ্তাৰখনক উৰিবলৈ সাজু হৈ থকা বিমানখনৰ বাবে ৰানৱেত নানামি কাষত নামিবলৈ কোৱা হয়। কিন্তু, হেলিকপ্তাৰখন আহি নাৰ্দা ইব্ৰাহিমৰ বিমানৰ সন্মুখতে নামি পৰে। অগত্যা বিমানখন ৰৈ যাবলৈ বাধ্য হয়। তেনেতে পিনাকী শৰ্মা আহি ৰানৱে-ত উপস্থিত হয় আৰু বিমানখনৰ যাত্ৰা বাতিল কৰিবলৈ আদেশ দিয়ে। নাৰ্দা ইব্ৰাহিম আৰু দল-বল গ্ৰেপ্তাৰ হয়। হেলিকপ্তাৰখনৰ কথা সকলোৱেই পাহৰিয়েই গৈছিল, সেইখন সকলোৰে অলক্ষিতে তাৰপৰা উৰি নেদেখা হৈ যায়।

কাহিনীৰ কালঃ প্ৰথমেই উল্লেখ কৰা অনুসৰি কাহিনীৰ সময় ১৯৫১ চন। আৰু নাৰ্দা ইব্ৰাহিমে চৰকাৰীভাৱে ভাৰতত পদাৰ্পণ কৰা তাৰিখ আছিল জানুৱাৰী মাহৰ ১৮ তাৰিখ। কিন্তু ইয়াৰ পৰৱৰ্তী ‘বিমান যুদ্ধত ভাস্কৰ’ত কাহিনীৰ সময় এই কাহিনীৰ এমাহ বুলি কোৱা হৈছে যদিও ১৯৫৬ চনৰ জানুৱাৰী মাহ বুলি উল্লেখ কৰিছে।

এই্ কাহিনীত বিৰূচন নামৰ ভাস্কৰৰ এজন সংগীৰ উল্লেখ আছে, যাৰ কথা-বতৰাৰ ভংগী কিছু পৰিমাণে ফেহুৰ দৰে। ফেহুৰ লগত এটা প্ৰতিযোগিতাৰ ভাৱো বিৰূচনৰ থকা বুলি দেখুওৱা হৈছে। বিৰূচনৰ উল্লেখ পাছৰ কাহিনীবোৰত সিমান পোৱা নাযায়।[3]

বিমান যুদ্ধত ভাস্কৰ

[সম্পাদনা কৰক]
বিমান যুদ্ধত ভাস্কৰৰ বেটুপাত

কাহিনীৰ সময় ১৯৫৬ চন। ‘চক্ৰভেদী ভাস্কৰ’ৰ কাহিনীৰ পাছৰ ঠিক এমাহ পাৰ হৈ গৈছে। দস্যু ভাস্কৰ আৰু সংগীসকলৰ হাতত তেনে কোনো বিশেষ কাম নাই। সেয়ে, অৱসাদে আহি প্ৰতিজনকে চুই গৈছে। কিন্তু, ভাস্কৰে অনুমান কৰিছে যে পিনাকী শৰ্মাই এইবাৰ ভাস্কৰক ধৰিবলৈ বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে। সমগ্ৰ পুলিচ-বাহিনীয়ে একমাত্ৰ ভাস্কৰক বিচাৰিয়েই মন-প্ৰাণ এক কৰিছে। মাত্ৰ তীৰ্থংকৰ তেতিয়াও বাহিৰত আৰু আলেখ-লেখ চাই ফুৰিছে, আৰু পিনাকী শৰ্মাৰ পৰিকল্পনাৰ চিত্ৰখন জানিবলৈ চেষ্টা কৰিছে। এদিন তীৰ্থংকৰ আহি ভাস্কৰক পিনাকী শৰ্মাৰ আঁচনিৰ বিষয়ে জনালে কিন্তু লগতে দিলে আন এটা বিষম খবৰ। কুখ্যাত নাৰী ব্যৱসায়ী লালজী আৰু তাৰ মেক্সিকান সহযোগী বিলি ব্ৰাউন ওৰফে ‘ডাৰ্ক বিলি’ অসমত উপস্থিত। ইতিমধ্যে সিহঁতে প্ৰায় সাতজনী গাভৰু অপহৰণ কৰিছে, কিন্তু এতিয়াও চালান দিয়া নাই, আৰু কেইজনীমান একেলগে লৈ যোৱাৰ আঁচনি কৰিছে। এই্ খবৰ শুনি ভাস্কৰে নাৰী-ব্যৱসায়ী চক্ৰটো উৎখাত কৰিবলৈ সিদ্ধান্ত লয়। সহযোগী সকলক অভিযানত নামি পৰিবলৈ আদেশ কৰে, একে সময়তে পিনাকী শৰ্মাৰ চকুৰপৰাও আঁতৰত থাকিবলৈ আদেশ দিয়ে।

গুৱাহাটীৰ জাজ ফিল্ডত অনুষ্ঠিত হ’বলগীয়া নিখিল ভাৰত সংগীত সমাৰোহৰ বাবে গুৱাহাটীলৈ বিভিন্ন প্ৰান্তৰ মানুহৰ আগমণ ঘটিছে আৰু ধনী মানুহখিনিয়ে বাহৰ পাতিছে হোটেল ‘ৰিভাৰ ভিউ’ত। তাৰে মাজত আছে মিঃ ভাৰ্মা ওৰফে লালজীয়ে। ১০ জানুৱাৰী অৰ্থাৎ নিখিল ভাৰতীয় সংগীত সমাৰোহৰ অনুষ্ঠানৰ দিনা টিকেটৰ বাবে হোৱা বিশৃংখলতাৰ মাজত তিনিজনী গাভৰু নোহোৱা হৈ পৰিল। একে ৰাতিয়েই টকৌবাৰী চাহ-বাগিচাৰ সহকাৰী মনেজাৰ মি. বৰুৱা আৰু পত্নী ৰীতা বৰুৱা আলহী হ’ল মিঃ ভাৰ্মাৰ হোটেল ছ্যুটত। দস্যু ভাস্কৰে পিনাকী শৰ্মাক নাৰী ব্যৱসায়ী চক্ৰটোৰ আগমণৰ বতৰা দিয়াৰ লগতে, সমগ্ৰ পুলিচ বিভাগে তাৰ লগত লাগি থাকি এই চক্ৰটোৰ বিষয়ে একেবাৰে অজ্ঞ হৈ থকাৰ বাবে ককৰ্থনাও কৰে। অৱশ্যে চক্ৰটোক পিনাকী শৰ্মাৰ হাতত গতাই দিয়াৰ আশ্বাসো দিয়ে।

পিছদিনা ৰতিপুৱা বুজা গ’ল ‘ৰিভাৰ ভিউ’ হোটেলৰ প্ৰায় প্ৰতিজন আলহীৰ কোঠাৰপৰাই সকলো গহণা-গাঁথৰি অদৃশ্য হৈছে। লগতে, নোহোৱা হৈছে ৰীতা বৰুৱা সমন্বিতে মিঃ ভাৰ্মাও। দস্যু ভাস্কৰৰ সহযোগী সকলে বাহৰ পাতে নিৰ্মীয়মান শৰাইঘাট দলঙৰ কাষত গঢ়ি উঠা অস্থায়ী শ্ৰমিকৰ বাসস্থানৰ মাজত। লালজী আৰু বিলিয়ে ঘাটি পাতি লৈছে ব্ৰহ্মপুত্ৰ পাৰৰে জয়াল বুলি জনাজাত ‘ৰজামৰা হাবি’ৰ মাজত। তাতেই সিহঁতে অপহৰণ কৰা ছোৱালীকেইজনীকো আনি ৰাখিছে। কিন্তু বিলিয়ে উন্মাদ হৈ ৰীতা বৰুৱাৰ শ্লীলতা হানিৰ চেষ্টা কৰাত লালজীৰ লগত তাৰ বিৰোধ হয়। তথাপিও ব্যৱসায়ৰ স্বাৰ্থতে দুয়ো-দুয়োৰে লগ-লাগি থাকিবলৈ চেষ্টা কৰে। আনহাতে দস্যু ভাস্কৰে পাছ লোৱা বুলি জানিব পাৰি যিমান পাৰি সোনকালে ছোৱালী কেইজনী লৈ পলাই যোৱাৰ যোজা কৰে। লালজীৰ পৰিকল্পনা আছিল বিমানৰ যোগেৰে আটাইতকৈ সুন্দৰী ছোৱালীকেইজনীক প্ৰশান্ত মহাসাগৰৰ হনুলুলু দ্বীপলৈ। য’ত তেওঁ আন এটা আস্থানা গঢ়ি তুলিছে। লালজীৰ আধুনিক বিমান প্ৰায় সাজু হৈ আছেই।

লালজীৰ লগত মোকাবিলা কৰিবলৈ ভাস্কৰে ছলেৰে ভাড়ালৈ লয় ব্যৱসায়ী মিঃ ভাৰ্গৱৰ আধুনিক বিমান এখন। কিন্তু, সেইখন বিমান গতিৰ জোখাৰে লালজীৰ বিমানৰ লগত টক্কৰ দিব পৰা বিধৰ নহয়। তীৰ্থংকৰৰ সহযোগী আৰু পাছলৈ ভাস্কৰৰ দলৰ সদস্য পাৰ্থই সহজেই মটৰ বোট এখনক দেখাত কাঠৰ মাছমৰীয়া নাৱৰ দৰে কৰি সাজি উলিয়ায়, আৰু সেই নাৱেৰে গৈ ৰজামৰা দ্বীপৰ প্ৰৱেশ পথত থকা প্ৰহৰীসকলক অসাৰ কৰে। কিন্তু, লালজী আৰু বিলিয়ে ঘটনাৰ অস্বাভাৱিকতা দেখি তিনিজনী ছোৱালী লগত লৈ খৰখেদা কৰি নিজৰ বিমানখন লুকুৱাই থোৱা দ্বীপটোলৈ আহে। কিন্তু, বিমানত উঠিবলৈ যো-জা কৰোঁতে এখন হেলিক্প্তাৰ আহি বিমানখনলৈ গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। উপায়ন্তৰ হৈ লালজী আৰু বিলিয়ে আত্মসমৰ্পণ কৰে, হেলিকপ্তাৰখনত থকা তিনিজন আৰোহীয়ে ছোৱালীকেইজনী উদ্ধাৰ কৰে। তেনেতে, পিনাকী শৰ্মা দল-বল লৈ সেই দ্বীপৰ পাৰত বোটেৰে আহি উপস্থিত হয়। হেলিক্প্তাৰখনে লৈ অহা তিনিওজন আৰোহীকে লৈ উৰা মাৰে। এজন পুলিচ অফিচাৰে হেলিক্প্তাৰখনলৈ বন্দুক টোঁৱায় যদিও পিনাকী শৰ্মাই গুলী মাৰিবলৈ বাধা দিয়ে।

এই কাহিনীতে প্ৰথমে পাৰ্থৰ পদাৰ্পন হৈছে। পাৰ্থক এগৰাকী সুদক্ষ ইঞ্জিনীয়াৰ। বোন্দাই পাৰ্থৰ কুশলতা দেখি মুগ্ধ হৈ পৰে। তীৰ্থকংৰে ক্ষন্তেক সময়ৰ বাবে ভাস্কৰৰ একাগ্ৰতাক সন্দেহ কৰে যদিও পাছ মুহূৰ্ততে আঁৰত থকা কাৰণ বিচাৰি উলিয়ায়, আৰু ভাস্কৰৰ বিচক্ষণতা দেখি ভক্তি-ভাৱ আৰু বাঢ়িহে যায়। হোটেল ৰিভাৰ-ভিউ-ত গহণা লুট কৰি সেই ধন ভাস্কৰৰ তহবিলত জমা দিয়াৰ পৰিকল্পনাও নিজেই কৰে। ফিঙাৰ আগৰ অপৰাধী জীৱনৰ অভিজ্ঞতাই ভাস্কৰক লালজী আৰু বিলিক চিনাত সহায় কৰে।

ঐতিহাসিক উল্লেখঃ শৰাইঘাট দলঙৰ নিৰ্মাণ কাৰ্যৰ উল্লেখ। কাহিনীৰ সময় লেখকে জনাই দিয়া অনুসৰি ১৯৫৬। উপন্যাসৰ আৰম্ভণিতে এই কাহিনী চক্ৰভেদী ভাস্কৰৰ কাহিনীৰ এমাহ পাছৰ বুলি উল্লেখ কৰিছে যদিও ‘চক্ৰভেদী ভাস্কৰ’ত কাহিনীৰ সময় ১৯৫১ চনৰ জানুৱাৰী মাহ বুলি উল্লেখ কৰা হৈছে।[3]

দস্যু ভাস্কৰৰ অন্তৰ্ধান

[সম্পাদনা কৰক]
দস্যু ভাস্কৰৰ অন্তৰ্ধান-ৰ বেটুপাত

দস্যু ভাস্কৰ আৰু অদৃশ্য দানৱ

[সম্পাদনা কৰক]

অস্থিৰ সীমান্ত আৰু দস্যু ভাস্কৰ

[সম্পাদনা কৰক]

ভাস্কৰৰ প্ৰতিজ্ঞাপূৰণ

[সম্পাদনা কৰক]

ক্ষমাহীন ভাস্কৰ

[সম্পাদনা কৰক]

বন্ধু ভাস্কৰ

[সম্পাদনা কৰক]

জুলিবা পাৰত ভাস্কৰ

[সম্পাদনা কৰক]

ভাস্কৰৰ ক্ৰোধবহ্নি

[সম্পাদনা কৰক]

নৰঘাতক ভাস্কৰ

[সম্পাদনা কৰক]

দস্যু ভাস্কৰ আৰু মন্ত্ৰীপতন

[সম্পাদনা কৰক]

দস্যু ভাস্কৰ আৰু মৃত্যুদূত

[সম্পাদনা কৰক]

কমাণ্ডো নেতা ভাস্কৰ

[সম্পাদনা কৰক]

দস্যু ভাস্কৰ আৰু ৰাণী হিন্দোল

[সম্পাদনা কৰক]

ভাস্কৰৰ অগ্নিবাণ

[সম্পাদনা কৰক]

যাদুকৰ ভাস্কৰ

[সম্পাদনা কৰক]

ভাস্কৰ আৰু লুইতকন্যা

[সম্পাদনা কৰক]

ভাস্কৰৰ সমুদ্ৰবিজয়

[সম্পাদনা কৰক]

ভাস্কৰ আৰু মহাকাল

[সম্পাদনা কৰক]

ভাস্কৰ আৰু কেবিন নং ২২

[সম্পাদনা কৰক]

দস্যু ভাস্কৰ আৰু শিলাজতু

[সম্পাদনা কৰক]

ভাস্কৰ আৰু সৰ্পসন্যাশী

[সম্পাদনা কৰক]

দস্যু ভাস্কৰ আৰু মিচৰকুমাৰী

[সম্পাদনা কৰক]

দস্যু ভাস্কৰ আৰু ৰত্নমালা

[সম্পাদনা কৰক]

বহুৰূপী ভাস্কৰ

[সম্পাদনা কৰক]

অগ্নিবৰ্ণ ভাস্কৰ

[সম্পাদনা কৰক]

ভাস্কৰ আৰু বিমানদস্যু

[সম্পাদনা কৰক]

ভাস্কৰ আৰু মহাৰাজ

[সম্পাদনা কৰক]

দস্যু ভাস্কৰ আৰু হিপ্পি

[সম্পাদনা কৰক]

বন্দী ভাস্কৰ (১ম)

[সম্পাদনা কৰক]

বন্দী ভাস্কৰ (২য়)

[সম্পাদনা কৰক]

ভাস্কৰ আৰু ৰাক্ষসী ছিনাই

[সম্পাদনা কৰক]

দস্যু ভাস্কৰ আৰু পেড়াপট্টি

[সম্পাদনা কৰক]

দস্যু ভাস্কৰ আৰু প্ৰেতাত্মা

[সম্পাদনা কৰক]

দস্যু ভাস্কৰ আৰু আকাল

[সম্পাদনা কৰক]

ভাস্কৰ আৰু সাগৰ ৰজা

[সম্পাদনা কৰক]

দস্যু ভাস্কৰ আৰু মিনতি

[সম্পাদনা কৰক]

ভাস্কৰ আৰু অভিনেত্ৰী

[সম্পাদনা কৰক]

অধিবক্তা ভাস্কৰ

[সম্পাদনা কৰক]

ভাস্কৰ আৰু চম্পা

[সম্পাদনা কৰক]

ভাস্কৰৰ ভেৰাকুটি

[সম্পাদনা কৰক]

ভাস্কৰ আৰু কুন্তিলাল

[সম্পাদনা কৰক]

মৰমী ভাস্কৰ

[সম্পাদনা কৰক]

জীয়া জুইত ভাস্কৰ

[সম্পাদনা কৰক]

ভাস্কৰ বিহনে চম্পা

[সম্পাদনা কৰক]

ভাস্কৰ আৰু ডবল এজেণ্ট

[সম্পাদনা কৰক]

ভাস্কৰ আৰু ছদ্মবেশী স্মাগলাৰ

[সম্পাদনা কৰক]

ভাস্কৰ আৰু স্নেপড্ৰেগন

[সম্পাদনা কৰক]

যন্ত্ৰযুদ্ধত ভাস্কৰ

[সম্পাদনা কৰক]

দুৰ্জয় বৈৰী ভাস্কৰ

[সম্পাদনা কৰক]

ভাস্কৰ আৰু যুৱৰাজ

[সম্পাদনা কৰক]

ভাস্কৰ আৰু নিষাদ

[সম্পাদনা কৰক]

ভাস্কৰ আৰু হেৰুৱা সূত্ৰ

[সম্পাদনা কৰক]

ভাস্কৰ আৰু মৰুশিয়াল

[সম্পাদনা কৰক]

ভাস্কৰ আৰু ৰুদ্ৰপতি

[সম্পাদনা কৰক]

ভাস্কৰ আৰু দুই বদমাছ

[সম্পাদনা কৰক]

ভাস্কৰ আৰু ছদ্মবেশী চয়তান

[সম্পাদনা কৰক]

গিৰিৰামত ভাস্কৰ

[সম্পাদনা কৰক]

তথ্য সমল

[সম্পাদনা কৰক]
  1. 1.0 1.1 ৰংমন, গুহামানৱ ভাস্কৰ, শ্ৰীভূমি পাব্লিচিং কোম্পানী, কলিকতা
  2. ৰংমন, দস্যু ভাস্কৰৰ আৱিৰ্ভাৱ, শ্ৰীভূমি পাব্লিচিং কোম্পানী, পৰিমাৰ্জিত সংস্কৰণ: অক্টৌবৰ, ২০০৪
  3. 3.0 3.1 ৰংমন, দস্যু ভাস্কৰ, শ্ৰীভূমি পাব্লিচিং হাউচ, কলকাতা
  1. ৰংমন, দস্যু ভাস্কৰৰ আৱিৰ্ভাৱ, শ্ৰীভূমি পাব্লিচিং কোম্পানী, কলকাতা
  2. নৃপেন ৰয়, অসমীয়া ৰহস্য সাহিত্য আৰু ৰংমন, পদক্ষেপ প্ৰকাশন, বৰপেটা