গৌৰৱ গগৈ
গৌৰৱ গগৈ | |
|---|---|
![]() | |
| লোকসভাৰ সাংসদ যোৰহাট (লোকসভা সমষ্টি) | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ২৪ জুন,২০২৪ | |
| পূৰ্বসূৰী | তপন কুমাৰ গগৈ |
| লোকসভাৰ সাংসদ কলিয়াবৰ (লোকসভা সমষ্টি) | |
| কাৰ্যকাল ১ ছেপ্তেম্বৰ ২০১৪ – ৫ জুন,২০২৪ | |
| পূৰ্বসূৰী | দীপ গগৈ |
| ব্যক্তিগত তথ্য | |
| জন্ম | ৪ ছেপ্টেম্বৰ, ১৯৮২ (৪৩ বছৰ) দিল্লী, ভাৰত |
| ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| দাম্পত্যসঙ্গী | এলিজাবেথ কলবাৰ্ণ গগৈ |
| মাতৃ | ডলি গগৈ |
| পিতৃ | তৰুণ গগৈ |
| শিক্ষা | বি.টেক. বৈদ্যুতিক আৰু যোগাযোগ অভিযান্ত্ৰিকী (B.Tech. in Electronics and Communication Engineering) (ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়, দিল্লীৰ পৰা) ৰাজহুৱা প্ৰশাসনত স্নাতকোত্তৰ (Master of Public Administration) (নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা) [1] |
| শিক্ষানুষ্ঠান | নিউয়ৰ্ক বিশ্ববিদ্যালয়, ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়, দিল্লী |
| ২ জানুৱাৰী, ২০১২-ৰ তথ্য | |
গৌৰৱ গগৈ (ইংৰাজী: Gaurav Gogoi; জন্ম: ৪ ছেপ্টেম্বৰ ১৯৮২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ, লোকসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি।[2] ২০২০ চনৰ পৰা তেওঁ লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[3][4]তেওঁ লোকসভাত ২০১৪ চনৰ পৰা ২০২৪ চনলৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু ২০২৪ চনত ১৮ নং যোৰহাট সমষ্টিৰ পৰা লোকসভালৈ মনোনীত হয়।[5] গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ।[6]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]গৌৰৱ গগৈৰ জন্ম হয় ১৯৮২ চনৰ ৪ ছেপ্তেম্বৰত দিল্লীত। তেওঁৰ পিতৃ তৰুণ গগৈয়ে ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল।[7] গগৈয়ে দিল্লীৰ ছেন্ট কলম্বাছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পৰা বি টেক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা প্ৰশাসনিক শিক্ষা গ্ৰহণ কৰে।[8]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]গগৈ ২০১৪ চনৰ মাৰ্চত কংগ্ৰেছ দলৰ পৰা কলিয়াবৰ (লোকসভা সমষ্টি)ৰ পৰা লোকসভালৈ মনোনীত হয় ।[9] পুনৰবাৰ ২০১৯ চনত একে সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে লোকসভালৈ তেওঁ নিৰ্বাচিত হয় আৰু ২০২৪ চনলৈকে কাৰ্যনিৰ্বাহ কৰে।[10]২০২৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত তেওঁ যোৰহাট সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে[11] আৰু বিজেপিৰ তদানীন্তন সাংসদ তপন গগৈৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে।[12]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ ""Search | NYU Wagner"". Archived from the original on 2016-09-18. https://web.archive.org/web/20160918162711/http://wagner.nyu.edu/alumni/action/InAction-gaurav-gogoi। আহৰণ কৰা হৈছে: 2024-07-01.
- ↑ "Gaurav Gogoi takes charge as new Assam Congress chief". The HinduThe Hindu. 2024-06-27. https://www.thehindu.com/news/national/assam/gaurav-gogoi-takes-charge-as-new-assam-congress-chief/article69651515.ece। আহৰণ কৰা হৈছে: 2025-07-26.
- ↑ "Gaurav Gogoi appointed Congress’s deputy leader in Lok Sabha; Kodikunnil Suresh to be chief whip". The HinduThe Hindu. 2023-03-13. https://www.thehindu.com/news/national/gaurav-gogoi-appointed-congresss-deputy-leader-in-lok-sabha-kodikunnil-suresh-to-be-chief-whip/article68402772.ece। আহৰণ কৰা হৈছে: 2025-07-26.
- ↑ "Assam CM's son Gaurav Gogoi files nomination for LS polls"
- ↑ "Gaurav Gogoi vs Topon Gogoi Jorhat Elections Result Live Updates". The Indian Express. https://indianexpress.com/elections/gaurav-gogoi-vs-topon-gogoi-jorhat-elections-result-live-updates-9370030/। আহৰণ কৰা হৈছে: 14 July 2024.
- ↑ "Gaurav Gogoi: The son rises in the East". The Printers MysoreDeccan Herald. 2023-08-20. https://www.deccanherald.com/india/gaurav-gogoi-live-details-career-interview-congress-2653516। আহৰণ কৰা হৈছে: 2025-07-26.
- ↑ "Gogoi’s era of turnaround comes to an end". The Printers MysoreDeccan Herald. 2015-xx-xx. https://www.deccanherald.com/india/gogois-era-turnaround-comes-end-2065549। আহৰণ কৰা হৈছে: 2025-07-26.
- ↑ "Gourav Gogoi: Biography". OneIndia. https://www.oneindia.com/politicians/gourav-gogoi-32499.html। আহৰণ কৰা হৈছে: 14 July 2024.
- ↑ Simantic Dowerah (12 March 2013). "Open to any role in Congress, says tarun gogoi's son gaurav". Firstpost.com. http://www.firstpost.com/politics/open-to-any-role-in-congress-says-tarun-gogois-son-gaurav-657563.html। আহৰণ কৰা হৈছে: 20 March 2014.
- ↑ "Kaliabor Lok Sabha Constituency Election Results". The Times of India. https://timesofindia.indiatimes.com/elections/lok-sabha-constituencies/assam/kaliabor। আহৰণ কৰা হৈছে: 14 July 2024.
- ↑ "Assam: Sarbananda Sonowal, Gaurav Gogoi File Nomination For Lok Sabha Polls". NDTV. https://www.ndtv.com/india-news/assam-sarbananda-sonowal-gaurav-gogoi-file-nomination-for-lok-sabha-polls-5315373। আহৰণ কৰা হৈছে: 14 July 2024.
- ↑ "In Assam, status quo: Congress takes heart in victory for Gaurav Gogoi". The Indian Express. 13 July 2024. https://indianexpress.com/article/political-pulse/in-assam-status-quo-congress-takes-heart-in-victory-for-gaurav-gogoi-9372736/। আহৰণ কৰা হৈছে: 14 July 2024.
