পূবেৰুণ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পূবেৰুণ
PUBERUN.png
পূবেৰুণ ছবিৰ পোষ্টাৰ
পৰিচালক প্ৰভাত মুখাৰ্জী
প্ৰযোজক পাজী দাস আৰু ডা: খগেন ৰায়
চিত্ৰনাট্য প্ৰভাত মুখাৰ্জী
কাহিনী ডা: খগেন ৰায়
অভিনয়ত জ্ঞানদা কাকতি
বীণা বৰুৱা
মাৰ্গাৰেট এণ্ডাৰছন
ৰেবেকা আচাও
তচদ্দুক ইউচুফ
ৰাধাগোবিন্দ বৰুৱা
সংগীত পৰিচালক তাৰিকুদ্দিন আহমেদ
চিত্ৰগ্ৰহণকাৰী অজয় মিত্ৰ
সম্পাদনা হৰিদাস মহলানবিচ
ষ্টুডিঅ’ নিউ থিয়েটাৰ্চ ষ্টুডিঅ', কলিকতা
পৰিবেশক আচকৰণ জালান, যোৰহাট
মুক্তি ১৯৫৯
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

পূবেৰুণ (ইংৰাজী: Puberun) ১৯৫৯ চনত মুক্তি লাভ কৰা আৰু বাংলা ছবিৰ পৰিচালক প্ৰভাত মুখাৰ্জীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া কথাছবি। ১৯৫৯ত ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে।[1] পূবেৰুণ ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল।[2]

নিৰ্মাণৰ আঁৰৰ কাহিনী[সম্পাদনা কৰক]

১৯৫৮ চনত অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰ টুৰিষ্ট লজত গোট খাইছিল কলিকতাৰপৰা অহা চলচ্চিত্ৰ পৰিচালক প্ৰভাত মুখাৰ্জী আৰু কেইগৰাকীমান ব্যক্তি। সেই সময়ত মুক্তিলাভ কৰা এখন অসমীয়া কথাছবিৰ ভুল-ভ্ৰান্তিবোৰকে তেওঁলোকে আলোচনা কৰি আছিল। সেই মেলত উপস্থিত থকা ডা. খগেন ৰায়-এ সেই আলোচনা শুনি নিজে এখন ছবি নিৰ্মান কৰাৰ কথা ভাবিলে, য'ত সেই দোষবোৰ কোনেও আৰু খুচৰিব নোৱাৰে। তেখেতে তচদ্দুক ইউচুফৰ সৈতে লগলাগি যোৰহাটৰ ডচ এণ্ড কোম্পানীৰ মালিক পাজী দাসৰ সৈতে মিলি 'কথাকলি চিনে প্ৰডিউচাৰ্চ, নগাওঁ (অসম)' নামে এটা কোম্পানী খুলি ৰেজিষ্টাৰ কৰে আৰু সেই কোম্পানীৰ দ্বাৰা 'পূবেৰুণ' নিৰ্মানৰ দিহা কৰে। ছবিখনৰ পৰিচালনাৰ বাবে কলিকতাৰ পৰিচালক প্ৰভাত মুখাজীকে ৰাজী কৰোৱা হয়। ছবিখনৰ চিত্ৰনাট্য লিখাৰ দায়িত্ব পৰিচালকে নিজেই ললে।[2]

ছবিখনৰ মূল কাহিনী আছিল ডা. খগেন ৰায়ৰ। তচদ্দুক ইউচুফে কাহিনীটোৰ মূল কাহিনীৰ পৰিবৰ্ধন কৰে আৰু তাক চলচিত্ৰৰ গল্পৰুপ দিয়ে ৰমেশ শৰ্মাই। চিত্ৰনাট্য প্ৰভাত মুখাৰ্জীয়ে ৰছনা কৰিছিল।[2]

তিলক দাস পৰিচালিত 'পাৰঘাট'ত (১৯৪৯) অভিনয় জীৱন আৰম্ভ কৰা জ্ঞানদা কাকতি তেতিয়াৰ অসমৰ ব্যস্ত চলচিত্ৰ অভিনেত্ৰী। পূবেৰুণৰ নায়িকাৰ চৰিত্ৰৰ বাবেও তেখেতক মনোনীত কৰা হয়। উৎপল দত্তৰ 'লিটল থিয়েটাৰ গ্ৰুপ'ৰ অভিনেত্ৰী মাৰ্গাৰেট এণ্ডাৰছনক 'মাদাৰ ছুপেৰিয়ৰ'ৰ চৰিত্ৰৰ বাবে নিৰ্বাচন কৰা হয়। প্ৰভাত মুখাৰ্জীৰ লগত থকা ভাল সম্পৰ্কৰ বাবেই এখেতে অসমীয়া ছবিত অভিনয়ৰ বাবে মান্তি হয়। স্বামীৰ মৃত্যুৰ পাছত এই গৰাকী অভিনেত্ৰী লণ্ডনলৈ উভতি যায়।[2][3]

বৰ্হিদৃশ্যগ্ৰহনৰ কাম কৰা হৈছিল ছিলঙত আৰু অন্তৰ্দৃশ্যগ্ৰহনৰ কাম কৰা হৈছল কলিকতাৰ় 'নিউ থিয়েটাৰ্ছ ষ্টুডিঅ'ত।[2]

ছবিখনৰ কাহিনী[সম্পাদনা কৰক]

অৰূপ আৰু মেঘালীৰ একমাত্ৰ সন্তান জোন। জোনে বিচাৰে এজনী অকণমানি ভণ্টী, কিন্তু মেঘালীয়ে আৰু মাক হ'ব নোৱাৰে। অকণমানি জোনৰো মটৰ দূৰ্ঘটনা হৈ মৃত্যু হয়। এই মৃত্যুৱে বাউলী কৰি তোলা অৰূপো খুব সোনকালেই মেঘালীৰ ওচৰৰ পৰা আঁতৰি যায়। মেঘালী ৰৈ যায়, ভগৱানৰ বিদ্ৰোহী হৈ। মেঘালীয়ে লগ পায় 'কনভেণ্ট'ৰ মাদাৰ ছুপিৰিয়ৰ-ক আৰু 'কনভেণ্ট'ৰ অনাথ-অসহায় ল'ৰা-ছোৱালীবোৰৰ মাজত বিচাৰি পায় হেৰাই যোৱা জোনক, তাকে তাই বিলাই দিব খোজে নিজৰ সমস্ত ভালপোৱা। কিন্তু 'মাদাৰ ছুপিৰিয়ৰে' এই বিশেষ মৰম সহজ ভাৱে ল'ব নোখোজে। এটি বিশেষ শিশুক নিগাজীকৈ ভালপোৱাটো এক অপৰাধ। মাকৰ মৰম হেনো বৰ স্বাৰ্থপৰ। জোনৰ প্ৰতিচ্ছবি থকা দীপকো জোৰকৈ এদিন অনাথ আশ্ৰমৰপৰা উলিয়াই নিয়া হয়। মেঘালীয়ে আকো এবাৰ জোনক হেৰুৱায়।[2] তাই মাদাৰ ছুপিৰিয়ৰৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি কনভেণ্টৰ পৰা ওলাই আহে। এনেতে এটা শিশুৰ কান্দোন শুনি তাই পুনৰ অনাথ-গৃহলৈ উভতি যায়। তাইৰ অনুভৱ হয় পৃথিৱীৰ সকলো শিশুৱে একে আৰু তাই পৃথিৱীৰ বৃহৎ মানৱ পৰিয়ালটোৰ এজন সদস্য।[1]

মুক্তি[সম্পাদনা কৰক]

পূবেৰুণ ১৯৫৯ চনত মুক্তি দিয়া হৈছিল।[2]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

১৯৫৯ত অনুষ্ঠিত হোৱা ৭ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা স্বৰূপে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে।[1][2] ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত ষষ্ঠ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি। বিদেশত প্ৰদৰ্শিত এইখনেই প্ৰথম অসমীয়া বোলছবি।[2]

অভিনয়ত[সম্পাদনা কৰক]

কলা-কুশলী[সম্পাদনা কৰক]

(তথ্যছকত উল্লেখ নথকা)

  • বেনাৰ: কথাকলি চিনে প্ৰডিউচাৰ্চ, নগাওঁ (অসম)
  • কাহিনী পৰিবৰ্দ্ধন: তচদ্দুক ইউচুফ
  • সংলাপ: ৰমেশ শৰ্মা
  • সহকাৰী চিত্ৰগ্ৰহন: আশু দত্ত, দুৰ্গা ৰাহা, নুৰু
  • সম্পাদনা সহকাৰী: নিমাই ৰয়
  • ৰূপসজ্জা: মদন পাঠক
  • ৰূপসজ্জা সহকাৰী: শম্ভু, সত্যেন
  • শব্দগ্ৰহন: অতুল চট্টোপাধ্যায়, মণি বোস
  • শব্দগ্ৰহন সহকাৰী: সুজিত সৰকাৰ, ৰথীন ঘোষ
  • যন্ত্ৰ সংগীত: এ দে আৰু সম্প্ৰদায়
  • পোহৰ নিয়ন্ত্ৰণ: কেনৰাম, ব্ৰজেন, কেষ্ট, জগন, কালীচৰণ, মংগল সিং
  • সংগীত আৰু আৱহ সংগীত গ্ৰহন: সত্যেন চট্টোপাধ্যায়, ইণ্ডিয়া ফিল্ম লেব
  • অন্তৰ্দৃশ্য গ্ৰহন: কলিকতাৰ নিউ থিয়েটৰ্চ ষ্টুডিঅ'ত আৰ চি এ আৰু ৱেচট্ৰেক্স শব্দ যন্ত্ৰত গৃহীত
  • পৰিস্ফুটন: বিজয় ৰায়ৰ তত্বাৱধানত ফিল্ম চাৰ্ভিচেছ লেব'ৰেট'ৰিত পৰিস্ফুতিত
  • সংগঠনত: শশীপ্ৰসাদ বৰুৱা, মনোৰঞ্জন দাস, ৰফিউল গনি, চঞ্চল দাস, চন্দ্ৰকান্ত চাংমা, চন্দন দাস, অৰুণ চৌধুৰী, দুৰন্ত দাস, মীৰা ৰায়, পাজি ডাস, প্ৰিয় বেজবৰুৱা, আৰু ডা: খগেন ৰায় (মেনেজিং পাৰ্টনাৰ)
  • গীতৰ ৰেকৰ্ড: হিজ মাষ্টাৰ্ছ ভয়চ, (HMV)[2]

'পূবেৰুণ'ৰ গান[সম্পাদনা কৰক]

'পূবেৰুণ'ৰ সংগীত পৰিচালক আছিল তাৰিকুদ্দিন আহমেদ। সহকাৰী সংগীত পৰিচালক আছিল বিবেকানন্দ ভট্টাচাৰ্য্য।[2]

ক্ৰমিক
নং
গীতৰ শীৰ্ষ কণ্ঠ গীতিকাৰ দৈৰ্ঘ[3]
হম মৰতে হ্যায় তুঝ পৰ নিৰ্মলা মিশ্ৰ বিদ্যা বৰা
এই পৃথিৱীৰ মায়া মমতাই / নিদিলে বিদায় তাৰিকুদ্দিন আহমেদ মলিন বৰা
বুকু জুৰণীয়া মোৰে বনে পোনা / মোৰে সোণে পোনা শুব ভাৰতী গুহ চৌধুৰী আলিমুন্নেছা পিয়াৰ
কামনাৰে ভৰা মৰমী হিয়াৰ / গোপন কথাটি মোৰ প্ৰতিমা বেনাৰ্জী ইউচুফ হাজৰিকা

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "7th National Film Festival". পৃষ্ঠাসমূহ: 3, 12. http://dff.nic.in/images/Documents/107_7thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 26 January 2020. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 দাস, অৰুণলোচন (২০০১) , 'এবাৰ উভতি চাওঁ' , শিশুসাৰথি প্ৰকাশন, গুৱাহাটী।. 
  3. 3.0 3.1 দাস অৰুণলোচন, ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত, প্ৰকাশ ২০১৩, পৃষ্ঠা ১০১, শশী শিশু প্ৰকাশন, গুৱাহাটী.