পাৰঘাট (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাৰঘাট
Parghat
পৰিচালক প্ৰবীণ ফুকন
প্ৰযোজক প্ৰমথ ৰাম দাস
সংগীত পৰিচালক গন্ধৰ্ব
প্ৰযোজনা
কোম্পানীসমূহ
ইন্দ্ৰপুৰী ষ্টুডিঅ', কলকাতা
মুক্তি
৫ আগষ্ট ১৯৪৯
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

পাৰঘাট (ইংৰাজী: Parghat) প্ৰমথৰাম দাসৰ প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানে প্ৰযোজনা কৰা সপ্তম অসমীয়া চলচ্চিত্ৰ। মুক্তি পাইছিল ১৯৪৯ৰ ৫ আগষ্টত। ছবিখনৰ পৰিচালনা আৰু কাহিনী আছিল প্ৰবীন ফুকনৰ। কানি বেপাৰক কেন্দ্ৰ কৰি কাহিনী ৰচনা হৈছিল। চিত্ৰগ্ৰহণ কলকাতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত। এই ছবিৰ যোগেদি অভিনেত্ৰী জ্ঞানদা কাকতিয়ে ছবিজগতত প্ৰথম খোজ পেলাইছিল।[1][2]

ছবিখনৰ কাহিনী[সম্পাদনা কৰক]

ছবিখনৰ কাহিনীভাগ ব্ৰিটিছৰ দিনৰ চোৰাং কানি বেপাৰৰ ওপৰত আধাৰিত। এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমখন আগতীয়া টিকট বুকিঙৰ ব্যৱস্থা থকা চলচ্চিত্ৰ।[3]

অভিনয়[সম্পাদনা কৰক]

সঙ্গীত[সম্পাদনা কৰক]

পুৰুষোত্তম দাসে গন্ধৰ্ব নামেৰে পাৰঘাটৰ সঙ্গীত পৰিচালনা কৰিছিল।[4]

ক্ৰমিক নং গীতৰ শীৰ্ষক গীতিকাৰ কণ্ঠ
পুৱাৰে মলয়া মন জুৰণীয়া, হিয়া পৰি যায় শাঁত পুৰুষোত্তম দাস কমল চৌধুৰী, মলয়া দাস
সন্মুখত দেখি কলীয়া আন্ধাৰ, ভয় নাই তোৰ ভয় নাই পুৰুষোত্তম দাস দিলীপ শৰ্মা
কোন দূৰে দূৰে যায় ৰূপ জগতৰ ৰঙীন দিনৰ সুদক্ষিণা শৰ্মা
তুমি জানো বুজা প্ৰিয় মোৰ হৃদয়ৰ শত বেদনাই পুণ্য প্ৰসাদ দুৱৰা জ্ঞানদা কাকতি
জেতুকা বোলেৰে বোলাম হাত লাৱণী, কেৰুৰে জিলিকাম কাণ আনন্দিৰাম দাস
শেৱালিৰ পাহীটিৰে বুকুৰে কথাটি কবলৈ ভাষাটি নাই নাই সুদক্ষিণা শৰ্মা
কাৰ আকাশৰ ৰামধেনুখনি ক’তে বা লুকাই ভূপেন হাজৰিকা ভূপেন হাজৰিকা
কৰ্মই আমাৰ ধৰ্ম কৰ্মই আমাৰ ধৰ্ম ভূপেন হাজৰিকা ভূপেন হাজৰিকা, পুৰুষোত্তম দাস

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 মঞ্চলেখা, পৃঃ ৩০৯, অতুল চন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী. ১৯৯৫. 
  2. 2.0 2.1 "Parghat". Archived from the original on 2020-01-12. https://web.archive.org/web/20200112045750/http://www.boxofficeassam.com/movie/parghat/। আহৰণ কৰা হৈছে: 2020-01-17. 
  3. "অসমীয়া চিনে জগতত প্ৰথমবাৰৰ বাবে "Advance Ticket Booking"ৰ ব্যৱস্থা কৰা চিনেমাখনৰ কথা". 24 May 2020. https://www.facebook.com/186685058626816/posts/592096078085710/। আহৰণ কৰা হৈছে: 24 May 2020. 
  4. অসমীয়া বোলছবিৰ গীতৰ সংকলন, পৃঃ ১৭ বাবুল দাস, বাণীমন্দিৰ, ডিব্ৰুগড়, ১৯৮৫.