সমললৈ যাওক

প্ৰভাত মুখাৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰভাত মুখাৰ্জী
Prabhat Mukherjee
জন্ম ১৯১৭
মৃত্যু ১৯৯৭
বাসগৃহ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম পি. মুখাৰ্জী
বংশদ্ভূত বঙালী
পেচা চলচ্চিত্ৰ পৰিচালক, অভিনেতা
সক্ৰিয় হৈ থকা সময় ১৯৫০-১৯৭৮

প্ৰভাত মুখাৰ্জী (ইংৰাজী: Prabhat Mukherjee, ১৯১৭-১৯৯৭) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু গ্ৰন্থ ৰচয়িতা আছিল।[1] তেওঁ বঙালী, অসমীয়া, উৰিয়া আৰু হিন্দী ভাষাচলচ্চিত্ৰত কাম কৰিছে।[2] মুখাৰ্জীৰ কৰ্মজীৱনৰ আৰম্ভণি আকাশবাণী যোগে। ১৯৫০ত বঙালী চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰে। ১৯৫৬ত প্ৰথম ছবি মা পৰিচালনা কৰিছিল। তেওঁৰ পত্নী অৰুন্ধতী দেৱীয়ে এই ছবিত ভুমূকি মাৰিছিল। মুখাৰ্জীয়ে পশুপতি চেতাৰ্জীৰ ষোড়শী (১৯৫৪) ছবিত অভিনেতা হিচাপে অৰুন্ধতীৰ সৈতে একেলগে কাম কৰিছিল। কিন্তু তেওঁলোকৰ যুগ্মজীৱন বেছিদিন নিটিকিল। ১৯৫৭ চনত অৰুন্ধতীয়ে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত পৰিচালক তপন সিনহাক লগ পায় আৰু পিছলৈ অৰুন্ধতী দেৱী আৰু সিনহাই বিবাহপাশত আৱদ্ধ হয়। ১৯৬০লৈকে মুখাৰ্জীয়ে আৰু তিনিখন ছবি পৰিচালনা কৰিছিল।

১৯৫৯ত তেওঁ পৰিচালনা কৰা অসমীয়া ছবি পূবেৰুণে মুক্তি পায়। ছবিখন ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। তেওঁ ছবিখনৰ চিত্ৰনাট্যও লিখিছিল। ১৯৬২ৰ পৰা ১৯৬৪লৈ মুখাৰ্জীয়ে কমেও পাঁচখন উৰীয়া ভাষাৰ ছবি নিৰ্মাণ কৰে। ইয়াৰে এখন দস্যু ৰত্নাকৰ (১৯৬২), যিখন উৰীয়া অভিনেতা প্ৰশান্ত নন্দৰ  প্ৰথম ছবি। ১৯৭২ চনত জম্মু আৰু কাশ্মীৰ চৰকাৰে প্ৰযোজনা কৰা মহজুৰ নামেৰে জনাজাত  কাশ্মীৰৰ জাতীয় কবি গোলাম আহমদৰ (১৮৮৫-১৯৫২) জীৱনভিত্তিক শ্বায়েৰ-ই-কাশ্মীৰ মহজুৰ পৰিচালনা কৰে। এইখন মুখাৰ্জীৰ প্ৰথম হিন্দী ছবি। নাম ভূমিকাত বলৰাজ সাহানীয়ে অভিনয় কৰিছিল। ইয়াৰ পিছত মুখাৰ্জীয়ে পুনৰ বঙালী ভাষাৰ ছবিলৈ ঘূৰি অহাৰ মাজৰচোৱা সময়ত আৰু দুখন হিন্দী ছবিৰ কাম কৰে।

দ্বিতীয় বিবাহো ব্যৰ্থ হোৱাৰ পিছত মুখাৰ্জী শিৰডীলৈ যায়। সাই বাবাৰ শিকনিসমূহ গ্ৰহণ কৰি শিৰডীত মুক্তি নামেৰে বঙালী ভাষাত এখন গ্ৰন্থ লিখে।[3]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

অভিনেতা ৰূপে

[সম্পাদনা কৰক]
  • ১৯৫৩: মালঞ্চ (পৰিচালক:প্ৰফুল্ল ৰয়)
  • ১৯৫৪: ষোড়শী (পৰিচালক:পশুপতি চেতাৰ্জী)
  • ১৯৫৬: চলাচল (পৰিচালক:অসিত সেন)
  • ১৯৫৮: মাহুত বন্ধুৰে (পৰিচালকː ভূপেন হাজৰিকা)
  • ১৯৬৯: শনিবাৰ (পৰিচালক:বাৰিন সাহা)[4][2]

পৰিচালক ৰূপে

[সম্পাদনা কৰক]
  • ১৯৫৬: মা (বঙালী)
  • ১৯৫৭: মমতা (বঙালী)
  • ১৯৫৮: পূবেৰুণ (অসমীয়া)
  • ১৯৫৯: বিচাৰক
  • ১৯৬০: আকাশ-পাতাল
  • ১৯৬২: দস্যু ৰত্নাকৰ (উৰিয়া)
  • ১৯৬২: নুুুৱা বৌ
  • ১৯৬৩: জীৱন সাথী
  • ১৯৬৪: মানিক যদি (উৰিয়া)
  • ১৯৬৪: সাধনা
  • ১৯৬৫: দেৱতাৰ দ্বীপ
  • ১৯৭২: শায়েৰ-ই- কাশ্মীৰ মহজুৰ (হিন্দী)
  • ১৯৭৩: চিমনী কা ধুঁৱা (হিন্দী)
  • ১৯৭৩: সোনাল
  • ১৯৭৫: বন্দী বিধাতা (বঙালী)
  • ১৯৭৮: তুষাৰ তীৰ্থ অমৰনাথ (বঙালী)[4][2][5]

তথ্য উৎস

[সম্পাদনা কৰক]