সমললৈ যাওক

তেজীমলা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তেজীমলা
Tezimola

ছবিৰ পোষ্টাৰ
পৰিচালক আনোৱাৰ হুছেইন
প্ৰযোজক আনোৱাৰ হুছেইন
সংগীত পৰিচালক ৰাজেশ্বৰ বৰদলৈ
মুক্তি
১৯৬৩
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

তেজীমলা (ইংৰাজী: Tezimola) ১৯৬৩ চনত মুক্তি পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধু আধাৰিত এখন নাৰীকেন্দ্ৰিক ছবি। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। তেৱেঁই গুৱাহাটী কুমাৰপাৰৰ আনোৱাৰ ফিল্মচৰ বেনাৰত ছবিখন প্ৰযোজনাও কৰিছিল। তেজীমলাই আঞ্চলিক ছবিৰ শিতানত শ্ৰেষ্ঠ অসমীয়া ছবি হিচাপে ৰাষ্ট্ৰপতিৰ “চাৰ্টিফিকেট অৱ মেৰিট” লাভ কৰে।[1][2]

তেজীমলা এখন নাৰীকেন্দ্ৰিক ছবি। ছবিখনৰ কাহিনী লক্ষ্মীনাথ বেজবৰুৱাবুঢ়ী আইৰ সাধু গ্ৰন্থৰ তেজীমলা। সাধুৰ আধাৰত ৰচনা কৰা হৈছে যদিও বাস্তৱসন্মত কৰাৰ খাটিৰত[3] ইয়াৰ যথেষ্ট সালসলনি কৰা হৈছে।[2][1]

সাউদৰ জীয়ৰী বাৰ বছৰীয়া তেজীমলাৰ মাকৰ মৃত্যু হোৱাত পিতাকে লিগিৰা বহুৱাৰ হেঁচাত পুনৰ এজনী বিয়া কৰায়। সাউদে প্ৰথমে পুনৰবিবাহত অমান্তি হয় যদিও পিছত সন্মতি দিয়ে। বহুৱাই তাৰ প্ৰেমিকা পানেৰ লগত সাউদৰ বিয়াৰ আয়োজন কৰে।[2]

তেজীমলাক মাহীমাকৰ দায়িত্বত এৰি সাউদ বণিজলৈ যাত্ৰা কৰে। পিতাকৰ অবৰ্তমানত মাহীমাকে তাইক নিৰ্যাতন কৰা আৰম্ভ কৰিলে। লাহেলাহে তাই ষোল বছৰত ভৰি দিলে। সাউদৰ ইচ্ছা, তেওঁৰ ঘৰতে আশ্ৰয় দিয়া তেজীমলাৰ সৰুকালৰ লগৰীয়া শিৱলৈ তাইক বিয়া দিব। এই কথা জানিব পাৰি মাহীমাক পানেই বহুৱাৰ লগলাগি তাইক মাৰি পেলাবলৈ সিদ্ধান্ত ল’লে।[2]

বণিজ বেহাই থাকোঁতেই এদিন সাউদে সপোনত দেখিলে যে পানেই তেজীমলাক মাৰি বাৰীত নি পুতি থৈছে। তাতে তাই জাতিলাও হৈ জন্ম ল’লে। এদিন পানেই ৰান্ধিবৰ বাবে লাও চিঙিবলৈ যাওঁতে লাওজোপাই মাত দি লাও চিঙিবলৈ মানা কৰিলে। কাৰণ সেইজোপা লাও নহয়, তেজীমলাহে। পানেই লাওজোপা কাটি পেলাই দিলে। এইবাৰ তেজীমলাই নেমুটেঙাৰ গছ হৈ উপজিল। মাহীমাকে নেমুজোপাও কাটি নৈত পেলাই দিলে। তাত তাই পদুম হৈ গজি উঠিল। সাউদে ফুল এপাহ চিঙিবলৈ চেষ্টা কৰিলে। কিন্তু ফুলৰূপী তেজীমলাই বিনাই তাইক মাহীমাকে মাৰি পেলোৱাৰ কাহিনী বৰ্ণাবলৈ ধৰিলে।[2]

সাউদ সাৰ পাই গ’ল আৰু ঘৰলৈ উভতিবলৈ মনস্থিৰ কৰিলে। উভতি অহাৰ বাটত সাউদে শিৱক লগ পালে। তেওঁ জানিব পাৰিলে যে শিৱক পানেই তেওঁৰ ঘৰৰ পৰা খেদি পঠিয়াইছে। ইফালে মাহীমাকৰ উৎপীড়ন সহিব নোৱাৰি তেজীমলাই এখন আশ্ৰমত আশ্ৰয় লৈছিল। দুয়ো পোনেপোনে তালৈকে গ’ল। তালৈ তেওঁলোকে সাউদে জানিব পাৰিলে যে মূল্যৱান গহনা-গাঁঠৰি লৈ পানেৰ সৈতে পলাবলৈ চেষ্টা কৰোঁতে বহুৱাক পোহনীয়া হাতীটোৱে গচকি মাৰি পেলালে। ঘটনাৰ আকস্মিকতাত পানেয়ো মানসিক ভাৰসাম্য হেৰুৱাই পেলালে।[2]

শিৱ আৰু তেজীৰ ধুমধামেৰে বিয়া হৈ গ’ল।[2]

অভিনয়ত

[সম্পাদনা কৰক]
তেজীমলা ছবিৰ এটা দৃশ্য
  • ইন্দিৰা বৰুৱা
  • বীণা বৰুৱা
  • অনুৰাধা দেৱী
  • ৰোহিনী বৰুৱা
  • জিতেন্দ্ৰ কুমাৰ
  • মফিদা বেগম
  • এ মজিদ
  • নৱ কুমাৰ
  • এচ ৰহমান
  • ভোলা কাকতি
  • জাহানুদ্দিন
  • নৰেন বিশ্বাস[4]

ছবিৰ পৰিচালক

[সম্পাদনা কৰক]

আনোৱাৰ হুছেইন ছবিখনৰ পৰিচালক তথা প্ৰযোজক আছিল। গুৱাহাটী কুমাৰপাৰাৰ এজন চৰকাৰী ঠিকাদাৰৰ পুত্ৰ হুছেইনে ১৯৫২-৫৩ত চেতন আনন্দৰ মোচন পিকচাৰচ্ আৰ্ট একাডেমীৰ চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় শিক্ষা গ্ৰহণ কৰিছিল। ১৯৫৫ত মাত্ৰ ২২ বছৰ বয়সতে তেখেতে প্ৰথম সৰাপাত নামৰ চলচ্চিত্ৰ এখন পৰিচালনা আৰু প্ৰযোজনা কৰে। তেখেতে মুঠতে ৬খন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল। ২০১০ চনত দাদা চাহেব ফালকে একাডেমীয়ে চলচ্চিত্ৰ উদ্যোদটোৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে দাদা চাহেব ফালকে লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰে।[5][1]

তেজীমলা তেখেতৰ তৃতীয় ছবি আৰু ই এখন নাৰী-কেন্দ্ৰিক ছবি। পৰিচালক হুচেইনৰ অধিকাংশ ছবিয়ে নাৰী-কেন্দ্ৰিক। টাইমচ অৱ ইণ্ডিয়াৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত পৰিচালকগৰাকীয়ে কৈছিল:-

নাৰীয়ে হ'ল মানৱ সমাজৰ মূল শক্তি। আমোদৰ বাদেও চলচ্চিত্ৰৰ সামাজিক বৈষম্য সম্পৰ্কে সচেতনা বঢ়োৱাৰো দায়িত্ব আছে। সেয়ে মই সদায় নাৰী সম্পৰ্কীয় বিষয় আৰু নাৰীৰ বাবে প্ৰয়োজনীয় বিষয়ৰ ওপৰত দৃষ্টিনিবদ্ধ কৰিবলৈ চেষ্টা কৰোঁ। সৰাপাত ধনী পুৰুষৰ দ্বাৰা এজনী দুখীয়া নাৰীক নিৰ্যাতন সম্পৰ্কীয় কাহিনীৰ, নতুন পৃথিৱী বিধৱা বিবাহৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। মানুহৰ মনত কিবা এটা প্ৰভাৱ পেলাবলৈ চেষ্টা কৰোঁ। বেজবৰুৱাৰ কাহিনীৰে তৈয়াৰী মোৰ ছবি তেজীমলা নাৰী-কেন্দ্ৰিক ছবি। পাপ আৰু প্ৰায়শ্চিত্ত আৰু শ্ৰী শ্ৰী মা কামাখ্যাতো নাৰী চৰিত্ৰই গুৰুত্ব পাইছে। [1]

তেজীমলাৰ সঙ্গীত পৰিচালনা কৰিছে ৰাজেশ্বৰ বৰদলৈয়ে (বুলু)। ইয়াত মুঠতে চাৰিটা গীত আছে। গীতকেইটা লিখিছে হিৰণ বৰদলৈ আৰু পাৰ্ব্বতী প্ৰসাদ বৰুৱাই।[6]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "সতিনীৰ জী হৈ কিনো কপালত তই সৰুতে আইক হেৰুৱালি, মাহী আইক তই কিনো জগৰ লগালি ঢেঁকীৰে ভাঙিবি ভৰি"  হিৰণ বৰদলৈলীলা বৰদলৈ  
2. "মানুহে মানুহৰ মৰম নিচিনে- হায় ঐ তেজীমলা, মাহী আইৰ চলনাত প্ৰাণ হেৰুৱালি ধৰণী সাৱতি লোৱা"  হিৰণ বৰদলৈমেৰী খাটুন  
3. "ৰিমঝিম বৰষা আহে, ধৰাৰ বুকত মৌ বৰষে, জিলিয়ে কিনো নেপুৰ বজাই যায়"   লীলা বৰদলৈ, কৃষ্ণ গোপাল  
4. "কাৰে বেজাৰত এজাৰ নিজাৰ পৰিছে, এটি দুটি কৰি পাত জহি পৰি সৰিছে"  পাৰ্ব্বতী প্ৰসাদ বৰুৱাকৃষ্ণ গোপাল  

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

ছবিখনে ১০ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ (১৯৬২) অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত “চাৰ্টিফিকেট অৱ মেৰিট” লাভ কৰে।[1]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 "'Women are the prime force of society'". https://timesofindia.indiatimes.com/city/guwahati/Women-are-the-prime-force-of-society/articleshow/39535827.cms আহৰণ কৰা হৈছে: 20-10-2019."'Women are the prime force of society'". https://timesofindia.indiatimes.com/city/guwahati/Women-are-the-prime-force-of-society/articleshow/39535827.cms আহৰণ কৰা হৈছে: 20-10-2019.
  2. 1 2 3 4 5 6 7 "National films for Awards". https://www.dff.nic.in/images/Documents/104_10thNfacatalogue.pdf আহৰণ কৰা হৈছে: 20-10-2019.
  3. "Interview with Anowar Hussain". http://14.139.13.47:8080/jspui/bitstream/10603/55929/9/09_chapter%204.pdf.[সংযোগবিহীন উৎস]
  4. মঞ্চলেখা, পৃষ্ঠা ৩২৭, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭.
  5. "Phalke award for filmmaker Anwar Hussain". Archived from the original on 2013-10-30. https://web.archive.org/web/20131030063710/http://www.assamtribune.com/scripts/detailsnew.asp?id=apr2910/state05 আহৰণ কৰা হৈছে: 20-10-2019.
  6. অসমীয়া বোলছবিৰ গীতৰ সংকলন,পৃঃ ৭৮-৮০, সংকলক/সম্পাদন বাবুল দাস, বাণী মন্দিৰ, ডিব্ৰুগড়. 1985.