ভাৰতত বাল্য বিবাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ভাৰতীয় আইন অনুসৰি বাল্য বিবাহ হৈছে ১৮ বছৰতকৈ তলৰ বয়সৰ ছোৱালী আৰু ২১ বছৰতকৈ তলৰ বয়সৰ ল'ৰাৰ বিবাহ। দুৰ্বল আৰ্থ-সামাজিক অৱস্থাৰ কাৰণে অধিকাংশ কমবয়সীয়া ছোৱালী বাল্য বিবাহপাশত আৱদ্ধ হ'বলগীয়া হৈছে।

কিছু বছৰ আগলৈকে ভাৰতত ব্যাপকভাৱে বাল্য বিবাহ প্ৰচলিত আছিল। এতিয়াও ভাৰতত বাল্য বিবাহ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যোৱা নাই। ১৯৯৮ চনত দ্য ইন্টাৰনেশ্যনেল চেন্টাৰ ফৰ ৰিচাৰ্ছ অন ৱুমেন-ইউনিচেফ প্ৰকাশনে চলোৱা এটা সৰু নিদৰ্শন সমীক্ষাৰ পৰা পোৱা হিচাপ অনুসৰি ভাৰতত বাল্য বিবাহৰ হাৰ ৪৭%[1] যদিও ২০০৫ চনত ৰাষ্ট্ৰসংঘই দিয়া প্ৰতিবেদন অনুসৰি এই হাৰ ৩০%।[2] ২০০১ চনৰ জনগণনাৰ তথ্য অনুসৰি ভাৰতত ১০ বছৰ বয়সতকৈ কমবয়সীয়া বিবাহিতা ছোৱালীৰ সংখ্যা শূন্য, ১০-১৪ বছৰ বয়সৰ ভিতৰত বিবাহিতা ছোৱালীৰ সংখ্যা ১.৪ মিলিয়ন আৰু ১৫-১৯ বছৰ বয়সৰ ভিতৰত বিবাহিতা ছোৱালীৰ সংখ্যা ৪৬.৩ মিলিয়ন।[3] ২০০১ চনৰ পৰা ভাৰতত বাল্য বিবাহৰ হাৰ কমি আহি ৪৬% হয় আৰু ২০০৯ চনলৈ এই হাৰ দেশব্যাপী গড়ে ৭% হয়গৈ।[4] ঝাৰখণ্ড ভাৰতৰ ভিতৰত আটাইতকৈ বেছি বাল্য বিবাহ হোৱা ৰাজ্য (১৪.১%) যদিও তামিলনাডুই একমাত্ৰ ৰাজ্য য'ত কিছু বছৰ আগৰ পৰা বাল্য বিবাহৰ হাৰ উৰ্ধগামী হোৱা পৰিলক্ষিত হৈছে।[4][5] ২০০৯ চনত গ্ৰামাঞ্চলত বাল্য বিবাহৰ হাৰ চহৰাঞ্চলতকৈ তিনিগুণেই বেছি আছিল।[4]

১৯২৯ চনত ভাৰতীয় আইনৰ অধীনত ভাৰতত বাল্য বিবাহ নিষিদ্ধ কৰা হয়। সি যি নহওক, ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ছোৱাত বিবাহৰ নিয়ম অনুসৰি ছোৱালীৰ ন্যূনতম বয়স ১৫ আৰু ল'ৰাৰ ন্যূনতম বয়স ১৮ হোৱা উচিত আছিল। অবিভক্ত ব্ৰিটিছ ভাৰতত মুছলমান সংগঠনসমূহে কৰা প্ৰতিবাদৰ ফলস্বৰূপে ১৯৩৭ চনত শ্বৰিয়াট আইন গৃহীত কৰা হয়। এই আইনমতে ছোৱালীৰ অভিভাৱকৰ সন্মতি থাকিলে বাল্য বিবাহ সম্পন্ন কৰিব পৰা যাব।[6] ভাৰত স্বাধীন আৰু ১৯৫০ চনত ভাৰতীয় সংবিধান ভাৰতীয় নাগৰিকে গ্ৰহণ কৰাৰ পাছত বাল্য বিবাহ আইনখন বহুবাৰ সংশোধন কৰা হয়। ১৯৭৮ চনৰ পৰা বিবাহৰ ন্যূনতম আইনগত বয়স মহিলাৰ ক্ষেত্ৰত ১৮ আৰু পুৰুষৰ ক্ষেত্ৰত ২১ কৰা হয়। কিন্তু এবাৰ কোনো বালক অথবা বালিকাৰ বাল্য বিবাহ সম্পন্ন হোৱাৰ পাছত ইয়াক আইনৰ আদালতত গোচৰ দিব পৰা নাযাব যদিও অভিভাৱকক তেওঁলোকৰ সন্মতিৰ বাবে দায়ী বুলি ধৰা হ'ব।[7]

ভাৰতৰ কিছুসংখ্যক ৰাজ্যত পলমকৈ বিবাহপাশত আৱদ্ধ হ'বলৈ ল'ৰা-ছোৱালীক উৎসাহিত কৰাৰ পৰিকল্পনা হাতত লোৱা লৈছে। উদাহৰণস্বৰূপে, ১৯৯৪ চনত হাৰিয়ানা ৰাজ্যত তথাকথিত “অপনী বেটি, অপনা ধন” (মোৰ ছোৱালী, মোৰ সম্পত্তি) কাৰ্যসূচী হাতত লোৱা হৈছে।[8]

তথ্য সূত্ৰ[সম্পাদনা কৰক]