মেইনে গান্ধীকো নেঁহি মাৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেইনে গান্ধীকো নেঁহি মাৰা
DVD cover of Maine Gandhi ko Nahi Mara.jpg
ডিভিডি ক'ভাৰ
পৰিচালক জাহ্নু বৰুৱা
ৰচনা জাহ্নু বৰুৱা
সঞ্জয় চৌহা (চিত্ৰনাট্যকাৰ)[1]
প্ৰযোজক অনুপম খেৰ
অভিনয়ত অনুপম খেৰ
উৰ্মিলা মাটুণ্ডকাৰ
ৰজিত কাপুৰ
পাৰৱিন ডাবাছ
চিত্ৰগ্ৰহণকাৰী ৰাজ চক্ৰৱৰ্তী
সম্পাদনা দীপা ভাটিয়া
সংগীত পৰিচালক বাপ্পী লাহিড়ী,বাপ্পা বি. লাহিড়ী
মুক্তি
৩০ ছেপ্টেম্বৰ ২০০৫
দেশ ভাৰত
ভাষা হিন্দী
বাজেট ৮ কোটি
সৰ্বমুঠ আয় ৩ কোটি

মেইনে গান্ধীকো নেঁহি মাৰা (ইংৰাজী: Maine Gandhi Ko Nahin Mara) হৈছে ২০০৫ চনত মুক্তিপ্ৰাপ্ত এখনি হিন্দী ভাষাৰ কথাছবি। ছবিখনৰ পৰিচালক হৈছে জাহ্নু বৰুৱা। প্ৰযোজক হৈছে অনুপম খেৰ। ছবিখনৰ দুটা মুখ্য চৰিত্ৰত অনুপম খেৰ আৰু উৰ্মিলা মাতুণ্ডকাৰে আভিনয় কৰিছে। ছবিখনত হিন্দী কবি ছোহন লাল দ্বিবেদী ৰচিত কোশিছ কৰনে ৱালো কি হাৰ নহী হোতী শীৰ্ষক কবিতাটোক মূল চৰিত্ৰৰ প্ৰিয় কবিতা হিচাপে দেখুওৱা হৈছে।[2]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

ছবিখন ডিমেনচিয়াত আক্ৰান্ত অৱসৰপ্ৰাপ্ত অধ্যাপক উত্তম চৌধুৰীৰ জীৱন আৰু যাত্ৰাৰ ওপৰত আধাৰিত৷ বাতৰি কাকতত থকা মহাত্মা গান্ধীৰ আলোকচিত্ৰ এখনৰ ওপৰত কোনোবাই অজানিতে থৈ যোৱা 'এশ্ব ট্ৰে'টো দেখি তেওঁ বিচলিত হৈ পৰে৷ তেওঁৰ জীয়েক তৃষা আৰু কৰণে এটা নিশাত চৌধুৰীৰ কোঠাত অগ্নিকাণ্ড হোৱা দেখা পায়৷ তৃষাই চৌধুৰীক ততালিকে চিকিৎসালয়লৈ লৈ যায়৷ কিন্তু চিকিৎসকে নিজৰ অপৰাগতা প্ৰকাশ কৰে৷ উত্তম চৌধুৰীয়ে তেতিয়া বিশ্বাস কৰিবলৈ ধৰে যে, মহাত্মা গান্ধীক তেঁৱেই হত্যা কৰিছে৷ তেওঁ ভাবে যে বিৰলা হাউছত খোজ কাঢ়িবলৈ যোৱাৰ সময়ত সঁচা বুলেট থকা এটা পুতলা বন্দুকৰে চৌধুৰীয়ে গান্ধীক দুৰ্ঘটনাবশতঃ হত্যা কৰিলে৷ এইদৰে ঘটনা আগবাঢ়ি গৈ থাকে৷ পৰৱৰ্তী সময়ৰ আদালতত, এগৰাকী বন্দুক-বিশেষজ্ঞই কয় যে- উত্তম চৌধুৰীয়ে ব্যৱহাৰ কৰা পুতলা বন্দুকটোৱে কোনো মানুহকে মাৰিব নোৱাৰে৷

সঁহাৰি[সম্পাদনা কৰক]

বক্স অ'ফিচত ছবিখনে আশানুৰূপ ফল দেখুৱাব নোৱাৰিলে৷ অৱশ্যে, চিত্ৰৰসিক আৰু সমালোচকে ছবিখনক প্ৰশংসা কৰে৷ অনুপম খেৰ বিশেষ প্ৰশংসা আদায় কৰি ৰাষ্ট্ৰীয় ছবি বঁটাৰ বিচাৰকৰ বিশেষ বঁটাৰে সন্মানীত হয়৷ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি মহোৎসৱতো তেওঁ বঁটা আৰু সন্মান লাভ কৰে৷ [3][4] জীয়েকৰ চৰিত্ৰত অভিনয় কৰা উৰ্মিলা মাটুণ্ডকাৰেও তেওঁৰ অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰে৷ তেওঁ বলিউদ ছবি বঁটাশ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে৷ [5]

অভিনয়ত[সম্পাদনা কৰক]

  • অনুপম খেৰ (অধ্যাপক উত্তম চৌধুৰী)
  • উৰ্মিলা মাটুণ্ডকাৰ (তৃষা চৌধুৰী)
  • ৰজিত কাপুৰ (ৰণু চৌধুৰী)
  • পাৰৱিন ডাবাছ (ডা.সিদ্ধাৰ্থ কাটাৰী)
  • প্ৰেম চোপ্ৰা
  • ৱাহীদা ৰহমান
  • বোমান ইৰানী
  • সুধীৰ যোশী
  • ৰাজু খেৰ
  • বিশ্বাস পাণ্ড্যা
  • নাজনীন ঘানী
  • ডানিকা এপোলিন (সমাজকৰ্মী)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]