ৰঘুপতি ৰাঘৱ ৰাজা ৰাম
ৰঘুপতি ৰাঘৱ ৰাজা ৰাম বা ৰাম ধুন হৈছে এক উল্লেখযোগ্য ভজন আৰু হিন্দু ভক্তিমূলক গান। ইয়াক মহাত্মা গান্ধীয়ে দ্বাৰা বহুলভাৱে জনপ্ৰিয় কৰিছিল। এই ভজন মহাত্মা গান্ধী অন্যতম প্ৰিয় ভজন আছিল।[1] এই ভজনৰ আটাইতকৈ জনপ্ৰিয় সংস্কৰণটো হিন্দুস্থানী শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত বিষ্ণু দিগম্বৰ পুলস্কৰে সুৰ দিছিল।[2]
মূল স্বৰূপ
[সম্পাদনা কৰক]'ৰঘুপতি ৰাঘৱ ৰাজা ৰাম' মূল গীতটি শ্ৰী লক্ষ্মণাচাৰ্জয়ে ৰচনা কৰিছিল। মূল গীতটিৰ পাঠ্য হৈছে:
- रघुपति राघव राजाराम पतित पावन सीताराम॥
- सुंदर विग्रह मेघश्याम गंगा तुलसी शालग्राम॥
- भद्रगिरीश्वर सीताराम भगत-जनप्रिय सीताराम॥
- जानकीरमणा सीताराम जयजय राघव सीताराम॥
- रघुपति राघव राजाराम पतित पावन सीताराम॥
- रघुपति राघव राजाराम पतित पावन सीताराम॥
- - श्रीलक्ष्मणाचार्य
গান্ধীৰ সংস্কৰণ
[সম্পাদনা কৰক]'ৰঘুপতি ৰাঘৱ ৰাজা ৰাম'ৰ আটাইতকৈ জনপ্ৰিয় সংস্কৰণটো মহাত্মা গান্ধীয়ে নিজে ৰচনা কৰিছিল আৰু হিন্দুঃস্থানী শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত বিষ্ণু দিগম্বৰ পুলস্কৰে সুৰ দিছিল।[3] গান্ধীয়ে তেওঁৰ অনুগামী সমূহৰ সৈতে ১৯৩০ চনত ২৪১ মাইল পথ দাণ্ডী যাত্ৰাৰ সময়ত এই গীত গাইছিল।[4]
মহাত্মা গান্ধীয়ে ৰচনা কৰা গীতটো হিন্দী ভাষাত তলত উল্লেখ কৰা হ'ল:
- रघुपति राघव राजाराम,
- पतित पावन सीताराम
- सीताराम सीताराम,
- भज प्यारे तू सीताराम
- ईश्वर अल्लाह तेरो नाम,
- सब को सन्मति दे भगवान
- राम रहीम करीम समान
- हम सब है उनकी संतान
- सब मिला मांगे यह वरदान
- हमारा रहे मानव का ज्ञान
হিন্দু-মুছলমানৰ ঐক্য
[সম্পাদনা কৰক]গান্ধীয়ে মূল ভজনটো সংশোধন কৰি কয় যে হিন্দুসকলৰ ঈশ্বৰ আৰু মুছলমানসকলৰ আল্লাহ একে আছিল, গীতটো অধিক ধৰ্মনিৰপেক্ষ কৰি তুলিবলৈ আৰু হিন্দু আৰু মুছলিমসকলৰ মাজত পুনর্মিলনৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ প্ৰয়াস কৰিছিল ।[5][6]
এই গীতটো ভাৰতীয় সমাজৰ এক ধৰ্মনিৰপেক্ষ আৰু সংমিশ্ৰিত দৃষ্টিভংগী প্ৰদৰ্শন কৰিবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল-ইয়াক দাণ্ডী যাত্ৰা সময়ত গোৱা হৈছিল।[7] নোয়াখলীৰ পৰা গান্ধী উভতি অহাৰ পিছত, তেওঁ আকাংক্ষিত হিন্দু-মুছলমান ঐক্য ভালদৰে প্ৰতিফলিত কৰিবলৈ ভাজ মন প্যাৰে সীতাৰামৰ ঠাইত ভাজ মন প্যাৰৰে ৰামা ৰহিম, ভাজ মন প্যাৰৱেৰে কৃষ্ণ কৰিমে স্থান লৈছিল।[8]
জনপ্ৰিয় মাধ্যমত
[সম্পাদনা কৰক]১৯৪২ চনৰ 'ভাৰত মিলাপ' ছবিৰ "উঠো উঠো হে ভাৰত" গীতত ৰঘুপতি ৰাঘৱৰ উচ্চাৰণ অন্তৰ্ভুক্ত কৰা হৈছিল।[9] ইয়াৰ লগতে ১৯৫৪ চনৰ 'জাগৃতি' ছবিৰ "দে দি হমে আজাদি",[10] ১৯৭০ চনৰ 'পূৰব ঔৰ পশ্চিম' ছবি আৰু ১৯৯৮ চনৰ 'কুচ কুচ হতা হে', ১৯৬৮ চনৰ কন্নড় ছবি 'গান্ধী নগৰ', আৰু ১৯৮২ চনৰ 'গান্ধী' চলচ্চিত্ৰত এই গীত ব্যৱহাৰ কৰা হৈছিল। ১৯৭৭ চনৰ তামিল ছবি এখনৰ এই গীত মুখ্য গীত আছিল। এই গীত কেইবাগৰাকী বিখ্যাত সংগীতজ্ঞয়ে নিজাকৈ বাণীবন্ধন কৰিছে। ১৯৬৪ চনৰ 'ষ্ট্ৰেনজাৰ্ছ কাজিনছ' এলবামত পেটে চিগাৰে এই গীত অন্তৰ্ভুক্ত কৰিছে আৰু টেলিভিছন ধাৰাবাহিক ৰেইনব' কুৱেষ্টৰ সংখ্যা ১০ত পৰিবেশনো কৰিছিল। ২০০৬ চনৰ হিন্দী ছবি 'লগে ৰহ' মুন্না ভাই'ত এই গীত মুখ্য বাৰ্তা বহনকাৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল। তদুপৰি 'গান্ধী মাই ফাদাৰে' ছবিতো এই গীত চিত্ৰায়িত কৰা হৈছে। ২০১৩ চনৰ ছবি 'সত্যাগ্ৰহ' আৰু ৰাকেশ ৰচনৰ ছবি 'ক্ৰিছ-৩' ৰঘুপতি ৰাঘৱ ৰাজা ৰাম ব্যৱহাৰ কৰা হৈছে। বহুতো বিখ্যাত কণ্ঠশিল্পী যেনে লতা মংগেশকাৰ, জগজিৎ সিং, কে.এছ. চিত্ৰা আদিয়ে এই গীতত কণ্ঠ নিগৰাইছে।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Dalton, Dennis (1993). Mahatma Gandhi: Nonviolent Power in Action. Columbia University Press. পৃষ্ঠা. 109. ISBN 0-231-12237-3. https://books.google.com/books?id=R6AUDU_54PwC&pg=PA109.
- ↑ Arunachalam, Param (2015-10-02). "Gandhi Jayanti: Remembering Bapuji through 5 evocative songs" (en ভাষাত). DNA India. https://www.dnaindia.com/entertainment/column-gandhi-jayanti-remembering-bapuji-through-5-evocative-songs-2130616। আহৰণ কৰা হৈছে: 2020-08-15.
- ↑ Sinha, Manjari (2008-08-08). "Tuned to excellence". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/Tuned-to-excellence/article15399563.ece। আহৰণ কৰা হৈছে: 2009-04-27.
- ↑ "Dandi: Salt March". Lal, Vinay. University of California, Los Angeles. http://www.sscnet.ucla.edu/southasia/History/Gandhi/Dandi.html। আহৰণ কৰা হৈছে: 2007-11-16.
- ↑ Thapar, Romesh (1998). Seminar. https://books.google.com/books?id=HoBDAAAAYAAJ&q=Tulsidas. "Rarely do they bother to point to his innovation of adding Ishwar Allah Tero Naam to the Tulsidas Ram dhun Raghupati Raghav Raja Ram."
- ↑ Handoo, Jawaharlal (1998) (en ভাষাত). Folklore in Modern India. Central Institute of Indian Languages. ISBN 978-81-7342-053-5. https://books.google.com/books?id=ThbaAAAAMAAJ&q=%22raghupati+raghav+raja+ram%22.
- ↑ "Dandi: Salt March". Lal, Vinay. University of California, Los Angeles. https://southasia.ucla.edu/history-politics/gandhi/dandi-march/.
- ↑ Snodgrass, Cynthia (2007). "The sounds of Satyagraha : Mahatma Gandhi's use of sung-prayers and ritual". পৃষ্ঠা: 160. https://www.academia.edu/67887408/The_sounds_of_Satyagraha_Mahatma_Gandhis_use_of_sung_prayers_and_ritual.
- ↑ (en ভাষাত) Utho Utho He Bharat Tumhaare - उठो-उठो हे भरत तुम्हारे, https://www.hindigeetmala.net/song/utho_utho_he_bharat_tumhaare.htm, আহৰণ কৰা হৈছে: 2020-06-28
- ↑ "दे दी हमें आज़ादी बिना खड्ग बिना ढाल - de dii hame.n aazaadii binaa khaD.hg binaa Dhaal / जागृति-(Jaagriti)". www.lyricsindia.net. https://www.lyricsindia.net/songs/2336। আহৰণ কৰা হৈছে: 2020-06-28.